বসন্ত ৰোগৰ পৰা হাত সাৰিবলৈ কি খাব
শীতৰ পাছত অহা বসন্ত ঋতুলৈ সকলোৱে বৰ আগ্ৰহেৰে অপেক্ষা কৰে। কিন্তু বসন্ত মানেই নানাধৰণৰ সংক্রামক ৰোগৰ আশংকা। বসন্তকালৰ ৰোগ-ব্যাধিৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ কি খাব লাগে? তিতা খাবলৈ বহুতেই পছন্দ নকৰে। কিছুমানে আকৌ বছৰৰ আন সময়তো খুব খায় তিতা। কিন্তু, বসন্তকালত তিতাৰ প্রয়োজনীয়তা বেছি। বছৰৰ এই সময়ত বসন্ত, সৰু আই জাতীয় ৰোগৰ প্রকোপ বৃদ্ধি পায়। সৰু-ডাঙৰ সকলেই এই ৰোগত আক্রান্ত হ’ব পাৰে।
স্বাদত তিতা হ’লেও উপকাৰী গুণ সমৃদ্ধ তিতা কেৰেলা এই ৰোগসমূহৰ বিৰুদ্ধে হাতিয়াৰ হ’ব পাৰে। ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবেও অতি ভাল খাদ্য তিতা কেৰেলা। তিতা কেৰেলা যিমান উপকাৰী ইয়াৰ বীজো সমানেই উপকাৰী। ইয়াত আছে ভিটামিন, কেৰোটিন, কেলছিয়াম, বিভিন্ন খনিজ আৰু নানা স্বাস্থ্যকৰ উপাদান। ৰক্ত পৰিষ্কাৰ কৰাৰ পৰা অৰুচি দূৰ কৰা, চকুৰ বিভিন্ন সমস্যা সমাধানত অপৰিহার্য তিতা কেৰেলাৰ বীজ।
একেদৰে, স্বাস্থ্যগুণৰ দিশৰ পৰা বৰ উপকাৰী এবিধ হ’ল নিম পাত। নিমপাত ভাজি খোৱাৰ উপৰি বেঙেনাৰেও সুন্দৰকৈ ৰান্ধি খাব পাৰে।