নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমুদ্ৰত ২৯ কিলোমিটাৰজুৰি তেল

🔹 বাণিজ্যিক জাহাজত ‘হুথী’ৰ আক্রমণৰ পাছতে ভয়াৱহ পৰিস্থিতি : আতংকিত নাবিক

বিশেষ বাৰ্তা, ২৬ ফেব্রুৱাৰী : লোহিত সাগৰত ইৰান সমর্থিত য়েমেনৰ সশস্ত্র সংগঠন ‘হুথী’ৰ দৌৰাত্ম্য অব্যাহত আছে৷ কেইদিনমান পূর্বে উত্তৰ আমেৰিকাৰ বেলিজৰ এখন বাণিজ্যিক জাহাজ লোহিত সাগৰৰ দিশে আহি থকা সময়তে জাহাজখনৰ ওপৰত আক্রমণ চলায় ‘হুথী’–এ৷ এই আক্রমণৰ ফলত সমুদ্রত ২৯ কিলোমিটাৰজুৰি বিয়পি পৰিছে তেল৷ এই কথা ঘোষণা কৰিছে মার্কিন সেনাই৷ আমেৰিকান চেন্ট্ৰেল কমাণ্ডৰ তৰফৰ পৰা জনোৱা অনুসৰি, যোৱা ১৮ ফেব্রুৱাৰীত ব্রিটেইনৰ পঞ্জীয়নভুক্ত কার্গো জাহাজখনত আক্রমণ চলায় ‘হুথী’–এ৷ এই আক্রমণত ব্যাপক ক্ষতিসাধন হৈছে জাহাজখনৰ৷ বিপদৰ খবৰ পোৱাৰ লগে লগে জাহাজৰ নাবিকসকলক উদ্ধাৰ কৰা হয়৷ ইফালে, এই আক্রমণৰ ফলত জাহাজখনত থকা তেল সমুদ্রত বিয়পি পৰে৷ ৪১ হাজাৰ টন তেল এই জাহাজখনত কঢ়িয়াই অনা হৈছিল৷ এই সমস্ত তেল সমুদ্রৰ জলৰাশিত বিয়পি পৰিছে৷ সমুদ্রত তেলৰ এক তৰপ বিয়পি পৰাৰ লগে লগে সৃষ্টি হৈছে আতংক৷ উল্লেখ্য যে যোৱা বছৰৰ নৱেম্বৰ মাহৰ পৰা বাণিজ্যিক জাহাজসমূহত ‘হুথী’–এ আক্রমণ চলাই আছে৷ লোহিত সাগৰত বিভিন্ন দেশৰ মুঠ ২৭খন বাণিজ্যিক জাহাজত এতিয়ালৈকে আক্রমণ চলাইছে ‘হুথী’–এ৷ জাহাজবোৰৰ ক্ষতিসাধন হোৱাৰ লগতে বিপন্ন হৈছে নাবিক তথা সাধাৰণ লোকৰ জীৱন৷ প্রায় ১ মাহ পূর্বে ভাৰতীয় বাণিজ্যিক জাহাজতো ড্রোনেৰে আক্রমণ চলাইছিল হুথীয়ে৷ ‘হুথী’ৰ এই আক্রমণৰ বাবে বাণিজ্যিক জাহাজবোৰে ছুৱেজ খালৰ পথ পৰিহাৰ কৰিবলগীয়া হৈছে৷

You might also like