নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবিশ্বাস্য এটকীয়া মুদ্রা বিক্রী হ’ল ১০ কোটি টকাত

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ এটকীয়া মুদ্রা এটা কিমান মূল্যত নিলাম হ’ব পাৰে সাধাৰণজনে এই কথা সহজে কল্পনা কৰিব নোৱাৰে৷ ভাৰতৰ এটকীয়া মুদ্রা এটা অলপতে ই–নিলামত ১০ কোটি টকাত বিক্রী হৈছে৷ ১৮৮৫ চনত ব্রিটিছশাসিত ভাৰতত প্রচলিত হোৱা এটকীয়া মুদ্রা এটা অনলাইনযোগে নিলাম হোৱাত এগৰাকী লোকে এই মুদ্রাটো ১০ কোটি টকাত ক্রয় কৰে৷

উল্লেখ্য যে এই এটকীয়া মুদ্রাটো কোনে ক্রয় কৰিছে, সেই সন্দর্ভত বিতং তথ্য প্রকাশ কৰা হোৱা নাই৷ কইনবজাৰ ৱেবছাইটত ব্রিটিছশাসিত ভাৰতত প্রচলিত ১৮৮৫ চনৰ এটকীয়া মুদ্রাটো নিলামত বিক্রী কৰা হ’ব প্রকাশ কৰাৰ পিছতেই ক্রয় কৰোঁতাই হেতা–ওপৰা লগায়৷ বিভিন্নজনে এই মুদ্রাটোৰ দাম লাখ, কেইবালাখ দিয়াৰ পিছত এজনে এই মুদ্রাটোৰ মূল্য ১০ কোটি টকা দিয়ে আৰু অনলাইনযোগে ১০ কোটি টকাত এই মুদ্রাটো ক্রয় কৰি ব্যক্তিজনে নিজৰ হাতলৈ নিবলৈ সক্ষম হয়৷

তাৎপর্যপূর্ণ যে এনে অনলাইন নিলামত পুৰণি মুদ্রা ক্রয় কৰা লোকৰ নাম আনুষ্ঠানিকভাৱে প্রকাশ কৰা নহয়৷ ভাৰতৰ মুদ্রা নিলামত বিক্রী হোৱা এয়া এক অভিলেখ যদিও ইয়াৰ পূর্বে যোৱা জুন মাহত ১৯৩৩ চনৰ মার্কিন মুদ্রা এটা নিউয়র্কত নিলামত প্রায় ১৩৮ কোটি টকাত বিক্রী হৈছিল৷

You might also like