নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্ৰাবিড়ে দিলে স্মাৰক, কাষতে পত্নী অনুষ্কা, বিৰাটৰ কেনে অনুভৱ…

বিশেষ বাৰ্তা, ৪ মাৰ্চঃ আজিৰে পৰা আৰম্ভ হোৱা মোহালিৰ টেষ্ট বিৰাট কোহলিৰ জীৱনৰ অন্যতম মাইলষ্টন। শততম টেষ্ট খেলত নামিছে তেওঁ। মেচ আৰম্ভ হোৱাৰ আগতে ৰাহুল দ্রাবিড়ৰ হাতৰ পৰা স্মাৰক পালে বিৰাটে। স্মাৰক হিচাপে এটা টুপী দিয়া হয় বিৰাটক। সেই মুহূর্তত কাষতে আছিল পত্নী অনুষ্কা শর্মা। গেলাৰীত আছিল ককায়েক বিকাশ কোহলি। দল, সতীর্থৰ সম্মুখত নিজৰ পৰিয়ালৰ কথা ওলাল বিৰাটৰ মুখত। তাৰকা খেলুৱৈগৰাকীৰ হাতত স্মাৰক তুলি দি দ্রাবিড়ে কয় যে- এই সন্মান তেওঁৰ প্রাপ্য।

দ্রাবিড়ৰ হাতৰ পৰা এই সন্মান পাই খুব সুখী বিৰাট। টুপীটো হাতত লৈ বিৰাটে দ্রাবিড়ক ধন্যবাদ জনাই কয় যে এয়া তেওঁৰ জীৱনৰ বিশেষ মুহূর্ত। তেওঁৰ পত্নী কাষতে আছে, ভাতৃ আছে গেলাৰীত। এই যাত্ৰা দলীয়। ৰাহুল অবিহনে সেয়া সম্ভৱ নহ’লহেঁতেন বুলি কৈ বিচিচিসিআইকো ধন্যবাদ জনায়। এনে সন্মান ৰাহুল দ্ৰাবিড়ৰ হাতেৰে পোৱাটো সবাতোকৈ আনন্দৰ কথা। তেওঁৰ শৈশৱৰ হিৰো। ১৫ অনূর্ধ্বৰ দলত খেলাৰ সময়ত ৰাহুলৰ সৈতে তোলা ফটোখন এতিয়াও ধুনীয়াকৈ ৰাখিছে বুলি ক’লে বিৰাটে।

You might also like