বিবাহ বিচ্ছেদ কিয়?
- মীনাক্ষী মজুমদাৰ ডেকা
মানুহৰ জন্ম হয় আৰু জন্ম হ’লে মৃত্যু হোৱাটো স্বাভাৱিক কথা৷ কিয়নো মানুহ মৰণশীল৷ আমি জানো যে জন্ম আৰু মৃত্যু ঈশ্বৰৰ হাতত৷ যিদৰে মানুহৰ জন্ম কেতিয়া হ’ব আৰু মৃত্যু কেতিয়া হ’ব ঈশ্বৰে নিজে ঠিক কৰি থৈ দিয়ে, তেনেকৈয়ে বিবাহো ঈশ্বৰৰ আদেশ অনুসৰিয়ে হয়৷ ভগৱানে হেনো ৰাহি–যোৰা ওপৰতে মিলাই থৈ দিয়ে৷ অৱশ্যে তাৰ মাজতে কৰিবলগীয়া কাম আমাৰো নথকা নহয়৷ সমাজৰ আশীর্বাদ আৰু নীতি–নিয়ম অনুসৰি বিবাহ হয়৷ মনে বিচৰা জীৱন লগৰীৰ লগত সংসাৰৰ পাতনি মেলা যায়৷ বিবাহৰ পিছত নাৰীৰ ভূমিকা যথেষ্ট বেছি৷ ভাল বেয়া চিন্তা কৰাৰ স্বাধীনতা পায়৷ নাৰীয়ে এখন ঘৰৰ সমস্ত দায়িত্ব লয়৷ কিয়নো, জীৱনসংগিনী নোহোৱাকৈ পৰিয়াল সম্পূর্ণ নহয়৷ বিবাহ অবিহনে আৰু নাৰী অবিহনে পৰিয়ালৰ বংশবৃদ্ধি হ’ব নোৱাৰে৷ যদি বিবাহ অবিহনে তেনে হয় সেই সম্পর্কই আমাৰ সমাজত স্বীকৃতি নাপায়৷ অবৈধ হিচাপে মানুহে মানি লয়৷ বিবাহ এক পৱিত্র বান্ধোন, যাক সহজে এৰা দিব নোৱাৰি৷
বৈবাহিক জীৱন সুন্দৰভাৱে চলাই নিবলৈ স্বামী আৰু পত্নী দুয়োজনৰে মাজতবুজাবুজি থকাটো উচিত৷ এজনেৰে পৰিয়াল সম্পূর্ণ নহয়৷ দুয়োজনৰ মাজত থাকিব লাগিব প্রেম আৰু ভালপোৱা৷ সুুুখ থাকিলে দুখ থাকিবই৷ সংসাৰ এখনত চিন্তা, কষ্ট, ত্যাগ বলিদান সদায় থাকিব৷ কেৱল এইবোৰৰ মাজেৰে কেনেকৈ নিজৰ সংসাৰখনক চলাই নিব পাৰে সেইটোহে ডাঙৰ কথা৷ কাজিয়া সকলোৱে কৰিব পাৰে, সুখৰ সংসাৰ নষ্ট কৰাটো বেছি ডাঙৰ কথা নহয়৷ এগৰাকী ভাল পত্নী অথবা এজন ভাল স্বামী হোৱাটোহে কঠিন৷ এই সম্পর্ক সকলোৱে ধৰি ৰাখিব নোৱাৰে৷ কিয়নো আগৰ যুগ আৰু এতিয়াৰ মাজত বহু অন্তৰ৷ য’ত ধৈর্য শক্তিৰ লগত বুজাবুজি শক্তিৰো গুৰুত্ব আছে৷ সকলো পৰিস্থিতিতে নিজকে খাপ খুৱাই নি সমস্যাবোৰ সুন্দৰভাৱে সমাধান কৰিব পাৰে তেওঁহে প্রকৃত সংসাৰৰ মূল্য বুজি পায়৷ এনেদৰে চলি যায় জীৱনৰ নতুন অধ্যায়৷ কিন্তু ইয়াৰ মাজতে কেতিয়াবা দেখা যায় বিয়াৰ পিছত স্বামী অথবা পত্নীৰ মাজত কথাই কথাই কাজিয়াৰ সৃষ্টি হোৱা৷ পৰিয়ালত বেমেজালি বা অশান্তি আৰম্ভ হয় সৰু সৰু কাজিয়াৰ দ্বাৰা৷ অর্থনৈতিক কেতিয়াবা সামাজিক কেতিয়াবা আকৌ পাৰিবাৰিক সংঘাটত বিবাহ বিচ্ছেদৰ কথা মনত গঢ় লৈ উঠে৷ আনফালে দৈহিক মিলনত বাধা আহিলেও তেনে হোৱাৰ সম্ভাৱনা থাকে৷
বেছিভাগ বিবাহ বিচ্ছেদৰ মূল কাৰণ দেখা যায় পাৰিবাৰিক কন্দল৷বর্তমান যুৱ প্রজন্মৰ বাবে ই এটা গুৰুত্বপূর্ণ সমস্যা৷ কিয়নো যুৱপ্রজন্মৰ মাজত সহ্য আৰু ধৈর্য শক্তি বহুত কম৷ সৰু সুৰা কথা গৈ ডাঙৰ কথালৈ পৰিৱর্তন হৈ যায়৷ গতিকে বিবাহৰ ক্ষেত্রত ইজনে সিজনকবুজি পোৱাটো আৱশ্যক৷ প্রেম বিবাহে হওক বা পিতৃ–মাতৃয়ে চাই দিয়া জীৱন সংগী প্রতিটো খোজত সাৱধান হৈ আগুৱাই নগ’লে বিপদত পৰি মুখথেকেচা খাবলগীয়া হ’ব পাৰে৷ আগেয়ে কামটো কৰা যায় পিছতহে উপলব্ধি হয়৷ মৰম বা ভালপোৱাৰ লগতে সুগৃহিণীৰ বুজাবুজিয়ে সুন্দৰভাৱে সংসাৰ চলাই নিয়াত বহুখিনি ক্ষেত্রত সহায় কৰে৷
বিবাহ বিচ্ছেদে কেৱল স্বামী বা পত্নীৰে ভৱিষ্যৎ অন্ধকাৰৰ ফালে ঠেলিব পাৰে, তেনে নহয় সন্তানৰো ভৱিষ্যৎ নষ্ট হোৱাৰ সম্ভাৱনা থাকে৷ পিতৃ–মাতৃয়ে যিয়েই নকৰক তাৰ প্রভাৱ সন্তানৰ ওপৰত পৰিবই৷ সন্তানক গঢ় দি সুনাগৰিক কৰি তোলাৰ দায়িত্ব পিতৃ–মাতৃৰ৷ গতিকে পিতৃ–মাতৃৰ জীৱনত সমস্যা আহিলে পঢ়া–শুনা বা নিজৰ কর্মৰ পথত আগুৱাই যোৱাত সন্তানৰ ক্ষেত্রত বাধা আহি পৰিব পাৰে৷ ফলত ঘৰখনত অশান্তিৰ সৃষ্টি হয়৷ বিবাহ বিচ্ছেদে কাৰো ভাল নকৰে, বিশেষকৈ নাৰীৰ এগৰাকীৰ জীৱনলৈ অভিশপ্ত সময় কঢ়িয়াই আনে৷ বিবাহ বিচ্ছেদ হোৱা মহিলাক সমাজে ভাল চকুৰে চাবলৈ টান পায়৷ সন্মান দিবলৈ টান পায়৷ বিবাহ বিচ্ছেদ মানে যেন সকলো দোষ নাৰীৰে বুলি ভাবি লয়৷
এইবুলি মহিলাই নির্যাতন সহ্য কৰি থকা বা কোনোবাই অত্যাচাৰ চলালে মনে মনে বহি থাকিব তেনে নহয়৷ সুৰামত্ত হৈ নিজৰ পত্নীক গালি–গালাজ পৰাটো, যৌতুক দাবী কৰি মাৰপিট কৰাটো অথবা সদায় বিনা কথাত অত্যাচাৰ চলাই থকাটো অপৰাধ৷ এক শ্রেণীৰ মানুহ আছে, যিয়ে নাৰী ওপৰলৈ যোৱাটো নিবিচাৰে, যাৰ বাবে তেওঁলোকক মানসিক যন্ত্রণা দিব চেষ্টা কৰে৷ এই দিশৰ পৰা চালে দোষীক শাস্তি নিদি ৰৈ থকাটো কোনোপধ্যে মানি ল’ব নোৱাৰি সেইটো সঁচা৷ আলোচনাৰে সমাধান ন’হলে নাৰী সুৰক্ষাৰ কাৰণে পদক্ষেপ লোৱাটো আইনেও নাৰীক সহায় কৰে৷ নির্যাতন কৰাজনতকৈ নির্যাতন সহ্য কৰাটো বেছি দোষী৷ তেনে ক্ষেত্রত যদি বিবাহ বিচ্ছেদৰ পথ ল’ব লগা হয় তেন্তে কোনো বাধা আহিব নোৱাৰে৷ কেতিয়াবা অৱশ্যে নাৰীৰ দ্বাৰাও ভুল নোহোৱা নহয়৷ কিছুমান সাধাৰণ কথা বিবেক, বুদ্ধি অথবা ধৈর্যৰে সমাধান কৰিবলৈ হয়তো টান পায়৷ কেতিয়াবা আকৌ অলাগতিয়াল কথাত ধৰি থাকি বিবাহ বিচ্ছেদৰ দৰে পদক্ষেপ লৈ মূর্খামিৰ কাম কৰাও দেখা যায়৷ বিবাহৰ সম্পর্ক ঠুনুকা, এবাৰ ভাঙিলে জোৰা নালাগে৷ বিশেষকৈ নাৰীৰ জীৱনলৈ আহি পৰে হাজাৰটা প্রশ্ণ৷ নাৰীৰ হাততে মানৱ সৃষ্টি৷ নাৰীয়ে ঘৰৰ দায়িত্ব সুন্দৰভাৱে চলাই নিব পাৰে৷ নাৰী আছে বাবে প্রকৃতিৰ সুবাস আছে৷ নাৰীক সমান মর্যাদা দিয়া উচিত৷ ঠিক সেইদৰে পত্নী এগৰাকীয়েও স্বামীৰ ঘৰখনক সমান মর্যাদা দিয়া উচিত৷ বিবাহ বিচ্ছেদ এক অভিশাপ৷ গতিকে ইজনে সিজনক বুজি বিবাহ বিচ্ছেদৰ দৰে ভয়ংকৰ সিদ্ধান্ত নলৈ কিদৰে সমস্যা সমাধান কৰি জীৱনটো সুন্দৰভাৱে নিব পাৰি সেই বিষয়েহে গুৰুত্ব দিয়া উচিত৷ কিয়নো স্বামী আৰু পত্নী এটা মুদ্রাৰে ইপিঠি আৰু সিপিঠি৷