নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অর্ণৱ গোস্বামী আৰু আমাৰ অন্তর্নিহিত পক্ষপাত

 দেৱাঞ্জন বৰঠাকুৰ

সাংবাদিক অর্ণৱ গোস্বামীক গ্রেপ্তাৰ কৰা হ’ল আৰু তেওঁক জামিনত মুক্তিও দিয়া হ’ল৷ তেওঁৰ গ্রেপ্তাৰত এটা পক্ষ যথেষ্ট সুখী হৈছিল আৰু আন এটা পক্ষই দুখ প্রকাশ কৰিছিল৷ অখিল গগৈৰ ক্ষেত্রতো একেই দৃশ্য আমি দেখা পাইছিলো নেকি? আমি যদি কওঁ অর্ণৱৰ আগতেও বহু সাংবাদিক শাসকপক্ষৰ দ্বাৰা নির্যাতিত হৈছে সেয়ে এয়া কোনো নতুন কথা নহয় আৰু সেইবাবেই অর্ণৱক এটা পুৰণি গোচৰত ঘৰৰ পৰা বলপূর্বক উঠাই নিয়াটো ন্যায়সংগত, তেনেহ’লে আমি নিশ্চয়কৈ একধৰণৰ যৌক্তিক বিভ্রান্তি যাক কোৱা হয় হোৱাটবাউটাৰী Whataboutery’)ৰ দ্বাৰা পৰিচালিত হৈছোঁ৷ ই একধৰণৰ কৌশল য’ত এটা অভিযোগৰ প্রত্যুত্তৰ আন এটা প্রতি–ভিযোগৰ দ্বাৰা দিবলৈ চেষ্টা কৰা হয়৷ বাঁও আৰু সোঁ–পন্থী বা লিবাৰেল আৰু ৰক্ষণশীল সকলো মনৰ মানুহৰ চিন্তাত পক্ষপাত থাকে৷ ই এক প্রাকৃতিক পৰিঘটনা৷ এই অন্তর্নিহিত পক্ষপাতবোৰ জানিবৰ বাবে‘implicit-association test (IAT)’ ৰ সহায় লোৱা হয়৷ উদাহৰণস্বৰূপে এনেকুৱা এটা পৰীক্ষাত ভাগ লোৱা ব্যক্তিসকলক কিছু বগা আৰু কিছু ক’লা মানুহৰ ফটো আৰু লগতে তাৰ লগত সংগতি থকা শব্দ যেনে ‘ভাল’ বা ‘বেয়া’ স্ক্রীনখনত দেখুৱা হয়৷ গৱেষণাত পোৱা গৈছে যে বগা মানুহ আৰু ‘ভাল’ এই দ্বৈত সংযোগটো স্ক্রীনখনত ওলাওঁতে অংশগ্রহণকাৰীীসক ক্লিক কৰিবলৈ যিমান সময় লয়, ক’লা মানুহ আৰু ‘ ভাল’ এই দ্বৈত সংযোগটো ওলালে তেওঁলোকে কম্পিউটাৰত ক্লিক কৰিবলৈ তাতকৈ বেছি সময় লয়৷ এই সময়ৰ ব্যৱধানক‘IAT’ এফেক্ট বুলি কোৱা হয়৷ অর্থাৎ, বগা মানুহ ভাল আৰু ক’লা মানুহ বেয়া এইধৰণৰ ষ্টিৰিও টাইপ আমাৰ মন মগজুত সোমাই থাকে৷ অনুৰূপ গৱেষণা অসমৰ বিশ্ববিদ্যালয়বোৰেও কৰি চাব পাৰে৷ ক’লা আৰু বগা মানুহৰ ফটোৰ সলনি, হিন্দু আৰু মুছলমান ব্যক্তিৰ ফটো ব্যৱহাৰ কৰিব পাৰে৷ এনে কোনো গৱেষণা এতিয়ালৈকে হোৱা নাই৷
অর্ণৱৰ বিষয়টোলৈ যদি উভতি আহঁো আমি দেখিম যে যিসকলে তেওঁ জে’ললৈ যোৱাৰ বাবে আনন্দিত হৈছিল তেওঁলোকৰ বেছিভাগেই বাঁওপন্থাত বিশ্বাসী৷ আনহাতে সোঁপন্থী আৰু হিন্দুত্ববাদত বিশ্বাসীসকলে তেওঁক জে’ললৈ পঠিওৱাৰ বাবে দুঃখিত হৈছিল৷ সকলোতকৈ মনোযোগ দিবলগীয়া বিষয়টো হৈছে যে অর্ণৱ দোষী নে নির্দোষী সেয়া ইমান গুৰুত্বপূর্ণ কথা বুলি বিবেচনা কৰা হোৱা নাই, বিবেচনাৰ মজিয়ালৈ অহা বিষয়টো হৈছে তেওঁ কি মতাদর্শক প্রতিনিধিত্ব কৰে সেইটোহে৷ যিহেতু তেওঁ সোঁপন্থী আৰু ৰাষ্ট্রীয়তাবাদী চেতনাক অগ্রাধিকাৰ দিয়ে সেয়ে বামপন্থী বা মধ্যমপন্থীসকলে তেওঁৰ নিউজ চেনেলৰ বিতর্কবোৰ ভাল নোপোৱাটো স্বাভাৱিক৷ হয়তো বহু সময়ত তেওঁৰ বাক্ সংযমৰ অভাৱে বহু মানুহক বিতুষ্ট কৰে আৰু ইয়াত অস্বাভাৱিকতা একো নাই৷ তেওঁৰ মতাদর্শৰ লগত আমাৰ মতাদর্শ মিলক বা নিমিলক সেই ব্যৱধান বা পার্থক্য আধাৰ হোৱা অনুচিত যেতিয়া প্রশ্ণ উত্থাপিত হয় তেওঁক ৰাজনৈতিক প্রতিশোধৰ বাবে? এনেদৰে জোৰ–জুলুম কৰি আৰক্ষীয়ে লৈ যোৱাটো ন্যায়সংগত হৈছেনে নাই? গান্ধীৰ অহিংসাৰ মূলমন্ত্র তেওঁৰ বক্তব্যৰ পৰা আমি জানিব পাৰোঁ৷ তেওঁ কৈছিল,–‘It is no non violence if we merely love those that love us. It is non-violence only when we love those that hate us’৷ মতাদর্শৰ বিপৰীত মেৰুত অৱস্থিত এজন ব্যক্তিক যেতিয়া আমি ভাল পাব পাৰিম সেয়াহে প্রকৃত অহিংসা৷
অলপতে কানাডাৰ মন্ত্রিয়াল বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকৰ লগত কথা পতাৰ সুবিধা হৈছিল৷ তেওঁ এটা কাল্পনিক দৃশ্য দাঙি ধৰিছিল৷ তেওঁ কৈছিল, ‘কল্পনা কৰা দুজন ব্যক্তিয়ে বার্তালাপ কৰি আছে৷ এজন ব্যক্তি ড্রাম্পৰ সমর্থক আনজন হৈছে বাইডেনৰ সমর্থক৷ এতিয়া বার্তালাপটো যদি বিতর্কলৈ ৰূপান্তৰিত হয় তেওঁলোকৰ শৰীৰৰ ফিজি’লজিকেল সংকেতবোৰ যেনে হূদস্পন্দন, উশাহৰ গতি কেনেকৈ সলনি হ’ব আৰু এনে পৰিস্থিতিত পৰিৱেশটো শান্ত কৰিবলৈ আমি কি কৰিব পাৰোঁ? হয়তো একধৰণৰ শৰীৰ, মন শিথিল কৰা সংগীত আমি বজাব পাৰোঁ৷ এইটো এটা দৃশ্যকল্প৷ আমি নিউজ চেনেলবোৰত হোৱা বিতর্কবোৰলৈ মনত পেলাব পাৰোঁ৷
অর্ণৱ গোস্বামীক মই বা আপুনি সমর্থন কৰিমনে নাই সেয়া আমাৰ মতাদর্শগত আনুগত্যৰ ওপৰত নির্ভৰশীল৷ আপুনি যদি ৰাষ্ট্রীয়তাবাদী আপুনি তেওঁক সমর্থন কৰিব আৰু যদি আপুনি কমিউনিষ্ট ভাবধাৰাত বিশ্বাসী তেওঁক আপুনি সমর্থন নকৰিব৷ এইটো কোনো আশ্চর্যকৰ কথা নহয়৷ সামাজিক মনোবিজ্ঞানৰ গৱেষণাই এইধৰণৰ বিষয়বোৰৰ ওপৰত আলোকপাত কৰে৷ গৱেষণাত পোৱা গৈছে যে ৭২ শতাংশ ডেম’ক্রেটেই এনে ব্যক্তিৰ লগত সম্পর্ক ৰাখিব নিবিচাৰিব যি ড’নাল্ড ড্রাম্পক ভোট দিছিল৷ আনকি তেওঁলোকে ৰুমমেট হিচাপেও একেই মতাদর্শৰ মানুহহে পছন্দ কৰে৷ আমাৰ মন বা মগজুৰ ড্রাইবেল প্রকৃতিৰ বাবেই এই বিভাজন দৃশ্যমান৷ হয়তো গণতন্ত্রৰ বাবে এই মেৰুকৰণ এটা ভাল লক্ষণ নহয়৷ পার্টিশেনশ্বিপ বা কোনো ৰাজনৈতিক দলৰ লগত সংপৃক্ত হোৱা প্রক্রিয়া লাহে লাহে বাঢ়ি আহিছে৷ বিজেপিৰ এজন সদস্যই বিজেপিকেই ভোট দিব, তেনেকৈ কংগ্রেছৰ এজন সদস্যই কংগ্রেছকেই ভোট দিব৷ ইয়াত, দলটোৱে উন্নয়নমুখী কাম কৰিছেনে নাই সেয়া ইমান গুৰুত্বপূর্ণ কথা নহয়, অৱশ্যে ধর্ম আৰু মতাদর্শ এইক্ষেত্রত যথেষ্ট প্রভাৱশালী উপাদান৷
ছ’চিয়েল আইডেণ্টিটী থিয়’ৰীৰ মতে আমি সকলোৱে সামাজিক গ্রুপৰ অংশ হৈ পৰোঁ৷ ই একধৰণৰ সহজাত বৈশিষ্ট্য৷ এইক্ষেত্রত বিজ্ঞানী ৰবার্ট চেপলস্কিয়ে কোৱা কিছু কথাৰ অনুবাদ উল্লেখ কৰিম৷ তেওঁ কৈছে– ‘ মানুহে আমি আৰু তুমি এইদৰে ভাগ ভাগ কৰাৰ প্রৱণতা যথেষ্ট গভীৰ৷ বহু গৱেষণাই প্রমাণ কৰিছে যে মানুহৰ মগজুৱে এই বিভাজন স্বয়ংক্রিয়ভাৱে আৰু অতি ক্ষিপ্রতাৰে কৰে৷ শ্বেতবর্ণৰ এজন ব্যক্তিক এটা এফ এম আৰ আই স্কেনাৰত সুমোৱাই তেওঁক কিছু কৃষ্ণবর্ণৰ মানুহ দেখুৱাই দিয়া আৰু দেখিবা যে তেওঁৰ মগজুৰ এমিগডালা অংশটো সক্রিয় হৈ পৰিছে৷ এই অংশটো ভয় আৰু খং জাতীয় আৱেগৰ লগত জডিত৷ বেছিভাগ ক্ষেত্রতেই মগজুৰ প্রি ফ্রণ্টেল কর্টেক্টে, যি আৱেগ নিয়ন্ত্রণৰ লগত জডিত, সক্রিয় হৈ পৰে আৰু এমিগডালাক নিষ্ক্রিয় কৰি তোলে৷’ ৰবার্টৰ কথাখিনি গুৰুত্বপূর্ণ৷ হয়তো এনে হ’ব পাৰে যে আপুনি যদি এজন বাঁও–চিন্তাত, প্রগতিশীল, উদাৰনৈতিক ভাবধাৰাত বিশ্বাসী তেন্তে আপুনি যেতিয়া অর্ণৱ গোস্বামীক টিভিত দেখা পায় আপোনাৰ মগজুৰ এমিগডালা সক্রিয় হৈ পৰে আৰু হয়তো আপোনাৰ খং উঠে৷ ইয়াৰ ঠিক অনুৰূপ পৰিঘটনা হয়তো আমি দেখা পাম ৰাষ্ট্রীয়তাবাদী, ৰক্ষণশীল ব্যক্তি এজনৰ ক্ষেত্রত৷ অধ্যাপক জে বেভেলে গৱেষণাত দেখুৱাইছে যে ৰক্ষণশীল মতাদর্শ আৰু সোঁ–পন্থী ৰিপাব্লিকান পার্টীৰ মাজত পাৰস্পৰিক সম্পর্ক বা‘correlation’ যোৱা কিছু বছৰত যথেষ্ট বাঢ়ি আহিছে৷ ইয়াৰ পৰা এইটো স্পষ্ট হয় যে সত্য ইমান গুৰুত্বপূর্ণ নহয়৷ আমাৰ মতাদর্শই আমাৰ আচৰণ নির্ধাৰণ কৰে৷ সামাজিক মাধ্যম যেনে ফেচবুকত এই মতাদর্শগত মেৰুকৰণ স্পষ্টভাৱে পৰিলক্ষিত হয়৷
হঁাহ আৰু শহাপহুৰ এখন দ্ব্যর্থবোধক ছবি আছে৷ অষ্ট্রিয়ান দার্শনিক লুডৱিগ ৱিটগেনষ্টাইনে এই ছবিখন তেওঁৰ‘philosophical investigations’ নামৰ কিতাপত অন্তর্ভুক্ত কৰিছিল৷ ইয়াৰ দার্শনিক আৰু ৰাজনৈতিক ব্যাখ্যা আছে৷ ছবিখন দর্শকৰ দৃষ্টিৰ ওপৰত নির্ভৰ কৰি হঁাহ বা শহাপহুৰ ৰূপ ল’ব পাৰে৷ এজন ব্যক্তিয়ে যদি এই দ্বৈততাৰ কথাটো পূর্বৰে পৰাই জানে তেতিয়া তেওঁ ছবিখন চাই ক’ব, ‘মই এতিয়া এটা শহাপহু দেখিছেছা’৷ এজন ব্যক্তি যি এই ছবিখনৰ দ্বৈততা সম্পর্কে অজ্ঞ তেওঁ ক’ব, এই ছবিখন এটা শহাপহুৰহে’, কাৰণ তেওঁ ইয়াৰ আনটো চৰিত্র সম্পর্কে সম্পূর্ণ অজ্ঞ৷ হয়তো আমিও আমাৰ মতাদর্শগত অনমনীয়তাক প্রত্যাহাৰ কৰিব লাগিব তেতিয়াহে আমি হঁাহ আৰু শহাপহু যে একে সময়তে একেখন ছবিতে থাকিব পাৰে সেয়া বুজিব পাৰিম৷ তেনেকৈয়ে মতাদর্শৰ প্রান্তীয় স্তৰত এক কট্টৰ বাব অনমনীয় অৱস্থান লোৱাতকৈ আমি মধ্যম পন্থাৰ ফালে ধাৱমান হোৱা উচিত তেতিয়া হয়তো আমি মতাদর্শৰ ঊর্ধ্বত থাকি সঁচা আৰু মিছাৰ প্রভেদ বিচাৰিবলৈ বিশেষ কষ্ট কৰিবলগীয়া নহ’ব আৰু আমাৰ অন্তর্নিহিত পক্ষপাতবোৰকো আমি প্রতিহত কৰিব পাৰিম৷

You might also like