নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছুত অন্তর্কন্দলৰ বহিঃপ্রকাশ

আভ্যন্তৰীণ কন্দলত কিদৰে সদৌ অসম ছাত্র সন্থা (আছু) জর্জৰিত হৈছে সেয়া ছাত্র সংগঠনটোৰ সদ্যসমাপ্ত দুলীয়াজান অধিৱেশনতে স্পষ্ট হৈছে৷ আছুত নেতৃত্বকেন্দ্রিক অন্তর্কন্দল নতুন কথা নহয়৷ ‘কা’বিৰোধী আন্দোলনৰ সময়ছোৱাৰ পূর্বে ছাত্র সংগঠনটোত এনে সংঘাতে ক্রিয়া কৰা দেখা গৈছিল৷ আগন্তুক বিধানসভা নির্বাচনৰ পূর্বে আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ পৃষ্ঠপোষকতাত জন্মলাভ কৰা অসম জাতীয় পৰিষদ নামৰ ৰাজনৈতিক দল গঠনক কেন্দ্র কৰি জাতীয় সংগঠনটোৰ মজিয়াত মতানৈক্য চলি আছে৷ কিয়নো আছুৰ উদ্যোগত নতুন ৰাজনৈতিক দল গঠন হোৱাটো বিচৰা নাছিল ছাত্র সংগঠনটোৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই৷ এনে মতানৈক্যৰ মাজতে ড০ ভট্টাচার্যৰ উপৰি আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ছাত্র সংগঠনটোৰ গুৰু দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰি থৈছিল৷ কিন্তু আছুৰ দুলীয়াজান অধিৱেশনত ছাত্র সংগঠনটোৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়েহে পদত্যাগ কৰিলে৷ দীপাংক কুমাৰ নাথে আছুৰ সভাপতি পদত্যাগ কৰি নতুন ৰাজনৈতিক দলত যোগদান কৰাৰ সিদ্ধান্ত পৰিহাৰ কৰিলে৷ একেদৰে আছুৰ নেতা–কর্মীৰ হেঁচাত ড০ ভট্টাচার্যয়ো সংগঠনটোৰ মজিয়া ত্যাগ নকৰিলে৷ কিন্তু আছুৰ মজিয়া ত্যাগ কৰাৰ পূর্বে লুৰিণজ্যোতি গগৈয়ে ছাত্র সংগঠনটোৰ জ্যেষ্ঠ নেতা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যক কটাক্ষ কৰি যিদৰে সৰৱ হ’ল সেয়া নিশ্চিতভাৱে জাতীয় সংগঠনটোৰ বাবে মর্যাদা হানিকৰ৷ ৰাজনৈতিক দলত যোগদান কৰাৰ সপোন পূৰণ কৰিবলৈ আছুৰ মজিয়া ত্যাগ কৰাটো লুৰিণজ্যোতি গগৈ ছাত্র সংগঠনটোৰ একমাত্র নেতা নহয়৷ ইয়াৰ পূর্বে ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তিত স্বাক্ষৰিত অসম চুক্তিৰ পাছত জন্মলাভ কৰা ছাত্র সংগঠনটোৰ সিংহভাগ নেতাই অসম গণ পৰিষদত যোগদান কৰিছিল৷ পৰৱর্তী সময়ত প্রতিটো বিধানসভা নির্বাচনৰ পূর্বে ছাত্র সংগঠনটোৰ একাংশ নেতাই বিভিন্ন ৰাজনৈতিক দলত যোগদান কৰিছে৷ কিন্তু আছুৰ মজিয়া ত্যাগ কৰাৰ পূর্বে লুৰিণজ্যোতি গগৈয়ে দুলীয়াজান অধিৱেশনত যিদৰে মুকলি আচৰণ কৰিলে তাৰ দ্বাৰা ছাত্র সংগঠনটোৰ নিষ্ঠাৱান নেতা–কর্মীসকলো অনাগত দিনবোৰত জবাবদিহি হ’ব লাগিব৷

ছবছৰীয়া আন্দোলনৰ শেষত অসম গণ পৰিষদৰ জন্মৰ প্রাসংগিকতাৰ সম্প্রতি আকৌ এবাৰ পুনৰাবৃত্তি হৈছে বুলি আছুৰ যিসকল নেতা–কর্মীয়ে পতিয়ন গৈ নতুন ৰাজনৈতিক দল গঠনৰ পৃষ্ঠপোষকতা কৰিছে সেইসকলে আগন্তুক বিধানসভা নির্বাচনত ইয়াৰ ফলাফল লাভ কৰিব৷ ‘কা’বিৰোধী আন্দোলনত ৰাইজৰ স্বতঃস্ফূর্ত সঁহাৰি থকাৰ অন্তৰালত একমাত্র আছুৰ উদ্যোগ নাছিল৷ অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, কৃষক মুক্তি, কংগ্রেছ–এআইইউডিএফক্ ধৰি বিভিন্ন দল–সংগঠনৰ উপৰি ৰাজ্যখনত শিল্পী সমাজৰো বিশেষ ভূমিকা আছিল৷ ইতিমধ্যে ‘কা’বিৰোধী আন্দোলনৰ নেতৃত্ব দিয়া দল–সংগঠনসমূহ নেতা–কর্মীসকল বিভিন্ন ৰাজনৈতিক দলত সোমাই পৰিছে৷ এনে পৰিস্থিতিত ‘কা’বিৰোধী আন্দোলনৰ আৱেগ–নুভূতিক লৈ যদিহে অসম জাতীয় পৰিষদে দিছপুৰৰ ক্ষমতা দখলৰ সপোন দেখিছে সেয়া কোনো পৰিস্থিতিতে সফল হ’ব নোৱাৰে৷ ৰাজ্যৰ ক্ষমতাত থকা বিজেপিৰ সাংগঠনিক স্থিতি এতিয়াও শক্তিশালী হৈ আছে৷ বিৰোধী পক্ষত থকা কংগ্রেছ আৰু এআইইউডিএফৰ ভেটিও দুর্বল হৈ থকা নাই৷ বিজেপিৰ সহযোগত অসম গণ পৰিষদেও নির্বাচনী ৰণ জিকাৰ অভিযান তীব্র কৰি তুলিছে৷ এনে পৰিস্থিতিত নৱগঠিত অসম জাতীয় পৰিষদে আগন্তুক বিধানসভা নির্বাচনত আশাপ্রদ ফলাফল লাভ কৰাৰ জোখাৰে শক্তি আহৰণ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰিব নোৱাৰি৷ কিন্তু দ্বিতীয়বাৰৰ বাবে নতুন ৰাজনৈতিক দলৰ জন্ম দিয়াৰ ফলত আছুৱে অনাগত দিনবোৰত বিভিন্ন প্রশ্ণৰ সন্মুখীন হ’বই লাগিব৷ বিশেষকৈ অৰাজনৈতিক বুলি দাবী কৰা জাতীয় ছাত্র সংগঠনটোৱে নতুন ৰাজনৈতিক দলটোক লৈ অসমবাসীৰ বিভিন্ন প্রশ্ণৰ জবাবদিহি হ’ব লাগিব৷

You might also like