নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগানিস্তানত যুদ্ধৰ বলি ২৬ সহস্রাধিক আফগান শিশু

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ যুদ্ধবিধ্বস্ত আফগানিস্তানত বিগত ১৪ বছৰত ২৬ হাজাৰ শিশু নিহত অথবা পংগু হৈছে৷ প্রতিদিনে সংঘর্ষজর্জৰ মধ্য এছিয়াৰ দেশখনত গড়ে পাঁচটাকৈ শিশু বোমা, গুলী–বাৰুদত নিহত অথবা আহত হৈছে৷

এক দাতব্য সংস্থাৰ প্রতিবেদনত এই তথ্য পোহৰলৈ আহিছে৷ ২০০৫ৰ পৰা ২০১৯লৈ মুঠ ২৬,০২৫টা শিশু যুদ্ধৰ হিংস্রতাৰ বলি হৈছে দেশখনত৷ ‘ছেভ দ্য চিলড্রেন’ নামৰ দাতব্য সংস্থাটোৱে ৰাষ্ট্রসংঘত দাখিল কৰা প্রতিবেদনত এই তথ্য সদৰী হৈছে৷ উল্লেখনীয় যে জেনেভাত এক গুৰুত্বপূর্ণ বৈঠকত আফগান শিশুসকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ উন্নত দেশসমূহক আহ্বান জনাইছে সংস্থাটোৱে৷ যুদ্ধবিধ্বস্ত দেশখনৰ শিশুসকলৰ কল্যাণৰ বাবে অধিক পুঁজি আগবঢ়াবলৈ বিশ্বৰ সকলো দেশকে ‘ছেভ দ্য চিলড্রেন’এ অনুৰোধ জনোৱাৰ পিছতে বিষয়টোক লৈ ব্যাপক চর্চা চলিছে সংবাদ মাধ্যমত৷ স্মর্তব্য যে আফগানিস্তানৰ শান্তি আলোচনাৰ প্রস্তুতি আৰু আমেৰিকাৰ সেনা প্রত্যাহাৰৰ সিদ্ধান্তৰ মাজতে দেশখনত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে সংঘর্ষৰ ঘটনা৷‘ছেভ দ্য চিলড্রেন’ৰ প্রতিবেদন অনুসৰি বিশ্বত শিশুৰ বাবে অতি বিপদজনক হিচাপে চিহ্ণিত ১১খন দেশৰ ভিতৰত আফগানিস্তানো অন্যতম৷

২০১৯ বর্ষটোত বিশ্বৰ ভিতৰতে অধিকসংখ্যক শিশুৰ বিৰুদ্ধে সংঘর্ষৰ ঘটনা সংঘটিত হৈছে আফগানিস্তানত৷ বর্ষটোত ৮৭৪টা শিশু সংঘর্ষত নিহত হোৱাৰ উপৰি অন্য ২,২৭৫টা পংগু হৈছে৷ নিহত শিশুসকলৰ এক–তৃতীয়াংশ আছিল কন্যা শিশু৷ লক্ষণীয়ভাৱে শিশুৰ বিৰুদ্ধেও আফগানিস্তানত জেহাদীয়ে আত্মঘাতী আক্রমণ চলাইছিল বর্ষটোত৷ গতিকে ছেভ দ্য চিলড্রেনৰ মতে শিশুৰ বসবাসৰ বাবে আটাইতকৈ অনুপযোগী দেশ হৈছে আফগানিস্তান৷

You might also like