নতুন সূৰুযৰ সন্ধানত একালৰ বিদ্রোহী
বহুমুখী কৃষি প্রকল্পত পৰিণত ওদালগুৰিৰ এনএডিএফবিৰ ডেজিগনেটেডশিবিৰ
ৰাম উপাধ্যায়, ওদালগুৰি
শান্তি প্রতিষ্ঠা হ’লেই আৰম্ভ হয় প্রগতি৷ এই কথা ফাঁকিৰেই এক উৎকৃষ্ট নিদর্শন দেখিবলৈ পোৱা গৈছে ওদালগুৰিত৷ জীৱনৰ প্রায় ৩৩ বছৰ কাল সশস্ত্র সংগ্রাম কৰা প্রাক্তন বিদ্রোহীসকল এতিয়া হৈ পৰিছে একো একোজন উদ্যমী লোক তথা আদর্শ খেতিয়ক৷ কৃষি কর্মৰেই নতুন জীৱনৰ সপোন ৰচিছে একালৰ প্রাক্তন বিদ্রোহীসকলে৷ অস্ত্রৰ ঝনঝননিৰ মাজতে সূর্য উঠা আৰু অস্ত যোৱা ঠাইতো এতিয়া চৰাইৰ বিনন্দিয়া মাতেৰে ৰাতিপুৱাইছে৷ ভয়, শংকা, হতাশা, নিৰাশাৰ দিনবোৰ পাহৰি এতিয়া নতুন সূৰুযৰ সন্ধান আৰম্ভ হৈছে৷ হয়, হাতত মাৰণাস্ত্র লৈ জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে প্রায় ৩০ বছৰৰো অধিক কাল সশস্ত্র সংগ্রাম কৰা বডো বিদ্রোহী সংগঠন এনডিএফবিৰ গোবিন্দ বসুমতাৰী নেতৃত্বাধীন প্রগতিশীল গোটৰ প্রাক্তন বিদ্রোহীসকলৰ কথাই উল্লেখ কৰিবলৈ বিচাৰিছোঁ৷ ওদালগুৰিৰ সাপকাইটীস্থিত এনডিএফবি প্রগতিশীলৰ ডেজিগনেটেড শিবিৰত বিটিআৰ চুক্তিৰ পিছত হোৱা এক উল্লেখযোগ্য পৰিৱর্তনে প্রাক্তন বিদ্রোহীসকলৰ লগতে স্থানীয় লোকৰ মাজতো এক নতুন আশাৰ সঞ্চাৰ কৰিছে৷ দুবছৰ পূর্বলৈকে যুদ্ধ বিৰতিত থকা বিদ্রোহী সংগঠনৰ কেডাৰসকল থকা ওদালগুৰিৰ সাপকাইটীস্থিত প্রাক্তন এনএডিএফবিৰ ডেজিগনেটেড শিবিৰ এতিয়া পৰিণত হৈছে এক বিশাল কৃষি প্রকল্প তথা কৌশল বিকাশ কেন্দ্রলৈ৷ শ শ নিৱনুৱাক সংস্থাপনৰ উদ্দেশ্যে প্রাক্তন এনডিএফবি সদস্যসকলেই গ্রহণ কৰিছে এক বিশেষ পদক্ষেপ৷ সৰিয়হ খেতি, মৌ মাখি পালন তথা মৌ উৎপাদন, গাহৰি পালন আৰু বয়ন শিল্পৰ লগতে আন বহুতো উৎপাদনমুখী কর্মৰ নিদর্শন দেখুৱাইছে প্রাক্তন এনডিএফবি সদস্যসকলে৷ বডোলেণ্ড ডেভলেপমেণ্ট ফাউণ্ডেচন নামেৰে এক সংস্থা গঠন কৰি নিজৰ লগতে আন বহুতো নিৱনুৱাক সংস্থাপনৰ উদ্দেশ্যৰে প্রাক্তন এনডিএফবি সদস্যসকলে আৰম্ভ কৰিছে এই বহুমুখী প্রকল্পৰ কাম৷
মুম্বাইৰ টাটা ইন্সষ্টিটিউট অৱ ছ’চিয়েল চায়েঞ্চৰ গৱেষক ছাত্র ড০ মঞ্জিত মোছাহাৰীক সঞ্চালক হিচাপে আৰু এনডিএফবি প্রগতিশীলৰ প্রচাৰ বিভাগৰ দায়িত্বত থকা নেতা বিনুৱেল ৱেৰীক কার্যকৰী সঞ্চালক হিচাপে লৈ চলিত বর্ষৰ আৰম্ভণিতেই গঠন হৈছিল বডোলেণ্ড ডেভেলপমেণ্ট ফাউণ্ডেচন নামেৰে এটি সংস্থা৷ বিটিআৰ চুক্তিৰ পিছত প্রাক্তন বিদ্রোহী সংগঠন এনডিএফবিৰ চাৰিওটা গোট আনুষ্ঠানিকভাৱে ভংগ হোৱাৰ পিছত দীর্ঘদিন ধৰি সংগঠনৰ কামত নিজৰ জীৱন যৌৱন অতিবাহিত কৰা সদস্যসকলক স্বনির্ভৰশীল হ’বলৈ আৰু সমাজত আত্মমর্যাদাৰে জীয়াই থকাৰ বাবে যোগ্য কৰি তোলাৰ উদ্দেশ্যৰে বডোলেণ্ড ডেভলেপমেণ্ট ফাউণ্ডেচনে আৰম্ভণিতেই প্রাক্তন এনডিএফবি সদস্যসকলক কৃষি কর্মৰ লগতে বিভিন্ন বৃত্তিমূলক শিক্ষাৰ প্রশিক্ষণ প্রদান কৰিছিল৷ প্রাক্তন বিদ্রোহীসকলৰ সমান্তৰালকৈ কর্মৰ প্রতি আগ্রহী নিৱনুৱা যুৱক–যুৱতীসকলক্ বিভিন্ন বিষয়ৰ প্রশিক্ষণ প্রদান কৰি স্বনিয়োজনৰ ব্যৱস্থা কৰিছিল বডোলেণ্ড ডেভলেপমেণ্ট ফাউণ্ডেচন চমুকৈ বিডিএফে৷ ওদালগুৰি জিলাৰ সাপকাইটীস্থিত প্রাক্তন এনডিএফ প্রগতিশীলৰ ডেজিগনেটেড শিবিৰৰ পৰা আৰম্ভ কৰা এই যাত্রাই এতিয়া বিটিআৰৰ চাৰিওটা জিলাত সমানেই বিস্তাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ বিডিএফৰ কার্যকৰী সঞ্চালক বিনুৱেল ৱেৰী এই প্রতিবেদকৰ আগত সদৰী কৰা মতে, বিডিএফৰ লগত প্রাক্তন বিদ্রোহী সংগঠন এনডিএফবিৰ ২৪গৰাকী সদস্যই প্রত্যক্ষভাৱে জডিত হৈ বিভিন্ন কামৰ চোৱা–চিতা কৰাৰ বিপৰীতে আন শতাধিক সদস্যই কামত নিয়োজিত হৈ আছে৷ নতুন বছৰত বিডিএফ ফাউণ্ডেচনৰ জৰিয়তে অতি কমেও ১,৫০০ নিৱনুৱাক বিভিন্ন বিষয়ৰ প্রশিক্ষণ তথা সা–সঁজুলি প্রদান কৰি আত্মনির্ভৰশীল কৰি তোলাৰো চেষ্টা কৰা হৈছে৷ ইপিনে, বিডিএফৰ কৃষি প্রকল্পৰ পৰা উৎপাদিত কৃষি সামগ্রী, মৌ, গাখীৰ, থুলুৱা বস্ত্র আদিবোৰেও যাতে উচিত মূল্য আৰু বজাৰ লাভ কৰে তাৰ বাবেও নিৰন্তৰ চেষ্টা অব্যাহত ৰাখিছে৷ অৱশ্যে এইক্ষেত্রত বিটিআৰ প্রমুখ প্রমোদ বডোৰ লগতে বিটিআৰৰ কার্যবাহী সদস্য তথা এমচিএলএসকলেও বহু পৰিমাণে সহযোগিতা আগবঢ়াইছে৷