নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অস্কাৰৰ চুটি ছবি প্রতিযোগিতা শাখালৈ ‘মোৰ ঘোঁৰাৰ দুৰন্ত গতি’

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ অসমীয়া ছবি জগতৰ বাবে সুখবৰ৷ সন্মানীয় অস্কাৰ বঁটাৰ বাবে চুটি ছবিৰ প্রতিযোগিতা শাখালৈ মনোনীত হৈছে ‘মোৰ ঘোঁৰাৰ দুৰন্ত গতি’৷ ইংৰাজী ছাব টাইটেল ‘দ্য হর্ছ ফ্রম হেভেন’ নামৰ এই চুটি ছবিখনে এইবাৰ একাডেমী এৱার্ডছ অর্থাৎ অস্কাৰত ভাৰতক প্রতিনিধিত্ব কৰিব৷ শেহতীয়াকৈ যোৱা ১১ আগষ্টৰ পৰা ১৪ আগষ্টলৈ অনুষ্ঠিত বাংগালুৰু আন্তঃৰাষ্ট্রীয় চুটি চলচ্চিত্র মহোৎসৱৰ ভাৰতীয় প্রতিযোগিতা শাখাত শ্রেষ্ঠত্ব অর্জন কৰা সূত্রেই মহর্ষি তুহিন কাশ্যপ পৰিচালিত ‘মোৰ ঘোঁৰাৰ দুৰন্ত গতি’–এ অস্কাৰৰ মঞ্চলৈ যোৱাৰ যোগ্যতা অর্জন কৰে৷

উল্লেখ্য যে যিকোনো চুটি ছবি অস্কাৰৰ প্রতিযোগিতাত অংশগ্রহণ কৰিবলৈ হ’লে প্রথমে ‘একাডেমী এৱার্ড’ৰ তৰফৰ পৰা বাছনিভুক্ত চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ ছবি ৰূপে পৰিগণিত হোৱাটো বাধ্যতামূলক৷ বাংগালুৰু আন্তঃৰাষ্ট্রীয় চুটি চলচ্চিত্র মহোৎসৱখন হৈছে একাডেমী এৱার্ডৰ বাছনিভুক্ত৷ গুৰুত্বপূর্ণ কথাটো হ’ল যে পৰিচালক মহর্ষি তুহিন কাশ্যপৰ ‘মোৰ ঘোঁৰাৰ দুৰন্ত গতি’ হ’ল অস্কাৰৰ চুটি ছবিৰ প্রতিযোগিতা শিতানত ভাৰতক প্রতিনিধিত্ব কৰিবলগীয়া প্রথমখন অসমীয়া ছবি৷ মূলতঃ ছবিখনৰ কাহিনী ভাগ আগবাঢ়িছে এজন ওজাপালিৰ পালিক লৈ৷ যিয়ে নিজৰ ঘোঁৰাটো পৃথিৱীৰ সর্বশ্রেষ্ঠ বেগী ঘোঁৰা বুলি ভাবি বিভিন্ন ঘোঁৰা দৌৰ প্রতিযোগিতাত অংশগ্রহণ কৰাবলৈ লৈ গৈ থাকে৷ পিছে তেওঁৰ ঘোঁৰাটো আচলতে ঘোঁৰা নহয়, এটা গাধহে৷ ইয়াকে উপজীব্য হিচাপে লোৱা ছবিখনত অসমৰ থলুৱা কৃষ্টি ওজাপালিৰ ব্যৱহাৰেৰে কাহিনীভাগ আগবাঢ়িছে৷ ‘মোৰ ঘোঁৰাৰ দুৰন্ত গতি’ ছবিখনৰ মুখ্য চৰিত্রত অভিনয় কৰিছে জনপ্রিয় অভিনেতা অতুল পাচনিয়ে৷ ছবিখনৰ আন অভিনয় শিল্পীসকলৰ ভিতৰত স্নেহাংকৰ চক্রৱর্তী, অভিজিৎ নাগ, গৌৰৱ হালৈ, আশিস চেটার্জী আৰু সনাতন কর্মকাৰ অন্যতম৷ সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পাঠ্যক্রমৰ অন্তৰাধীন হিচাপে নির্মিত ছবিখনৰ চিত্রনাট্য পৰিচালক মহর্ষি তুহিন কাশ্যপৰ নিজা৷ ‘মোৰ ঘোঁৰাৰ দুৰন্ত গতি’ প্রযোজনা নীলাঞ্জনা ৰুদ্রা, দৃশ্য গ্রহণ কৰিছে অর্ণৱ লাহাই, শব্দ গ্রহণ অর্ণৱ বৰা আৰু সোমনাথ গগৈৰ৷ পুলকিত ফিলিপে সম্পাদনা কৰা ছবিখনত সহকাৰী পৰিচালক হিচাপে কাম কৰিছে বিশাল শর্মা, তন্ময় সাউদ আৰু সোণালিকা দাসে৷

উল্লেখ্য যে এই ছবিখনে কলকাতা আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱ, জয়পুৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱ আৰু হিমালয়ান চলচ্চিত্র মহোৎসৱকে ধৰি আন কেইবাখনো চলচ্চিত্র মহোৎসৱত প্রদর্শিত হোৱাৰ উপৰি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ মেক্সিকোস্থিত চিনেটেকা ৰাষ্ট্রীয় সংগ্রহালয়ত এক বিশেষ দর্শনীও অনুষ্ঠিত হৈছিল ‘মোৰ ঘোঁৰাৰ দুৰন্ত গতি’ৰ৷ ইফালে, অস্কাৰৰ চুটি ছবিৰ প্রতিযোগিতা শাখালৈ ‘মোৰ ঘোঁৰাৰ দুৰন্ত গতি’ নির্বাচিত হোৱা সন্দর্ভত ফেচবুকযোগে নিজৰ প্রতিক্রিয়া ব্যক্ত কৰিছে পৰিচালক মহর্ষি তুহিন কাশ্যপে৷ উদীয়মান পৰিচালকজনে কয় যে একাডেমী এৱার্ডছ অর্থাৎ অস্কাৰলৈ এইবাৰ আমাৰ চিনেমাখন পঠিয়াম৷ অস্কাৰলৈ চুটি ছবি এখন পটককৈ পঠিয়াব নোৱাৰিব৷ এখন চলচ্চিত্র মহোৎসৱৰ তালিকা আছে৷ সেই তালিকাত অন্তর্ভুক্ত কোনো এখন মহোৎসৱত বিজয়ী চিনেমাহে তালৈ পঠিয়াব পাৰি৷ ভাৰতৰ অকল দুখনেই তেনে চলচ্চিত্র মহোৎসৱ আছে৷ য’ত জিকিলে এখন চিনেমা অস্কাৰলৈ কোৱালিফাই কৰে৷ বাংগালুৰু আন্তঃৰাষ্ট্রীয় চুটি চলচ্চিত্র মহোৎসৱত বিজয়ী ঘোষিত হোৱাৰ বাবে আমি এই সৌভাগ্য জিনিছোঁ৷ আমাৰ চিনেমাখন ‘দ্য হর্ছ ফ্রম হেভেন’– ‘মোৰ ঘোঁৰাৰ দুৰন্ত গতি’৷

You might also like