বিজেপিৰ ভূত
সমগ্র বিটিএডি অঞ্চল এতিয়া নির্বাচনী জ্বৰত আক্রান্ত৷ নির্বাচনটোৰ সৈতে অসমৰ অন্তিমটো পঞ্চায়ত নির্বাচনৰ এটা বিশেষ সাদৃশ্য আছে৷ দুয়োটা নির্বাচনতে বিজেপিয়ে মিত্রদলকে প্রধান লক্ষ্য হিচাপে লৈছে৷ পঞ্চায়ত নির্বাচনত বিজেপিৰ লক্ষ্য আছিল মিত্রদল অসম গণ পৰিষদ৷ এইবাৰ দলটোৱে বিপিএফক আক্রমণৰ লক্ষ্য হিচাপে লৈছে৷ আক্রমণ মানে সাধাৰণ আক্রমণ নহয়৷ একেবাৰে ডিঙিত চেপি ধৰাৰ দৰে আক্রমণ৷ পঞ্চায়ত নির্বাচনৰ সময়ত বিজেপিয়ে অগপক ইমানেই বেয়াকৈ আক্রমণ কৰিছিল যে দল দুটাই মিলি দিছপুৰত এখন চৰকাৰ চলাই আছে, বহু সময়ত সেই কথাটোকে বিশ্বাস কৰিব পৰা নগৈছিল৷ এটা সময়ত দল দুটাৰ মিত্রতা ভংগ হ’ব বুলিও মানুহৰ মাজত ধাৰণা এটাই গা কৰি উঠিছিল৷ অৱশ্যে তেনে একো নঘটিল৷ কিন্তু সেই সময়ছোৱাত অগপ নেতৃত্বৰ ভূমিকা আছিল তেনেই দুর্বল৷ আচম্বিত আক্রমণত থৰকাছুটি হেৰুৱাই পেলোৱা অগপই বিজেপিৰ আক্রমণৰ প্রত্যুত্তৰেই দিব নোৱাৰিলে৷ ফলত নির্বাচনটোত যদি কিবা অলপ ভাল ফলো লাভ কৰিবলগীয়া আছিল, দুর্বল নেতৃত্বৰ বাবে সেয়াও হৈ নুঠিল৷ অগপৰ বৰঘৰত সোমাই বিজেপিয়ে ভালদৰেই পদুম ফুলৰ খেতি কৰি ল’লে৷ এইবাৰ বিপিএফৰ পাল৷ বিটিচি দখলৰ অভিযানত বিজেপিৰ আগ্রাসী নীতিৰ সন্মুখত পৰিছে হাগ্রামা মহিলাৰী৷ অৱশ্যে দলটোৱে কম সময়ৰ ভিতৰতে নিজকে চম্ভালি লৈ বিজেপিক সমানেই ফেপেৰি পাতি ধৰিছে৷ সভা–সমিতিয়ে এতিয়া বিপিএফৰ নেতাসকলে বিজেপিক সমানেই আক্রমণ কৰিবলৈ ধৰিছে৷ আনহাতে, এইবাৰো মিত্রতা ভংগৰ চর্চা চলিছে৷ মিত্রতাৰ ক্ষেত্রত পঞ্চায়ত নির্বাচনৰ সময়ৰ সৈতে পার্থক্য ইমানেই যে এইবাৰ বিজেপিৰ ৰাজ্যিক নেতৃত্বই নিজেই মিত্রতা ভংগৰ কথা কৈছে৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে নতুন দিল্লীলৈ গৈও কেন্দ্রীয় নেতৃত্বক মিত্রতা ভংগৰ আবেদন জনাইছে৷ অৱশ্যে কেন্দ্রীয় নেতৃত্বই সদ্যহতে সেউজ সংকেত দিয়া নাই৷ সম্ভৱতঃ বিটিচি নির্বাচনৰ ফলাফললৈ অপেক্ষা কৰিব নতুবা বিধানসভা নির্বাচনত বিৰোধী শিবিৰ বিশেষকৈ কংগ্রেছ–ইউডিএফৰ মিত্রতাই কি ৰূপ পৰিগ্রহ কৰে, তালৈ অপেক্ষা কৰিব৷ ইয়াৰ বিপৰীতে ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই পৰিষদীয় অঞ্চলৰ ১২টা বিধানসভা সমষ্টিত বিজেপিয়ে অকলে প্রতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে৷ অর্থাৎ মিত্রতাৰ অৱকাশ নাই বুলিয়েই ক’ব পাৰি৷
এই দীঘলীয়া পাতনিৰ উদ্দেশ্য হৈছে ৰাজ্যখনৰ ৰাজনীতিত শেহতীয়াকৈ বৰকৈ উচ্চাৰিত হোৱা এটা বিষয়লৈ যোৱা৷ বিষয়টো হৈছে, বিজেপিয়ে আগ্রাসী নীতিৰে ৰাজ্যখনৰ আঞ্চলিক দলসমূহক এপিনৰ পৰা গ্রাস কৰিব বিচাৰিছে৷ বিটিচি নির্বাচনত বিপিএফক একাষৰীয়া কৰিলে৷ সমাগত বিধানসভা নির্বাচনত অসম গণ পৰিষদ আৰু বিপিএফক একপ্রকাৰ গিলি থৈ নিজেই সিংহভাগ আসনত প্রতিদ্বন্দ্বিতা কৰিব৷ ইতিমধ্যে অসম গণ পৰিষদৰ দখলত থকা কেইবাটাও বিধানসভা সমষ্টি প্রকাৰান্তৰে দাবী কৰি দলটোৱে সেই ইংগিত দিয়া বুলিও চর্চিত হৈছে৷ বিষয়টোৰ গভীৰতালৈ যোৱাৰ পূর্বে মনলৈ অহা কথা এটা ব্যক্ত কৰিব বিচাৰিছোঁ৷ ৰাজনীতি হৈছে নিজৰ বাবে ঠাই উলিয়াই লোৱা আৰু ইয়াক সম্প্রসাৰিত কৰি যোৱাৰ এটা নিৰন্তৰ প্রয়াস৷ ইয়াত আঞ্চলিক বা ৰাষ্ট্রীয় ৰাজনৈতিক দল বুলি কোনো কথা নাথাকে৷ থিয় দিবলৈ যদি এডোখৰ ভূমিয়েই নাথাকে, সেই ৰাজনৈতিক দলটো সফল হ’ব কেনেকৈ? কেৱল এডোখৰ ভূমি থাকিলেই নহ’ব, ইয়াৰ পৰিসৰ বৃদ্ধিৰ বাবে প্রয়াস অবিৰত থাকিব লাগিব৷ এসময়ত অসমত বিজেপি ঠিক ৰাজনৈতিক দলৰ দৰে নাছিল৷ মন্দিৰ–মছজিদৰ বিষয়টোক লৈ কেইজনমান উগ্র হিন্দু লোক তথা তেওঁলোকৰ মুষ্টিমেয় অনুগামীয়ে দলটোক নেতৃত্ব দিছিল৷ অসমৰ ৰাজনৈতিক, অর্থনৈতিক, সামাজিক আদি কোনো বিষয়তে দলটোৰ কর্মসূচী চকুত পৰা বিধৰ নাছিল৷ কিন্তু যেতিয়াৰে পৰা দলটোৰ নেতৃত্ব অসমৰ ৰাজনীতিক লৈ সচেষ্ট হ’ল, তেতিয়াই দলটোৱে সাংগঠনিক শক্তি বৃদ্ধিত জোৰ দিবলৈ আৰম্ভ কৰিলে৷ নেতৃত্বত নতুনত্ব অনা হ’ল৷ দলীয় নীতি–আদর্শৰ আধাৰত ৰাজ্যখনৰ অনুকূলে কর্মসূচী প্রস্তুত কৰি আগবাঢ়িলে৷ এইদৰেই কম সময়ৰ ভিতৰতে দলটো অসমত চৰকাৰ গঠন কৰিব পৰাকৈ শক্তিশালী হৈ উঠিল৷ বিজেপিয়ে এই সুযোগটো কেনেকৈ পালে? তাৰ বাবে মূলতঃ অসম গণ পৰিষদ দায়ী৷
অগপই ইমান দিনে নিশিকিব খোজা এটা প্রধান বিষয় হ’ল, সাংগঠনিক শক্তি বৃদ্ধি৷ অগপৰ সিংহভাগ নেতা বছৰৰ চাৰে চাৰি বছৰ শুই থাকে আৰু নির্বাচনৰ ছমাহমান পূর্বে জাগি উঠে৷ তেতিয়াহে তেওঁলোকৰ মনলৈ আহে যে নির্বাচনত জিকিবলৈ সাংগঠনিকভাৱেও শক্তিশালী হোৱা দৰকাৰ৷ আঞ্চলিকৰ পৰা জিলা পর্যায়লৈকে নিষ্ক্রিয়প্রায় হৈ থকা সমিতিসমূহৰ জগাই তুলিবলৈ ধৰে৷ পকেটৰ ধন খৰচ কৰি সদস্যভর্তিৰ ৰচিদ পূর্ণ কৰি দলীয় শক্তি বৃদ্ধি হোৱা দেখুৱায়৷ ইয়াৰ পৰিণতিত যিটো হ’বলগীয়া থাকে, সেইটোৱেই হৈ থাকে৷ দলটোৰ নেতাৰ সৈতে জনসাধাৰণৰ সহজ সম্পর্ক গঢ়ি নুঠে৷ গণবিচ্ছিন্ন হৈ থাকে৷ যিকেইটা সমষ্টিত অগপ নেতাই দলীয় সাংগঠনিক শক্তি বৃদ্ধি বা অক্ষুণ্ণ ৰখাত নিৰন্তৰে লাগি থাকে, তেনে সমষ্টিত দলটোৰ শক্তিও বাহিৰৰ পৰা সহজে অনুভৱ কৰিব পৰা হৈ থাকে৷ নেতাৰো জনসাধাৰণৰ সৈতে সুসম্পর্ক বর্তি থাকে৷ যেনে বঙাইগাঁও বিধানসভা সমষ্টি৷ সমষ্টিটোত অগপৰ ধাৰাবাহিক বিজয়ৰ এইটো প্রধান কাৰণ৷ কথাটো অগপৰ আন আন নেতায়ো জানে৷ কিন্তু নিজৰ সমষ্টিৰ বেলিকা সেই মন্ত্রটোহে ব্যৱহাৰ কৰিব নিবিচাৰে৷ অসমত বঙাইগাঁৱৰ দৰে শক্তি থকা সমষ্টি অগপৰ কেইটা আছে? এনে লাগে যেন অগপৰ বহু নেতাই আনে ৰান্ধি দিয়া ভাত–আঞ্জা খাবলৈ ৰৈ থাকে৷ এতিয়া কথা ওলাইছে, বিধানসভা নির্বাচনত মিত্রতা অব্যাহত থাকিলেও অগপৰ দখলত থকা কমেও ছটা সমষ্টি বিজেপিয়ে নিজৰ বাবে বিচাৰিব৷ সমষ্টিকেইটাৰ গৰিষ্ঠসংখ্যকতে কেন্দ্রীয় নেতৃত্বৰ সৈতে অগপৰ জনপ্রতিনিধিৰ মিল নাই৷ তৃণমূল পর্যায়ত অসন্তুষ্টিৰ সীমা নাই৷
বিপিএফৰ ক্ষেত্রতো কথাটো একে৷ বি টি এ ডিৰ বাহিৰত বসবাস কৰা বডো জনগোষ্ঠীয় লোকৰ বাবে চৰকাৰে দিয়া স্বায়ত্ত শাসন ব্যৱস্থাটোৰ বিৰোধিতা কৰি হাগ্রামা মহিলাৰীয়ে নিজৰ ৰাজনৈতিক জীৱনত এটা মাৰাত্মক ভুল কৰিলে৷ বৃহৎ অঞ্চলটোৰ বডো–কছাৰীসকল ইমানদিনে বি এ চি অথবা বি টি এ ডি অঞ্চলত বডোসকলে লাভ কৰা স্বায়ত্ত শাসন ব্যৱস্থাটোৰ দর্শক হৈ আছিল৷বিটিআৰ চুক্তিয়ে সেই সুবিধাটো আনি দিয়াত তেওঁলোক উৎফুল্ল হৈপৰাটো স্বাভাৱিক৷ কিন্তু বিৰোধিতা কৰিলে বডো জাতীয়তাবাদী শিবিৰৰ অগ্রণী প্রবক্তা হাগ্রামা মহিলাৰীয়ে৷ গতিকে মহিলাৰী অথবা তেওঁ নেতৃত্ব দিয়া দলটোৰ প্রতি তেওঁলোকৰ মনত বিৰাগ জন্মিবই৷ পৰিণতিত বি টি এ ডিৰ বাহিৰৰ বডো জনগোষ্ঠীৰ বাবে হাগ্রামা মহিলাৰী খলনায়কত পৰিণত হ’ল৷ অথচ অসমৰ ৰাজনীতিত হাগ্রামা মহিলাৰীৰ সবল উত্থানৰ এটা প্রধান কাৰণ আছিল তেওঁলোক৷ পৰিষদীয় অঞ্চলৰ বাহিৰত থকা বডো জনগোষ্ঠীয় লোকসকলক সন্মুখত ৰাখি দিছপুৰৰ ৰাজনীতিত নিজৰ গুৰুত্ব বৃদ্ধি কৰা হাগ্রামা মহিলাৰীয়েই হ’ল পৰিষদীয় অঞ্চলটোৰ প্রথমজন ৰাজনৈতিক নেতা৷ যাৰ বাবে দিছপুৰত প্রয়োজনীয় সংখ্যাগৰিষ্ঠতা থকা সত্ত্বেও শাসক দলে বিপিএফক মন্ত্রী পৰিষদত স্থান দিবলৈ বাধ্য হৈছিল৷ কিয়নো পৰিষদীয় অঞ্চলৰ বাহিৰতো হাগ্রামা মহিলাৰী শক্তিশালী৷ ৰাজ্যিক ৰাজনীতিত সেই ভোটকেইটাৰ গুৰুত্ব অপৰিসীম৷ পূর্বৰ কেইবাটাও বিধানসভা নির্বাচনত ইয়াৰ প্রতিফলনো দেখা গৈছিল৷ হাগ্রামা মহিলাৰীয়ে সেইবোৰ অঞ্চললৈ গৈ বিজেপি অথবা কংগ্রেছৰ হৈ নির্বাচনী প্রচাৰ চলাইছিল৷ দল দুটাই তাৰ সুফলো লাভ কৰিছিল৷ কিন্তু বডো–কছাৰীৰ বাবে স্বায়ত্ত শাসনৰ বিৰোধিতা কৰি মহিলাৰীয়ে নিজৰ ৰাজনৈতিক পৰিসৰ নিজেই সীমিত কৰি পেলালে৷ ইয়ে তেওঁৰ ৰাজনৈতিক গুৰুত্বও ভালেখিনি হ্রাস কৰিলে৷ আনহাতে, অলপো সময় অপব্যয় নকৰি বিজেপিয়ে সুযোগটো গ্রহণ কৰি ল’লে৷ এতিয়া বি টি এ ডিৰ বাহিৰত বসবাস কৰা বডো জনগোষ্ঠীয় লোকৰ মাজত বিজেপি এটা অন্যতম শক্তিশালী ৰাজনৈতিক দল৷ অর্থাৎ বিপিএফ আৰু হাগ্রামা মহিলাৰীয়ে বিজেপিৰ বাবে এটা বৃহৎ অঞ্চলত খোপনি পুতিবলৈ নিজৰ পৰা ঠাই উলিয়াই দিলে৷ ইফালে, বি টি এ ডি অঞ্চলতো হাগ্রামা মহিলাৰীৰ অৱস্থা এতিয়া শোচনীয়৷ ইউপিপিএলৰ সবল উত্থানত বি টি এ ডিত বিপিএফৰ ভেটি থৰক–বৰক হৈ পৰিছে৷ সৰল অর্থত ক’বলৈ গ’লে, বি টি এ ডিৰ বাহিৰে–ভিতৰে এতিয়া হাগ্রামা মহিলাৰীৰ ভূমি নোহোৱা অৱস্থাপ্রায়৷ এনে দুর্বল অৱস্থাত বিপিএফক যদি পূর্বৰ দৰে গুৰুত্ব দিয়া যায়, বিহাৰত আৰজেডিৰ হোৱাৰ দৰে অসমত বিজেপিৰ দুর্দশা হোৱাটো নিশ্চিতপ্রায়৷ কংগ্রেছৰ দৰে ভেটিৰ মাটি নথকা দলটোক মিত্রতাৰ নামত ৭০খন আসন এৰি দলটোৱে বিহাৰত শাসন ক্ষমতা লাভৰ সুবর্ণ সুযোগ এটা হেৰুৱালে৷ তাৰে ৫১খন আসনতে দলটো পৰাজিত হল৷ ইয়াৰ বিপৰীতে আৰু ১২খন আসনত জয়লাভ কৰিব পাৰিলে মহাজোঁটে বিহাৰৰ শাসন ক্ষমতা লাভ কৰিলেহেঁতেন৷ সুযোগ আছিল৷ মিত্রদলৰ শক্তি–সামর্থ্যক সঠিক ৰূপত মূল্যায়ন কৰিব নোৱাৰাৰ ফল পালে আৰজেডিয়ে৷
ৰাজনীতিত ক্ষমতাই শেষ কথা৷ মিত্রতাও ক্ষমতা লাভৰ অভিযানৰে এটা অংশ৷ প্রাক্নির্বাচনী মিত্রতাৰে ভোটৰ বিভাজন ৰোধ কৰিবলৈ চেষ্টা চলোৱা হয়৷ জয়লাভৰ সর্বাধিক সম্ভাৱনা থকা সমষ্টি মিত্রদলক এৰি দিয়া হয়৷ সমাগত বিধানসভা নির্বাচনৰ মিত্রতাতো নিশ্চয় এই নীতিটো প্রয়োগ হ’ব৷ ইয়াত ২০১৬ চনত আসনৰ ভাগ–বাটোৱাৰাৰ ফর্মুলাটো ব্যৱহাৰ হ’বই বুলি কোনো কথা নাই৷ মাজৰ সময়ছোৱাত দলীয় শক্তিৰ সমীকৰণো সলনি হৈছে৷ পঞ্চায়ত নির্বাচনে কোনটো দলৰ শেহতীয়া স্থিতি ক’ত কেনেকুৱা সেইটো বিচাৰ কৰিবলৈ সুযোগ দিছে৷ তদুপৰি, এই মুহূর্তত কাম–কাজৰ জৰিয়তে জনসাধাৰণৰ মাজত অগপ, বিজেপি, বিপিএফৰ অৱস্থান কেনে, সেইটোও মোটামুটিকৈ বুজিব পৰা হৈছে৷ আজিৰ তাৰিখত কোনো দিশৰ পৰাই অগপ আৰু বিপিএফে বিজেপিৰ সৈতে পূর্বৰ দৰে দৰ–দাম কৰিব পৰা অৱস্থাত নাই৷ অৱশ্যে মিত্রতাৰ আচল ৰূপৰেখা কি হ’ব, এতিয়াই ক’ব পৰা অৱস্থাতো নাই৷ বিটিচি নির্বাচনৰ ফলাফলে বিজেপিৰ পৰিষদীয় অঞ্চলটোৰ ৰাজনৈতিক দলৰে মিত্রতাৰ ভৱিষ্যৎ নির্ণয় কৰিব৷ পৰিষদীয় নির্বাচনত কাংক্ষিত ফল নাপালে, বিজেপিয়ে বি টি এ ডি অঞ্চলৰ কেউটা বিধানসভা সমষ্টিত অকলে প্রতিদ্বন্দ্বিতা নকৰিবও পাৰে৷ অনুৰূপ ধৰণে যদি কংগ্রেছ–ইউডিএফৰ মিত্রতা চূডান্ত হয় আৰু শাসক দলটোৱে সেই মিত্রতাক অপৱিত্র, অশুভ আদিৰ ৰূপত জনসাধাৰণৰ মাজলৈ নিয়াত ব্যর্থ হয়, তেতিয়া অগপৰ সৈতে আসন বুজাপৰাত বিজেপি কিছু নৰম হ’ব পাৰে৷ কিন্তু এটা কথা ঠিক যে অসমত যদি আজি অগপ আৰু বিপিএফ দুর্বল হৈ পৰিছে, তাৰ বাবে বিজেপিক দায়ী কৰাৰ আগেয়ে দল দুটাই নিজৰ গালৈ এবাৰ চিকুটি চোৱাটো ভাল৷