নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৃত্যৰ পৰা বাণিজ্যলৈ এক বর্ণিল যাত্রা দৰঙৰ প্রেৰণা চহৰীয়াৰ

মানসজ্যোতি বৰুৱা

শৈশৱৰে পৰা নাচে–গানে উজলি আই অসমীৰ পৰিধি অতিক্রমি ৰাষ্ট্রীয় পর্যায়ত অসম জননীৰ নাম জিলিকোৱাৰ উপৰি ব্যৱসায়িক ক্ষেত্রখনৰ জৰিয়তে বর্তমান স্বাৱলম্বী হৈ দোপতদোপে সফলতাৰ উচ্চ শিখৰলৈ ধাৱমান হোৱা এগৰাকী উদ্যমী নাৰী তথা সাংস্কৃতিক কর্মী৷ তেওঁৰ নাম প্রেৰণা চহৰীয়া৷ দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্রৰ অন্তর্গত সাতঘৰীয়া (মাজচুবা) নিৱাসী কুশল চহৰীয়া আৰু প্রভাৱতী চহৰীয়াৰ তিনি গৰাকী কন্যাৰ জ্যেষ্ঠ কন্যা প্রেৰণাই প্রাথমিক শিক্ষা উত্তীর্ণ হয় ঘোঁৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰা৷ তাৰ পিছত ক্রমে ছিপাঝাৰৰ বি জে বালিকা উচ্চ মাধ্যমিকৰ (বর্তমান উচ্চতৰ মাধ্যমিক বিদ্যালয়) পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা, ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূডান্ত পৰীক্ষা আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী অর্জন কৰে৷ শৈশৱতে জন্ম গাঁৱৰে বুলু দেৱীক গুৰু মানি গানৰ প্রশিক্ষণ লৈ প্রাথমিকৰ পৰা হাইস্কুলীয়া জীৱনত ভিন্ন গীত পৰিৱেশন কৰিছিল যদিও পাছলৈ এগৰাকী নৃত্য পটিয়সী হিচাপেহে জন সমাদৃত হয়৷

উল্লেখ্য যে পোনপ্রথমে মাতৃকেই নৃত্যৰ গুৰু মানি নৃত্যৰ জগতখনত ভুমুকি মাৰা প্রেৰণাই ১২–১৩ বছৰ বয়সতে স্থানীয় বহ্ণিমান মইনা পাৰিজাত, সাতঘৰীয়াত এগৰাকী নৃত্য প্রশিক্ষক হিচাপে সমনীয়াক নৃত্যৰ প্রশিক্ষণ প্রদান কৰিছিল৷ বি জে ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত প্রতিবছৰে অনুষ্ঠিত হোৱা বার্ষিক বিদ্যালয় সপ্তাহত বিহু নাচ আৰু আধুনিক নৃত্য প্রতিযোগিতাত শ্রেষ্ঠত্ব প্রতিপন্ন কৰাৰ লগতে ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত ২০০৬ বর্ষত ‘শ্রেষ্ঠ নৃত্য শিল্পী’ৰ খিতাপ অর্জন কৰিবলৈ সক্ষম হৈছিল৷ চতুর্থ শ্রেণীত অধ্যয়নৰত সময়তে স্থানীয় বহ্ণিমান মইনা পাৰিজাতক প্রতিনিধিত্ব কৰি গৃহ জিলা দৰঙৰ ঐতিহাসিক লখিমপুৰ পুখুৰীৰ পাৰত অনুষ্ঠিত হোৱা ৰাজ্যিক মইনা সমাৰোহত আধুনিক নৃত্য প্রতিযোগিতাত ৰাজ্যৰ ভিতৰত প্রথম পুৰস্কাৰ লাভ কৰি চমক সৃষ্টি কৰা নৃত্য পটিয়সী প্রেৰণাই অষ্টম শ্রেণীৰ পৰা অধ্যয়নৰ সমান্তৰালকৈ নৃত্য জগতত মনোনিৱেশ কৰে৷

সুদীর্ঘ ৫ বছৰ ধাৰাবাহিকভাৱে বৃহত্তৰ ছিপাঝাৰ অঞ্চলৰ অন্যতম অগ্রণী বিহুৱা দল ‘ৰাংঢ়ালি বিহুৱা দল’ৰ বিহুৱতী হিচাপে ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ ভিন্ন প্রান্তত অনুষ্ঠিত হোৱা মুকলি বিহু প্রতিযোগিতাত শ্রেষ্ঠ বিহুৱতীৰ সন্মান অর্জন কৰে৷ তাৰ পিছত দৰং জিলাৰ একেবাৰে দক্ষিণ প্রান্তৰ বৃহত্তৰ গৰুখুঁটি অঞ্চলৰ অগ্রণী বিহুৱা দল ‘অংকুৰ জ্যোতি বিহুৱা দল’, হাতীমুৰীয়াৰ এগৰাকী বিহুৱতী হিচাপেও ৰাজ্যৰ ভিন্ন প্রান্তত মুকলি বিহু প্রতিযোগিতাত বিহু নাচ প্রদর্শন কৰি ভূয়সী প্রশংসা লাভ কৰে৷ নৃত্যক অন্তঃকৰণৰে আঁকোৱালি লৈ নিজৰ ছন্দোময় নৃত্যৰে শ্রোতা–দর্শকক মোহাছন্ন কৰিবলৈ সক্ষম হোৱা প্রেৰণাই ২০০০ চনত দিল্লীৰ আগ্রাত অনুষ্ঠিত হোৱা অখিল ভাৰতীয় লোকনৃত্য আৰু নাট্য সমাৰোহত অসম দলক প্রতিনিধিত্ব কৰি লোকনৃত্য শিতানত অসমৰ বিহু নাচ প্রদর্শন কৰি ‘বিশেষ পাৰদর্শিতা বঁটা’ লাভ কৰি অসম মাতৃলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল৷ ২০০২ বর্ষত মাৰৈ স্কুল খেলপথাৰত বৃহত্তৰ ছিপাঝাৰ ৰঙালী বিহু সন্মিলনী উপলক্ষে সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা বিহু কুঁৱৰী প্রতিযোগিতাত প্রথম, বালিপাৰা জোনালী সংঘ, ছিপাঝাৰৰ উদ্যোগত জিলা ভিত্তিত অনুষ্ঠিত বিহু নাচ প্রতিযোগিতাত দ্বিতীয়, ২০২৪ বর্ষত কেন্দ্রীয় জাতীয় উৎসৱ উদ্যাপন উপলক্ষে ছিপাঝাৰৰ ঘোঁৰাবান্ধাত সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা আধুনিক নৃত্য প্রতিযোগিতাত প্রথম, ২০০৩ বর্ষত অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ দৰং জিলা সমিতিৰ উদ্যোগত আৰু ছিপাঝাৰ আঞ্চলিক সমিতিৰ সহযোগত সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা আধুনিক নৃত্য প্রতিযোগিতাত প্রথম, ২০০৫ বর্ষত পশ্চিম দৰং অঞ্চলৰ অগ্রণী স্বেচ্ছাসেৱী অনুষ্ঠান ৰংমন গোষ্ঠী, দুনীৰ উদ্যোগত সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা আধুনিক নৃত্য প্রতিযোগিতাত দ্বিতীয় আৰু ২০০৬ বর্ষত দৰং জিলাৰ পশ্চিম প্রান্তৰ বৰবডি প্রগতি সংঘৰ উদ্যোগত সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা একক বিহু নাচ প্রতিযোগিতাত শ্রেষ্ঠত্বৰ খিতাপ অর্জন কৰি প্রয়াত ৰবিৰাম বৰা সোঁৱৰণী চলন্ত শ্বীল্ড পাবলৈ সক্ষম হয়৷ পঞ্চম শ্রেণীত পঢ়ি থাকোঁতেই দূৰদর্শন কেন্দ্র গুৱাহাটীৰ জনপ্রিয় নৃত্যানুষ্ঠান ‘ডলী ডলী’ত দলীয়ভাৱে নৃত্য প্রদর্শন কৰা প্রেৰণাই ২০০৫ বর্ষত ‘অ’ সৰু আই’ শীর্ষক এখন গীতৰ ভি চি ডিত জনপ্রিয় অভিনেত্রী চেতনা দাস আৰু উদীয়মান যুৱ অভিনেতা তথা দৰঙী সন্তান জেফ্রি বক্সিৰ লগত নৃত্য আৰু অভিনয় প্রদর্শন কৰি দর্শকৰ ভূয়সী প্রশংসা লাভ কৰে৷

ইয়াৰ মাজতে একে সমষ্টি ভুক্ত ছিপাঝাৰৰ ভুক্তাবাৰী, নিউ কলনী, ৭ নম্বৰ ৱার্ড নিৱাসী শ্রীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক প্রয়াত হৰেন চন্দ্র নাথ আৰু প্রয়াত চেনেহী দেৱীৰ দ্বিতীয় সন্তান ক্রীডা আৰু সাংস্কৃতিক কর্মী তথা এগৰাকী সুদক্ষ বিহুৱা জ্যোতির্ময় নাথৰ লগত যুগ্ম জীৱনৰ পাতনি মেলা প্রেৰণা বর্তমান এগৰাকী কন্যা আৰু এটি পুত্র সন্তানৰ মাতৃ৷ বিয়াৰ পিছত স্বামী জ্যোতির্ময় নাথ আৰু শাহু চেনেহী দেৱীৰ পৰা পোৱা উৎসাহ –প্রেৰণা তথা সাহসক সাৰথি কৰি বিজয় কৃষ্ণ গোস্বামীক গুৰু মানি দশৱতাৰ নৃত্য শিকি শ্রীমন্ত শংকৰদেৱ সংঘ, ছিপাঝাৰ আঞ্চলিক শাখাৰ উদ্যোগত বৰদৌলগুৰিত অনুষ্ঠিত হোৱা শ্রীমন্ত শংকৰদেৱ সংঘ, দৰং জিলা শাখাৰ বার্ষিক অধিৱেশনৰ মঞ্চত প্রদর্শন কৰি উপস্থিত বাপ বান্ধৱ, আই–মাতৃসকলৰ পৰা ভূয়সী প্রশংসা লাভ কৰিবলৈ সক্ষম হৈছিল৷ সমন্বয় আঞ্চলিক মহিলা জেং বিহু দলৰ এগৰাকী শিল্পী হিচাপে ভিন্ন প্রান্তত বিহু নাচ প্রদর্শন কৰাৰ উপৰি অসম তথা উত্তৰ–পূর্বাঞ্চলৰ জনগোষ্ঠীয় নৃত্য সন্নিবিষ্ট কৰি নিজে মুখ্য ব্যৱস্থাপক হিচাপে দায়িত্ব লৈ ২১গৰাকী শিল্পীৰে ‘সোণালী সাংস্কৃতিক গোষ্ঠী’ শীর্ষক এটি সাংস্কৃতিক গোষ্ঠী গঠন কৰি জনগোষ্ঠীয় কৃষ্টিসমূহ জীয়াই ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে৷ ছিপাঝাৰ আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ উদ্যোগত আৰু ছিপাঝাৰ আঞ্চলিক ছাত্র সন্থাৰ সহযোগত বিহু নাম, বিহু ঢ়োল আৰু বিহু বিচাৰকৰ আখৰা কর্মশালাত অংশগ্রহণ কৰি অভিজ্ঞতা পুষ্ট প্রেৰণা আধুনিক নৃত্য, বিহু নাচ আৰু মুকলি বিহু প্রতিযোগিতাৰ এগৰাকী সুদক্ষ বিচাৰক৷ দৰঙী কলা–কৃষ্টি উন্নয়ন সংঘ প্রাংগণত অনুষ্ঠিত হোৱা ‘খাটি দৰঙৰ ঝিয়া লিকিৰা আমি’ শীর্ষক ফেচবুক গোটৰ তৃতীয় বার্ষিক প্রতিষ্ঠা দিৱস আৰু প্রীতি সন্মিলনৰ প্রতিভা প্রদর্শন অনুষ্ঠানত অংশগ্রহণ কৰি ‘শ্রেষ্ঠ অংশগ্রহণকাৰী’ হিচাপে প্রয়াত দীপালী হাজৰিকা সোঁৱৰণী বঁটা লাভ কৰিবলৈ সক্ষম হোৱা প্রেৰণা এগৰাকী মডেল হিচাপেও পৰিচিত৷ ২০২১ বর্ষৰ ২৯ নৱেম্বৰত জিলা পুথিভঁৰাল, মঙলদৈত অনুষ্ঠিত হোৱাStar Mega Mr and Miss North East, 2021 মডেলিঙত ‘শ্রেষ্ঠ হাঁহি’ৰ খিতাপ অর্জন কৰে৷

প্রতিপল সময়ৰ সৎ ব্যৱহাৰ কৰি নিজক প্রতিষ্ঠা কৰাৰ অহৰহ প্রচেষ্টা অব্যাহত ৰখা প্রেৰণাই ২০১৯ বর্ষত নিজ গৃহতে স্থাপন কৰেD J Bakes নামৰ এটি উন্নত মানৰ কেক উদ্যোগ৷ ছিপাঝাৰ অঞ্চলত প্রথমটো কেক উদ্যোগ হিচাপে প্রতিষ্ঠা লাভ কৰা উদ্যোগটোৰ পৰা উৎপাদিত কেক স্থানীয় অঞ্চলত অনুষ্ঠিত হোৱা জন্মদিন, বিবাহ বার্ষিকী আদিৰ উপৰি অর্ডাৰ অনুযায়ী খৈৰাবাৰী, ওদালগুৰি, গুৱাহাটী পর্যন্ত বিক্রী কৰে৷ কেক বিক্রী কৰি মাহেকত ১০,০০০ টকা উপার্জন কৰা বুলি উল্লেখ কৰা প্রেৰণাই নিজ গৃহতে কেইবাগৰাকীও যুৱতী–মহিলাক কেকৰ প্রশিক্ষণ প্রদান কৰি আহিছে৷ বর্তমান প্রশিক্ষণ প্রাপ্ত কেইবাগৰাকী মহিলাই নিজে কেক তৈয়াৰ কৰি স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে৷ ইয়াৰ উপৰি ২০২১ বর্ষত মঙলদৈস্থিতKrasivaya Make Up Academy ত ৰূপসজ্জাৰ এটি প্রশিক্ষণ গ্রহণ কৰি A’ গ্রেড প্রাপ্ত প্রেৰণাই বিয়া–সবাহ তথা অন্যান্য অনুষ্ঠানত এগৰাকী ৰূপ সজ্জাকাৰ হিচাপে কর্ম সম্পাদন কৰিও উলিয়াইছে অন্য এক উপার্জনৰ পথ৷ সাংস্কৃতিক ক্ষেত্রখনৰ মাজতে নিজক স্বাৱলম্বী কৰি তোলা উদ্যমী নাৰী প্রেৰণা চহৰীয়াই নিজৰ মত ব্যক্ত কৰি কয় যে নাৰীসকলে ৰন্ধা–বঢ়া, ল’ৰা–ছোৱালীৰ যতন লোৱা তথা অন্যান্য ঘৰুৱা কাম–বন দৈনিক সম্পাদন কৰি থকাৰ মাজতে আহৰি উলিয়াই নিজক স্বাৱলম্বী কৰি তোলাৰ লগতে সমাজত নিজৰ এটি পৰিচয়ৰ বাবে যিকোনো গঠনমূলক কাম কৰিব লাগে৷

আনহাতে, পুৰুষতকৈ নাৰীসকল স্বাস্থ্য সচেতন নহয় বুলি উল্লেখ কৰি নাৰীসকলক কর্ম ব্যস্ততাৰ মাজতো স্বাস্থ্যৰ যতন লৈ সু–স্বাস্থ্যৰ অধিকাৰী হৈ থাকিবলৈ আহ্বান জনায়৷ এগৰাকী নাৰী স্বাৱলম্বী হ’লে সন্তানৰ লগতে নিজৰ ঘৰখন তথা সমাজৰ প্রগতিৰ দিশত উত্তৰণ হয় বুলি মত ব্যক্ত কৰে৷ এনেদৰে প্রেৰণা চহৰীয়াই শৈশৱৰে পৰা সাংস্কৃতিক ক্ষেত্রখনত জডিত হৈ থকাৰ সমান্তৰালকৈ ব্যৱসায়িক ক্ষেত্রখনটো ক্রমান্নয়ে অগ্রগতি লাভ কৰি স্বামীৰ উপার্জনলৈ বাট নাচায় নিজে স্বাৱলম্বী হৈ যি আদর্শ দেখুৱাইছে, এয়া নাৰী জাতিৰ বাবেই প্রেৰণাদায়ক বার্তা৷ প্রেৰণাৰ ব্যৱসায়িক–সাংস্কৃতি যাত্রাই এদিন সফলতাৰ উচ্চ শিখৰ স্পর্শ কৰক৷ তাৰেই আশা কৰিলোঁ৷

ফোন : ৯৬১৩৮–২৩২৩৩

You might also like