নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বাস

মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্রশ্ণ আৰু ডাঙৰ ৰহস্যটো হ’ল মৃত্যু৷ মৃত্যুৰ গুৰুত্ব ঈশ্বৰতকৈও বেছি, কাৰণ মৃত্যু নথকা হ’লে মানুহৰ ইমান বেছি ঈশ্বৰ–জিজ্ঞাসা হ’লহেঁতেননে নাই সেই বিষয়ে নিশ্চয় সন্দেহৰ অৱকাশ আছে৷ মৃত্যুৰ মুখামুখি হৈ মানুহে প্রশ্ণ কৰে ঃ মৃত্যুৰ লগে লগেই মই চিৰকাললৈ নোহোৱা হৈ যাম, নে মোৰ কিবা এটা অৱশেষ তাৰ পিছতো থাকি যাব? যদি থাকি যাব, তেন্তে সি ক’ত কেনেকৈ কি ৰূপত থাকিব? মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে মৃত্যুৰ লগে লগে জীৱনৰ চিৰসমাপ্তি ঘটে তাৰ পিছত একো বাকী নাথাকে৷ কিন্তু তর্কৰ খাতিৰত ধৰি ল’লোঁ যে আত্মা নামৰ কিবা এটা বস্তু মৃত্যুৰ পিছতো জীয়াই থাকে৷ পৃথিৱীৰ আটাইবোৰ ধর্মই যিটো কথাত বিশ্বাস কৰে সেই কথাটো মিছা হ’ব, আৰু মোৰ নিচিনা এজন সাধাৰণ মানুহে ভবা কথাটোহে সঁচা হ’ব, এনে কথা নিশ্চয় হ’ব নোৱাৰে৷ কিন্তু মৃত্যুৰ পিছতো যদি আত্মা নামৰ কিবা এটা বস্তু জীয়াই থাকে, তেন্তে ধর্ম নির্বিশেষে সকলো মানুহৰ আত্মাৰ গতি বা শেষ পৰিণতি একেই হ’ব নালাগিবনে? আপুনি এনে এটা কল্পনা কৰিবলৈ চেষ্টা কৰক ঃ আমি তিনিজন বন্ধু একেটা ঘৰতে একেলগে বহুদিন বাস কৰিছোঁ৷ এজন হিন্দু, এজন মুছলমান, এজন খ্রীষ্টিয়ান৷ ঘৰটোৰ ওপৰত এদিন হঠাৎ এটা বোমা পৰিল, আৰু আমি তিনিওজন বন্ধু একে সময়তে একেলগে মৰিলোঁ৷ মৰাৰ পিছত আমাৰ আত্মাৰ কি গতি হ’ব?
হিন্দুৰ আত্মাই অস্থায়ীভাৱে কিছুদিন প্রেতলোক বা স্বর্গলোকত বাস কৰাৰ পিছত আকৌ সি পৃথিৱীলৈ ঘূৰি আহিব লাগিব পুনৰ জন্ম পাবলৈ৷ কিন্তু মুছলমান বা খ্রীষ্টিয়ানৰ আত্মাই সমাধিত শুই থাকিব লাগিব শেষ বিচাৰ আৰু পুনৰুত্থানৰ দিনটোৰ প্রতীক্ষাত৷ শেষ বিচাৰৰ দিনা সকলোৰে বিচাৰ হোৱাৰ পিছত কিছুমানে পাব অনন্ত স্বর্গবাসৰ পুৰস্কাৰ, আন কিছুমানে পাব অনন্ত নৰকবাসৰ শাস্তি৷ মই কথাখিনি খুব থোৰতে কৈছোঁ৷ বহলাই ক’বলৈ বহুত সময় লাগিব৷ মোৰ প্রশ্ণটো হ’ল ঃ আত্মাৰ অমৰত্ব যদি বিশ্বজনীন নিয়ম হয়, তেন্তে আত্মাৰ ভবিতব্য তথা শেষ পৰিণামো সকলো মানুহৰে একে হ’ব নালাগিবনে? মুছলমানে শেষ বিচাৰৰ দিনটোলৈ লাখ লাখ বছৰ অপেক্ষা কৰি অৱশেষত এদিন সোঁ–শৰীৰেৰে নতুন জীৱন পাই থিয় হ’ব, আৰু একেখিনি সময়ৰ ভিতৰতে হিন্দুৱে বিচিত্র যোনিত জন্ম লাভ কৰিব– একে মানুহৰ আত্মাৰ বা জীৱনৰ এনেকুৱা বেলেগ বেলেগ পৰিণাম কেনেকৈ সম্ভৱ হ’ব পাৰে? ইটো কোনো যুক্তি বা নীতিৰ কথা নহয় ই কেৱল বিশ্বাসৰ কথা৷ আপুনি আপোনাৰ বিশ্বাস নেৰে, ময়ো মোৰ বিশ্বাস নেৰোঁ৷ বিশ্বাসে আপোনাৰ এটা গভীৰ আৱেগিক বা মনস্তাত্ত্বিক প্রয়োজন পূর্ণ কৰিব পাৰে কিন্তু সি দুটা পৰস্পৰবিৰোধী ‘সত্য’ৰ মাজত যিকোনো এটাক সত্য আৰু আনটোক অসত্য বুলি প্রমাণ কৰিব নোৱাৰে৷ সেই কাৰণে মই ক’ব খোজোঁ যে একমাত্র বিশ্বাসেই হ’ল বিশ্বাসৰ আটাইতকৈ অযোগ্য৷ মই কাৰো বিশ্বাসক আঘাত কৰিব নোখোজোঁ কিন্তু মোৰ অবিশ্বাসক আঘাত কৰিবলৈকো মই কাকো অনুমতি দিব নোৱাৰোঁ৷ মই বিশ্বাসক অবিশ্বাস কৰোঁ৷ বিভিন্ন ধর্মই মৃত্যুৰ পিছত জীৱনৰ যিবোৰ পৰস্পৰবিৰোধী ৰূপ বা পৰিণাম কল্পনা কৰি লৈছে, মই সেইবোৰক কেৱল আত্ম–প্রতাৰক কল্পনা বুলি ভাবোঁ৷ মৃত্যুৰ পিছত জীৱনৰ শেষ পৰিণাম কি হয় সেই কথা নিশ্চিতভাৱে জানিবলৈ আমাৰ কোনো উপায় নাই, কাৰণ মৃত্যুৰ সিপাৰৰ পৰা কোনেও পৃথিৱীলৈ ঘূৰি আহি সেই বিষয়ে আমাক একো কথা কোৱা নাই৷ শ্বেইক্সপীয়েৰে কাহানিবাই লিখি থৈ গৈছে–
‘But the dread of something after death,

The undiscovered country from whose bourn.

No traveller returns, puzzles the will…’

You might also like