নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কথা পতা আৰু কথা শুনা

It takes a great man to be a good listner.

Bob Phylips

এদিন মোৰ এজন বন্ধুৰ লগত নিজৰ ঘৰত কথা পাতি আছিলোঁ৷ মোৰ বন্ধুৰ সংখ্যা খুব বেছি নহয়৷ যিকেইজন আছে তেওঁলোক প্রত্যেকেই সদালাপী৷ মোৰ মতে সদালাপী মানুহ কেইটামান বিশেষ গুণৰ অধিকাৰী হ’ব লাগে৷ সেই গুণকেইটা হ’ল– তেওঁ নিজে কথা কোৱাতকৈ আনৰ কথা আন্তৰিক মনোযোগ দি শুনিবলৈ আগ্রহ প্রকাশ কৰিব লাগে কোনো কথাতেই কেতিয়াও উত্তেজিত হ’ব নালাগে উচ্চস্বৰত কথা ক’ব নালাগে কথা কৈ থকাৰ মাজত কিবা কথাত মতৰ পার্থক্য হ’লে নিজৰ মতটোক সত্য বুলি প্রতিপন্ন কৰিবলৈ তর্ক কৰিব নালাগে আনে কথা কৈ থাকোঁতে কথাৰ মাজত তেওঁক বাধা দিবলৈ চেষ্টা কৰিব নালাগে– ইত্যাদি৷
ওপৰত উল্লেখ কৰা গুণবোৰৰ অধিকাৰী নোহোৱা মানুহবোৰ যে বেয়া মানুহ বা তেওঁলোকৰ সংগ বর্জনীয় সেই কথা কেতিয়াও হ’ব নোৱাৰে৷ বহুত ভাল মানুহ বা জ্ঞানী মানুহো সদালাপী নহ’ব পাৰে৷ মই জীৱনত অনেক জ্ঞানী আৰু পণ্ডিত মানুহক লগ পাইছোঁ– যিসকলক মই গভীৰভাৱে শ্রদ্ধা কৰোঁ আৰু তেওঁলোকৰ জ্ঞানগর্ভ কথা শুনি উপকৃত হোৱাৰ কথা সদায় কৃতজ্ঞচিত্তে স্মৰণ কৰোঁ৷ কিন্তু পুষ্টিকৰ আহাৰ খাই শৰীৰৰ উপকাৰ হোৱা আৰু তুষ্টিকৰ আহাৰ খাই ভোজনৰ বিমল আনন্দ পোৱা যেনেকৈ দুটা সম্পূর্ণ বেলেগ কথা, ঠিক তেনেকৈ কথা শুনি উপকাৰ পোৱা আৰু কথা শুনি আনন্দ পোৱাটোও দুটা সম্পূর্ণ বেলেগ কথা৷ তেতিয়াহে সোণত সুৱগা হয়– যেতিয়া আহাৰ বা আলাপ একে সময়তে পুষ্টিকৰ আৰু তুষ্টিকৰ দুয়োটা হয়৷
মোৰ যিজন বন্ধুৰ কথাৰে এই ৰচনাখন আৰম্ভ কৰিছোঁ তেওঁ এটা বিৰল গুণৰ অধিকাৰী মানুহ৷ তেওঁৰ কথাত চিন্তাৰ খোৰাক থাকে, লগতে থাকে আনন্দৰ উপকৰণ৷ পৰস্পৰৰ লগত সুখ–দুখৰ কথা পতাটোৱেই হ’ল বেছিভাগ মানুহৰ জীয়াই থকাৰ এটা প্রধান অৱলম্বন৷ সেই কাৰণে কথা ক’ব জনাটো হ’ল নিজক আৰু আনক সুখী কৰাৰ এটা প্রধান উপায়৷ কিন্তু কোনজন মানুহে কথা ভালকৈ ক’ব জানে? কেতিয়া কথা ক’ব নালাগে সেই কথা যিজন মানুহে জানে, যিজন মানুহে নীৰৱতাকো এটা শক্তিশালী ভাষা হিচাপে ব্যৱহাৰ কৰিব পাৰে, যিজন মানুহে নিজে কথা কোৱাতকৈ আনৰ কথা মনোযোগ দি শুনাৰ ওপৰত বেছি গুৰুত্ব দিয়ে, মোৰ নিজৰ অভিজ্ঞতাত ওপৰত উল্লেখ কৰা বন্ধুজন তেনে এজন মানুহ৷
মোৰ নিজৰ দেউতা আছিল তেনে এজন আদর্শ শ্রোতা৷ ভাল শ্রোতা হ’ব পৰাৰ গুণটোৱে কেনেকৈ বহুত মানুহক দেউতাৰ ওচৰলৈ টানিছিল তাৰ এটা উদাহৰণ দিওঁ৷
১৯৪৬ চনত মই উত্তৰ লখিমপুৰ চৰকাৰী হাইস্কুলৰ সপ্তম শ্রেণীৰ ছাত্র আছিলোঁ৷ সেইখন স্কুলত মই মাত্র এবছৰেই পঢ়িছিলোঁ তাৰ পিছত মই ডিব্রুগড় চৰকাৰী হাইস্কুলত পঢ়িবলৈ গ’লোঁ৷ এবাৰ কোনোবা এটা বন্ধৰ সময়ত মই ঘৰত আছিলোঁ৷ ঘৰত থকা সময়খিনিত মই বেছিভাগ সময়তে চ’ৰাঘৰৰ সন্মুখৰ বাৰাণ্ডাত বহি দেউতাৰ লগত বিভিন্ন বিষয়ে কথা পাতি সময় কটাইছিলোঁ৷
এদিন আবেলি পৰত মই ঘৰৰ বাৰাণ্ডাত বহি দেউতাৰ লগত কথাৰ মালিহা মাৰি আছিলোঁ৷ এনেতে হঠাৎ আলিবাটলৈ মোৰ চকু গ’ল৷ এজন মানুহে ধীৰে ধীৰে চাইকেল চলাই আলিবাটেদি গৈ আছে৷ তেওঁ ধীৰে ধীৰে চাইকেল চলোৱাৰ কাৰণ বোধহয় এইটোৱেই আছিল যে গন্তব্যস্থল সোনকালে গৈ পাবলৈ তেওঁৰ একো তাড়না নাছিল, আৰু এখন নতুন ঠাইৰ প্রাকৃতিক দৃশ্যবোৰ নিৰীক্ষণ কৰিবলৈ তেওঁৰ মন গৈছিল৷ মোৰ চকু আলিবাটলৈ যোৱাৰ মুহূর্ততে মানুহজনৰো চকু মোৰ ওপৰত পৰিল, আৰু তেওঁ চাইকেলৰ পৰা নামি মোৰ মুখৰ ফালে একান্ত দৃষ্টিৰে চাবলৈ ধৰিলে৷
মই প্রায় চিঞৰি দেউতাক ক’লোঁ– ‘দেউতা, সেইজন আমাৰ স্কুলৰ শইকীয়া ছাৰ৷’
কথাষাৰ কৈয়েই মই প্রায় একে জাঁপে আলিবাট পালোঁগৈ আৰু ছাৰক আমাৰ ঘৰলৈ আদৰি আনিলোঁ৷ ছাৰৰ নাম আছিল কমলাকান্ত শইকীয়া৷ এতিয়া চাগৈ ছাৰ ইহসংসাৰত নাই৷ ছাৰে মোক কেতিয়াও পঢ়ুৱাই পোৱা নাছিল, কাৰণ মই পঢ়া সপ্তম শ্রেণীৰ বি ছেকচনত তেওঁৰ কেতিয়াও পঢ়োৱাৰ পাল পৰা নাছিল৷ তথাপি মই ছাৰক চিনি নোপোৱাৰ কোনো প্রশ্ণই উঠিব নোৱাৰে৷ আনহাতে, ছাৰেও মোক আলিবাটৰ পৰাই দেখি চিনি পাইছিল, কাৰণ মই সপ্তম শ্রেণীৰ ছাত্র হৈও স্কুলৰ ছাত্র সভাৰ তর্ক প্রতিযোগিতা আৰু ৰচনা প্রতিযোগিতা আদি সকলো প্রতিযোগিতাত প্রথম হৈ স্কুলখনৰ এজন বিখ্যাত ছাত্রত পৰিণত হৈছিলোঁ৷ মোক সাক্ষাৎভাৱে পঢ়োৱা বা নপঢ়োৱা প্রত্যেকজন শিক্ষকে মোৰ মুখখন চিনি পাইছিল৷ মই দৌৰ মাৰি ছাৰক আগবঢ়াই আনিবলৈ যোৱা দেখি তেওঁ খুব ভাল পালে৷ তেওঁৰ মুখত আনন্দৰ হাঁহি বিৰিঙি উঠিল৷ মই ক’লোঁ– ‘ছাৰ, আমাৰ ঘৰত সোমাই চাহ একাপ খাই যাওক৷’
শইকীয়া ছাৰ আমাৰ ঘৰলৈ আহিল৷ দেউতাই চোতাললৈকে আগবাঢ়ি গৈ ছাৰক আদৰি আনিলে৷ দুয়ো চা–চিনাকি পর্ব শেষ কৰি কথা পাতিবলৈ আৰম্ভ কৰিলে৷
অলপ সময়ৰ পিছতে বেলি পৰিল৷ গাঁৱলীয়া গধূলিৰ আন্ধাৰে চৌদিশ আৱৰি ধৰিলে৷ আমি চ’ৰাঘৰত লেম জ্বলাই দেউতা আৰু আলহীক চ’ৰা ঘৰলৈ মাতিলোঁ৷ কিন্তু তেওঁলোকে আমাৰ কথা কাণতেই নুতুলিলে৷ আন্ধাৰত বহি কথা পাতিবলৈ বোলে বেছি ভাল লাগে৷ আলহীয়ে চাহ–জলপানো খালে আন্ধাৰতে৷ এনেকৈ এঘণ্টামান সময় পাৰ হ’ল৷ আলহীয়ে বিদায় লোৱাৰ কোনো লক্ষণ দেখা নগ’ল৷ বৰং দেউতাই মাজতে এবাৰ ঘৰৰ ভিতৰলৈ সোমাই আহি মাক ক’লে– ‘আলহী আজি আমাৰ ঘৰতে ৰাতি থাকিব৷ ভাতমুঠিৰ আয়োজন কৰা৷’
অতীতৰ বহুত অভিজ্ঞতাৰ কথা মনত পেলাই মাই বুজিলে, লগতে আমিও বুজি পালোঁ যে, ধৈর্যশীল শ্রোতা পাই আলহীক কথা কোৱাৰ নিচাই ধৰিছে৷ পিছদিনা পুৱা চাহ–জলপান খাই শইকীয়া ছাৰে আমাৰ ঘৰৰ পৰা বিদায় ল’লে৷ এৰাতিৰ চিনাকি দেউতাৰ পৰা মানুহজনে এনে আৱেগময় ভাষাৰে কথা কৈ বিদায় ল’লে– যেন বহু বছৰৰ চিনাকি এজন পৰম আত্মীয়ৰ পৰাহে বিদায় লৈছে৷
বন্ধ শেষ হোৱাৰ পিছত মই উত্তৰ লখিমপুৰ চহৰলৈ ঘূৰি গ’লোঁ৷ ছাৰৰ ভাৰাঘৰটো আছিল আমাৰ স্কুলৰ ওচৰৰে মৰিয়া গাঁৱত৷ আমি ছাৰৰ ঘৰৰ আগেদিয়েই স্কুললৈ অহা–যোৱা কৰোঁ৷ এদিন ছাৰে চিঞৰ মাৰি মোক তেওঁৰ ঘৰলৈ মাতিলে৷ মোক বহিবলৈ দি ছাৰে ক’লে– ‘যিটো কথা মই তোৰ দেউতাৰক কোৱা উচিত আছিল সেইটো কথা তেওঁক ক’বলৈ মই সুযোগ নাপাম৷ সেই কাৰণে তোকেই কওঁ৷ মনত থাকিলে কথাটো দেউতাৰক ক’বি৷ সেইদিনা তোৰ দেউতাৰৰ লগত কথা পাতি মই যিটো সুখ পালোঁ তেনে সুখ মই জীৱনত কেতিয়াও পোৱা নাছিলোঁ৷ আকৌ কেতিয়াবা পাম বুলিও আশা নকৰোঁ৷ মইতো তহঁতৰ ঘৰত ৰাতি থাকিম বুলি যোৱা নাছিলোঁ অথচ কেৱল কথা পতাৰ লোভতে সম্পূর্ণ অচিনাকি এজন মানুহৰ ঘৰত ৰাতিটো থাকিবলৈ বাধ্য হ’লোঁ৷’
মই সৰু মাতেৰে ক’লোঁ– ‘আমাৰ দেউতাই দেখোন নিজে একো কথাই নকয় কেৱল আনৰ কথা শুনিহে থাকে৷’ ছাৰে টপৰাই ক’লে– ‘মূর্খই মনে মনে কথা শুনি থকা আৰু জ্ঞানীয়ে মনে মনে কথা শুনি থকাৰ মাজত বহুত ডাঙৰ পার্থক্য থাকে, বুজিছ? মূর্খই মনে মনে কথা শুনি থাকিলেও তেওঁৰ ভাবলেশহীন মুখত কোনো ধৰণৰ প্রতিক্রিয়া ফুটি উঠা দেখা নাযায়৷ তেনে এখন মুখলৈ চাই চাই কোনেও কথা কৈ থাকিবলৈ আগ্রহ অনুভৱ নকৰে৷ আনহাতে, এজন জ্ঞানী শ্রোতাৰ ওঁঠ দুখনে কথা নক’লেও তেওঁৰ সমস্ত মুখমণ্ডলে নীৰৱে কথা কৈ থাকে৷ কথা শুনি তেওঁৰ মনত যি প্রতিক্রিয়া হয় সেই প্রতিটো প্রতিক্রিয়া ফুটি উঠে তেওঁৰ সমস্ত মুখমণ্ডলত৷ তেওঁৰ মুখত এখন নাটকৰ অভিনয় চলি থাকে, আৰু সেই নাটকখন চাই চাই কথা কওঁতাজনৰ কথা কোৱাৰ আগ্রহ বাঢ়ি গৈ থাকে৷… মুঠতে মই একে আষাৰে এই কথাকে ক’ব খুজিছোঁ যে তোৰ দেউতাৰৰ নিচিনা ভাল শ্রোতা বা জ্ঞানী শ্রোতা মই ইয়াৰ আগতে কেতিয়াও পোৱা নাছিলোঁ৷ তই দেউতাৰক কথাটো ক’বি৷’
কমলাকান্ত শইকীয়া ছাৰে মোৰ দেউতাৰ বিষয়ে কোৱা কথাটো বোধহয় সত্য৷ মানুহে মোৰ বিষয়েও কয় যে মই এজন ভাল শ্রোতা, আৰু জ্ঞান হ’বৰ দিন ধৰি দেউতাক পর্যবেক্ষণ কৰি কৰিয়েই মই নিজেও এজন ভাল শ্রোতা হ’ব পাৰিছোঁ বুলি মই বিশ্বাস কৰোঁ৷
সকলো জ্ঞানী মানুহেই এই কথাত একমত যে নিজে কথা কোৱাতকৈ আনৰ কথা শুনাটো বেছি গুৰুত্বপূর্ণ৷ প্রাচীন গ্রীক দার্শনিক এপিক্টেটাছে কৈছিল যে ঈশ্বৰে যে মানুহক এখন জিভা, দুখন কাণ দিছে, তাৰ দ্বাৰাই ঈশ্বৰে মানুহক এই কথাই বুজাব খুজিছে যে মানুহে নিজে কমকৈ কথা কৈ আনৰ কথা বেছিকৈ শুনাটো উচিত৷
মোৰ অতি সীমিত অধ্যয়নৰ পৰা মই এই কথা জানিব পাৰিছোঁ যে কথা শুনাৰ গুৰুত্বৰ বিষয়ে আমেৰিকান মনোবিজ্ঞানী আৰু মনোৰোগ–চিকিৎসক কার্ল মেনিনজাৰে (১৮৯৩–১৯৯০) যিটো কথা কৈছে তাতকৈ বেছিকৈ গভীৰ অর্থপূর্ণ কথা আন কোনেও কোৱা নাই৷ তেওঁ কোৱা কথাকেইটা মই মূল ইংৰাজীতেই ইয়াত উদ্ধৃত কৰিব খোজোঁ– যাতে মোৰ দুর্বল অনুবাদে তেওঁৰ বক্তব্যৰ বিন্দুমাত্রও বিকৃতি ঘটাব নোৱাৰে৷ তেওঁ কৈছে–Listening is a magnetic and strange thing. The friends who listen to us are the ones we move towards. When we are listened to, it creates us, makes us unfold and expand.

ওপৰৰ কথাখিনি লিখি শেষ কৰাৰ পিছত হঠাৎ মোৰ মনত পৰিল যে আনৰ কথা মনোযোগ দি শুনাৰ কঠিন বিদ্যাটোৰ বিষয়ে মই আৰু এখন কিতাপত কেইটামান মূল্যৱান কথা পঢ়িছিলোঁ৷ সেই কথাকেইটাও এইখিনিতে উল্লেখ কৰি থ’লোঁ৷
ঈষ্ট উড এটৱাটাৰ নামৰ এজন মানুহে লিখিছে– ‘পৰস্পৰৰ লগত যোগাযোগ কৰাৰ ক্ষেত্রত যিটো কাম শিকাটো আটাইতকৈ কঠিন সেইটো হ’ল আনৰ কথা শুনা৷
প্রথম কথাটো হ’ল, আমি শুনিবলৈ বিচাৰিব লাগিব৷ জনিৰ মাকে যেতিয়া তাক কয়, ‘এই আৱর্জনাখিনি বাহিৰত পেলাই থৈ আহা’, সি তৎক্ষণাৎ বধিৰ হৈ যায়৷ মাকৰ সেই কথাটো সি শুনিব নোখোজে৷ কিন্তু যদি মাকে তাৰ কাণত ফুচফুচাই কয়, ‘তোমাক অলপ পইচা দিছোঁ, দৌৰ মাৰি গৈ এটা আইচক্রীম খাই আহাগৈ যোৱা’, তেতিয়া তাৰ শ্রৱণ–শক্তি হঠাৎ ইমান প্রখৰ হৈ পৰে যে আটাইতকৈ সৰু মাতটোও সি আটাইতকৈ ডাঙৰকৈ আৰু স্পষ্টকৈ শুনা পায়৷
আনৰ কথা শুনিবলৈ হ’লে আমি মনোযোগ দিবই লাগিব৷ তাৰ অর্থ হ’ল এইটো যে আনৰ কথা শুনিবলৈ আমি কিবা নহয় কিবা এটা মূল্য দিবই লাগিব৷ আমি দিব লাগিব সেইটো বস্তু– যিটো বস্তু আমাৰ একান্ত ব্যক্তিগত আৰু অন্তৰংগ সম্পদ৷ আমি দিব লাগিব আমাৰ সজাগতা, আমাৰ আগ্রহ৷ তাৰ বিনিময়ত আমি পাবলৈ চেষ্টা কৰিব লাগিব এটা অর্থ, এটা খবৰ, এটা ব্যাখ্যা, অথবা পাবলৈ বিচাৰিব লাগিব কিছু সাত্ব্ন্না, কিছু আনন্দৰ খোৰাক৷ আনৰ কথা শুনাটো সঁচাকৈয়ে অতি কঠিন কাম৷ সেই কাৰণেই আমি বাছ–বিচাৰ নকৰাকৈ কাকো সহজে আমাৰ মনোযোগ দিব নোখোজোঁ৷
সর্বোপৰি, কথা শুনাটো হ’ল এটা উপহাৰ৷ কোৱা হয় যে মানুহে মানুহক দিব পৰা উপহাৰবোৰৰ ভিতৰত ই হ’ল এটা অন্যতম শ্রেষ্ঠ উপহাৰ৷ যিকোনো নতুন বিদ্যা আয়ত্ত কৰিবলৈ যেনেকৈ দক্ষতাৰ প্রয়োজন, ঠিক তেনেকৈ কথা শুনাৰ বিদ্যা শিকিবলৈকো দক্ষতাৰ প্রয়োজন৷ অথচ এইটো বিদ্যা শিকিবলৈকে মানুহে যত্ন কৰে আটাইতকৈ কমকৈ৷’

You might also like