নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাৰ ৰোকাখাতা বিদ্যালয়

নিয়মানুৱর্তিতা–স্বচ্চ পাঠদানেৰে নিদর্শন

আলতাপ হুছেইন আহমেদ, বিলাসীপাৰা

 বিদ্যালয়ৰ পাঠদান আৰম্ভ হোৱাৰ পূর্বৰে পৰা অভিভাৱকৰ ভিৰ বাঢ়িবলৈ ধৰে চৌদহৰ বাহিৰত৷ নিজৰ সন্তানক বিদ্যালয়খনৰ চৌহদত প্রৱেশ কৰাই দিয়াৰ পাছত অভিভাৱকসকলে বাহিৰত অপেক্ষা কৰি থাকে৷ অচিনাকি বাটৰুৱাই সেই দৃশ্য চালে নিশ্চিতভাৱেই সেইখন এখন ব্যক্তিগতখণ্ডৰ বিদ্যালয় বুলি ক’ব৷ তাৎপর্যপূর্ণ এই যে যিটো সময়ত আঢ়্যবন্তই নিজৰ সন্তানক কোনো নামজ্বলা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভর্তি কৰিবলৈ প্রতিযোগিতাত নমা দেখা গৈছে তেনে সময়ত এইখন চৰকাৰী শিক্ষানুষ্ঠান ব্যতিক্রম হিচাপে বিবেচিত হৈছে৷ পশ্চিম অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ এই স্কুলখনৰ নাম ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়৷ ১৯৪০ চনত স্থাপিত এইখনেই হৈছে ধুবুৰী জিলাৰ প্রথমখন অসমীয়া মাধ্যমৰ হাইস্কুল৷ হাইস্কুল হিচাপে স্থাপন কৰা শিক্ষানুষ্ঠানখন পাছলৈ উচ্চতৰ মাধ্যমিকলৈ (বিজ্ঞান) উন্নীত কৰা হয়৷ ২০১৮ চনত ৰোকাখাতা জে বি (প্রাথমিক) বিদ্যালয়খনো ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংলগ্ণ কৰা হয়৷ উল্লেখ্য যে চল্লিশৰ দশকত বিলাসীপাৰাত এখন অসমীয়া মাধ্যমৰ হাইস্কুলৰ প্রয়োজনীয়তা অনুভৱ কৰি প্রয়াত ক্রমে নৃপেন্দ্র নাথ চক্রৱর্তী, শৰবিন্দু চক্রৱর্তী, ৰমেশ চক্রৱর্তী, চাপৰৰ বাসিন্দা তথা প্রাক্তন মুখ্যমন্ত্রী শৰৎ চন্দ্র সিংহ, বিলাসীপাৰাৰ শৰৎ সিংহ আদিয়ে বিজনী জমিদাৰৰ পৰা ১৭ বিঘা মাটি দান হিচাপে লৈ শিক্ষানুষ্ঠানখন প্রতিষ্ঠা কৰে৷ স্থাপন হোৱাৰ দিনৰে পৰা শিক্ষানুষ্ঠানখনে পশ্চিম অসমৰ অসমীয়া মাধ্যমৰ শিক্ষাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আছে৷ উল্লেখ্য যে সম্প্রতি বিদ্যালয়খনত ছাত্র–ছাত্রীৰ সংখ্যা হৈছে প্রায় তেৰশ৷ নিম্ন প্রাথমিক শাখাত ৬জন, উচ্চ প্রাথমিক আৰু মাধ্যমিকত এঘাৰজন আৰু উচ্চতৰ শাখাত চাৰিজন মুঠ ২১গৰাকী শিক্ষকে পাঠদান কৰে৷ উচ্চ প্রাথমিক আৰু হাইস্কুল পর্যায়ত মুঠ ২২ গৰাকী শিক্ষকৰ প্রয়োজন যদিও বর্তমান বাৰজনে পাঠদান কৰি আছে৷ ইয়াৰে এজন জুলাইত অৱসৰ গ্রহণ কৰিব৷ উচ্চতৰ মাধ্যমিকত ৯জন শিক্ষকৰ প্রয়োজন যদিও বর্তমান চাৰিজনে পাঠদান কৰি আছে৷ চতুর্থবর্গৰ পদ ৬টা যদিও দুজনে কাম কৰি আছে৷ বিদ্যালয়ৰ উপাধ্যক্ষ পদটোও খালী হৈ আছে৷ শিক্ষক–কর্মচাৰীৰ অভাৱ তথা সত্ত্বেও বিদ্যালয়খনত নিজৰ সন্তানক পঢ়ুৱাবলৈ হেতা–ওপৰা লগায় অভিভাৱকে৷ বিদ্যালয়খনৰ শৈক্ষিক দিশ আৰু ঈর্ষণীয় ফলাফলৰ বাবেই অভিভাৱকসকলে নিজৰ সন্তানক বিদ্যালয়খনত পঢ়ুৱাব বিচাৰে৷ নিয়মানুৱর্তিতাৰ ক্ষেত্রত কেতিয়াও আপোচ নকৰা বিদ্যালয়খনৰ শিক্ষক–শিক্ষয়িত্রীৰ ঐকান্তিক প্রচেষ্টা, স্বচ্ছতা, নিয়মীয়া পাঠদান আদিৰ বাবে চৰকাৰী শিক্ষানুষ্ঠানখনে নিদর্শন দাঙি ধৰিছে৷ পুৱা প্রাতঃ সভাৰ পৰা বিদ্যালয় ছুটী হোৱালৈ ছাত্র–ছাত্রীয়ে বিদ্যালয় চৌহদৰ বাহিৰলৈ ওলাব নোৱাৰে৷ ঐক্যসাজ অবিহনে শ্রেণীকোঠাত সোমাব নোৱাৰে ছাত্র–ছাত্রী৷ ১৯৪০ চনৰ পৰা শৈক্ষিক গৰিমা অটুট ৰখা বিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিকৰ উত্তীর্ণৰ হাৰ ৯০ৰ পৰা এশ শতাংশ৷ যোৱা বছৰ এই হাৰ আছিল ৯০ শতাংশ৷ প্রায় তেৰশ ছাত্র–ছাত্রীয়ে শিক্ষাগ্রহণ কৰা বিদ্যালয়ৰ শিক্ষকসকলে ক’ভিড সৃষ্ট পৰিস্থিতিৰ মাজতো বিদ্যালয়ত উপস্থিত হৈ অনলাইন ক্লাছ কৰি আহিছে৷ ম’বাইল ফোন বা ইণ্টাৰনেটৰ সুবিধা নোপোৱা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পৰীক্ষার্থীৰ ঘৰলৈ গৈ খা–খবৰ লৈ আছে শিক্ষকে৷ খালী থকা পদসমূহ পূৰণ নোহোৱাৰ বাবে বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱাৰ পাছতো যৎপৰোনাস্তি চেষ্টা চলাই আহিছে অধ্যক্ষ সাহানুৰ ৰহমানে৷ ২০১৭ চনৰ ২ অক্টোবৰত স্বচ্ছ ভাৰত দিৱসত অনুষ্ঠানত ৩০ হাজাৰ টকা আৰু সম্বর্ধনা পত্র প্রদান কৰা হয় বিদ্যালয়ৰ অধ্যক্ষকক৷ মনোমোহা ফুলনি, সদা চাফ–চিকুণ বিদ্যালয়খন আদর্শ ভোট গ্রহণ কেন্দ্র হিচাপেও স্বীকৃত৷ উল্লেখ্য যে বিদ্যালয়খনৰ দেৱাল ৰাইজৰ দানেৰে নির্মাণ কৰি থকা হৈছে৷

You might also like