মোক এটা চাকৰি দিয়ক
মোক এটা চাকৰি দিয়ক
‘মোক এটা চাকৰি দিয়ক৷ যেনে–তেনে কিবা এটা কৰক দাদা৷ সঁচাই কৈছোঁ, আৰু নোৱাৰা হৈছোঁ৷’ –যুৱকজনৰ অনুচ্চ কথাকেইটাত লিখি থকাৰ ব্যস্ততাৰ অভিনয় এৰি মূৰ দাঙি চাইছিলোঁ৷ অবিন্যস্ত জোপোৰা চুলি, হনু ওলোৱা ৰুক্ষ মুখত কেইবাদিনো নকটোৱা দাড়ি৷ সেই একেটাই ঈষৎ মলিয়ন বগা চোলা আৰু গাঢ় নীলা পেণ্ট৷ মোৰ সন্মুখত কুঁচি–মুচি বহি আছে৷ সন্ত্রস্ত কাষলতিত হেঁচি ধৰি থকা এটা বিবর্ণ ফাইল৷ কোটৰত সোমোৱা নিস্তেজ চকু দুটাত এসাগৰ কাকূতি৷ ৩০/৩২ বছৰীয়া যুৱকজন সুনীল দত্ত৷ নলবাৰীৰ ভিতৰুৱা গাঁও এখনৰ স্নাতকোত্তৰ ডিগ্রীধাৰী সুনীলে এনেদৰে মাজে মাজে মোৰ ওচৰলৈ আহে৷ ঘর্মাক্ত কপাল–মুখ মচি মচি মোৰ সন্মুখত বহি থাকে৷ কেতিয়াবা ১৫/২০ মিনিট, কেতিয়াবা এঘণ্টা৷ তেওঁৰ বিবর্ণ ফাইলটোত সযতনে ৰাখে এজাপ চার্টিফিকেট– মেট্রিকৰ পৰা স্নাতকোত্তৰ উত্তীর্ণলৈ৷ এসময়ত দক্ষ তার্কিক আছিল সুনীল৷ তাৰো কেইবাখনো চার্টিফিকেট আছে৷ মাজে মাজে ফাইলটোৰ ৰছীডাল সাৱধানে খুলি মোক চার্টিফিকেটবোৰ দেখুৱায়৷ ক্ষণিকৰ বাবে তেওঁৰ হালধীয়া পৰা চকু দুটা উজলি উঠে৷ আৰু এটা ফুচফুচনি উফৰি আহে– ‘দাদা, চাকৰি এটা যোগাৰ কৰি দিয়ক না৷ আৰু নোৱাৰা হৈ আহিছোঁ৷’ এজন দাল–দৰিদ্র কৃষকৰ বৰপুত্র সুনীল৷ তলত চাৰি–পাঁচটা ভাই–ভনী৷ ভয়ংকৰ কষ্টৰে কোনোমতে পঢ়া সাং কৰিছিল৷ ৰুগীয়া পিতৃ, বেকাৰ ভাতৃ, বিয়া দিবলগীয়া ভগ্ণীৰ বোজাই পিষ্ট কৰা জীৱন৷ বহু চাকৰিত সি এপ্লাই কৰিছিল৷ বহুকেইটাত প্রাথমিক পৰীক্ষাত পাছো কৰিছিল৷ কিন্তু যেতিয়াই নিযুক্তি পোৱাৰ বাবে মেধাতকৈ ধনৰ যোগ্যতাৰ ওজন বেছি হয়, তেতিয়াই সি চাকৰিৰ দৌৰৰ পৰা ছিটিকি বাহিৰ হৈ যায়৷ এবাৰ নহয়, বাৰ বাৰ৷ ‘দাদা, কেতিয়াবা ৩/৪ লাখ টকা, আন কেতিয়াবা ৬/৭ লাখ টকা বিচাৰে৷ টকা দিলেহে চাকৰি হ’ব বুলি কয়’ –অসহায় সুনীলে আটাহ পাৰি উঠে৷ এহেজাৰ টকাও যোগাৰ কৰিব নোৱাৰা তাৰ বাবে লাখ টকা গোটোৱাটো সপোনৰো অগোচৰ৷ কিবা সূত্রে চিনাকি হৈ সি সেয়ে মাজে মাজে চার্টিফিকেটৰ নুৰাটো কঢ়িয়াই মোৰ ওচৰলৈ গভীৰ প্রত্যাশাৰে আহে৷ ‘আপোনালোক সাংবাদিক মানুহ, বহুত চিনাকি আছে৷ ক’ৰবাত চাকৰি এটা দিয়ক না৷’ মোৰ দৰে মামুলি সাংবাদিকৰ অসমর্থতা লুকুৱাই ‘চাওঁ ৰ’বা,’ ‘চেষ্টা কৰি আছোঁ’জাতীয় দুটামান কথা কৈ তাক বিদায় দিওঁ৷ এসময়ত সি বুজি উঠিছিল– মই তাক এটা চাকৰি যোগাৰ কৰি দিব পৰা মানুহ নহয়৷ সি মোৰ ওচৰলৈ নহা হ’ল৷ চাকৰি এটা আকুলভাৱে বিচাৰি ফুৰা লক্ষ লক্ষজনৰ মাজত সি এদিন হেৰাই গ’ল৷ আজি ৭–৮ বছৰে আৰু মই সুনীলৰ খবৰ পোৱা নাই৷
হতভগা সুনীল দত্তৰ এই সঁচা কাহিনীৰ আমি প্রায় প্রত্যেকেই মুখামুখি হৈছোঁ৷ কেইটামান টকা কোনো দালাল অথবা বিষয়া–ৰাজনীতিকৰ হাতত গুঁজি দিব নোৱাৰা বাবেই মেধা আৰু যোগ্যতা থকাৰ পাছতো শত–সহস্রজন কাংক্ষিত চাকৰিটোৰ পৰা বঞ্চিত হৈছে৷ বিপৰীতে চাকৰিৰ পৰীক্ষা–সাক্ষাৎকাৰত্ বহু নিম্নমানৰ ফলাফল কৰাৰ পাছতো দালাল–বিষয়া–ৰাজনী হাতত বিচৰা ধন তুলি দিব পৰাৰ ‘যোগ্যতা’ৰ বলতেই কতজনে যে এতিয়া চাকৰি কৰি আছে৷ ধনৰ টোপোলা দিব নোৱাৰা কাৰণে অশেষ কষ্ট কৰিও চাকৰি এটা নোপোৱা আৰু ধন দিব পৰাৰ কাৰণেই হেলাৰঙে চাকৰি এটা পোৱা অনেকজনেৰে এতিয়া সমাজ গিজগিজাই আছে৷ এই দুই প্রকাৰৰ মানুহ আপোনাৰ অঞ্চলটোত, আপোনাৰ চুবুৰিটোত, আনকি আপোনাৰ পৰিয়ালটোতো আছে৷ নিশ্চিতভাৱেই টকা দি চাকৰি এটা পোৱাটো আমাৰ বাবে এটা সহজ, সাধাৰণ আৰু ‘নিয়ম’ৰ দৰে ঘটনা হৈ পৰিছে৷ আৰু সেয়ে সমান্তৰালকৈ এই দুর্নীতিৰে চাকৰি লোৱাসকলৰ চাকৰি কালৰ দুর্নীতিও আমাৰ বাবে ‘নিয়ম’ হৈ পৰিছে৷ মান্যতা লাভ কৰিছে৷
তেন্তে উপায় কি? চৰকাৰী চাকৰিৰ নিযুক্তি প্রক্রিয়া অত্যন্ত স্বচ্ছ আৰু বিশুদ্ধ কৰা৷ স্বচ্ছ আৰু বিশুদ্ধ প্রক্রিয়াইহে ধনৰ টোপোলা নিদিয়াকৈ চাকৰি পোৱাটো নিশ্চিত কৰিব৷ নিঃসন্দেহে তেনে এক প্রক্রিয়াৰে আৰম্ভণি সদ্য অনুষ্ঠিত তৃতীয় আৰু চতুর্থবর্গৰ চাকৰিৰ নিযুক্তি পৰীক্ষা৷ এই পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত কেইটামান ঘণ্টাৰ বাবে ইণ্টাৰনেট কর্তন কৰাক লৈ তুমুল বিতর্কৰ সৃষ্টি হৈছে৷ সামাজিক মাধ্যমত অগণনে ইয়াৰ বিৰোধিতা কৰাৰ লগতে একাংশ সংবাদ মাধ্যমো চৰকাৰৰ সমালোচনাত সৰৱ হৈছে৷ অৱশ্যেই এই ইণ্টাৰনেট কর্তনৰ ফলত সকলোতকৈ ক্ষতিগ্রস্ত হৈছিল সামাজিক মাধ্যম৷ লগতে কিছু ক্ষতিৰ সন্মুখীন হৈছে ব্যৱসায়িক প্রতিষ্ঠান৷ সেই বিতর্কই সামান্য শাম কটাৰ সময়ত আমি যুক্তি আৰু আৱেগেৰে কথাবোৰ ভাবোঁ আহকচোন৷ যি দুটা দিনত নেট কর্তন কৰা হৈছিল, সেই দুটা দিন দেওবাৰ হোৱা বাবে ব্যৱসায়িক প্রতিষ্ঠানৰ ক্ষতি যথেষ্ট সীমিত বুলি অনুমান কৰিব পাৰি৷ তথাপি ধৰি ল’লোঁ ইণ্টাৰনেট কর্তনৰ ফলত সামাজিক আৰু আর্থিক দিশত ৰাজ্যখনৰ বেছ কিছু ক্ষতি হ’ল৷ কিন্তু এই ক্ষতিৰ বিপৰীতে প্রায় ৩০ হাজাৰজনে কেৱল যোগ্যতাৰ ভিত্তিত এটা টকা কাকো নিদিয়াকৈ চাকৰি পোৱাটোৰ ‘দাম’ নিশ্চয় বেছি হ’ব৷ টকা নহয়, কেৱল যোগ্যতা আৰু দক্ষতাৰ বলতেই বলীয়ান হৈ তেওঁলোকে যে চাকৰি পাইছে, সেই কথাই নিজ নিজ কর্মক্ষেত্রত এই ৩০ হাজাৰজনক বুকু ফিন্দাই, মূৰ পোন কৰি খোজ কঢ়াত সহায় কৰিব৷ আৰু ৩০ হাজাৰটা পৰিয়ালে (সংখ্যাটো মন কৰিব– ৩০ হাজাৰটা পৰিয়াল) এই চাকৰিপ্রাপ্তসকলৰ সাফল্যত সন্তুষ্টিৰ হাঁহিৰে গর্বিত হৈ ক’ব পাৰিব– তেওঁলোকৰ সন্তানে এটা টকাও নিদিয়াকৈ চাকৰি এটা গোটাবলৈ সক্ষম হৈছে৷ এয়া পৰম প্রাপ্তি নহয়নে? কেতিয়াবা চিৰাচৰিতভাৱে চলি অহা প্রক্রিয়া সলনি কৰিবলৈ কঠিন সিদ্ধান্ত ল’বলগীয়া হয়৷ চৰকাৰেও এতিয়া তেনে এক সিদ্ধান্তই লৈছে বুলি আমি ধৰি ল’ব পাৰোঁ৷ সন্দেহাতীতভাৱে ৰাজ্যৰ চাকৰি নিযুক্তিৰ ইতিহাসত ই এক মাইলৰ খুঁটি হ’ব৷ আমি আশা কৰিব পাৰোঁ– চাকৰি নিযুক্তিৰ প্রক্রিয়াত ভৱিষ্যতেও এই স্বচ্ছতা আৰু বিশুদ্ধতা অব্যাহত থাকিব৷ স্বচ্ছতা এক নিয়মিত পৰিণত হ’ব৷ আৰু অদূৰ ভৱিষ্যতে নিয়ম হৈ পৰা স্বচ্ছতাৰ বাবে ইণ্টাৰনেট কর্তন নকৰাকৈয়ে এনে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰিৱেশ আহিব৷ ৩০ হাজাৰজনেই নহয়, এটা টকা নিদিয়াকৈ লক্ষজন দক্ষ–যোগ্য যুৱক–যুৱতীয়ে চাকৰি এটা পোৱাৰ মধুৰ ক্ষণৰ সাক্ষী হ’ব পাৰিম আমি৷
মোৰ সামাজিক মাধ্যমৰ বন্ধু জয়ন্তী প্রীতমে অলপতে চুবুৰীয়া নাগালেণ্ডলৈ যোৱাৰ অভিজ্ঞতা এটা লিখিছে৷ ‘কর্মসূত্রে নাগালেণ্ডলৈ গৈ থকা হয়৷ যেতিয়া নাগালেণ্ডৰ যুৱক–যুৱতীৰ সৈতে কথা হয়, তেতিয়া তেওঁলোকে কয় যে আজিৰ তাৰিখত অসমত এটকাও খৰচ নোহোৱাকৈ চৰকাৰী চাকৰি পাব পাৰি, যিটো নাগালেণ্ডত অসম্ভৱ৷’ যি সময়ত দেশৰ ভিন্ন প্রান্তত চাকৰিৰ নিযুক্তিত কোটি কোটি টকা কেলেংকাৰিৰ বাতৰিয়ে সংবাদ মাধ্যম ভৰাই পেলাইছে, সেই সময়ত জয়ন্তই নাগালেণ্ডৰ পৰা কঢ়িয়াই অনা এই বার্তাই প্রতিজন অসমীয়াকে গর্বিত কৰিব৷ সকলো যোগ্যতা আৰু দক্ষতা থকাৰ পাছতো বছৰ বছৰ ধৰি আপ্রাণ চেষ্টা কৰাৰ পাছতো চাকৰি এটা যোগাৰ কৰিব নোৱাৰা লক্ষ লক্ষজন হতাশাগ্রস্তৰ বিশ্বাস ওভতাই আনিব৷ চাকৰি এটাৰ আশা বুকুত কঢ়িয়াই ভিৰৰ মাজত চিৰদিনলৈ হেৰাই যোৱা সুনীল দত্তহঁতক এনে বার্তাই ‘আমিও পাৰিম’ আত্মবিশ্বাসেৰে সাহসী কৰি তুলিব৷ দক্ষতা থকাৰ পাছতো চাকৰি নোপোৱা কোনোবা এজনৰ ‘মোক এটা চাকৰি দিয়ক’ আকুল কাকূতিয়ে আপোনাক আৰু বিচলিত নকৰিব৷
ইণ্টাৰনেট কর্তনৰ বিৰুদ্ধে আপোনাৰ–মোৰ হাজাৰটা যুক্তি থাকিব পাৰে, কিন্তু টকা দিব নোৱাৰাৰ বাবে এটা মাত্র চাকৰি যোগাৰ কৰিব নোৱাৰি হাহাকাৰ কৰি থকা হাজাৰ হাজাৰ পৰিয়ালক এই এটা মাত্র যুক্তিয়ে সাহস দিব– ‘আজিৰ তাৰিখত অসমত এটকাও খৰচ নকৰাকৈ চৰকাৰী চাকৰি পাব পাৰি৷’ এই এটা ভৰসাৰ বাবেই আমি কেইটামান ঘণ্টাৰ ইণ্টাৰনেট কর্তন কিছুদিনলৈ সহ্য কৰিব নোৱাৰোঁনে?