নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্দিৰা এন চি গাঁৱত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২৬ মে’ : উৎকট গৰমৰ মাজতো বিগত প্ৰায় সপ্তাহদিনে নাই বিদ্যুৎ। ফলত অঞ্চলজুৰি বিদ্যুৎ গ্ৰাহকৰ মাজত লাগিছে হাহাকাৰ | ক্ষোভিত গঞাই বিদ্যুৎ বিভাগৰ উপৰি বিভাগীয় লাইনমেন নুৰুল হকৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ | শতাধিক পুৰুষ-মহিলাই এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লয়। বিভিন্ন প্ৰতিবাদী শ্ল’গানত উত্তাল হয় পৰিৱেশ | বকো উপ-সংমণ্ডলীয় বিদ্যুৎ কাৰ্যালয়ৰ অন্তৰ্গত মন্দিৰা এন চি গাঁৱত ৰাইজে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে দেওবাৰে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী | কিহৰ বাবে গাঁওখনত সপ্তাহদিনে ব্যাহত হৈ আছে বিদ্যুৎ সেৱা ? ৰাইজৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ পাছত সংশ্লিষ্ট বিভাগে গাঁওখনত বিদ্যুৎ যোগানৰ ক্ষেত্ৰত কেনে স্থিতি লয়, সেয়াহে লক্ষণীয় |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like