ইছলাম আৰু সন্ত্রাসবাদ
ড০ অংকিতা দত্ত
পৃথিৱীত ইছলাম ধর্মৰ আগমনৰ পিছৰে পৰা মুছলমানসকলে ইচ্ছাকৃতভাৱে হিন্দু আৰু অন্যান্য অ–মুছলমানসকলৰ বিৰুদ্ধে বিভিন্ন হিংসাত্মক ঘটনা সংঘটিত কৰি আহিছে৷ কাশ্মীৰৰ পেহেলগাম চহৰত হিন্দু পর্যটকৰ বিৰুদ্ধে সংঘটিত শেহতীয়া সন্ত্রাসবাদী আক্রমণ এই একেই ভয়ংকৰ ইছলামিক মানসিকতাৰেই পুনৰাবৃত্তি বুলি আমি বুজিব লাগিব৷ আৰু তথাপি বহুতো হিন্দুৱে তেওঁলোকৰ উপার্জনৰ পৰা হাজাৰ হাজাৰ টকা খৰচ কৰি পৰিয়ালৰ সৈতে কাশ্মীৰ ফুৰিবলৈ যায়৷ আচৰিত৷ যেন কাশ্মীৰৰ দৰে সন্ত্রাসবাদী ঘাটিৰ বাহিৰে সমগ্র ভাৰতবর্ষ আৰু আনকি বিশ্বতো ভ্রমণ কৰিবলৈ আন কোনো ঠাই নাই৷ হয়তো এই কথা কোৱাৰ বাবে আমাক বহুতে বেয়া পাব পাৰে৷
শুনিবলৈ ভাল নালাগিলেও কিন্তু ব্যক্তিগতভাৱে এগৰাকী ভাৰতীয় নাগৰিক আৰু হিন্দু হিচাপে আমি কেতিয়াও কোনো বন্ধু বা পৰিয়ালৰ সদস্যক পর্যটনৰ উদ্দেশ্যে কাশ্মীৰ ভ্রমণ কৰিবলৈ উৎসাহিত নকৰোঁ৷ এই মুহূর্তত আমি সকলোৱে এটা কথা স্পষ্টকৈ বুজি পোৱা উচিত– কাশ্মীৰত হিন্দুসকলে ব্যয় কৰা তেওঁলোকৰ কঠোৰ পৰিশ্রমৰ প্রতিটো টকাই হিন্দু সমাজৰ পৰৱর্তী ৰক্তপাতত ইন্ধন যোগায়৷ কাশ্মীৰৰ তথাকথিত ‘দৰিদ্র’ মুছলমানৰ প্রতি সহানুভূতিশীল হোৱাৰ আমাৰ কোনো কাৰণ থাকিব নালাগে৷ কিয়নো তেওঁলোকে বাৰম্বাৰ হিন্দু সমাজৰ প্রতি নিজৰ শত্রুতা অপ্রত্যাশিতভাৱে প্রদর্শন কৰিছে৷ তেন্তে আমি তেওঁলোকক আমাৰ নিচিনা বুলিয়েই কিয় গণ্য কৰা উচিত?
তেওঁলোক আমাৰ দৰে নহয়৷ আৰু তেওঁলোক কেতিয়াও আমাৰ দৰে হ’বও নোৱাৰে৷ মৰুভূমিত উৎপত্তি হোৱা তেওঁলোকৰ ধর্ম আৰু আমাৰ সনাতন হিন্দু ধর্মৰ মাজত যেনেকৈ কোনো তুলনা হ’ব নোৱাৰে, ঠিক তেনেদৰে তেওঁলোক আৰু আমাৰ মাজতো কেতিয়াও কোনো ভ্রাতৃত্ববোধ থাকিব নোৱাৰে৷ ফেঁটীসাপক গাখীৰ খুৱালে সাপটোৱে কেতিয়াও আমাক আদৰ–সন্মান নকৰে৷ সময়–সুযোগ পালেই ই আমাক অত্যন্ত নৃশংসভাৱে কামুৰিব৷ চমুকৈ ক’বলৈ গ’লে- পর্যটনৰ নামত কাশ্মীৰী মুছলমানক ধনী কৰা মানে আমি নিজেই নিজৰ মৃত্যুক আঁকোৱালি লোৱা৷ এইখিনিতে মনলৈ আহে কেইবছৰমান পূর্বে আমাৰ এজন আত্মীয়ৰ বন্ধুৱে আমাক বর্ণনা কৰা এটা সঁচা ঘটনা৷ আমাৰ আত্মীয়ৰ বন্ধুজন তেওঁৰ পৰিয়ালৰ সৈতে শ্রীনগৰ ফুৰিবলৈ গৈছিল৷ পর্যটনৰ কেন্দ্রবিন্দু নিগিন হ্রদৰ এখন হাউছব’টত তেওঁলোকৰ তিনি ৰাতিৰ বাবে বুকিং আছিল৷ বন্ধুজনে হাউছব’টৰ ভিতৰত তেওঁলোকৰ ট্ৰলীবোৰ স্থানান্তৰ কৰি থকাৰ সময়ত হাউছব’টৰ এজন পৰিচাৰকে তেওঁৰ অনুমতি অবিহনে তেওঁৰ ৬ বছৰীয়া কন্যাক পিছফালৰ কাঠৰ ৰাস্তাৰে ফুৰাবলৈ বুলি লৈ গৈছিল৷ তাৰ পৰা পৰিচাৰকজন ছোৱালীজনীৰ সৈতে ওচৰৰ ঠেক পথটোৰ মাজেৰে মূল ৰাস্তাৰ দিশে যাবলৈ আৰম্ভ কৰে৷ নিজৰ কন্যাক নেদেখি কেইমিনিটমানৰ ভিতৰতে আমাৰ বন্ধু আৰু তেওঁৰ পৰিবাৰে ছোৱালীজনী নিৰুদ্দেশ হোৱা বুলি চিঞৰ–বাখৰ লগায় আৰু তাইক বিচাৰিবলৈ লয়৷
সৌভাগ্যক্রমে আন এজন পর্যটকে হঠাতে ছোৱালীজনীক পৰিচাৰকজনৰ সৈতে খোজকাঢ়ি গৈ থকা দেখে৷ লগে লগে আমাৰ বন্ধুজন দৌৰি যায় আৰু হাউছব’টৰ পৰা প্রায় ১০০ মিটাৰ দূৰত তেওঁ দুয়োকে ধৰিবলৈ সক্ষম হয়৷ পৰিচাৰকজনক সোধা–পোছা কৰাত তেওঁ কয় যে ছোৱালীজনীক ওচৰৰ আপেলৰ বাগিচা দেখুৱাবলৈ বুলিহে লৈ গৈছিল৷ সেই সময়ৰ পৰা আমাৰ বন্ধুৱে তেওঁলোকৰ কাশ্মীৰ ভ্রমণ শেষ হোৱালৈকে নিজৰ পৰিয়ালৰ ওপৰত কঠোৰ সতর্কতা বজাই ৰাখিছিল৷ তেওঁ তাত লগ পোৱা ৩–৪জন স্থানীয় হিন্দুৰ পৰামর্শ অনুসৰিহে পৰিয়ালৰ লগত বিভিন্ন স্থানলৈ গৈছিল৷ বৈষ্ণোদেৱী মন্দিৰ দর্শনৰ বাবে কাটৰা পোৱাৰ লগে লগে কিমান যে সকাহ পাইছিল তেওঁ৷ লেখক হিচাপে এই ঘটনাটোৰ বিষয়ে লিখিবলৈ আমি ইয়াত প্রয়োজনবোধ কৰিলোঁ৷ দৰাচলতে মনত কাশ্মীৰ ভ্রমণ কৰাৰ সপোন পুহি ৰখা সাধাৰণ হিন্দুসকলে এই ঘটনাৰ পৰা বহুতো শিকিবলগীয়া আছে৷ যিকোনো পৰিস্থিতিতে কাশ্মীৰৰ যিকোনো হোটেলৰ মুছলমান পৰিচাৰক বা কর্মচাৰীক বিশ্বাসত ল’ব নালাগে৷ আমাৰ বন্ধুৱে উল্লেখ কৰাৰ দৰে কাশ্মীৰী মুছলমানৰ পৰা গ্রহণ কৰা খোৱা খাদ্যৰ প্রতিও হিন্দু পর্যটকসকল অত্যন্ত সাৱধান হোৱা উচিত৷ অৱশ্যে, কাশ্মীৰলৈ যোৱা সকলো পর্যটকৰ দলক এজন স্থানীয় মুছলমান ৰান্ধনী সাধাৰণতে প্রদান কৰা হয়৷ তেওঁ বিভিন্ন ব্যঞ্জন প্রস্তুত কৰিবলৈ প্রয়োজনীয় সকলো সামগ্রী বজাৰৰ পৰা আগতীয়াকৈ ক্রয় কৰি ৰাখে৷
হাউছব’টত নিয়োজিত মুছলমান ৰূম ক্লীনাৰজনে ব’টখনৰ সকলো কোঠা আৰু শৌচালয়ত প্রৱেশ কৰিব পাৰে৷ আমোদজনকভাৱে বেছিভাগ হাউছব’টৰ খিৰিকীবোৰত হুক লগোৱাৰ কোনো ব্যৱস্থা নাই৷ কাশ্মীৰত সংঘটিত প্রতিটো সন্ত্রাসবাদী আক্রমণৰ পিছত স্থানীয় মুছলমানসকলে ঘটনাটো সন্দর্ভত শোক প্রকাশ কৰে আৰু হাতত মমবাতি লৈ ৰাজ্যখনৰ বিভিন্ন প্রান্তত শান্তিৰ সমদল আয়োজন কৰা দেখা যায়৷ পেহেলগামৰ শেহতীয়া ঘটনাৰ পিছতো তেওঁলোকে আয়োজন কৰা এনেকুৱা বহুতো ৰেলীত নিজৰ ব্যৱসায়–বাণিজ্য আদি ক্ষতিগ্রস্ত নহ’বলৈ ভাৰতবর্ষৰ বিভিন্ন ৰাজ্যৰ পর্যটকসকলক আকৌ কাশ্মীৰ ফুৰিবলৈ অহাৰ বাবে অনুৰোধ জনোৱা দেখা গৈছিল৷ কিন্তু আটাহতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে স্থানীয় লোকৰ সমর্থন আৰু সহযোগিতা অবিহনে যিকোনো অঞ্চলত সন্ত্রাসবাদী কার্যকলাপ ইমান বৃদ্ধি পাব নোৱাৰে৷ তদুপৰি আজিৰ কাশ্মীৰী মুছলমানসকল সেই লোকসকলৰে বংশধৰ, যিসকলে লাখ লাখ কাশ্মীৰী হিন্দুৰ গণহত্যা কৰি তেওঁলোকক নিজৰ মাতৃভূমি এৰি পলায়ন কৰিবলৈ বাধ্য কৰাইছিল৷ আমাৰ দেশৰ সংবাদ মাধ্যম আৰু তথাকথিত ‘বুদ্ধিজীৱী’সকলে হিন্দুসকলক নিজৰ ইতিহাসৰ পৰা আঁতৰাই ৰাখিবলৈ একাধিক প্রচেষ্টা কৰা সত্ত্বেও কাশ্মীৰী হিন্দু গণহত্যাৰ দৰে ইতিহাসৰ তিক্ত সত্যবোৰ আমি পাহৰি যোৱাটো উচিত নহয়৷ সদায় হিন্দুৱেই পাহৰি যাব আৰু ক্ষমা কৰি দিব বুলি কিয় আশা কৰা হয়?
ক্ষমা–প্রার্থনা তেতিয়াহে প্রযোজ্য, যেতিয়া দুয়োপক্ষই ক্ষমা কৰিবলৈ সাজু৷ যেতিয়া এক পক্ষই কেৱল হিংসাৰ ভাষাহে বুজি পায় তেতিয়া ক্ষমাৰ স্থান নাথাকে৷ তেনেক্ষেত্রত প্রতিশোধ অনিবার্য৷ ইয়াৰে এক সুন্দৰ উদাহৰণ হ’ল আমাৰ মহাকাব্য মহাভাৰত আৰু ধর্ম ৰক্ষাৰ স্বার্থত শ্রীকৃষ্ণই গীতাত অর্জুনক প্রদান কৰা অমূল্য জ্ঞান৷ হয়তো কাশ্মীৰক ভাৰতৰ অন্যতম ৰোমাণ্টিক হনিমুন ডেষ্টিনেচনৰ শ্রেণীত বলীউডত অত্যধিক প্রচাৰ কৰা হৈছে৷ আমি সকলোৱে ‘য়ে চান্দ চা ৰোশন চেহৰা’, ‘ভুমব্রো ভুমব্রো শাম ৰং ভুমব্রো’, ‘য়ে হছিন ৱাদিয়া য়ে খুলা আচমান’, ‘কোৰা কাগজ থা য়ে মন মেৰা’ আদি কাশ্মীৰত দৃশ্যগ্রহণ কৰা গীতেৰে ভৰপূৰ বিভিন্ন হিন্দী চলচ্চিত্র চাই ডাঙৰ হৈছোঁ৷ কিন্তু এইসমূহ চলচ্চিত্রৰ পৰিচালকসকলে কাশ্মীৰী হিন্দুসকলৰ নির্মম গণহত্যাৰ ভয়ংকৰ ইতিহাস দর্শকৰ দৃষ্টিৰ পৰা অতি কৌশলগতভাৱে লুকুৱাই ৰখাৰ বিষয়টো উপেক্ষা কৰিব নোৱাৰি৷ কাশ্মীৰৰ মনোমোহা প্রাকৃতিক সৌন্দর্যক প্রাণৱন্ত গীত আৰু কাশ্মীৰী নৃত্য আদিৰ জৰিয়তে তেওঁলোকৰ দ্বাৰা এনেদৰে চিত্রিত কৰা হৈছে যাতে সময়ৰ লগে লগে সাধাৰণ মানুহৰ স্মৃতিৰ পৰা এই ইতিহাস সম্পূর্ণৰূপে ম্লান হৈ যায়৷ কিন্তু এখন ঠাইৰ সৌন্দর্য আৰু প্রাকৃতিক পৰিৱেশ নির্বিশেষে আজিৰ তাৰিখলৈকে ইমান বছৰ ধৰি ইছলামিক সন্ত্রাসবাদীয়ে বিধ্বস্ত কৰা সেই একেখন ঠাইক ‘পর্যটনস্থলী’ বা ‘হনিমুন ডেষ্টিনেচন’ হিচাপে কেনেকৈ বিপণন কৰিব পাৰি, সেয়া আমাৰ বাবে বিড়ম্বনাৰ বিষয়৷
মানুহে নিজৰ ব্যস্ত দৈনন্দিন জীৱনৰ পৰা অলপ বিশ্রামৰ বাবে পৰিয়ালৰ লগত ফুৰিবলৈ যায়৷ কিন্তু এনে এখন ঠাই য’ৰ স্থানীয় লোকসকলে নিজকে ভাৰতীয় বুলিয়েই গণ্য নকৰে সেই ঠাইলৈ যোৱাৰ আমাৰ প্রয়োজন কি? এই কথা অৱশ্যে আমি নিজে কোৱা নাই৷ দীর্ঘদিন ধৰি ভাৰতত বাস কৰা ফৰাচী সাংবাদিক আৰু বিশিষ্ট সমাজকর্মী ফ্রংকো গডটিয়েৰে বিভিন্ন সংবাদ মাধ্যমত সময়ে সময়ে কাশ্মীৰ সমস্যাৰ বিতং বিশ্লেষণ আগবঢ়াই আহিছে৷ তেওঁ নিজেই ১৯৮০ৰ দশকৰ পৰা কাশ্মীৰত কেইবাবছৰো অতিবাহিত কৰিছে৷ কাশ্মীৰী বিচ্ছিন্নতাবাদী আন্দোলন সন্দর্ভত তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে যে কাশ্মীৰৰ মূল সমস্যাটোৱেই হ’ল ইছলাম নামৰ ধর্মীয় মতাদর্শটো৷
কাশ্মীৰৰ সাধাৰণ নাৱৰীয়াজনৰ পৰা চৰকাৰী বিষয়া আৰু উচ্চ ন্যায়ালয়ৰ অৱসৰপ্রাপ্ত ন্যায়াধীশলৈকে বহুতো কাশ্মীৰী মুছলমানৰ সাক্ষাৎকাৰ লোৱাৰ তেওঁৰ নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি ফ্রংকো গডটিয়েৰে লগতে এই কথাও উল্লেখ কৰিছে যে কাশ্মীৰী মুছলমানসকলে নিজকে ভাৰতীয় নহয় বুলি দৃঢ়তাৰে বিশ্বাস কৰে৷ তেওঁলোকে আমাক অর্থাৎ দেশৰ বিভিন্ন ৰাজ্যৰ লোকসকলক ভাৰতীয় বুলি ঘৃণা কৰে৷ কিন্তু আমি কাশ্মীৰ ফুৰিবলৈ গ’লে তেওঁলোকে আমাৰ লগত মিঠা মিঠা কথা পাতি নিজৰ তথাকথিত ‘দৰিদ্র’ আৰু ‘অর্থনৈতিকভাৱে পিছপৰা’ সামাজিক স্থিতি আমাৰ আগত অতি চতুৰালিৰে বিপণন কৰে আৰু আমাৰ পৰা সহানুভূতি লাভ কৰে৷ এনেদৰেই তেওঁলোকে আমাৰ নিচিনা ঘৃণাৰ পাত্র সেই একে ভাৰতীয়সকলৰ পৰা আজি বছৰ বছৰ ধৰি ‘পর্যটন’ৰ নামত কোটি কোটি টকা উপার্জন কৰি আছে৷ যিকোনো প্রকাৰৰ অর্থনৈতিক আৰু আন্তঃগাঁথনিগত বিকাশ, চৰকাৰী ৰাজসাহায্য, ৰাজনৈতিক পৃষ্ঠপোষকতা, সাংবিধানিক সংশোধন যেনে অনুচ্ছেদ ৩৭০ আৰু ৩৫Aৰ বাতিল আৰু গণতন্ত্রই তেওঁলোকৰ এই ভাৰতবিৰোধী মানসিকতা কেতিয়াও সলনি কৰিব নোৱাৰে৷ সেয়েহে গডটিয়েৰৰ মতে, কাশ্মীৰত ইছলামিক সন্ত্রাসবাদ কেতিয়াও শেষ নহয়৷ যেতিয়ালৈকে সন্ত্রাসবাদীসকলে স্থানীয় লোকৰ সহায়–সহযোগিতা নীৰৱে লাভ কৰি থাকিব, কাশ্মীৰত সন্ত্রাসবাদৰ সমাপ্তি ঘটিব বুলি ভবাটোও সপোনৰ অগোচৰ৷
কাশ্মীৰত সন্ত্রাসবাদৰ ইতিহাসলৈ যদি আমি ঘূৰি চাওঁ তেন্তে এটা কথা ভালদৰে লক্ষ্য কৰিব পাৰিম৷ স্থানীয় টুৰিষ্ট গাইড আৰু আনকি চৰকাৰী বিষয়ায়ো কাশ্মীৰৰ দূৰৱর্তী গাঁৱত বাস কৰা হিন্দু পৰিয়ালৰ লোকৰ গুৰুত্বপূর্ণ তথ্য সন্ত্রাসবাদীক ফাদিল কৰি তেওঁলোকক অতি নির্মমভাৱে হত্যা কৰাত বিভিন্ন সন্ত্রাসবাদী সংগঠনক সহায় কৰে৷ পূর্বপৰিকল্পিত এই সন্ত্রাসবাদী আক্রমণবোৰ পাকিস্তানৰ দ্বাৰা অনুদানপ্রাপ্ত বিভিন্ন সন্ত্রাসবাদীয়ে কাশ্মীৰত কিছুমান নির্দিষ্ট সময়ত ইচ্ছাকৃতভাৱে কার্যকৰী কৰে, যেনে- নির্বাচনী প্রচাৰ বা মুছলমানসকলৰ যিকোনো উৎসৱৰ প্রাকমুহূর্তত বা কাশ্মীৰী হিন্দুসকলক তেওঁলোকৰ জন্মভূমিলৈ ঘূৰাই অনাৰ চৰকাৰী প্রচেষ্টা বিফল কৰাৰ বাবে৷
এনেধৰণৰ অসংখ্য হিন্দু গণহত্যাই বিশেষকৈ ১৯৯০ চনৰ পিছৰ সময়ছোৱাত ভাৰত নিয়ন্ত্রিত কাশ্মীৰ উপত্যকাক পাকিস্তান অধিকৃত কাশ্মীৰ (পিঅ’কে)ৰ পৰা পৃথক কৰা এলঅ’চিলৈকে সমগ্র অঞ্চলটো কঁপাই তুলিছিল৷ উদাহৰণস্বৰূপে ১৯৯৩ চনৰ ১৪ আগষ্টত, অর্থাৎ পাকিস্তানৰ স্বাধীনতা দিৱসৰ দিনা প্রাক্তন জম্মু–কাশ্মীৰ ৰাজ্যৰ কিষ্টৱাৰ জিলাৰ চৰথাল উপত্যকাত ইছলামিক সন্ত্রাসবাদীয়ে এখন যাত্রীবাহী বাছ হাইজেক কৰি প্রায় ১৬–১৭জন হিন্দু পুৰুষক তেওঁলোকৰ মহিলা আৰু শিশুসকলৰ পৰা পৃথক কৰে৷ সন্ত্রাসবাদীৰ দলটোৱে তেওঁলোকক ওচৰৰ ঘাঁহনিলৈ লৈ যায় আৰু প্রত্যেকজন পুৰুষৰ মৃত্যু হোৱালৈকে তেওঁলোকৰ ওপৰত নিৰন্তৰ গুলীচালনা কৰে৷ আকৌ ১৯৯৭ চনৰ ২১ মার্চৰ নিশা প্রাক্তন জম্মু–কাশ্মীৰ ৰাজ্যৰ বদগম জিলাৰ চাংৰামপোৰা গাঁৱৰ ভট উপাধিৰ একেটা কাশ্মীৰী হিন্দু পৰিয়ালৰ আঠজন সদস্যক মুখাপিন্ধা ইছলামিক সন্ত্রাসবাদীয়ে তেওঁলোকৰ ঘৰৰ পৰা অপহৰণ কৰি ৰাস্তাত শাৰী পাতিবলৈ কৈ মূৰত গুলীয়াই মাৰে৷ উল্লেখ্য যে সেই সময়লৈকে কাশ্মীৰৰ বেছিভাগ হিন্দুৱে ইতিমধ্যে নিজৰ ঘৰ মাটি আৰু মাতৃভূমি এৰি আন ঠাইলৈ পলায়ন কৰিছিল৷ কিন্তু তেওঁলোকে যাতে পুনৰ কাশ্মীৰলৈ উভতি অহাৰ কেতিয়াও সাহস নকৰে সেইবাবেই এই ভয়ংকৰ ঘটনাটো মুছলমানসকলে চাৰিওফালে সন্ত্রাস সৃষ্টি কৰাৰ উদ্দেশ্যে শুকুৰবাৰে সন্ধিয়া জুম্মা নামাজৰ পিছত সংঘটিত কৰা বুলি কোৱা হয়৷ কেইমাহমানৰ পিছত ১৯৯৮ চনৰ ২৫ জানুৱাৰীত গণতন্ত্র দিৱসৰ ঠিক এদিন পূর্বে পুনৰ আন এটা হিন্দুবিৰোধী হিংসাত্মক ঘটনাই সমগ্র কাশ্মীৰ জোকাৰি যায়৷ সেই দুর্ভাগ্যজনক দিনটোত ভাৰতীয় সেনাৰ পোছাক পৰিধান কৰি প্রায় ২৫জন সন্ত্রাসবাদী কাশ্মীৰৰ গান্দেৰবল জিলাৰ ৱান্ধামা গাঁৱত মাজনিশা প্রৱেশ কৰে আৰু ৯গৰাকী মহিলা আৰু চাৰিটা শিশুসহ মুঠ ২৩জন কাশ্মীৰী হিন্দুক গুলীয়াই হত্যা কৰে৷ অৱশ্যে তেওঁলোকৰ বর্বৰতা কেৱল ইয়াতেই শেষ হোৱা নাছিল৷ সকলো হিন্দুৰ ঘৰ জ্বলাই দিয়া হৈছিল আৰু আনকি স্থানীয় মন্দিৰটোও ধ্বংস কৰি পেলোৱা হৈছিল৷ ঘটনাৰ সময়ত অঞ্চলটোৰ স্থানীয় মুছলমানসকলে শব–এ–কদৰৰ উপলক্ষে ওচৰৰ মছজিদত নামাজ পঢ়ি আছিল৷
ৱান্ধামা গণহত্যাৰ পিছত জম্মু–কাশ্মীৰত হিন্দুসকলৰ ওপৰত ১৯৯৮ চনৰ ১৭ এপ্রিলৰ নিশা আন এক ভয়ংকৰ সন্ত্রাসবাদী আক্রমণ সংঘটিত হয়৷ বর্তমানৰ ৰিয়াচি জিলাত অৱস্থিত উধমপুৰ চহৰৰ প্রাণকোট আৰু ডাকিকোট গাঁৱত সেইদিনা ইছলামিক সন্ত্রাসবাদীয়ে ১৩গৰাকী মহিলা আৰু শিশুসহ মুঠ ২৯জন হিন্দুক নির্মমভাৱে হত্যা কৰি শিৰশ্ছেদ কৰে৷ এই গাঁওকেইখন পাকিস্তানী সন্ত্রাসবাদীয়ে সাধাৰণতে ভাৰতত অনুপ্রৱেশ কৰিবলৈ ব্যৱহাৰ কৰাৰ পথত অৱস্থিত হোৱাৰ বাবেই ইয়াত তেওঁলোকে সহজতে আক্রমণ চলাব পাৰিছিল৷ এজন জীৱিত ব্যক্তিৰ সাক্ষ্য অনুসৰি সন্ত্রাসবাদীসকলে হিন্দুসকলক ইছলাম ধর্ম গ্রহণ কৰি গো–মাংস সেৱন কৰিবলৈ নির্দেশ দিছিল৷
হিন্দুসকলে বিৰোধিতা কৰাত তেওঁলোকক গুলীয়াই হত্যা কৰা হৈছিল৷ সন্ত্রাসবাদীসকলে পিছত নিহত হিন্দুসকলৰ ঘৰবোৰ জুই লগাই সম্পূর্ণৰূপে ধ্বংস কৰি পেলাইছিল৷ এগৰাকী মধ্যবয়সীয়া হিন্দু মহিলাই ঘৰৰ পৰা পলাই যাবলৈ সক্ষম হৈছিল যদিও অত্যধিক আঘাতপ্রাপ্ত হোৱাৰ ফলত তেওঁ অতি সোনকালে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল৷ মৃত্যুৰ পিছত ধর্ষণ কৰা বুলি সন্দেহ কৰা তেওঁৰ পচি যোৱা মৃতদেহটো পিছত এটা লেতেৰা নলাৰ পৰা উদ্ধাৰ কৰা হৈছিল৷ ঘটনাস্থলীত জম্মু–কাশ্মীৰ আৰক্ষী উপস্থিত হ’বলৈ প্রায় ৪৮ ঘণ্টা সময় লাগিছিল৷ য’তে ত’তে সিঁচৰতি হৈ পৰি থকা শিৰশ্ছেদ কৰা মৃতদেহবোৰৰ সৈতে ঠাইখন ভূতৰ বাসস্থানৰ দৰে দেখা গৈছিল বুলি কোৱা হয়৷ তেজেৰে ৰাঙলী কাশ্মীৰৰ মাটিয়ে–বতাহে এই লোকসকলৰ আত্মাৰ কৰুণ কান্দোনৰ ৰোল আজিও জীয়াই আছে আৰু চিৰকাল থাকিব৷ তেওঁলোকে অপেক্ষা কৰি আছে ন্যায়ৰ৷ যদিও আমি আমাৰ আগৰ কেইবাটাও লেখাত এই ঘটনাবোৰৰ বিষয়ে অধিক বিতংভাৱে লিখিছোঁ, কিন্তু কিয় নাজানো এই বিষয়ে আকৌ লিখিব লগা হোৱাত আমাৰ অন্তৰাত্মাই চিঞৰি উঠিছে৷ এনেকুৱা অনুভৱ হৈছে যেন অত্যন্ত ভোকত আমাৰ পেটে কিৰিলি পাৰিছে, কিন্তু আমি একো খাব পৰা নাই৷ ধর্মৰ নামত মানুহ কেনেকৈ ইমান নিষ্ঠুৰ হ’ব পাৰে? হয়তো জীৱ–জন্তুও ইমান নিষ্ঠুৰ নহয়৷ মানুহক ইমান নির্দয়ভাৱে হত্যা কৰিবলৈ ইছলামিক সন্ত্রাসবাদীসকলক কিহে অনুপ্রাণিত কৰে?
আচৰিত যে মুছলমান সমাজত চিকিৎসক, শিক্ষক, অভিযন্তা আৰু আনকি পিএইচডি ডিগ্রীধাৰী অধ্যাপকৰো সন্ত্রাসবাদী সংগঠনত যোগদান কৰাৰ ইতিহাস আছে৷ সুশিক্ষিত হোৱাৰ পিছতো তেওঁলোক ইমান সহজে কেনেকৈ পথভ্রষ্ট হয়? সকলো অমুছলমানক হত্যা কৰাৰ বিষয়ক লৈ তেওঁলোক অত্যন্ত আত্মবিশ্বাসী৷ যদি এই হত্যাকাৰী মানসিকতা তেওঁলোকৰ ধর্মৰ সৈতে জড়িত, তেন্তে সুশিক্ষিত মুছলমানসকলে প্রতিবাৰেই ‘ইছলাম মানে শান্তি’ বুলি কৈ আমাক কিয় বুজাবলৈ চেষ্টা কৰে? ক’ত আছে এই শান্তি? পাকিস্তানত নে আফগানিস্তানত? নে চিৰিয়া নে ইৰান, ইৰাকত নে আন ক’ৰবাত আছে? তেওঁলোকৰ মতে, সন্ত্রাসবাদ আৰু ইছলামৰ মাজত কোনো সম্পর্ক নাই৷ তেওঁলোকে লগতে এই কথাও কয় যে যিসকল মানুহ ইছলাম ধর্মত ভুল বাটেৰে যায় বা সন্ত্রাসবাদী হয় তেওঁলোকে কোৰানৰ ভুল ব্যাখ্যা কৰে৷ হ’ব পাৰে৷ এই সন্দর্ভত আমাৰ ক’বলৈ একো নাই৷ কিন্তু আমাৰ প্রশ্ন হ’ল – শিক্ষাগত অর্হতা নির্বিশেষে ইমানবোৰ মানুহে কেনেকৈ এখন ধর্মীয় গ্রন্থৰ ভুল ব্যাখ্যা কৰিব পাৰে? ইয়াৰ অর্থ কি? মুছলমান সমাজত সঠিক নির্দেশনা প্রদান কৰিব পৰা কোনো নাই নে প্রকৃত সমস্যাটো তেওঁলোকৰ ধর্মতেই ক’ৰবাত লুকাই আছে? এই বিভ্রান্তিবোৰ সমাধান নোহোৱালৈকে তেওঁলোকৰ ধর্ম বা ধর্মীয় গুৰুৰ পৰিপ্রেক্ষিতত ‘ইছলাম মানে শান্তি’ৰ দৰে বার্তা আমাক ভৱিষ্যতে আগ নবঢ়াবলৈ সুশিক্ষিত মুছলমানসকলৰ প্রতি আমাৰ বিনম্র অনুৰোধ৷
ইছলামে আজি সমগ্র বিশ্বত সন্ত্রাস সৃষ্টি কৰা নাই জানো? ইছলাম য’ত সন্ত্রাসবাদ ত’ত৷ ইছলামিক সন্ত্রাসবাদীয়ে মানুহক কেৱল মুছলমান নোহোৱাৰ বাবেই কেনেকৈ হত্যা কৰিব পাৰে? তেওঁলোকে আন ধর্মৰ নিৰীহ লোকসকলক ‘কাফেৰ’ বুলি সম্বোধন কৰে আৰু ‘আল্লা–হু–আকবৰ’ৰ ধ্বনি দি আক্রমণ কৰে৷ পেহেলগামৰ শেহতীয়া ঘটনা সন্দর্ভতো পর্যটকসকলক তেওঁলোকৰ ধর্মৰ ভিত্তিত আক্রমণ কৰা হৈছিল৷ পুৰুষসকলৰ যৌনাংগ চুন্নত কৰা হৈছে নে নাই সেই কথা পৰীক্ষা কৰিবলৈ তেওঁলোকৰ পেণ্টৰ চেইনপর্যন্ত খুলি দেখুৱাবলৈ নির্দেশ দিয়া হৈছিল৷ ইমানৰ পিছতো কাশ্মীৰ সমস্যাৰ ক্ষেত্রত ধর্মীয় দিশটো আমি এতিয়াও অস্বীকাৰ কৰিব পাৰিমনে? নিশ্চিতভাৱে নোৱাৰোঁ৷ কিন্তু আমাৰ সমাজৰ এচাম হিন্দুৱে আকৌ ঘটনাটোৰ পিছত তৎক্ষণাত ধর্মনিৰপেক্ষতা আৰু সাম্প্রদায়িকতাৰ বিষয়সমূহৰ ওপৰত সামাজিক মাধ্যমত পাঠদান কৰিবলৈ আৰম্ভ কৰে৷ এওঁলোকৰ মতে, পেহেলগামৰ ঘটনা ধর্মকেন্দ্রিক নহয় আৰু সেয়েহে ইয়াত কোনো ৰাজনীতি বা সাম্প্রদায়িকতাবাদ জড়িত নাই৷ যদিও আমি কেতিয়াও কাশ্মীৰলৈ যোৱা নাই, কিন্তু তেওঁলোকক আমি মাত্র এটাই অনুৰোধ কৰিব বিচাৰোঁ– আপোনালোকে সংকটৰ এই কঠিন সময়ত সামাজিক মাধ্যমত কিছুমান কথা প্রচাৰ কৰাৰ পূর্বে অনুগ্রহ কৰি কাশ্মীৰ উপত্যকাৰ যিকোনো মুছলমান সংখ্যাগৰিষ্ঠ এলেকাত নিজৰ পৰিবাৰ আৰু সন্তানৰ সৈতে কমেও এমাহ থাকি আহকগৈ৷
হয়তো তেতিয়া আপোনালোকৰ ধর্মনিৰপেক্ষতা আৰু সাম্প্রদায়িকতাৰ জ্ঞান অধিক বহল হ’ব আৰু আমি সকলো ইয়াৰ পৰা লাভান্বিত হ’ম৷ আজিকালি সামাজিক মাধ্যমত নিজকে যোদ্ধাৰ ৰূপত প্রক্ষেপ কৰাটো সহজ৷ কিন্তু এই একেবোৰ মানুহে সামাজিক মাধ্যমত আনৰ সৈতে কেৱল বিতর্ক আৰু আলোচনাত লিপ্ত হোৱাৰ বাহিৰে কেতিয়াবা সমাধানৰ কথা ভাবিছেনে? আজি পেহেলগাম বা পশ্চিমবংগত হিন্দুৰ লগত যি ঘটিছে, সেয়া আমাৰ ক্ষেত্রতো হ’ব পাৰে৷ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আমি বাৰু কিমান প্রস্তুত? যিকোনো জৰুৰীকালীন অৱস্থাত আমি অৱশ্যে নিজেই নিজক ৰক্ষা কৰিব লাগিব৷ কিন্তু তাৰ বাবে আমি সাহসেৰে শত্রুৰ বিৰুদ্ধে যুঁজ দিবই লাগিব৷ মূল সমস্যাটো হ’ল- আমি মুছলমান আৰু বাকীবোৰ কাফেৰ৷ সেইবাবে কাশ্মীৰত কেৱল অর্থনৈতিক বিকাশে সন্ত্রাসবাদৰ সমাপ্তি ঘটাব নোৱাৰে৷ আমি নিজৰ মতামতৰ সৈতে বলপূর্বক খাপ খুৱাবলৈ কাশ্মীৰ সমস্যাৰ ধর্মীয় দিশটো অস্বীকাৰ কৰিব নোৱাৰোঁ৷ ঋষি কাশ্যপ আৰু আদিগুৰু শংকৰাচার্যৰ পৱিত্র ভূমি কাশ্মীৰত যিকোনো উপায়েৰে হিন্দু জনসংখ্যা বৃদ্ধি কৰি ৰাজ্যখনৰ জনগাঁথনি সম্পূর্ণৰূপে সলনি কৰাতেই আছে সমস্যাটোৰ দীর্ঘম্যাদী সমাধান৷ হিন্দুৰ হকে প্রকৃততে কাম কৰা সমাজৰ বিভিন্ন শ্রেণীৰ লোকৰ বৌদ্ধিক সমর্থন আৰু সহযোগিতাত ইয়াক কেৱল ভাৰত চৰকাৰেহে ক্রমান্বয়ে কার্যকৰী কৰিব পাৰিব৷ হিন্দু অবিহনে কাশ্মীৰৰ কোনো অস্তিত্ব নাই৷
ফোন : ৯৫৬০৮–৭৭৭১৬