হেমকোষ আৰু চন্দ্রকান্ত অভিধান
হেমকোষ কার্যতঃ অসমীয়া ভাষাৰ প্রথম অভিধান৷ ভাষাৰ ওজা হেমচন্দ্র বৰুৱাৰ পৰলোকগমনৰ প্রায় চাৰি বছৰৰ পাছত ১৯০০ খ্রীষ্টাব্দত পণ্ডিত হেমচন্দ্র গোস্বামী আৰু ইংৰাজ প্রশাসক পি আৰ টি গর্ডনৰ যুটীয়া প্রচেষ্টাত আধুনিক অসমীয়া ভাষাৰ আধাৰস্বৰূপ ‘হেমকোষ’খন প্রকাশ হৈ ওলাইছিল৷ ইয়াৰ পূর্বে আমেৰিকান মিছনেৰী মাইলছ ব্রনছনৰ সম্পাদনাত অসমীয়া ভাষাৰ প্রথমখন অভিধান ছপা হৈছিল যদিও ইয়াৰ আখৰ–জোঁটনি প্রমাদপূর্ণ হোৱাৰ হেতু সেই সময়ৰ অসমীয়া বিদ্বৎসমাজে এই অভিধানখনক বিশেষ মান্যতা প্রদান কৰা নাছিল আৰু হেমচন্দ্র বৰুৱাই ব্রনছনৰ আখৰ–জোঁটনিক কঠোৰভাৱে সমালোচনা কৰিছিল৷ চাবলৈ গ’লে ব্রনছনৰ অভিধানখন অসমীয়া ভাষাৰ অগ্রণী অভিধান হ’লেও ইয়াৰ মাধ্যমে হাজাৰ বছৰীয়া লিখিত ঐতিহ্যৰ অধিকাৰী ভাষাটোৰ প্রকৃত চৰিত্র ফুটি উঠা নাছিল৷ সেয়ে হেমচন্দ্র বৰুৱাদেৱে কেইবাদশকজুৰি এটা শুদ্ধ অসমীয়া আখৰ–জোঁটনি প্রতিষ্ঠাৰ নিমিত্তে অহোপুৰুষার্থ কৰিবলগীয়া হৈছিল৷ ইয়াৰ আগেয়ে ঔপনিৱেশিক শাসকবর্গই বঙলা ভাষাৰ অনুকৰণত অসমীয়া বর্ণমালাৰ পৰা ‘ৱ’ বর্ণটো মচি পেলাইছিল৷ এই কথাই হেমচন্দ্র বৰুৱাদেৱক অতিশয় উদ্বিগ্ণ কৰি তুলিছিল আৰু অসমীয়া বর্ণমালালৈ উক্ত বিশেষ বর্ণটো ঘূৰাই আনিবলৈ এককভাৱে ইংৰাজ শাসকবৃন্দৰ সৈতে দীঘলীয়া পত্র–যুদ্ধত প্রবৃত্ত হৈছিল৷ অৱশেষত বৰুৱাদেৱৰ এই একক প্রচেষ্টাই সাফল্যৰ মুখ দেখিছিল৷ ঔপনিৱেশিক চৰকাৰে হেমচন্দ্র বৰুৱাৰ আখৰ–জোঁটনিকে অসমীয়া ভাষাৰ আনুষ্ঠানিক আখৰ–জোঁটনি হিচাপে স্বীকৃতি প্রদান কৰিছিল৷ এই আখৰ–জোঁটনিয়েই আছিল বিংশ শতিকাৰ (লগতে বর্তমানৰো) সর্বাধিক প্রচলিত অভিধান হেমকোষৰ প্রাণস্বৰূপ৷ পিছে এটা নিতান্ত কাৰিকৰী কাৰণত হেমকোষৰ প্রথম তাঙৰণটো ছপাবৰ সময়ত এক অথন্তৰ উপস্থিত হৈছিলহি৷ সেই সময়ত এনে এখন বৃহৎ গ্রন্থ ছপাব পৰা ছপাশাল অসমত নাছিল৷ আৰু অসমৰ ছপাশালকেইটাও মুদ্রাক্ষৰৰ Type Front) বাবে কলিকতীয়া মুদ্রাক্ষৰ উৎপাদনকাৰী প্রতিষ্ঠানকেইটাৰ Type foundry) ওপৰতে নির্ভৰশীল আছিল৷ এই ধৰণৰ প্রতিষ্ঠানকেইটাই মূলতে বঙলা মুদ্রাক্ষৰ প্রস্তুত কৰিলেও তাৰ লগতে অসমীয়া পেট কটা ‘ৰ’টো আৰু ‘ৱ’টো যোগ দি অসমৰ ছপাশালকেইটাৰ চাহিদা পূৰণ কৰি গৈছিল৷ পিছে হেমকোষৰ প্রথম তাঙৰণটো ছপাবৰ সময়ত পর্যাপ্তভাৱে ‘ৱ’ মুদ্রাক্ষৰটো যোগান ধৰিবলৈ অসমর্থ হৈছিল৷ ফলত হেমকোষৰ প্রথম তাঙৰণৰ সম্পাদকদ্বয়ে প্রবল অনিচ্ছা সত্ত্বেও অনেক শব্দত ‘ৱ’ বর্ণটোৰ পৰিৱর্তে ‘ব’ ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছিল৷ ইয়াকে কয় ভাগ্য–বিপর্যয় Irony of fate)৷ যিজন হেমচন্দ্র বৰুৱাই জীৱনৰ প্রায় অর্ধেক সময় ‘ৱ’ বর্ণটোক ন্যায় প্রদান কৰিবৰ নিমিত্তে ব্যয় কৰিছিল, তেওঁৰেই জীৱনজোৰা সাধনাৰ ফচল হেমকোষ ছপাবৰ সময়ত সেই বিশেষ মুদ্রাক্ষৰটোৰে বাৰুকৈ অভাৱ হৈছিল৷ কিন্তু এই নেপথ্যৰ কাহিনীটো নজনাৰ বাবে বহুসংখ্যক অসমীয়া লেখক–পঢ়ুৱৈয়ে হেমকোষৰ আখৰ–জোঁটনিৰ প্রতি অন্ধ আনুগত্য দর্শাই তেনে অনেক শব্দত ‘ৱ’ৰ পৰিৱর্তে ‘ব’ ব্যৱহাৰ কৰাৰ পৰম্পৰা এটা গঢ়ি তুলিছিল৷ সেইসকল লোকে অনুসৰণ কৰা আখৰ–জোঁটনি হেমকোষ অনুযায়ী হ’লেও সি হেমচন্দ্র বৰুৱাদেৱৰ মূল চিন্তা–ভাবনাৰ পৰিপন্থী আছিল৷
হেমকোষৰ প্রথম তাঙৰণ প্রকাশ হ’বৰ পৰা তিনি দশকৰ ওপৰ কাল অসমীয়া ভাষাত দ্বিতীয় এখন অভিধান ওলোৱা নাছিল৷ ইতিমধ্যে ১৯১৭ খ্রীষ্টাব্দত অসম সাহিত্য সভাই আনুষ্ঠানিকভাৱে আত্মপ্রকাশ কৰিছিল৷ যোৰহাটৰ বিশিষ্ট চাহ–খেতিয়ক দানবীৰ ৰাধাকান্ত সন্দিকৈদেৱে তেখেতৰ প্রয়াত পুত্র চন্দ্রকান্তৰ স্মৃতি যুগমীয়া কৰিবৰ অর্থে অসম সাহিত্য সভালৈ দুটা কার্য সম্পন্ন কৰিবলৈ বুজন পুঁজি আগবঢ়াইছিল৷ সন্দিকৈদেৱৰ অনুদানৰ আধাৰত যোৰহাটত স্থাপন হৈছিল অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যালয় চন্দ্রকান্ত সন্দিকৈ ভৱন৷ দ্বিতীয়তে, দানবীৰ সন্দিকৈৰ ইচ্ছানুসৰি অসম সাহিত্য সভাই চন্দ্রকান্ত অভিধান প্রণয়নৰ প্রকল্পটো গ্রহণ কৰিছিল৷ এইখিনিতে পাঠকৰ মনত প্রশ্ণৰ উদয় হ’ব পাৰে যে আমাৰ ভাষাত হেমকোষৰূপী সর্বজনসমাদৃত অভিধান এখন থকা অৱস্থাত দ্বিতীয় এখন অভিধানৰ প্রয়োজন অনুভূত হৈছিল কিয়৷ আমাৰ দৃষ্টিত ইয়াৰ কাৰণ কেইবাটাও৷ প্রথম কথা, যিকোনো এখন অভিধান তাৰ প্রথম প্রকাশতে নিখুঁত তথা সর্বাংগসুন্দৰ হ’ব বুলি আশা কৰাটো বাস্তৱসন্মত নহয়৷ অনেক ঘাত–প্রতিঘাত নেওচি প্রণেতাগৰাকীৰ অবর্তমানত হেমকোষৰ প্রথম তাঙৰণটো প্রকাশ হৈ ওলাইছিল৷ সেয়ে ইয়াত অনেক ত্রুটি–বিচ্যুতি ৰৈ যোৱাটো একো অস্বাভাৱিক কথা নাছিল৷ দ্বিতীয়তে, এনে বৃহৎ কর্মযজ্ঞ একক প্রচেষ্টাৰে সম্পন্ন কৰাটো প্রকৃততে অতি দুৰূহ৷ আজিৰ কথা সুকীয়া৷ বর্তমান সময়ৰ অসমীয়া অভিধান প্রণেতাসকলৰ সন্মুখত একাধিক আর্জি থকাৰ কথাটো মন কৰিবলগীয়া৷ কিন্তু হেমচন্দ্র বৰুৱাই তেওঁৰ অভিধান প্রণয়নৰ প্রক্রিয়া প্রায় শূন্যৰ পৰা আৰম্ভ কৰিব লগা হৈছিল৷ সময়ৰ প্রয়োজনৰ প্রতি দৃষ্টি ৰাখি তেওঁ এক বৃহৎ প্রত্যাহ্বান গ্রহণ কৰিছিল৷ অসম সাহিত্য সভা গঠন হোৱাৰ পাছত এই দিশত এক লক্ষণীয় পট–পৰিৱর্তন ঘটিছিল৷ সভাই শিৱসাগৰত অনুষ্ঠিত ইয়াৰ প্রথম অধিৱেশনত গৃহীত নিয়মাৱলীত অসমীয়া ভাষাৰ অভিধান, ব্যাকৰণ আদিৰ প্রণয়নত বিশেষ গুৰুত্ব আৰোপ কৰিছিল৷
আনহাতে, এটা আধুনিক ভাষাৰ পথ–পৰিক্রমাত তিনিটা দশক নিচেই চুটি সময় নহয়৷ এনে একোটা কালাৱধিৰ ভিতৰত কোনো এক বিকাশশীল ভাষালৈ অনেক পৰিৱর্তন অহাটো সম্ভৱপৰ৷ ত্রিছ–তেত্রিছ বছৰৰ ভিতৰত এটা ভাষাৰ শব্দ–সম্ভাৰত প্রচুৰ শব্দৰ সংযোজন ঘটিব পাৰে৷ প্রকৃতপক্ষে হেমকোষৰ প্রথম তাঙৰণ প্রকাশৰ পৰৱর্তী তিনিটা দশকত অসমীয়া ভাষাৰ বেলিকাও সেয়ে ঘটিছিল৷ তদুপৰি ভাষাটোৰ আখৰ–জোঁটনিৰ বিৱর্তনো দ্রুতগতিৰে সম্পন্ন হৈছিল৷ এই সকলো বিষয় বিবেচনালৈ আনি নৱগঠিত অসম সাহিত্য সভাই চন্দ্রকান্ত অভিধান প্রণয়নৰ প্রকল্প ৰূপায়ণৰ দিশে অগ্রসৰ হৈছিল৷ উল্লেখযোগ্য যে অসমীয়া ভাষাৰ বাবে এইটোৱেই আছিল অভিধান প্রণয়নৰ প্রথম আনুষ্ঠানিক প্রচেষ্টা৷ মূলতে দুজন ব্যক্তিৰ নেতৃত্বত এই প্রকল্প ৰূপায়িত হৈছিল৷ ইয়াৰে প্রথমগৰাকী আছিল অসম সাহিত্য সভাৰ সেই সময়ৰ প্রধান সম্পাদক দেৱেশ্বৰ চলিহা আৰু আনগৰাকী আছিল বিশিষ্ট ভাষাবিদ দেৱানন্দ ভৰালী৷
এইখিনিতে আন এক প্রাসংগিক প্রশ্ণ– হেমকোষতকৈ চন্দ্রকান্ত অভিধান কি কি বিষয়ত পৃথক? প্রথম কথা, হেমকোষৰ তুলনাত ভাষাটোৰ দ্বিতীয়খন অভিধানৰ শব্দ–সম্ভাৰ আছিল ভালেখিনি অধিক৷ হেমকোষৰ দ্বাৰা অনুদ্ঘাটিত অসমীয়া শব্দ–সম্ভাৰৰ এখন বিশাল ক্ষেত্র চন্দ্রকান্ত অভিধানে সামৰি লৈছিল৷ সেইখন আছিল প্রাচীন যুগৰ (বিশেষকৈ বৈষ্ণৱ যুগৰ) সাহিত্যৰ ক্ষেত্রখন৷ মাধৱ কন্দলি বিৰচিত ৰামায়ণকে আৰম্ভ কৰি অনেক পুৰণি পুথিৰ শব্দ–সম্ভাৰে চন্দ্রকান্ত অভিধানত ঠাই পাইছিল৷ তাৰ ফলত অভিধানখনৰ কলেৱৰ আৰু শব্দ সম্ভাৰ– এই দুয়োটাই বিস্তৃতি লাভ কৰিছিল৷ ইপিনে আখৰ–জোঁটনিৰ সংশোধন হৈ উঠিছিল অপৰিহার্য৷ লক্ষণীয়ভাৱে চন্দ্রকান্ত অভিধানে ‘ৱ’ বর্ণৰ প্রয়োগ সন্দর্ভত হেমকোষতকৈ হেমচন্দ্র বৰুৱাৰ দ্বাৰা অনুসৃত নীতিকহে আঁকোৱালি লৈছিল৷ হেমকোষ অভিধানখন ছপাবৰ বেলিকা মুদ্রাক্ষৰৰ যি নাটনি হৈছিল, সেই সমস্যা চন্দ্রকান্ত অভিধান মুদ্রণৰ সময়ত অতিক্রম কৰাটো সম্ভৱ হৈ উঠিছিল৷ শুনা মতে এই অভিধানখনৰ অক্ষৰ–বিন্যাসৰ বাবে আছুতীয়াকৈ মুদ্রাক্ষৰ গঢ়াই লোৱা হৈছিল৷ কোনো কোনো ক্ষেত্রত চন্দ্রকান্তই অভিধানৰ সীমাৰেখা পাৰ হৈ বিশ্বকোষীয় উপাদান কিছুমান আত্মীকৰণৰ প্রয়াস কৰা যেন লাগে৷ উদাহৰণ স্বৰূপে ‘চাউদাং’ শব্দটোৰ ব্যাখ্যা কৰিবলৈ গৈ চাউদাং সম্প্রদায়ৰ লোকসকলে কিয় ছাগলিৰ মাংস ভক্ষণ নকৰে, সেই বিষয়ৰ এটা কাহিনীৰ অৱতাৰণা কৰা হৈছে৷ একেদৰে গুলঞ্চ ফুলৰ অর্থৰ আনুষংগিক হিচাপে সেই ফুলগছজোপাৰ কাঠৰ এটা বিশেষ ঔষধি গুণৰ কথা উল্লেখ কৰিছে৷ আমাৰ দৃষ্টিত এখন ভাষাতাত্ত্বিক অভিধানত পূর্বোক্ত কোনো এটা বিষয়েই প্রাসংগিক নাছিল৷ অৱশ্যে অভিধানখনৰ পৰৱর্তী সংস্কৰণসমূহত প্রথম তাঙৰণৰ তেনেবিলাক অপ্রয়োজনীয় কথা বাদ পৰাটো মন কৰিবলগীয়া৷
এতিয়া কথা হৈছে, হেমকো, আৰু চন্দ্রকান্ত – এই দুয়োখন অভিধানৰে প্রথম তাঙৰণ দুটাত যি স্বকীয় বৈশিষ্ট্য ফুটি উঠিছিল, সেয়া পাছৰ সংস্কৰণসমূহত সংৰক্ষিত হোৱা দেখা নগ’ল৷ আখৰ–জোঁটনিৰ ক্ষেত্রত প্রথম অৱস্থাত থকা ব্যৱধান ক্রমশঃ হ্রাস পাই আহিবলৈ ধৰিলে৷ এয়া ভাষাটোৰ পক্ষে নিঃসন্দেহে এক শুভ সংকেত৷ কিয়নো একোটা বিকশিত ভাষাত শতাধিক অভিধান থকাটোও অসম্ভৱ নহয়৷ কিন্তু তেনে প্রতিখন অভিধানেই নিজাকৈ একোটা আখৰ–জোঁটনি প্রৱর্তন কৰিবলৈ আগবঢ়া উচিত নহয়৷ প্রকৃতপক্ষে একোটা ভাষাৰ সকলো অভিধানৰ ঐকমত্যৰ আধাৰতে সেই ভাষাৰ আখৰ–জোঁটনি–বিষয় নীতি গঢ় লৈ উঠা বাঞ্ছনীয়৷ ইংৰাজীৰ দৰে সমৃদ্ধ ভাষাত শতাধিক অভিধান থাকিলেও সেইবিলাকে এটা উমৈহতীয়া আখৰ–জোঁটনি মানি চলা দেখা যায়৷ আমাৰ অসমীয়া ভাষাত দুখন অভিধান ওলাবৰ পৰতে দুটা আখৰ–জোঁটনি পদ্ধতিৰ উদ্ভৱ হোৱাটো দুর্ভাগ্যজনক কথা আছিল৷ বর্তমান এই ভাষাত প্রচলিত হৈ থকা সর্বমুঠ অভিধানৰ সংখ্যা কুৰিৰ ওচৰা–উচুৰি হৈছেগৈ৷ এনে প্রতিখন অভিধানৰ আখৰ–জোঁটনিত এক সমৰূপতা iniformity) প্রতিষ্ঠা কৰিব নোৱাৰিলে অসমীয়া ভাষাত চলি থকা নৈৰাজ্য কোনোকালে দূৰ নহ’ব৷ আধুনিক ভাষাতত্ত্বৰ নিয়ম অনুসৰি একোটা বিকশিত ভাষাত অভিধানৰ নামত একাধিক ধাৰা School) থাকিব নোৱাৰে৷ এইটো নিশ্চিত কৰাৰ দায়িত্ব সংশ্লিষ্ট ভাষাটোৰ অভিভাৱকস্বৰূপ প্রতিষ্ঠানৰ শিৰোধার্য৷ কোৱা বাহুল্য, অসমীয়া ভাষাৰ অভিভাৱক হিচাপে স্বীকৃত সংগঠনটো হৈছে অসম সাহিত্য সভা৷ সম্প্রতি অসম সাহিত্য সভা আৰু অসম প্রকাশন পৰিষদৰ যৌথ উদ্যোগত যিখন অভিধানৰ প্রণয়ন প্রক্রিয়া চলি আছে, সেইখন প্রকাশ হৈ ওলালে অসমীয়া ভাষাৰ আখৰ–জোঁটনি–বিষয় সকলো বিসংগতি দূৰ হ’ব বুলি আমি আশা কৰিছোঁ৷