নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশু বঁটাপ্রাপক নৃত্যশিল্পী দৰঙৰ হোমাগ্নি শিখা বৰা

মানসজ্যোতি বৰুৱা

প্রথমে মাতৃকেই নৃত্যৰ গুৰু মানি নিজৰ ছন্দোময় নৃত্যৰ জৰিয়তে গৃহ জিলা দৰং তথা আই অসমীৰ পৰিধি অতিক্রমি ৰাষ্ট্রীয় পর্যায়ত উজলি উঠাৰ উপৰি অভিনেত্রী তথা সুদক্ষ ঘোষিকা হিচাপেও জনপ্রিয়তা অর্জন কৰিবলৈ সক্ষম হোৱা এগৰাকী প্রচুৰ সম্ভাৱনাময় উদীয়মান যুৱ প্রতিভা হোমাগ্নি শিখা বৰা৷ দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্রৰ অন্তর্গত পশ্চিম চুবাৰ নিৱাসী যুৱ ব্যৱসায়ী অৰূপ বৰা আৰু গৃহিণী তথা নৃত্য পটীয়সী মৃদুলা বৰাৰ জ্যেষ্ঠ সন্তান হোমাগ্নিয়ে প্রাথমিকৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা পর্যন্ত অধ্যয়ন কৰে ছিপাঝাৰ জাতীয় বিদ্যালয়ত৷ বর্তমান মঙলদৈস্থিত ৰঞ্জিত শর্মা একাডেমীৰ একাদশ শ্রেণীৰ কলা শাখাত অধ্যয়নৰত হোমাগ্নিয়ে শৈশৱতে মাতৃ মৃদুলা বৰাকেই নৃত্যৰ গুৰু মানি নৃত্যৰ আদিপাঠ শিকে যদিও পৰৱর্তী পর্যায়ত সোমনাথ বডা ওজা, সাংস্কৃতিক কর্মী তথা সুদক্ষ বাঁহী বাদক নিকোবৰ হাজৰিকা, নৱ কুমাৰ নাথ আৰু প্রদীপ গগৈক গুৰু মানি বিহুনাচৰ প্রশিক্ষণ গ্রহণ কৰে৷ ইয়াৰ সমান্তৰালকৈ দীপ ফুকন, নৱজ্যোতি চহৰীয়া আৰু শিল্পী শিখাক গুৰু হিচাপে লৈ আধুনিক নৃত্যৰ প্রশিক্ষণ গ্রহণ কৰি দক্ষতা পুষ্ট হোমাগ্নিয়ে ছিপাঝাৰ জাতীয় বিদ্যালয়ত অধ্যয়নৰত সময়ত তিনিটা বর্ষত শ্রেষ্ঠ নৃত্যশিল্পী, পঞ্চম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে ধাৰাবাহিকভাৱে বিহু কুঁৱৰীৰ খিতাপ অর্জন কৰাৰ লগতে শ্রেষ্ঠ অভিনেত্রী হিচাপেও সমাদৃত হয়৷ সেয়াই যি গৌৰৱোজ্জ্বল শুভাৰম্ভণি, তাৰ পিছত আৰু পিছলৈ উভতি নাচাই দোপতদোপে আগুৱাই গৈ ২০১৮ বর্ষত ষষ্ঠ শ্রেণীত অধ্যয়ন কৰি থাকোঁতেই দেশৰ ৰাজধানী দিল্লীত অনুষ্ঠিত মথুৰাছ ৰং মহোৎসৱত ‘আধুনিক নৃত্য’ আৰু ‘The Breack Time’ শীর্ষক নাটকত সাবলীল অভিনয় কৰি শ্রেষ্ঠ শিশু বঁটা পাবলৈ সক্ষম হয়৷ আনহাতে, একে বর্ষতে গুৱাহাটী জিলা পুথিভঁৰালত অনুষ্ঠিত 4th All India Multi Lingual Instrumental music, Dances and Drama Compitionৰ নৃত্য প্রতিযোগিতাতো প্রথম পুৰস্কাৰ পাবলৈ সক্ষম হয়৷ তাৰ পিছত ক্রমে ২০১৫ বর্ষত সদৌ মঙলদৈ ৰঙালী বিহুৰ মহাৰজত জয়ন্তী উপলক্ষে আয়োজিত ৰাজ্যিক ভিত্তিত মৌ–কুঁৱৰী প্রতিযোগিতাত প্রথম, সপ্তদশ বার্ষিক সদৌ টাংলা ব’হাগী উৎসৱ উদযাপন সমিতিয়ে আয়োজন কৰা শিশু সমাৰোহৰ বিহুৱতী প্রতিযোগিতাত প্রথম, ছিপাঝাৰৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান যুৱবন্ধুৰ উদ্যোগত সদৌ অসম ভিত্তিত আয়োজিত আধুনিক নৃত্য প্রতিযোগিতাত প্রথম, ৬০সংখ্যক সদৌ মঙলদৈ ৰঙালী বিহু সন্মিলনীৰ হীৰক জয়ন্তীৰ শুভাৰম্ভণি উপলক্ষে আয়োজিত মৌ-কুঁৱৰী প্রতিযোগিতাত দ্বিতীয়, আন্তঃ মঙলদৈ ছাত্র সন্থা আৰু আছু গোট, মঙলদৈ মহাবিদ্যালয়ৰ উদ্যোগত মঙলদৈ গ্রন্থ উৎসৱ-২০১৮ত আধুনিক নৃত্য প্রতিযোগিতাত প্রথম অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ, অসম প্রান্তৰ উদ্যোগত আৰু ছিপাঝাৰ শাখাৰ সহযোগত গ্রন্থ উৎসৱ-২০১৭ত আধুনিক নৃত্য প্রতিযোগিতাত দ্বিতীয়, ২০১৭ বর্ষত ৩৭সংখ্যক কলাইগাঁও কেন্দ্রীয় ৰঙালী বিহু সন্মিলনীত সদৌ অসম ভিত্তিত আয়োজিত মৌ–বিহুৱতী প্রতিযোগিতাত দ্বিতীয়, পশ্চিম লোক্রাই বন্ধু মিলন সংঘ বিহু উদ্যাপন সমিতিৰ উদ্যোগত ৰঙালী বিহু উপলক্ষে আয়োজিত বিহুনাচ প্রতিযোগিতাত প্রথম, স্মৃতি পুথিভঁৰাল পিপৰাদোকানৰ সৌজন্যত ৰঙালী বিহু উপলক্ষে আয়োজিত আধুনিক নৃত্য আৰু বিহুনাচ প্রতিযোগিতাত প্রথম, মিলিজুলি মইনা পাৰিজাত (ভেবাৰঘাট, মঙলদৈ)ৰ উদ্যোগত ৩১সংখ্যক ৰঙালী বিহু উৎসৱত আয়োজিত মৌ–কুঁৱৰী প্রতিযোগিতাত প্রথম, বনকেতেকীৰ উদ্যোগত আৰু জ্ঞানজ্যোতি সংঘৰ সহযোগত দৌলগুৰি, হাজৰিকাপাৰাত অনুষ্ঠিত মৌ–কুঁৱৰী প্রতিযোগিতাত দ্বিতীয়, খান্দাজান নৱজ্যোতি নাট্য কলা কেন্দ্রৰ উদ্যোগত আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ ছিপাঝাৰ আঞ্চলিক সমিতিৰ সহযোগত ৰাভা দিৱস উপলক্ষে আয়োজিত আধুনিক নৃত্য প্রতিযোগিতাত তৃতীয়, ৫৩সংখ্যক ছিপাঝাৰ সর্বজনীন শ্রীশ্রী দুর্গোৎসৱ উদ্যাপন-২০১৮ত দেৱী বন্দনা আধাৰত অনুষ্ঠিত একক নৃত্য প্রতিযোগিতাত তৃতীয়, কমাৰপাৰা ব’হাগী উৎসৱ উদ্যাপন সমিতিয়ে আয়োজন কৰা বিহুনাচ প্রতিযোগিতাত প্রথম, ২৭সংখ্যক পূব মঙলদৈ ব’হাগী উৎসৱ উদ্যাপন সমিতিয়ে আয়োজন কৰা মৌ–কুঁৱৰী প্রতিযোগিতাত দ্বিতীয়, ২০১৩ বর্ষত কলাইগাঁও ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত মৌ–কুঁৱৰী প্রতিযোগিতাত প্রথম, দক্ষিণ সৰাবাৰী সমাজসেৱক সংঘই আয়োজন কৰা বিহুনৃত্য প্রতিযোগিতাত প্রথম, ৰাইজিং ক্লাব, হাজৰিকাপাৰাৰ উদ্যোগত ব’হাগী উৎসৱত মৌ– কুঁৱৰী প্রতিযোগিতাত দ্বিতীয়, বলদেৱপাৰা তৰুণ সংঘই আয়োজন কৰা বিহুনাচ প্রতিযোগিতাত প্রথম, দক্ষিণ পুনিয়া ভোগালী সন্ধিয়া উদ্যাপন সমিতিৰ উদ্যোগত আয়োজিত আধুনিক নৃত্য প্রতিযোগিতাত দ্বিতীয়, ছিপাঝাৰ মিলন সংঘৰ উদ্যোগত কেন্দ্রীয় ৰঙালী বিহু উদ্যাপন সমিতিয়ে আয়োজন কৰা সাংবাদিক মতিউৰ ৰহমান সোঁৱৰণী সৰু বিহুৱতী প্রতিযোগিতাত প্রথম স্থান অধিকাৰ কৰা হোমাগ্নিয়ে ২০২৩ বর্ষত অসম চৰকাৰে সৰুসজাই ষ্টেডিয়ামত আয়োজন কৰা ১০ হাজাৰ নাচনী-ঢুলীয়াৰে বিশ্ব অভিলেখ সৃষ্টিকাৰী অনুষ্ঠানত অংশগ্রহণ কৰে৷ নৃত্যতেই নহয়, অভিনয় জগততো দক্ষতাৰে অভিনয় কৰি শ্রোতা–দর্শকক মন্ত্রমুগ্ধ কৰিব পৰা শিল্পীগৰাকীয়ে হীৰকজ্যোতি নাথ আৰু কুলদীপ চহৰীয়াক অভিনয়ৰ গুৰু মানি প্রথমে বিদ্যালয়তে অভিনয়ৰ যাত্রাৰম্ভ কৰে৷ ২০১৫ আৰু ২০১৬ বর্ষত অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, নলবাৰী জিলা সমিতিৰ উদ্যোগত অষ্টম বার্ষিক ভবেন বৰুৱা সোঁৱৰণী সদৌ অসম শিশুনাট প্রতিযোগিতাত ‘ৰাগ ৰংগ’ নাট্য দল ছিপাঝাৰৰ তৰফৰ পৰা নাটকত অভিনয় কৰি শ্রেষ্ঠ অভিনেত্রীৰ খিতাপ আঁজুৰি আনিবলৈ সক্ষম হয়৷ ইয়াৰ উপৰি মঙলদৈ জিলা পুথিভঁৰালত ৰূপালীম নাটকত ৰূপালীমৰ চৰিত্রত অভিনয় কৰাৰ লগতে জনপ্রিয় চেটেলাইট চেনেল ৰঙত ‘হূদয় এক বিজ্ঞাপন’, দূৰদর্শন কেন্দ্র গুৱাহাটীত ‘জেউতি’ ধাৰাবাহিক আৰু কেইবাটাও অসমীয়া আধুনিক গীতৰ ভিডি’ত অভিনয় কৰে৷ দৰঙৰ অন্যতম লোক–কৃষ্টি দেওধনী নৃত্যৰ এগৰাকী শিল্পী হিচাপে সুনাম অর্জা হোমাগ্নিয়ে দৰং ওজাপালি আৰু পৰম্পৰাগত পৰিৱেশ্য কলা কেন্দ্রত পদ্মশ্রী গুৰু দ্রোণ ভূঞাক গুৰু মানি দেওধনী নৃত্যৰ প্রশিক্ষণ গ্রহণ কৰি1st Assam Ethnic Festival-2015 KPH, Taralangso, Diphu, Karbi Anglongত, ২০১৩ বর্ষৰ ১৫ আগষ্টত ৬৭সংখ্যক স্বাধীনতা দিৱসৰ চৰকাৰী কার্যসূচীত ছিপাঝাৰ একাডেমীত, ২০১৫ বর্ষত কলিয়াবৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ ত্রিসপ্ততিতম অধিৱেশন আদিত দেওধনী নৃত্য প্রদর্শন কৰি ভূয়সী প্রশংসা লাভ কৰে৷ বিজয় কৃষ্ণ গোস্বামীক গুৰু মানি সত্রীয়া নৃত্যৰ প্রশিক্ষণপ্রাপ্ত হোমাগ্নি সত্রীয়া নৃত্যৰো এগৰাকী শিল্পী৷ স্বনামধন্য ঘোষিকা ড০ চিত্রাৰাণী বৰুৱাৰ তত্ত্বাৱধানত ঘোষিকাৰ প্রশিক্ষণ লৈ বিভিন্ন মঞ্চত ঘোষিকা হিচাপে জনপ্রিয়তা অর্জন কৰিবলৈ সক্ষম হোৱা হোমাগ্নিয়ে বর্তমান নিজ গৃহ জিলাৰে ভিন্ন প্রান্তত বিহুৰ প্রশিক্ষক হিচাপে প্রশিক্ষণ দি আছে৷ সাংস্কৃতিক ক্ষেত্রখনৰ সমান্তৰালকৈ শৈক্ষিক ক্ষেত্রখনতো কোনোগুণে পিছ নপৰা হোমাগ্নিয়ে ২০১৫, ২০১৬ আৰু ২০১৭ বর্ষত একেৰাহে তিনিবাৰ সঁফুৰা বৃত্তি লাভ কৰে৷ চিত্রকলাৰো ডিপ্লমা উত্তীর্ণ হোমাগ্নিয়ে জাতীয় বিদ্যালয়, ছিপাঝাৰত এবাৰ শ্রেষ্ঠ তার্কিক হোৱাৰ উপৰি বিদ্যালয়ে অনুষ্ঠিত কৰা ইংৰাজী দিৱসত শ্রেষ্ঠ বিধায়িকাৰ সুনাম অর্জন কৰে৷ পিতৃ–মাতৃ, বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ উপৰি ককাক বিপিন চন্দ্র বৰা আৰু আইতাক ৰুমী বৰাৰ পৰা পোৱা মৰম, উৎসাহ তথা প্রেৰণাক সাৰথি কৰি সাংস্কৃতিক জগতত অগ্রগামী হোৱা হোমাগ্নিয়ে মত ব্যক্ত কৰি কয় যে সকলো সন্তানকে পিতৃ–মাতৃ বা অভিভাৱকে দক্ষতা অনুসৰি আগবঢ়াই নিব লাগে৷ শিক্ষাৰ উপৰি সাহিত্য, সংস্কৃতি আৰু ক্রীডাৰ জৰিয়তেও সুনাম কঢ়িয়াই আনিব পাৰি৷ সেয়েহে, অভিভাৱকসকলে প্রতিটো সন্তানক শৈশৱৰে পৰা সঠিক পথৰ সন্ধান দিলে ভৱিষ্যতে এখন সুন্দৰ সমাজ গঢ় লৈ উঠাতো নিশ্চিত৷ এনেদৰে শিক্ষাৰ সমান্তৰালকৈ নাচে–অভিনয়ে উজলি নিজৰ নাম জিলিকোৱাৰ লগতে জন্মভূমিৰ সুনাম চৌদিশে বিয়পোৱা উৰন্ত পৰি হোমাগ্নিৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলোঁ৷

You might also like