নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ থার্ড ৱেভ

মানৱ জাতিৰ স্বাভাৱিক জীৱন স্তব্ধ কৰাৰ লগতে বিশ্ব অর্থনীতিত মোক্ষম আঘাত হনা ন’ভেল ক’ৰোনা ভাইৰাছ বা ক’ভিড–১৯ৰ সংক্রমণ ক্রমশঃ হ্রাস পাই আহিছিল যদিও শেহতীয়াকৈ মহামাৰীয়ে আমেৰিকা, জার্মানী, ৰাছিয়া, ফ্রান্স, জাপান, ইৰানকে ধৰি কেইবাখনো ৰাষ্ট্রত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে৷ অতি ভয়ংকৰ হাৰত এই দেশকেইখনত বৃদ্ধি পাইছে ক’ৰোনা আক্রান্ত ৰোগীৰ সংখ্যা৷ বিশেষকৈ হঠাতে আমেৰিকাৰ অৱস্থা বর্ণনাতীত হৈ পৰিছে৷ জনছ হপকিন্স বিশ্ববিদ্যালয়ে নতুনকৈ হোৱা ক’ৰোনা ভাইৰাছৰ এই সংক্রমণক অভিহিত কৰিছে তৃতীয় ঢ়ৌ অথবা থার্ড ৱেভ ৰূপে৷ জনছ হপকিন্স বিশ্ববিদ্যালয়ে যোৱা শনিবাৰে প্রকাশ কৰা তথ্য অনুসৰি মাত্র ২৪ ঘণ্টাৰ ভিতৰতে আমেৰিকাৰ ২,০৫,০২৪জন লোকৰ দেহত মাৰাত্মক ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷ ক’ৰোনাকালত দৈনিক সংক্রমণৰ ক্ষেত্রত এয়া চিহ্ণিত হৈছে অনাকাংক্ষিত অভিলেখ ৰূপে৷ আমেৰিকাত এইদৰে ভয়ংকৰ হাৰত সংক্রমণ হ’বলৈ ধৰাৰ লগে লগে বিশ্বত ক’ৰোনা আক্রান্ত ৰোগীৰ সংখ্যাও অভাৱনীয়ভাৱে বৃদ্ধি পালে৷ যোৱা শনিবাৰ পর্যন্ত বিশ্বত ক’ৰোনা আক্রান্ত ৰোগীৰ মুঠ সংখ্যা হৈছেগৈ ৬,১৫,৯২,০৯৫জন৷ আমেৰিকাৰ সমান্তৰালভাৱে জার্মানী, ৰাছিয়া, ফ্রান্স, জাপান, ইৰান আদি দেশতো অতি উদ্বেগজনকভাৱে ক’ৰোনা আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই আছে৷ মহামাৰীৰ সংক্রমণ ৰোধ হোৱা নাই ভাৰততো৷ দৈনিক সংক্রমণৰ সংখ্যা পূর্বতকৈ কিছু কমিলেও ভাৰতত এতিয়াও প্রতিদিনে ৪০ হাজাৰজনতকৈ অধিক লোকৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷ ক’ৰোনাৰ থার্ড ৱেভ সমগ্র বিশ্বৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে৷ কিয়নো দেশে দেশে গৱেষণা অব্যাহত থাকিলেও বর্তমান পর্যন্ত ক’ৰোনাৰ সংক্রমণ প্রতিৰোধকল্পে প্রতিষেধক আৱিষ্কাৰৰ কোনো ফলপ্রসূ সমাধান ওলোৱা নাই৷ এনে অৱস্থাত বিশ্ববাসী পুনৰ লকডাউনৰ দিনলৈ উভতি যাব লাগিব নেকি, তাক লৈও আশংকাৰ সৃষ্টি হৈছে৷ এই আশংকা অধিক তীব্রতৰ কৰি তুলিছে আমেৰিকাৰ বর্তমানৰ অৱস্থাই৷
সংবাদ মাধ্যমত প্রকাশ পোৱা অনুসৰি দ্রুত হাৰত সংক্রমণ বৃদ্ধি পাই থকাৰ ফলত আমেৰিকাৰ চিকিৎসালয়সমূহত বিছনা–আইচিইউ পাবলৈ নোহোৱা হৈছে৷ অকল সেয়াই নহয়, বহু চিকিৎসক–নার্ছ–চিক্ কর্মীও ক’ভিড–১৯ত আক্রান্ত হোৱাত চিকিৎসা সেৱা বিঘ্ণিত হৈ পৰিছে৷ গুৰুত্বপূর্ণ কথাটো হ’ল যে নৱেম্বৰৰ পৰা ফেব্রুৱাৰী মাহলৈ আমেৰিকাৰ জনসাধাৰণক সতর্কতা অৱলম্বন কৰাৰ বাবে বিশেষজ্ঞসকলে আগতীয়াকৈ সাৱধান বাণী দিছিল৷ কিন্তু বাৰম্বাৰ সকীয়নি দিয়া সত্ত্বেও মানুহে মাস্ক ব্যৱহাৰ আৰু সামাজিক ব্যৱধান মানি চলাৰ ক্ষেত্রত অনীহা প্রকাশ কৰিলে৷ প্রধানতঃ এয়াই আমেৰিকাত ক’ৰোনাৰ থার্ড ৱেভৰ মূল কাৰণ বুলি বিশেষজ্ঞসকলে দাবী কৰিছে৷ পূর্বতে আমেৰিকাত ক’ৰোনাৰ সংক্রমণ একপ্রকাৰ ডাঙৰ চহৰসমূহতেই সীমাবদ্ধ আছিল৷ কিন্তু এতিয়া মহামাৰী ক্রমশঃ গ্রামীণ আৰু দুর্গম অঞ্চলসমূহলৈ সংক্রমিত হৈছে৷ আমেৰিকাৰ এই অৱস্থাৰ পৰাই আমি শিক্ষা লোৱা উচিত৷ অসমতো ক’ৰোনা সংক্রমণ হ্রাস পাই অহাৰ লগে লগে মানুহে মাস্ক পৰিধান আৰু সামাজিক ব্যৱধান মানি চলা বিষয়টোক এলাগী কৰা পৰিলক্ষিত হৈছে৷ ইয়াৰ ফলত পৰিস্থিতিয়ে পুনৰ জটিল ৰূপ ধাৰণ কৰিব পাৰে৷ ক’ৰোনা আক্রান্ত ৰোগীৰ সংখ্যাৰ দিশৰ পৰা ভাৰত বর্তমানেও আমেৰিকাৰ পিছতেই আছে৷ যোৱা শনিবাৰ পর্যন্ত ভাৰতত ক’ৰোনা আক্রান্ত ৰোগীৰ সংখ্যা হৈছে ৯৩,৫১,১০৯জন৷ এনে পৰিস্থিতিৰ মাজতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শনিবাৰে দেশৰ তিনিটা প্রতিষেধক গৱেষণা কেন্দ্র পৰিদর্শন কৰি কার্যতঃ গুৰুত্বপূর্ণ বার্তা দিলে৷ প্রধানমন্ত্রী মোদীয়ে গুজৰাটৰ আহমেদাবাদস্থিত জাইডাছ কেডিলা, তেলেংগানাৰ হাইদৰাবাদস্থিত ভাৰত বায়’টেক আৰু মহাৰাষ্ট্রৰ পুনেস্থিত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ গৱেষণাগাৰত উপস্থিত হৈছিল৷ এই গৱেষণাগাৰকেইটাত ক’ৰোনা ভাইৰাছৰ প্রতিষেধক পৰীক্ষা বিভিন্ন পর্যায়ত আছে৷ গৱেষণাগাৰ তিনিটা পৰিদর্শনৰ জৰিয়তে প্রধানমন্ত্রী মোদীয়ে হয়তো ক’ৰোনা ভাইৰাছৰ প্রতিষেধক যাতে সোনকালে দেশবাসীয়ে লাভ কৰিব পাৰে সেই ক্ষেত্রত নিজে ব্যক্তিগতভাৱে পদক্ষেপ লোৱাৰ বার্তা দিব বিচাৰিছে বুলি ইতিমধ্যে চর্চা হৈছে৷ পিছে প্রধানমন্ত্রী মোদীয়ে প্রতিষেধক আৱিষ্কাৰ নোহোৱা পর্যন্ত দেশবাসীক বাৰম্বাৰ আহ্বান জনাই অহাৰ লগতে এইক্ষেত্রত চৰকাৰীভাৱে বিভিন্ন ধৰণৰ সজাগতা অভিযান অব্যাহত ৰাখিছে৷ বর্তমান পৰিস্থিতিত এনে আহ্বান মানি চলাটোহে দেশবাসীৰ বাবে অতি জৰুৰী৷

You might also like