নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চালকক নিচাজাতীয় দ্রব্য খুৱাই গাড়ী চুৰি দুর্বৃত্তৰ

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ গুৱাহাটীত পুনৰ সক্রিয় হৈ পৰিছে গাড়ী চুৰি চক্র৷ গুৱাহাটীৰ পৰা গাড়ী ভাৰালৈ লৈ চালকক নিচাজাতীয় দ্রব্য খুৱাই সংজ্ঞাহীন কৰি গাড়ী চুৰি চক্রই এ এছ–০১ এল চি–৮৫৬৩ নম্বৰৰ বাহনখন চুৰি কৰি নিয়াৰ এটা ঘটনা পোহৰলৈ আহিছে৷ মহানগৰীৰ আমচিং যোৰাবাটৰ বাসিন্দা আইনুল হকে গাড়ী চলাই ছজনীয়া পৰিয়াল পোহপাল দি আছিল৷

যোৱা ৪ ছেপ্ঢেম্বৰত দুজন লোকে জালুকবাৰী আৰক্ষী চকীৰ সন্মুখৰ পৰা লখিমপুৰলৈ আইনুলৰ গাড়ীখন ভাৰালৈ নিয়ে৷ লখিমপুৰৰ লালুকৰ এটা পেট্র’ল পাম্পত তেল ভৰাবলৈ লৈ বিভিন্ন অজুহাত দেখুৱাই প্রায় আধা ঘণ্টা সময় পেট্র’ল পাম্পটোত অতিবাহিত কৰি আইনুলক চাহ আৰু বিস্কুট খাবলৈ দিয়ে৷ বিস্কুট খোৱাৰ পিছত আইনুল সংজ্ঞাহীন হৈ পৰে৷ দুর্বৃত্তৰ দলটোৱে আইনুলক পথৰ দাঁতি পেলাই গাড়ী লৈ উধাও হয়৷

৬ ছেপ্ঢেম্বৰত আইনুলে সংজ্ঞা ঘূৰাই পাই লালুক থানাৰ আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে৷ কিন্তু আৰক্ষীয়ে আইনুলক দুর্ব্যৱহাৰ কৰি খেদি পঠিয়ায়৷ লালুকৰ পৰা গুৱাহাটীলৈ আহি আইনুলে ঘটনা সন্দর্ভত সাতগাঁও থানাত এজাহাৰ দাখিল কৰে৷ কিন্তু আজিলৈকে আৰক্ষীয়ে গাড়ী চুৰি চক্রটোৰ বিৰুদ্ধে কোনো অভিযান চলোৱা নাই বুলি ভুক্তভোগী আইনুলে অভিযোগ কৰিছে৷

You might also like