নহ’বলগীয়াটোৱেই হয়
🔹 ড০ পার্থসাৰথি মহন্ত
হঠাৎ ওলোৱা জৰুৰী কামৰ কাৰণে পুৱাই আপুনি দৌৰাদৌৰিকৈ ওলাবলগীয়া হৈছে৷ লৰালৰিকৈ দাঢ়ি খুৰাইছে৷ গা ধুব লাগে৷ আৰু টেপত পানী নাই৷ কাৰণ, কাৰেণ্ট নাই৷ পানী অহা নাই৷
সভা চলি আছে৷ কেইবাজনো বক্তাই ইতিমধ্যে ভাষণ দিছে৷ মুখ্য অতিথিয়ে ভাষণ দিবলৈ লৈছে৷ নক’লেও হ’ব যে ডাঙৰ মানুহ৷ এই সভাখনলৈ অহাটোৱেই ডাঙৰ কথা৷ কিন্তু তেতিয়াই মাইকটোৱে চেঁ চেঁ কৰিবলৈ ল’লে৷ সকলো বিব্রত৷
ঘৰলৈ আলহী আহিছে৷ সুন্দৰকৈ ৰান্ধি–বাঢ়ি পৰিপাটিকৈ পৰিৱেশন কৰিছে৷ কিন্তু দীঘল চুলি এডাল ওলাল৷ তাকো আলহীৰ ভাতৰ পাতত৷
মানে নহ’বলগীয়াটোৱেই হয়৷
এনেধৰণৰ কিছুমান নহ’বলগীয়া ভুল বা ঘটনা হৈ আছিল মার্কিন বিমান বাহিনীৰ এটা কোঠত৷ ১৯৪৯ চনত৷ বিমান দুর্ঘটনা হ’লে এজন মানুহে আচম্বিতে হোৱা মন্থন কিমান সহ্য কৰিব পাৰে, গৱেষণা চলি আছিল৷ এজন টেকনিচিয়ানে কৰা এটা অদ্ভুত ভুলৰ পিছত কেপ্টেইন এডৱার্ড মার্ফি নামৰ ইঞ্জিনীয়াৰজনে কৈছিল ‘কেনেকৈ ভুল কৰিব পাৰি, এওঁ বিচাৰি বিচাৰি সেই ভুলটো কৰিব৷’ সেই উক্তি পিছলৈ হ’ল ‘যদি কিবা নহ’বলগীয়া আছে সেয়া হ’বই৷’ আকৌ হ’লগৈ ‘যদি কিবা নহ’বলগীয়া আছে সেয়া হ’বই, আৰু নহ’বলগীয়া সময়ত৷’ মার্ফিৰ সূত্র৷ এক প্রবাদ বাক্য৷
অথচ আমি অনেকেই ভাবোঁ এয়া কেৱল মোৰ লগতহে হয়৷ ময়েই দুর্ভগীয়া৷ মোৰেই কপাল বেয়া৷ ভগৱানে মোক কিয় এনেকুৱা কৰে!
এবাৰ দুই–এজনক সুধি চাওকচোন৷ ভালকৈ থোৱা বস্তু এটা যেতিয়াই প্রয়োজন হয় বিচাৰি পায় নেকি? ভালকৈ থোৱা চাবি বিচাৰি পোৱা নাযায়৷ ভালকৈ থোৱা কাগজ বিচাৰি পোৱা নাযায়৷ চাবিপাট বা কাগজখন যেতিয়া আটাইতকৈ বেছি দৰকাৰ হয়, তেতিয়াই নাপায়৷ মানে নহ’বলগীয়াটো হ’বই, আৰু, যেতিয়া হ’ব নালাগে তেতিয়া হ’ব৷
সংসাৰখনেই এনেকুৱা৷ নিজৰ খেয়াল–খুচি মতে চলে৷ সেই কাৰণেই মার্ফিৰ সূত্র অতিশয় ৰঞ্জক৷ লগতে জীৱনৰ সৰু–ডাঙৰ ঘটনাৰ ব্যাখ্যা৷ তাতোকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– নহ’বলগীয়াক কেনেকৈ নোহোৱাকৈ ৰাখিব পাৰি সেই চিন্তাও যে আমি কৰিব লাগে এই প্রবাদ বাক্যই আমাক মনত পেলাই দিয়ে৷ সেই কাৰণেই ইয়াক হতাশাবাদীৰ যুক্তি বুলিব নোৱাৰি৷ এই প্রবাদ বাক্যৰ কাৰণেই আজিকালি সৰু–ডাঙৰ সকলো প্রজেক্টত গুণমান নিয়ন্ত্রণ এক বিশাল বিভাগ৷ সৰু হ’লেও একো গণ্ডগোল হ’ব নোৱাৰিব, একো হীন–ডেঢ়ি হ’ব নোৱাৰিব৷ মান নিয়ন্ত্রণ কৰিবই লাগিব৷ যাতে নহ’বলগীয়া নহয়৷
মার্ফিৰ সূত্রৰ বাস্তৱিকতাৰ কাৰণেই এই সূত্রই বিস্তৃতি লাভ কৰিছে৷ আমাৰ ঘৰখনতে অতবোৰ বস্তু থাকে৷ কিছুমানৰ মূল্য আমাৰ কাৰণে অতি বেছি, কিছুমান দামী হ’লেও মূল্যহীন৷ চাবচোন আমাৰ কাৰণে মূল্যৱান বস্তুবোৰ ক’ৰবাত কিবা লাগি কিবা এটা হানি–ক্ষতি হ’ব৷ কিন্তু মূল্যহীন বস্তুবোৰ এনেই পৰি থাকে৷ একো নহয়৷ বছৰ বছৰ থাকি যায়৷
ভৱিষ্যতক লৈও মার্ফিৰ সূত্রৰ এক ব্যাখ্যা আছে৷ ভৱিষ্যতত কি হ’ব কোনে জানে? ভালেই হয় নে বেয়াই হয় আমিতো নাজানো৷ অহাকালিটো যে সুন্দৰ হ’ব তাৰ কি প্রত্যাভূতি আছে! সেয়েহে কেৱল ভৱিষ্যততে অভিকেন্দ্র কৰি বর্তমান নষ্ট কৰাতকৈ বর্তমানটোও উপভোগ কৰা৷ ইয়াতো অনেকে হতাশাবাদ দেখা পায় যদিও আন বহুতৰ মতে ই আমাক জীৱনটো বর্তমানত উপভোগ কৰিবলৈ শিকায়৷
ইফালে, আমি যদি সমস্যা এটা সমাধান নকৰাকৈ এৰি দিওঁ, তেতিয়া কি হ’ব? বহু সময়ত আমাৰ সমস্যা এৰাই চলাৰ প্রৱণতা থাকে৷ আওকাণ কৰাৰো প্রৱণতা থাকে৷ এটা বেপৰোৱা ভাবো থাকে– কিনো হ’ব মার্ফিৰ সূত্রৰ মতে আমি কোনো সমস্যাকে উপেক্ষা কৰিব নোৱাৰোঁ৷ নিলগাই ৰাখি সমস্যা সমাধান কৰিব নোৱাৰি৷ হাতৰ পৰা ওলাই যোৱাৰ আগতে সমস্যাটোৰ লেঠা মাৰিব লাগিব৷
কিতাপ এখনৰ বেটুপাতৰ পৰা কিতাপখন কেনেকুৱা হ’ব ক’ব নোৱাৰি৷ অর্থাৎ আপাতদৃষ্টিত যি দেখা যায়, যেনেকৈ দেখা যায় বিষয়টো বা বস্তুটো তেনেকুৱা নহ’বও পাৰে৷ আপেল এটা চকচকাই থাকিব পাৰে৷ ভিতৰখন হয়তো গেলা৷ দেখা পাই কিন্তু আমি ভিতৰ গেলা আপেল এটা আশা কৰা নাছিলোঁ৷ নহ’বলগীয়া বা নভবাটো হ’ল৷ আপাতদৃষ্টিত কৰা আমাৰ বিচাৰ ভুল প্রমাণিত হ’ল৷
তথাপি বহু কথা আমি নভবাকৈ থাকি যায়৷ আমি ভাবিব নোৱাৰোঁ৷ পৰীক্ষা কৰিব নোৱাৰোঁ৷ সত্যাসত্য নিৰূপণ কৰিব নোৱাৰোঁ৷ তেনেকুৱা কথাবোৰ আমি মানি লওঁ৷ এয়াও মার্ফিৰ সূত্রৰে এক সম্প্রসাৰণ৷ বিশ্বব্রহ্মাণ্ডত তিনিশ কোটি তৰা আছে বুলি ক’লে আমি মানি লওঁ৷ কিন্তু কোনোবাই যদি কয়, এই বেঞ্চখনত নবহিবি তিতি আছে– আমি চুই চাওঁ৷
টাইম মেনেজমেণ্ট৷ সময় কেনেকৈ কেনেদৰে ব্যৱহাৰ কৰিম বা কৰিব লাগে৷ আকৌ মার্ফিৰ সূত্র আহি পৰে৷ ‘যিকোনো এটা কামৰ প্রথম ৯০ শতাংশ কৰিবলৈ ৯০ শতাংশ সময়ৰ প্রয়োজন আৰু শেষৰ ১০ শতাংশ কৰিবলৈও ৯০ শতাংশ সময়েই লাগে৷’ বহু কাম আমি সময় মতে শেষ কৰিব নোৱাৰোঁ৷ বেছিভাগ কামতে সময় উকলি যায়৷ কাম এটা আৰম্ভ কৰিলে প্রথমছোৱা অতি খৰতকীয়াকৈ হৈ যায়৷ তাৰ পাছত যেন কামটো বাঢ়ি যায়৷ হাতত যিমান সময় আছে সিমান সময় অঁটাকৈ কামটো বাঢ়ি যায়৷ মার্ফিৰ মতে হাতৰ সময় পাৰ হৈ যোৱাকৈ কামটো বাঢ়ি যায়৷
চাপ৷ আমি সকলো বিভিন্নধৰণৰ চাপত থাকোঁ৷ বিভিন্ন কাম কৰোঁতেও আমি চাপত থাকোঁ৷ চাপত কাম কৰি আশানুৰূপ ফল লাভ কৰা সম্ভৱ নহয়৷ চাপত থাকি যদি আমি খেলোঁ, আমি ভাল প্রদর্শন কৰিব নোৱাৰোঁ৷ চাপত থাকি যদি আমি পৰীক্ষা কৰোঁ, আমি ভালদৰে উত্তৰ লিখিব নোৱাৰোঁ৷ চাপত ৰাখিলে ল’ৰা–ছোৱালীৰো স্বতঃস্ফূর্ত বিকাশ সম্ভৱ নহয়৷
অর্থাৎ দেখাত সহজ যেন লাগিলেও একো কামেই উজু নহয়৷ প্রায় প্রতিটো কামেই আমি ভবাতকৈ বেছি সময় লয়৷ গণ্ডগোল হ’বলগীয়া যদি কিবা আছে হ’বই৷ আগতীয়া পৰিকল্পনা আৰু সাৱধানতা নাথাকিলে খেলিমেলি লাগিবলগীয়া যদি আছে লাগিবই৷ ভগৱানে এয়া কেৱল মোৰ লগতে নকৰে৷ এয়া সংসাৰৰ নিয়ম৷