ডিক’ডিং জীৱন : দয়াৰ নিঃশব্দ মূল্য
দয়ালু মানুহৰ মনটোনো কেনেকুৱা? দয়া বা মৰম কেৱল এটা ইতিবাচক গুণেইনে? ইয়াত আৰু কি কি কথা জড়িত হৈ থাকে?
ডিক’ডিং জীৱন : ড০ পার্থসাৰথি মহন্ত
দয়া৷ মৰম৷ অধিকাৰ নে সৌভাগ্য? দয়া–মৰম আৰু অধিকাৰৰ অদৃশ্য সম্পর্ক কি?
মৰম পাই পাই এটা সময়ত মানুহে পাহৰি যায় যে ই এটা বিশেষ সুবিধা৷ সদিচ্ছা হিচাপে যিটো আৰম্ভ হয় সেয়া প্রায়ে এক অকথিত কর্তব্যত পৰিণত হয় আৰু আনফালে কৃতজ্ঞতা হিচাপে যিটো আৰম্ভ হয় সেয়া লাহে লাহে প্রাপ্যতালৈ ৰূপান্তৰ হয়৷
দয়ালু মানুহৰ মনটোনো কেনেকুৱা? দয়া বা মৰম কেৱল এটা ইতিবাচক গুণেইনে? ইয়াত আৰু কি কি কথা জড়িত হৈ থাকে?
দয়া দুর্বলতা নহয়৷ ই নৈতিক দায়িত্বত শিপাই থকা এটা সচেতন সিদ্ধান্ত৷ এটা সহানুভূতি ভৰা পছন্দ৷ মৰম প্রকাশ কৰা বেছিভাগ মানুহেই আনক সহায় কৰি ভাল অনুভৱ কৰে৷ ই তেওঁলোকৰ নৈতিক আত্ম–ভাবমূর্তিৰ অংশ হৈ পৰে৷ স্কুল ছুটীৰ পিছত যিজন শিক্ষকে ভাল ফলাফল দেখুৱাব নোৱাৰা ছাত্র–ছাত্রীক বিনামূলীয়াকৈ পঢ়ায়, তেওঁ সেই ছাত্র–ছাত্রীসকলৰ সফলতাত আৱেগিক পূর্ণতা বিচাৰি পায়৷ এই মানসিক পৰিঘটনাটোক ‘হেল্পাৰ্ছ হাই’ বুলি কোৱা হয়৷ ই বাৰে বাৰে উদাৰভাৱে কাম কৰিবলৈ প্রেৰণা দিয়ে৷ এক আৱেগিক পুৰস্কাৰ৷
দয়ালু মানুহজনে নিজে উপলব্ধি নকৰাকৈয়ে এখন আৱেগিক চুক্তি কৰে, নিজৰ মনতে, যাক মৰম কৰে তেওঁৰ সৈতে৷ তেওঁ যদি কাৰোবাক টকা–পইচাৰে সহায় কৰিছে, সেই ধন ঘূৰাই নিবিচাৰে যদিও মনতে ধন্যবাদ এটা আশা কৰে, অকণমান প্রশংসা বা স্বীকৃতি৷ এই আশাবোৰ যেতিয়া পূৰণ নহয়, আনে তেওঁৰ সুবিধা লোৱা যেন অনুভৱ কৰিবলৈ আৰম্ভ হয়৷ বন্ধুক সদায় আৱেগিকভাৱে সমর্থন কৰি অহাজনৰ বন্ধুত্বক লৈ যদি প্রশ্ণ উত্থাপন হয়, স্বাভাৱিকতেই তেওঁৰ মনত দুখ লাগিব৷ এনে অদৃশ্য আৱেগিক চুক্তিবোৰৰ উলংঘন সেয়েহে অত্যন্ত ক্ষতিকাৰক হৈ পৰিব পাৰে৷
বেছিভাগ মানুহেই সংঘাত এৰাই চলিব খোজে৷ সংঘাতৰ ভয়ত তেওঁলোকে ‘না’ ক’ব খুজিলেও ‘হয়’ বুলি কয়৷ সময়ৰ লগে লগে ইয়াৰ ফলত আভ্যন্তৰীণ সংঘাতৰ সৃষ্টি হয়৷ তেওঁলোকৰ দয়া সদায় মুক্ত প্রকাশ নহয়– ই প্রায়ে ভয়, অপৰাধবোধ আৰু সমিলমিলেৰে চলাৰ প্রয়োজনীয়তা৷
ইফালে দয়া লাভ কৰা বা মৰম পোৱাজনৰ মনৰ কৃতজ্ঞতাবোধ অভ্যাসত পৰিণত হয়৷ ভাল কামত আমি সোনকালে অভ্যস্ত হৈ পৰোঁ মনোবিজ্ঞানীসকলে ইয়াক হেডনিক অভিযোজন বুলি কয়৷ যি কথাই এসময়ত কৃতজ্ঞতাবোৰ জগাই তুলিছিল সেয়া দৈনন্দিন নিয়মৰ দৰে অনুভৱ হ’বলৈ লয়৷
আনৰ প্রচেষ্টা, কষ্ট, শ্রম তেওঁ ক্রমাৎ নেদেখা হৈ পৰে৷ এজন দয়ালু বা মৰমিয়াল লোকে কাৰোবাক সহায় কৰিব পৰাকৈ সমর্থ হ’বলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয়৷ মৰম পোৱাজনে কিন্তু সেই শ্রমক লাহে লাহে আওকাণ কৰিবলৈ ধৰে৷ অভিপ্রায় কু হ’বও পাৰে, নহ’বও পাৰে, কিন্তু কথাটো গতানুগতিক হৈ পৰে৷
এবাৰ দয়াৰ পাত্র হ’লে, এবাৰ মৰম পালে, তাৰ ভৌতিক প্রকাশত যদি তাৰতম্য হয় অৱহেলাৰ দৰে অনুভৱ হয়৷ সহায়ৰ পৰিমাণ কিবা কাৰণত কমি গ’লে, সেই লোকজন হৈ পৰে অভদ্র, স্বার্থপৰ৷ ‘তেওঁ সলনি হৈ গ’ল৷’ আনহে নালাগে, বন্ধু এজন বেছি ব্যস্ত হৈ পৰিলেও এই পৰিস্থিতি হ’ব পাৰে৷ এনে বিপৰীতমুখিতাই সৃষ্টি কৰে অপৰাধবোধ৷ আনক সহায় কৰাৰ অনুভূতি পোৱাতকৈ মানুহে অপৰাধবোধ এৰাই চলিবলৈ চেষ্টা কৰে৷
শৈশৱে বহুলাংশে সৃষ্টি কৰে ‘দয়া’ আৰু গঢ় দিয়ে ‘আশা’৷ যিবোৰ পৰিয়ালত মৰম আর্জিবলগীয়া হয়– ঘৰুৱা কাম–বনত সহায় কৰি, সকলোৰে কথা মানি চলি বা নিমাতে থাকি, তেনে পৰিৱেশত ডাঙৰ হোৱা শিশুসকল প্রায়ে দয়ালু প্রাপ্তবয়স্কত পৰিণত হয়৷ তেওঁলোকৰ মনত এনে এটা ভাব লৈ যায়– তেওঁলোকৰ মূল্য আনক সেৱা–সহায় কৰাতহে নিহিত হৈ থাকে৷
তেওঁলোকৰ দয়া কেৱল উদাৰতা নহয়– এয়া তেওঁলোকৰ জীয়াই থকাৰ আহিলা, জীৱনত গুৰুত্ব লাভৰ মাধ্যম৷ আনহাতে, অত্যধিক আদৰ–সাদৰত ডাঙৰ হোৱা ল’ৰা–ছোৱালীয়ে জ্ঞাতে–জ্ঞাতে আশা কৰে যে আনহে তেওঁলোকৰ লগত খাপ খাব৷ আনৰ পৰা পোৱা দয়া–মৰমক তেওঁলোকে স্বাভাৱিক বুলি ধৰি লয়৷ ইফালে দয়াৰ বশৱর্তী হোৱাজন ক্রমাৎ মোহত পৰে৷ এৰি যাব বুলি শংকিত হৈ তেওঁলোক হৈ পৰে অধিক দানী৷ সংযুক্তি তত্ত্ব৷ বেছিকৈ দি হ’লেও যুক্ত হৈ থাকিব লাগে৷ ইয়াৰ বিপৰীতে দয়াৰ পাত্রই মৰমৰ এই প্রকাশ আৱেগিক ঘনিষ্ঠতা নোহোৱাকৈয়ে গ্রহণ কৰে৷ তেওঁলোকৰ সম্পর্ক হৈ পৰে এক ভাৰসাম্যহীন সমীকৰণ৷
সেয়েহে বহু ক্ষেত্রত দয়া বা মৰম হৈ পৰে দুফালে ধাৰ থকা তৰোৱাল৷ বিশেষকৈ কর্মক্ষেত্রত দয়া বা মৰমক দুর্বলতা বুলি ধৰাৰ এটা প্রৱণতা আছে৷ বেছি বুজা ওপৰৱালাক ‘নৰম’ বুলি কোৱা হয়৷ প্রায়বোৰ সংগঠন বা কার্যালয়তে এনে এজন–দুজন মানুহ থাকে যি সকলোৰে সকলো কাম কৰি দিব পাৰে আৰু দিয়ে৷ প্রথম অৱস্থাত তেওঁলোকে ধন্যবাদ এটা পালেও পিছলৈ সেই আনুষ্ঠানিকতাও নোহোৱা হয়৷ আনক সহায় কৰা স্বভাৱৰ বাবে পুৰস্কৃত হোৱাৰ পৰিৱর্তে তেওঁলোক শোষণহে হয়৷ কেতিয়াবা অৱশ্যে তেওঁলোকে প্রশংসা নোপোৱা নহয়৷ প্রতীকী প্রশংসা৷ এখন প্রশংসাসূচক চিঠি, এখন প্রমাণ–পত্র বা কোনো সভাত এটা মন্তব্য৷
ডিজিটেল যুগত দয়াৰ ৰাজহুৱা প্রদর্শনৰ বাবে এখন সহজতে পোৱা মঞ্চ হ’ল সামাজিক মাধ্যম৷ কাহিনী শ্বেয়াৰ কৰা, মানৱ সেৱা–সমাজ সেৱাৰ ফটো–পোষ্ট থাউকতে কৰিব পৰা হ’ল৷ যিসকলে অনবৰতে এনে কাম কৰি থাকে স্বাভাৱিকতেই তেওঁলোকৰ এনেধৰণৰ পোষ্ট বেছি হয়৷ কিন্তু পোষ্ট চোৱা কিছু মানুহ বিৰক্ত হৈ পৰে৷ ফলত এই পোষ্টবোৰে আশা কৰা মতে ইতিবাচক সঁহাৰি নোপোৱা হয়৷ তদুপৰি ই প্রাপ্যতা সংস্কৃতিৰো সূচনা কৰে৷ কোনোবাই কাৰোবাক কিবা এটা কৰি দিয়া দেখিলে আনেও তেওঁৰ পৰা একে সহায় আশা কৰিবলৈ লয়, যিটো হয়তো মানুহজনৰ বাবে সম্ভৱপৰ নহ’ব পাৰে৷
এনে বিভিন্ন কাৰণত আনক সহায় কৰিবলৈ গৈ মানুহে কেতিয়াবা নিজৰহে আৱেগিক ক্ষতি কৰি পেলায়৷ যেতিয়া মানুহক কেৱল তেওঁলোকৰ দয়াৰ বাবেহে মূল্য দিয়া হয়, তেওঁলোকৰ আত্মমূল্যৰ ওপৰত সন্দেহ হ’বলৈ ধৰে৷ ‘তেওঁলোকে মোক ভাল পায় নে মোৰ সহায়খিনি?’ তেওঁলোকৰ আত্মসন্মানত লাগে৷ তেওঁলোকে এক পৰিচয় সংকটত ভুগিবলৈ আৰম্ভ কৰে৷ তথাপিও তেওঁলোকে নিজকে চম্ভালি আনক সহায় কৰে৷ কিন্তু এনে দীর্ঘদিনীয়া আৱেগিক শ্রমে তেওঁলোকক মানসিকভাৱে ক্লান্ত কৰি পেলায়৷
এনে কামৰ পৰা তেওঁ ক্রমাৎ আঁতৰি যাবলৈ আৰম্ভ কৰে৷ আনে ভাবে তেওঁ সলনি হৈ গ’ল, আচলতে কিন্তু তেওঁৰ আৱেগিক শক্তিহে শেষ হৈ আহে৷ তেওঁ লাহে লাহে নিষ্ক্রিয় হ’বলৈ আৰম্ভ কৰে৷ কেতিয়াবা হয়তো কিছু আক্রমণাত্মকো হৈ পৰিব পাৰে৷ তেওঁ মানুহক সহায় কৰা কমাই দিব, কুটিলভাৱে কথা ক’ব বা আৱেগিকভাৱে নিজকে নিলগাই নিব৷ দৰাচলতে এই সকলোবোৰেই হৈছে তেওঁৰ আভ্যন্তৰীণ সংঘাতৰ লক্ষণ৷
এনে এটা চক্র বা প্রক্রিয়া গঢ় লৈ উঠিবলৈ দিব নোৱাৰি৷ দয়া এটা স্বর্গীয় গুণ৷ মানুহৰ মাজত মৰম–যত্নও থাকিব লাগিব৷ আমি মানুহক মৰম কৰিলেই নহ’ব, তেওঁলোকৰ মানসিকতাও বুজিব লাগিব৷ দয়াৰ সীমা নির্ধাৰণ কৰিব জানিব লাগিব৷ দয়াৰ অর্থ মৌনতা বা সদায় হয় কোৱা নহয়৷ দয়া এটা ইচ্ছা, পছন্দ বা বাছনি, কর্তব্য নহয়৷ দয়াৰ পাত্রয়ো উপকাৰ স্বীকাৰ কৰিব আৰু শলাগ ল’ব জানিব লাগিব৷ কিন্তু নির্ভৰশীল হৈ পৰিলে নহ’ব৷ কামবোৰ স্বতন্ত্রভাৱে চম্ভালিবলৈ শিকিব লাগিব৷ তেওঁলোকে পাহৰিব নালাগিব যে দয়া বাধ্যবাধকতা নহয়, এটা উপহাৰ৷
দয়া বা মৰম মানুহৰ এটা সুন্দৰ আৰু শক্তিশালী গুণ৷ পাৰস্পৰিক বিশ্বাস সৃষ্টি কৰি, সংযোগ বৃদ্ধি কৰি ই জীৱন উমাল কৰি তোলে৷ কিন্তু শলাগ নোপোৱা গতানুগতিকতা হৈ পৰিলে ই আৱেগিক শ্রমত পৰিণত হয়৷ দয়া দুর্বলতা নহয়৷ মৰমিয়াল মানুহজনে যিমান যত্ন আৰু আদৰ কৰে তেৱোঁ সিমান যত্ন আৰু সন্মানৰ যোগ্য৷ মৰম নামৰ সূতাডালেহে আমাৰ সম্পর্কবোৰ ধৰি ৰাখে৷ একপক্ষীয়ভাৱে টানি এই সূতাডাল ছিঙি যাবলৈ দিব নালাগে৷ দয়া এটা বিশেষাধিকাৰ আৰু বিশেষাধিকাৰক সদায় কৃতজ্ঞতাৰে সন্মান কৰিব লাগিব৷
ফোন : ৯৪৩৫০–৪৮৪৮০