নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিন্দু ধর্মত বিশ্বকর্মা পূজাৰ মহত্ত্ব

দক্ষিণ ভাৰতৰ বৃহদেশ্বৰ মন্দিৰৰ পৰা উত্তৰ–পূব ভাৰতৰ মা–কামাখ্যা মন্দিৰলৈ, ভাৰতবর্ষ সদায়েই স্থাপত্য আৰু ভাস্কর্য বিদ্যাৰ এক অপূর্ব সমাহাৰৰ ভূমি হিচাপে পৰিগণিত৷ তেওঁলোকে আ–অলংকাৰ, মুদ্রা, পুতলা, হস্তনির্মিত আহিলা পাতি, অস্ত্র–শস্ত্র আৰু ৰথ আদিৰ অপূর্ব সৃষ্টি কৰে৷ ভাৰতীয় স্থপত্যবিদ্যাৰ এই প্রকৃত উদাহৰণসমূহৰ সৌন্দর্যৰ সৈতে আজিৰ যুগৰ মহানগৰীসমূহৰ আকাশলংঘী ভৱনসমূহৰ কোনো প্রকাৰে তুলনা নহয়৷ এসময়ত আমাৰ দেশখন কলা, সাহিত্য, সংস্কৃতি, বিজ্ঞান, প্রযুক্তিবিদ্যা আদি সকলো দিশতে পার্গত আছিল৷

হিন্দু ধর্মত, বিশ্বকর্মা বা দেৱশিল্পীক ব্ৰহ্মাৰ পুত্র হিচাপে গণ্য কৰা হয়৷ কলা, স্থাপত্য বিদ্যা আৰু অভিযান্ত্রিকৰ সৈতে জডিত থকা তেওঁ মুখ্য ভগৱানৰূপে পৰিচিত৷ উৰিষ্যা, পশ্চিম্বংগ, ঝাৰখণ্ড, বিহাৰ, অসম আৰু ত্রিপুৰাৰ দৰে পূব ভাৰতৰ ৰাজ্যসমূহত প্রতি ছৰে ১৭ বা ১৮ ছেপ্ঢেম্বৰ তাৰিখে তেওঁৰ আৰাধনা কৰা হয়৷ উত্তৰ প্রদেশ, মধ্য প্রদেশ আৰু কর্ণাটকৰ কিছুমান এলেকাত বিশ্বকর্মা পূজা উদযাপন কৰা হয়, য’ত চিলা উৰুওৱাটো এক আনুষ্ঠানিক পৰম্পৰাগত অংশ৷ এই উপলক্ষে বিভিন্ন স্থানত বিভিন্ন চিলা উৎসৱৰ আয়োজন কৰা হয়৷ সমগ্র আকাশতে ৰঙীন চিলাসমূহ উৰি ফুৰা দৃশ্য অতুলনীয়ভাৱেই মনোৰম৷ পশ্চিম্বংগত বিশ্বকর্মা পূজা বঙালী ভাদ মাহৰ অন্তিম দিনা অনুষ্ঠিত কৰা হয়৷ সেয়েহে এই দিনটোক ভাদ বা কন্যা সংক্রান্তি লিও জনা যায়৷ অসমত বিশ্বকর্মা পূজাই দুর্গা পূজা, দীপাৱলী, লক্ষ্মী পূজা, কাতি বিহুকে ধৰি উৎসৱৰ তৰৰ শুভাৰম্ভণি ঘটায়৷ সমগ্র গুৱাহাটী মহানগৰীখনতেই বিশ্বকর্মাৰ সুন্দৰ, সুন্দৰ মূর্তি নির্মাণ কৰা হয়৷ উৎসৱমুখৰ পৰিৱেশ আৰু সাম্প্রদায়িক সম্প্রীতি–সৌহার্দ্যৰ মাজেদি প্রায় সকলো অঞ্চলতে ব্যাপক আয়োজনৰ মাজেদি সৰু–ডাঙৰ সকলো মণ্ডপতে সুন্দৰকৈ সু–সজ্জিত কৰি ব্যাপক আয়োজন কৰা হয়৷ হিন্দু ধর্মত বিশ্বকর্মাৰ জন্ম কাহিনী সমুদ্র মন্থন/সাগৰ মন্থনৰ লগত জডিত৷ ৰামায়ণ, মহাভাৰতৰ লগতে ঋক বেদতো বিশ্বকর্মাৰ বিষয়ে বিভিন্ন জেগাত উল্লেখ কৰা আছে, বিশ্বকর্মাক জনপ্রিয়ভাৱে ‘বাস্তু–শাস্ত্রৰ ঈশ্বৰ’ হিচাপে জনা যায়৷ বিশ্বকর্মাৰ বিষয়ে বিশদ উল্লেখ যে তামিলনাডুৰ সংগম সাহিত্যতো পোৱা যায়৷ ৰামায়ণৰ অনুসৰি, বিশ্বকর্মাদেৱ স্থাপত্যবিদ আছিল আৰু তেওঁ প্রভু শ্রীৰামৰ বিজয়ী সেনাবাহিনী লংকালৈ যাওঁতে সংগী হৈছিল৷ তেওঁ লগতে ৰাৱণৰ পুষ্পক বিমানৰ দৰে উৰণীয়া ৰথ, ইন্দ্রৰ জ, শিবৰ ত্রিশূল আৰু ভগৱান শ্রীকৃষ্ণৰ সুদর্শন চক্রৰ দৰে পৱিত্র অস্ত্র–শস্ত্রৰ নির্মাণ কৰিছিল৷
মহাভাৰততো, আকর্ষণীয় ৰাজপ্রাসাদৰ নির্মাণকাৰী হিচাপে বিশ্বকর্মাৰ স্থাপত্যবিদ্যাৰ উৎকৃষ্টতাৰ বিষয়ে উল্লেখ কৰা হৈছে৷ সত্য যুগত তেওঁ স্বর্গলোক, ত্রেতা যুগত লংকা আৰু দ্বাপৰ যুগত ভগৱান কৃষ্ণৰ ৰাজধানী দ্বাৰকাৰ সৃষ্টি কৰিছিল৷ তেওঁ লগতে পাণ্ডৱৰ মায়াসভা, কৌৰৱ আৰু পাণ্ডৱসকলৰ াসস্থান ইন্দ্রপ্রস্থ আৰু হস্তিনাপুৰৰ নির্মাণ কৰিছিল৷ উৰিষ্যাৰ পুৰীৰ বিখ্যাত জগন্নাথ মন্দিৰৰ লভদ্র, সুভদ্রা আৰু জগন্নাথ মহাপ্রভুৰ মূর্তিও বিশ্বকর্মা দেৱতাই নির্মাণ কৰা লি লোকবিশ্বাস চলি আহিছে৷
ভাৰতৰ বিভিন্ন অঞ্চলত বাস কৰা বৃহৎ স্থাপত্যবিদ আৰু হস্তশিল্পীসকলে নিজকে বিশ্বকর্মাৰ প্রত্যক্ষ উত্তৰাধিকাৰী হিচাপে পৰিচয় দিয়ে৷ তেওঁলোকে বিশ্বাস কৰে যে নির্মাণ আৰু শিল্পকর্মৰ নীতি–নিয়মসমূহ ভগৱান বিশ্বকর্মাই তেওঁলোককহে প্রদান কৰিছিল৷ ভাৰতৰ বিশ্বকর্মা সম্প্রদায় কাঠমিস্ত্রী, কমাৰ, কহাৰ, সোণাৰী, শিলৰ মিস্ত্রী ইত্যাদি৷ ভাস্কর্যবিদকে ধৰি কাৰিকৰ আৰু হস্তশিল্পীৰ পাঁচটা বিভিন্ন সম্প্রদায় গঠিত হৈছে৷ সময় সলনিৰ সৈতে প্রয়োজনীয়তা অনুসৰি তেওঁলোকৰ অধিকাংশই অন্য বৃত্তি গ্রহণ কৰিছে যদিও নিজৰ বিশ্বকর্মা বিদ্যা সজীৱ কৰি ৰাখিছে৷ তেওঁলোকৰ আধুনিক ইংৰাজী শিক্ষা নাথাক্বি পাৰে৷ কিন্তু সৃষ্টি আৰু নির্মাণ কৰাৰ কলাত তেওঁলোকৰ দক্ষতা নিশ্চয় শলাগিবলগীয়া৷
বিশ্বকর্মা পূজা প্রধানকৈ স্থাপত্যবিদ কাৰিকৰ, হস্তশিল্পী, যন্ত্রপাতি, ঔদ্যোগিক আৰু কাৰখানাৰ কর্মীসকলে উদ্যাপন কৰে৷ মানুহ আৰু যন্ত্রৰ মাজৰ ান্ধোনক ইয়াৰ দ্বাৰা উদ্যাপন কৰা হয়৷ কর্মীসকলৰ জীৱিকা তেওঁলোকৰ আহিলাপাতি আৰু সা–সৰঞ্জামৰ ভালদৰে কাম কৰা আৰু কার্যক্ষমতাৰ ওপৰত নির্ভৰ কৰে৷ সেয়েহে বিশ্বকর্মা পূজাত তেওঁলোকে বিশ্বকর্মা বাবাৰ আশীর্বাদত নিজৰ কর্ম দক্ষতাৰ লগতে উৎপাদনশীলতা দ্ধি কৰিবলৈ এক সুযোগ লাভ কৰে৷ দৈনন্দিন যন্ত্র–পাতিৰ সৈতে জডিত যিকোনো কল–কাৰখানা, কার্যালয়, দোকান আৰু অন্য প্রতিষ্ঠানসমূহৰ াবে বিশ্বকর্মা পূজাই কঢ়িয়াই আনে আনন্দৰ জোৱাৰ৷ ক্তিগত বাসগৃহ আৰু বিভিন্ন পূজা মণ্ডপত বিশ্বকর্মা পূজা উপলক্ষে বিশেষ ৰীতি–নীতিৰে পূজা অনুষ্ঠিত কৰা হয়৷ বিশ্বকর্মাদেৱতাৰ প্রতিমূর্তিৰ আগত ন্তি জ্বলোৱা হয়, আৰতি কৰা হয় আৰু ভক্তসকলৰ মাজত পুস্পাঞ্জলি বিতৰণ কৰা হয়৷ বিশ্বকর্মা পূজা উপলক্ষে নিজৰ আর্থিক পৰিস্থিতি অনুসৰি পূজাৰ কেইদিনমানৰ আগতে হুতো কর্মীয়ে নতুন আহিলাপাতি আৰু সা–সৰঞ্জাম ক্রয় কৰে৷ পূজাৰ দিনাখন এই আহিলাপাতি আৰু সা–সৰঞ্জামসমূহ বিশ্বকর্মা াবাৰ আশীর্বাদ ল’বলৈ অনা হয়, যাতে অনাগত ভৱিষ্যতে কোনো ধৰণৰ অনাকাংক্ষিত দুর্যোগ া দুর্ঘটনা সংঘটিত নহয় আৰু সেইসমূহ ভালদৰে সুকলমে ৱহাৰ কৰিব পৰা যায়৷ ভাৰত্বর্ষৰ হুতো স্থানত বিশ্বকর্মা পূজাৰ উদ্যাপনে উৎসৱৰ তৰৰ আগমন সূচায়৷ বিশ্বকর্মা পূজাৰ পিছতেই অন্য সকলো উৎসৱ–পার্বণ অনুষ্ঠিত হয়৷ বিশ্বকর্মা পূজাৰ এক গুৰুত্বপূর্ণ দিশ হ’ল– ই কাৰখানাৰ মালিক আৰু শ্রমিকসকলক একত্রিত কৰে আৰু তেওঁলোকে একেলগে খাদ্য গ্রহণ কৰে৷ নতুন গাডী ক্রয় কৰা, নতুন ৱসায় আৰম্ভ কৰা আদি শুভ কামৰ াবে এই দিনটো অত্যন্ত শুভ লি বিবেচনা কৰা হয়৷

You might also like