পৃথিৱীত ছয় ঋতুৱে প্রকৃতি জগতখনক বিভিন্ন ৰূপে প্রভাৱ বিস্তাৰ কৰিছে আৰু পৃথিৱীত বসবাস কৰি থকা জীৱ জগতখনতো বিভিন্ন ৰূপে প্রভাৱান্বিত কৰি আহিছে৷ এই জীৱজগতৰ শ্রেষ্ঠ মানৱ জীৱক বিশেষ প্রভাৱ বিস্তাৰ কৰি অঞ্চলভেদে বিভিন্ন কলা–কৃষ্টি আৰু সংস্কৃতিৰ ৰূপ দান কৰিছে৷ সেই ঋতুসমূহৰ ভিতৰত বর্ষা ঋতুৱে জীৱজগতখনৰ ওপৰত বিশেষ প্রভাৱ বিস্তাৰ কৰিছে আৰু বর্ষা ঋতুৰেই পদছায়াত সৃষ্টি হোৱা এক সংস্কৃতি সন্দর্ভত এক সংক্ষিপ্ত বর্ণনা দিবলৈ প্রচেষ্টা কৰিছে৷
বর্ষা–ঋতু শাওণ মাহ অতিক্রম কৰি ভাদ মাহ আগমনৰ লগে লগে আদিবাসী চাহ জনগোষ্ঠীৰ জীয়াৰী–বোৱাৰী, ডেকা–বুঢ়া, বয়োবৃদ্ধ সকলো লোকৰ হূদয়ত কৰম উৎসৱৰ আনন্দই কুলাই–পাচিয়ে নধৰা হয়৷ ক্লান্তিৰ অৱসাদে শান্তিৰ বাতাৱৰণ কঢ়িয়াই অনাৰ দৰে আদিবাসী চাহ জনগোষ্ঠী লোকৰ মাজত কৃষিকর্মৰ পৰিশ্রমৰ পৰিসমাপ্তিত আনন্দৰ এক বাতাৱৰণ সৃষ্টিৰ মূর্ত প্রকাশেই ‘কৰম উৎসৱ’৷ সেয়ে এই উৎসৱক কৃষি ধর্মীয় উৎসৱ বুলি কোৱা হয়৷ শস্য শ্যামলী অসম মাতৃৰ বুকুত এই উৎসৱৰ পৰম্পৰা আৰু তাৎপর্য চিৰ যুগমীয়া হৈ আছে আৰু অনাগত দিনতো অক্ষুণ্ণ হৈ থাকিব৷ এই উৎসৱৰ জৰিয়তে বৃহৎ আদিবাসী চাহ জনগোষ্ঠীৰ লোকৰ মাজত অনৈক্যৰে ঐক্য স্থাপিত হৈ বাৰেৰহণীয়া কৃষ্টিৰ সংমিশ্রিত বৃহৎ ‘অসমীয়া জাতীয়’ সংস্কৃতিত এক বিশেষ অনবদ্য সোণোৱালী ৰহণৰ সৃষ্টি কৰিছে৷
শাৰদীয় ঋতুত প্রকৃতিয়ে এক বিশেষ সাজ পৰিধান কৰাৰ দৃশ্য পৰিলক্ষিত হয়৷ এফালে শস্য শ্যামলী পৰিৱেশ আৰু আনফালে জান–জুৰি, নদ–নদীৰ বালিচৰত কঁহুৱা বনৰ শুভ্র পৰিৱেশ৷ এই কঁহুৱা বনৰ ফুলক চাহ জনগোষ্ঠীৰ লোকে ‘কাঁচিফুল’ বুলি কয়৷ কাঁচিফুলৰ শুভ্রতাই প্রাকৃতিক জগতত যিভাৱে এক মৃদু পৱিত্র পৰিৱেশৰ সৃষ্টি কৰিছে, ঠিক সেইদৰে চাহ জনগোষ্ঠীৰ জনজীৱনৰ চৰিত্রতো এক পৱিত্র অনাবিল আনন্দৰ আলোড়ন কৰম উৎসৱৰ মাজেদি প্রকাশমান হৈছে৷
আদিবাসী চাহ জনগোষ্ঠীৰ জনজীৱনত বহুতো উৎসৱ–পার্বণ আদি উদ্যাপিত হোৱা দেখা যায়৷ তাৰ ভিতৰত হ’ল কৰম উৎসৱ, জিতিয়া উৎসৱ, চহৰাই উৎসৱ, ফাকুৱা উৎসৱ, টুচু উৎসৱ, চাৰুল উৎসৱ, বাহা উৎসৱ, দণ্ড উৎসৱ ইত্যাদি প্রধান৷
কৰম উৎসৱ পৱিত্র ভাদ মাহৰ শুক্ল পক্ষৰ ‘একাদশী’ তিথিত উদ্যাপন কৰা হয়৷ অৱশ্যে একাদশী তিথিৰ ৰজনীত সার্বজনীন ৰূপত ‘কৰম ৰজনী’ হিচাপে উদ্যাপন কৰা হয়৷ কৰম উৎসৱ তিনিটা অনুষ্ঠানত বিভক্ত৷ যেনে জাৱা অনুষ্ঠান, কৰম অনুষ্ঠান আৰু গাড়াভাতা অনুষ্ঠান৷
(ক) জাৱা অনুষ্ঠান ঃ জাৱা অনুষ্ঠান কৰম উৎসৱৰ উদ্বোধনী অনুষ্ঠান৷ কৰম পূজাৰ পূর্বে তিনি দিন, পাঁচ দিন বা সাতদিনৰ জাৱা ধৰা হয়৷ গাঁৱৰ জীয়ৰী–বোৱাৰীসকলে নদীঘাটৰ পৰা টোপাত বালি তুলি আনি ধান, বুট, মাহ, তিল, যৱ আদি শস্যৰ বীজ সিঁচি দিয়ে৷ নদী ঘাটৰ পৰা ‘কৰমতীসকলে ধূপ, দীপ, ফুল ফলাদিৰে নৈবেদ্য ব্যৱস্থাৰে গীত–নৃত্যৰ মাজেদি কৰম দেৱতাক কাঁচ নদীৰ পৰা আদৰি অনাৰ দৰে আদৰি আনি কৰম অনুষ্ঠান উদ্যাপিত কৰিব বিচৰা ঠাইডোখৰত পৰিষ্কাৰ–পৰিছন্নত্ মাজত সংস্থাপিত কৰি নির্ণয় কৰা দিনকেইটাত পুৱা–সন্ধিয়া পৰত অতি ভক্তিভাৱে কৰমতীসকলে পূজা–র্চনা কৰে৷ কৰমতীসকলে নিজৰ ভাই–ককাইৰ মাংগলিক শুভ কামনা কৰি ব্রত লয়৷ সেই কাৰণে এই উৎসৱক ‘ভাই–ভনী’ৰ উৎসৱ বুলিও কোৱা হয়৷ কাৰণ কৰম অনুষ্ঠানৰ ৰজনীৰ দিনা পূজা সমাপ্ত হোৱাৰ পিছত ‘কাঁহনী বুঢ়া’জনেও কৰমতীসকলক কিছুমান প্রশ্ণোত্তৰ কৰে যেনে ‘কেকৰ কৰম ভাইৰ কৰম, কেকৰ ধৰম ভাইৰ ধৰম’ ইত্যাদি ধৰণৰ প্রশ্ণোত্তৰত এই কথা স্পষ্ট হয়৷ ইয়াৰউপৰি কিছুমান ঝুমইৰ গীতৰ কলিৰ মাজেদি প্রকাশিত হয়৷ যেনে–
‘কাঁশীফল ফুটি গেল,/ আশা ম’ৰ টুটি গেল,/ দিনে পহৰে দেখলি ডহৰ/ ভায়া মৰ নাহি আলই ঘৰ৷/ ননদিনী গো ঠুমতি চলতি নৈহৰ/ ননদিনী গো ঠুমতি চলতি নৈহৰ৷৷
উপৰিউক্ত গীতসমূহৰ পৰা কৰম উৎসৱৰ মাজেদি ভাই–ভনীৰ মধুৰ মিলন আৰু পিতৃগৃহৰ আগমনৰ এক শুভক্ষণ৷
(খ) কৰম অনুষ্ঠান ঃ জাৱা অনুষ্ঠানৰ অন্তত পৱিত্র ভাদ মাহৰ শুক্ল একাদশী তিথিৰ ৰজনীত ‘কৰম অনুষ্ঠান’ অনুষ্ঠিত হয়৷ কৰম অনুষ্ঠান মুকলি ঠাইত কৰম ডাল পুতি এই অনুষ্ঠান আড়ম্বৰপূর্ণভাৱে আয়োজন কৰা হয়৷ কৰমথলীৰ চাৰিওফালে কৰমতীসকলে ধূপ–বন্তি, ফুল–ফলাদি আৰু পিঠাপনা ইত্যাদি নৈবেদ্যৰে কৰম দেৱতাক পূজা–র্চনা কৰে আৰু গাঁৱৰ ‘কাঁহানিবুঢ়া’ৰ মুখেদি কৰম দেৱতাৰ আখ্যান শ্রৱণ হোৱাৰ পিছত গাঁৱৰ জ্যেষ্ঠ ব্যক্তিসকলক সেৱা–সম্বর্ধনা আৰু প্রসাদ বিতৰণ কৰাৰ পিছত ঝুমইৰ গীতেৰে আখড়া অর্থাৎ শিবিৰ মুকলি হয়৷ কৰমথলীত ঝুমইৰ নৃত্য–গীত আৰম্ভ কৰাৰ আগতে সুৰ আৰু গীতৰ আৰাধ্য দেৱী সৰস্বতী আইৰ বন্দনা কৰি আশীর্বাদ কামনা কৰে৷
‘আইগো মা সৰস্বতী কণ্ঠে দিয় বৰগো/ তোমাৰী চৰণে আমাৰা খেলিব ঝুমুৰগো/ আখড়া বন্দনা কৰি সৰস্বতী মাইগো/ আস সবাই মিলি খেলিব ঝুমৰি গো৷/ হায়, মদন ঝুমইৰ লালগ ভাৰী/ হাতে লেলাই লাল গামচা,/ কান্ধে লেলাই মান্দৰী, গাঁওৰে বহু বেটী সবে লেলাই–ঘেৰী৷/ হায়, মদন ঝুমইৰ লাগল ভাৰী৷৷
এনেভাৱে ওৰে ৰাতিটো চামে চামে ৰচক ৰচিকাসকলে বিভিন্ন ধৰণৰ ঝুমইৰ গীতৰ বাহৰেৰে ওৰে নিশাটো ৰং–ৰহইচৰ মাজেদি কৰমথলী জাগৰণ কৰে৷
(গ) গাড়ভাতা অনুষ্ঠান ঃ এই অনুষ্ঠান কৰম ৰজনী অতিক্রম কৰাৰ পিছত ৰাতিপুৱা যুৱক–যুৱতীসকলে কৰমতলীৰে পৰা কৰম ডাল তুলি নি নদীৰ কাষলৈ যায় আৰু গীতি–নৃত্যৰে আৰু ৰং–ৰহইচৰ মাজেদি পুনৰ নদীৰ বুকুত বিসর্জন দিয়া হয় আৰু কৰম দেৱতাক আগন্তুক বছৰত পুনৰ আদৰি অনা হ’ব বুলি আশীর্বাদ লয়৷ এই কথা ঝুমইৰ গীতৰ মাজেদি প্রকাশ পায় ‘আজৰে কৰম ৰাজা ঘৰে দুৱাৰে, কাইলৰে কৰম ৰাজা কাঁশ নদী পাৰে৷’ এই প্রবাদসমূহৰ পৰা অনুমান কৰিব পাৰি তাহানি কালত অযোধ্যাবাসীয়েও কৰম দেৱতাক পূজা কৰিছিল৷ কিয়নো ঝুমইৰ গীতত উল্লেখিত ‘কাঁশ নদী’ হ’ল বর্তমানৰ অযোধ্যা নগৰৰ মাজেদি বৈ যোৱা কুশী নদীৰ কথা কোৱা হৈছে৷ কৰম উৎসৱত ব্যৱহূত হোৱা ঝুমইৰ গীতসমূহ বহুতো ভাগত বিভক্ত৷ যেনে বন্দনা গীত, ঝুমইৰ গীত, খেসটা (ৰং) ভিনচেৰীয়া গীত, ডাঁড়শালীয়া গীত ইত্যাদি৷ গীতসমূহৰ সুৰ–ৰাগ–লয় বেলেগ বেলেগ হোৱা দেখা যায়৷ ঠিক সেই দৰে কৰম উৎসৱত প্রচলিত থকা ঝুমইৰ নৃত্যৰ অংগি–ভংগিক তাহানিৰ মহাভাৰতৰ মথুৰাবাসী গোপীগণৰ মাজত শ্রীকৃষ্ণই প্রদর্শন কৰা ‘ঝুমুৰা নৃত্য’ৰ লগত সম্পূর্ণ সাদৃশ্য দেখিবলৈ পোৱা যায়৷ ইয়াৰ উপৰি কৰম উৎসৱত প্রচলিত ঝুমইৰ গীতসমূহত ৰামায়ণ–মহাভাৰত এই দুই মহাকাব্যৰ আখ্যানসমূহৰ সম্পূর্ণ বিৱৰণ পোৱা যায়৷ ‘কৰম পৰৱে’ কেৱল আদিবাসী চাহ জনগোষ্ঠীৰ সাংস্কৃতিক পথাৰখনকেই চহকী কৰা নাই এই উৎসৱে বৃহৎ অসমীয়া জাতীয় সংস্কৃতিৰ মেটমৰা ভঁৰালটোতো এক অনবদ্য সংযোজন কৰিছে৷ কৃষ্টি হৈছে এটা জাতিৰ স্বকীয় পৰিচয়৷ সেয়েহে ইয়াৰ প্রসাৰ আৰু প্রচাৰৰ নিতান্ত প্রয়োজন৷ বর্তমান এই উৎসৱৰ সার্বজনীনতাই বিশেষ ৰূপ লৈছে৷ আশা কৰিব পাৰি, অনাগত দিনত এই কৰম উৎসৱৰ গৰিমাই বিশ্বৰ সাংস্কৃতিক দৰবাৰত এক বিশেষ ৰূপত জিলিক উঠিব৷