নাৰী শক্তি পুৰস্কাৰপ্ৰাপ্ত বৃন্দাবনৰ পৰী ড০ লক্ষ্মী গৌতম
নিশা ভূঞা
এই পৃথিৱীখন অতিকৈ বৈচিত্র্যময়, তাতোকৈ বৈচিত্র্যময় হৈছে ব্যক্তিৰ জীৱন৷ জীৱনে কেতিয়াবা হাঁহিবলৈ সুযোগ দিয়ে আৰু কেতিয়াবা অজানিতেই কন্দুৱায়৷ প্রত্যেকজন ব্যক্তিয়ে জীৱনত সফল হ’বলৈ কামনা কৰে৷ পিছে সেই সফলতাও হয় ভিন্ন প্রকাৰৰ, ভিন্ন স্তৰৰ৷ একাংশ ব্যক্তিয়ে জীৱনত কেৱল ব্যক্তিগত পর্যায়ত সফল হ’বলৈ বিচাৰে, একাংশ ব্যক্তিয়ে আকৌ নিজেই জীৱনত সফলতাৰ চূড়ান্ত শিখৰত আৰোহণ কৰাৰ লগতে সমাজৰ অন্য দহজনকো সফল কৰি তুলিবলৈ প্রয়াস কৰে৷ এই সকলোৰে বিপৰীতে একাংশ লোকে নিজেই জীৱনত সফলতা লাভ কৰাৰ চিন্তা পৰিহাৰ কৰি কেৱল এই সমাজখনৰ বাবে, সমাজৰ এচাম লোকৰ বাবে কাম কৰে, এক কথাত নিজৰ জীৱনটো উৎসর্গা কৰে৷ তেওঁলোকক বহুতেহ মৰতৰ দেৱৰূপ বুলিও অভিহিত কৰে৷ তেওঁলোকৰ বাবেহ সুন্দৰ হৈ আছে আমাৰ পৃথিৱীখন৷ পৃথিৱীক নিজৰ অৱদানেৰে সুন্দৰ কৰি তোলা তেনে এগৰাকী অনন্য নাৰী হৈছে ড০ লক্ষ্মী গৌতম৷
আজিৰ এই কাহিনী হৈছে তেজৰ সম্পর্কৰ ঊর্ধ্বৰ কিছু নামবিহীন সম্পর্কৰ– কেৱল মানৱীয় সম্পর্কৰ সত্য কাহিনী৷ এনে সম্পর্ক কোনো কাগজী দস্তাবেজত লিপিবদ্ধ হৈ নাথাকে, কেৱল আত্মীয়তাৰ ডোলেৰে বান্ধ খাই থাকে৷ আচৰিতভাৱে জীয়াই থকাৰ সময়ছোৱাৰ উপৰি এই পৃথিৱী ত্যাগ কৰি যোৱাৰ পিছতো এই সম্পর্ক পালন কৰা হয়৷ নিঃস্বার্থভাৱে এনে অলেখ সম্পর্কই পালন কৰি আহিছে ড০ লক্ষ্মী গৌতমে৷ ড০ লক্ষ্মী গৌতমৰ জন্ম হৈছিল ১৯৬৩ চনত পুণ্যভূমি বৃন্দাবনত৷ তেওঁ আগ্রা বিশ্ববিদ্যালয়ত হিন্দী আৰু ইতিহাস বিষয়ত অধ্যয়ন কৰি তাৰ পৰাই সন্মানীয় ডক্টৰেট ডিগ্রী লাভ কৰিছিল৷ পৰৱর্তী সময়ত তেওঁ ইনষ্টিটিডট অৱ অৰিয়েণ্টেল ফিল’ছফী, বৃন্দাবনত এগৰাকী প্রবক্তাৰূপে কার্যনির্বাহ কৰে৷ উল্লেখ্য যে ১৯৯৫ চনত তেওঁ ডেপুটী মেয়ৰ ৰূপেও নির্বাচিত হৈছিল৷
শৈশৱতেই ড০ লক্ষ্মী গৌতমে বৃন্দাবনৰ অলিয়ে–গলিয়ে মুণ্ডন কৰা তথা বগা কাপোৰ পৰিধান কৰা বহু নাৰী দেখিবলৈ পাইছিল৷ বয়সৰ ভিন্ন স্তৰৰ সেই নাৰীসকলক দেখি তেওঁ অতিকৈ আচৰিত হৈ পৰিছিল৷ একেবাৰে কণমানি বয়সতেই, যৌৱনকালপ্রাপ্ত হোৱাৰ পূর্বেহ বিধৱাৰ সাজ পৰিধান কৰিবলৈ বাধ্য হোৱা অথবা বৃন্দাবনৰ পদপথতেই মৃত্যুৰ বাবে অপেক্ষা কৰা বহু বৃদ্ধ বিধৱা নাৰীক দেখি তেওঁৰ অন্তৰাত্মাই হাহাকাৰ কৰি উঠিছিল৷ শৈশৱতেই এই বাস্তৱ চিত্রসমূহ তেওঁৰ মনত গভীৰভাৱে অংকিত হৈছিল৷ পৰৱর্তী সময়ত তেওঁ নিজৰ শৈক্ষিক তথা কর্মজীৱনত ব্যস্ত হৈ পৰে৷ সময়ত তেওঁ বৃন্দাবনৰেই বিজয় কুমাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় ৷ দুটি পুত্র আৰু এজনী কন্যা সন্তানৰ মাতৃ হোৱাৰ পিছত নিজৰ কর্মজীৱন তথা সাংসাৰিক জীৱনত ড০ গৌতম কিছু আবদ্ধ হৈ পৰে৷ পিছে কিছু বছৰৰ পিছত কথাবোৰ যেন কিছু পৃথক হয়৷ শৈশৱতেই মনৰ মাজত খোদিত হৈ ৰোৱা বিধৱা নাৰীসকলৰ জীৱনৰ কথাই পুনৰ তেওঁক কষ্ট দিয়ে৷ তেওঁ নিজাকৈ এই সন্দর্ভত গৱেষণা চলায়৷ ড০ গৌতমে জানিবলৈ পায় যে স্বামীৰ মৃত্যুৰ পিছত বহু বিধৱা নাৰীয়ে মোক্ষপ্রাপ্তিৰ বাবে স্বইচছাৰে সংসাৰৰ সকলো মোহ-মায়া ত্যাগ কৰি বৃন্দাবনত থাকিবলৈ লয়৷ তাৰ বিপৰীতে বহু বিধৱা নাৰীয়ে স্বামীগৃহৰ লোকৰ কটু কথা আৰু সমাজৰ ৰীতি-নীতিৰ মেৰপাকত পৰি বৃন্দাবনত অসহায় জীৱন পাৰ কৰিবলগীয়া হয়৷ আচৰিতভাৱে বহুতৰে স্বামী পৰিয়ালৰ লোকে সম্পত্তিৰ ভাগ দিয়াৰ পৰা হাত সাৰিবলৈও পৰিয়ালৰ বিধৱা নাৰীসকলক নৰক যন্ত্রণাত পিষ্ট হ’বৰ বাবে পঠিয়াই দিয়ে৷ অতি দুখজনকভাৱে বহু বিধৱা নাৰীয়ে মাতৃগৃহতো স্থান লাভ নকৰি পৰিত্যক্তভাৱে এনে জীৱন এটি নির্বাচন কৰিবলৈ বাধ্য হয়৷ পুণ্যতীর্থৰূপে খ্যাত বৃন্দাবনতো কিন্তু সেইসকল নাৰীৰ জীৱন হৈ পৰে অতিকৈ দুর্বিষহ৷ বহু বিধৱাই নিজৰ জীৱনকালত ভিক্ষাবৃত্তিত নিয়োজিত হৈ পথৰ দাঁতিতেই জীৱনটো পাৰ কৰি অৱশেষত দৰিদ্রতাৰ বাবেই প্রাণত্যাগ কৰে৷ অতি আচৰিতভাৱে একাংশ কমবয়সীয়া বিধৱা নাৰীয়ে জীৱন নির্বাহৰ বাবে তথা দুষ্টচক্রৰ কবলত পৰি বেশ্যাবৃত্তিতো সোমাই পৰে৷ প্রতিদিনেই নিজৰ চকুৰ সন্মুখত দেখি থকা এই নাৰীসকলৰ অন্তৰালৰ এনে কাহিনীয়ে ড০ লক্ষ্মী গৌতমক ব্যথিত কৰি তোলে৷ তেওঁ নিজাকৈ গৱেষণা কৰি থকাৰ সময়ছোৱাতেই ২০১১–১২ চনত উচ্চতম ন্যায়ালয়ে কৰা এটি পিয়লত বৃন্দাবনৰ সেই নিআশ্রিত নাৰীসকলৰ অন্তিম সংস্কাৰপর্যন্ত যে ভালদৰে কৰা নহয়, সেই কথা পোহৰলৈ আহে৷ এই সকলো কথা জানিবলৈ পাই ড০ লক্ষ্মী গৌতমে এইচাম নাৰীৰ বাবেই নিজৰ জীৱনটো উৎসর্গা কৰাৰ সিদ্ধান্ত গ্রহণ কৰে ৷ তেওঁৰ চাকৰি কৰি পোৱা ধনেৰে যথাসাধ্য বিধৱা নাৰীসকলক সহায় কৰিবলৈ চেষ্টা কৰে৷ এদিন তেওঁ বৃন্দাবনত ৰাধা নামৰ এগৰাকী তেনে নাৰীৰ মৃতদেহ প্লেটফর্মত পৰি থকাৰ কথা জানিবলৈ পায়৷ দৰাচলতে নাৰীগৰাকীৰ ৰাতিপুৱাই মৃত্যু হৈছিল যদিও কোনো লোকে আবেলি সময়লৈ মৃতদেহটো স্পর্শ কৰা নাছিল৷ ড০ গৌতমে নিজা উদ্যোগত ৰাধাৰ অন্তিম সৎকাৰ কৰে৷ অচিনাকি সেই ৰাধাৰ মুখাগ্নি কৰাৰ সময়তেই তেওঁ তেনে পৰিত্যক্ত মৃতদেহৰ অন্তিম সৎকাৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷
প্রথম অৱস্থাত পৰিয়ালৰ লোকসকলে এই কামত তেওঁক সমর্থন জনোৱা নাছিল৷ কিন্তু ড০ লক্ষ্মী গৌতম নিজৰ সিদ্ধান্তত অটল হৈ ৰয়৷ নিজৰ এই মহৎ উদ্দেশ্য পূৰণ কৰিবৰ নিমিত্তে তেওঁ ২০১৩ চনত ‘কনকধাৰা’ নামৰ এটি বেচৰকাৰী সংস্থা স্থাপন কৰে৷ সেই সংস্থাৰ বেনাৰত তেওঁ বৃন্দাবনৰ পদপথত বাস কৰা বহু বিধৱা নাৰীক উদ্ধাৰ কৰি আনি থাকিবলৈ আশ্রয়স্থল দিয়ে৷ উপযুক্ত চিকিৎসা সেৱা, খাদ্য, বস্ত্র আদি সকলো সুবিধা তেওঁ যথাসাধ্য প্রদান কৰি বহু নাৰীক ভিন ভিন কর্মক্ষেত্রত নিয়োজনৰো সুবিধা প্রদান কৰে৷ তদুপৰি তেওঁ বহু বিধৱা নাৰীৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰাৰ লগতে কাউঞ্চেলিং কৰি তেওঁলোকক পুনৰ নিজৰ ঘৰলৈ প্রেৰণ কৰাৰ ব্যৱস্থাও কৰিছে৷ ড০ গৌতমে নিজৰ সংস্থাৰ হৈ বৃন্দাবনৰে অধিকাংশ বিধৱা নাৰীৰেই পৰিচয়-পত্র, ৰেচন কার্ড আদি তৈয়াৰ কৰি দিয়াৰ লগতে ন্যায়িক দিশতো সহায় কৰে ৷ বহু নাৰীক পেন্সন লাভৰ ব্যৱস্থা কৰি দিয়ে ৷ নিজৰ মহাবিদ্যালয়ৰ শ্রেণী আৰু অন্য কাম সমাপ্ত কৰাৰ পিছত তেওঁ এই সকলো কাম কৰিছিল৷ চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰাৰ পিছত তেওঁ সম্পূর্ণভাৱে এই কামত ব্যস্ত হৈ পৰিছে৷
এহ সকলোৰে উপৰি তেওঁ বৃন্দাবনৰ অলেখ পৰিত্যক্ত মৃতদেহৰ সন্মানপূর্বক দাহ-সংস্কাৰ কৰি আহিছে৷ এটি সাক্ষাৎকাৰত ড০ গৌতমে দিয়া ভাষ্য অনুসৰি– তেওঁৰ এই কামৰ কথা ক্রমশঃ বৃন্দাবনৰ সকলোৰে মাজত জনাজাত হৈ পৰে৷ পৰৱর্তী সময়ত কোনো অচিনাকি তথা পৰিত্যক্ত মৃতদেহৰ সন্ধান লাভ কৰিলেই সকলোৱে তেওঁকেহ প্রথমে খবৰ দিবলৈ লয় ৷ বৃন্দাবনৰ ৰিক্সা অথবা ঠেলাচালকসকলে তেনে মৃতদেহ দেখিলে বিনাদ্বিধাই তেওঁৰ কাষলৈ লৈ আহে৷ প্রথম অৱস্থাত তেওঁ কেৱল নাৰীৰ মৃতদেহ সৎকাৰ কৰিছিল যদিও পৰৱর্তী সময়ত নিজৰ দায়িত্ব বুলিয়েহ গণ্য কৰি বহু পুৰুষৰ মৃতদেহো তেওঁ সৎকাৰ কৰে ৷ তেওঁ দৈনিক এবাৰ যমুনা শ্মশানঘাটলৈ গৈ খবৰ লয় আৰু তাতো পৰিত্যক্ত মৃতদেহৰ খবৰ পালে নিজেহ মুখাগ্নি কৰি সৎকাৰ কৰে৷ এটি মৃতদেহৰ দাহ সৎকাৰৰ নিমিত্তে ৪,০০০–৪,৫০০ টকাৰ প্রয়োজন হয়৷ এহ খৰচ তেওঁ নিজেই বহন কৰে৷ কেইবাবাৰো ড০ গৌতমে বহু দিন পুৰণি, অর্ধগলিত মৃতদেহো সন্মানপূর্বকভাৱে সৎকাৰ কৰিছে বুলি সেই সাক্ষাৎকাৰৰ পৰাই জানিবলৈ পোৱা গৈছে৷
পূর্বে সহযোগ কৰা নাছিল যদিও ড০ লক্ষ্মী গৌতমৰ এই সেৱা ভাব দেখি পৰিয়ালৰ লোকেও তেওঁক সহযোগ কৰিবলৈ লয়৷ বর্তমান সময়ত তেওঁৰ দুই পুত্র আৰু কন্যায়ো নিজৰ সাধ্য অনুসৰি বৃন্দাবনৰ বিধৱা নাৰীসকলক সহায় কৰাৰ উপৰি মাতৃৰ সৈতে একত্রিত হৈ পৰিত্যক্ত মৃতদেহৰ সৎকাৰ কৰে৷ ড০ গৌতমে ৰাজ্য চৰকাৰ, ৰাজ্যৰ মহিলা আয়োগ আৰু ৰাষ্ট্রীয় মহিলা আয়োগৰ সহায়তো শেহতীয়াভাৱে বহু বিধৱা নাৰীক সহায় কৰিছে৷ এই সেৱা ভাবৰ বাবেই তেওঁক বহু লোকে বৃন্দাবনৰ পৰী বুলিও অভিহিত কৰে৷ কোনো বৈষয়িক সম্পদৰ বিপৰীতে মানসিক শান্তিৰ বাবে কাম কৰি অহা ড০ লক্ষ্মী গৌতমক ২০১৫ চনত ভাৰত চৰকাৰে নাৰী শক্তি পুৰস্কাৰ প্রদান কৰে৷ তদুপৰি তেওঁ ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্রীয় ক্ষেত্রত বহু বঁটা আৰু সন্মান লাভ কৰিছে৷ কিন্তু বঁটা আৰু সন্মানৰ প্রতি উদাসীন ড০ লক্ষ্মী গৌতমে প্রতিদিনেই অহৰহ অন্য বহুজনৰ বাবেই কাম কৰি গৈছে৷ সাধুকথাৰ পৰীৰ বিপৰীতে বৃন্দাবনৰ এইগৰাকী পৰীয়ে বাস্তৱিকতে নিজৰ সেৱা ভাবৰ যাদুকাঠীডালেৰে দুর্বল, দুর্ভগীয়া তথা পৰিত্যক্ত বিধৱা নাৰীৰ জীৱন বাস্তৱিকতে সলাহ পেলাইছে৷ এহ সাহস আৰু নিঃস্বার্থ মানৱসেৱাৰ বাবে ড০ লক্ষ্মী গৌতমলৈ আমাৰ শত শত প্রণাম৷
ফোনঃ ৯৭০৬৬-২৫০২৫