নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোসাঁইগাঁৱত হত্যা কৰি পুতিলে ব্যৱসায়ীক

নিয়মীয়া বার্তা, ২২ আগষ্টঃ বিটিচি পৰিষদীয় নির্বাচনৰ দিন ঘোষণাৰ প্রাকক্ষণত গোসাঁইগাঁও মহকুমাৰ অন্তর্গত ডিংডিঙা বজাৰৰ ক্ষুদ্র চাহ দোকানী তথা মৰনৈ চাহ বাগিচাৰ নৈশ চকীদাৰ প্রদীপ ৰায়ৰ (৫৮) মৃতদেহ কালি পুতি থোৱা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰিছে৷

জানিব পৰা মতে, ডিংডিঙা আৰক্ষী চকীৰ অন্তর্গত মেচপাৰা গাঁও নিৱাসী প্রদীপ ৰায় কালি বিয়লি ডিংডিঙা বজাৰৰ নিজৰ চাহ দোকান বন্ধ কৰি ঘৰলৈ ওভতা পথৰ পৰা নিৰুদ্দিষ্ট হয়৷ ওৰেনিশা প্রদীপ ৰায় ঘৰলৈ নহাত পৰিয়ালৰ লোকে বিচাৰ–খোঁচাৰ কৰে যদিও সন্ধান লাভ নকৰে৷ কালি গৃহস্থই মৰনৈৰ তিনি নম্বৰ বাগানৰ পথত ৰায়ৰ এপাত ছেণ্ডেল উদ্ধাৰ কৰে৷ পাছত চাহ বাগানত পুতি থোৱা অৱস্থাত ৰায়ৰ মৃতদেহ উদ্ধাৰ কৰে আৰু ততাতৈয়াকৈ ডিংডিঙা আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰে৷

ইপিনে মেচপাৰা গাঁৱৰ ৰাইজে সদৰী কৰা মতে, প্রদীপ ৰায় মৰনৈ চাহ বাগানৰ নৈশ চকীদাৰ হিচাপে কর্মৰত হৈ আছিল যদিও তেওঁ ডিংডিঙা বজাৰত এখন সৰু চাহ দোকান দিছিল৷ আন দিনাৰ দৰে যোৱানিশা দোকান বন্ধ কৰি গৃহ অভিমুখে যোৱাৰ পথত কোনো দুষৃকতিকাৰীয়ে ৰায়ক হানি–খুঁচি হত্যা কৰি বাগানৰ মাজত পুতি থয়৷

You might also like