অসম কংগ্রেছৰ কাণ্ডাৰী তৰুণ গগৈ
১৯৯৫ চনত তৰুণ গগৈ খাদ্য সংৰক্ষণ বিভাগৰ মন্ত্রী হৈ থকা অৱস্থাত এদিনাখন প্রণৱ মুখার্জীয়ে তেওঁক মাতি আনি ক’লে যে কংগ্রেছ দলে তেওঁক নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক পাতিব বিচাৰিছে৷ –‘প্রধানমন্ত্রীয়ে সাংগঠনিক বিষয়ত আপোনাৰ অভিজ্ঞতাৰ কথা বিবেচনা কৰি আপোনাৰ দক্ষতাৰ উপযুক্তভাৱে প্রয়োগ হোৱাটো বিচাৰিছে৷’ মুখার্জীৰ এই প্রস্তাৱত সন্মতি জনাই তৰুণ গগৈয়ে উত্তৰ দিলে– ‘মোৰ কোনো আপত্তি নাই৷ বৰং এই কাম কৰিবলৈ পালে মই বৰ আনন্দিত হ’ম৷’
লগতে পঢ়কঃ “অসমৰ প্ৰথম মানুহ, যি মোক দম দিলেও মোৰ ভাল লাগে”- আৱেগিক হৈ এইদৰে ক’লে জুবিনে
ৰাজনৈতিক জীৱনৰ আৰম্ভণিৰে পৰাই তৰুণ গগৈয়ে পদবী লাভৰ কাৰণে কাৰো ওপৰত হেঁচা প্রয়োগ কৰাৰ কৌশল অনুসৰণ কৰা নাছিল৷ তৰুণ গগৈয়ে কৈছিল– ‘মই মন্ত্রীসভাৰ পৰা বিদায় লৈ এ আই চি চিৰ সাধাৰণ সম্পাদক হিচাপে দলৰ মুখ্য কার্যালয়ত কাম আৰম্ভ কৰিবলৈ সাজু হ’লোঁ৷ মই দলীয় নীতি–নির্দেশনাৰ কাৰণে বাট চালোঁ৷’ কিন্তু এদিন সন্ধিয়া পৰত তেওঁ সংসদীয় পৰিক্রমাৰ কেন্দ্রীয় ৰাজ্যমন্ত্রী মাতংগ সিঙৰ পৰা হঠাতে এটা ফোনকল পালে৷ মাতংগ সিং প্রধানমন্ত্রী ৰাওৰ সৈতে ঘনিষ্ঠ আছিল বুলি জনা যায়৷ সেই সময়ত যোৰহাটত থকা গগৈৰ মাতংগ সিঙৰ কথা শুনি সঁচাকৈয়ে খং উঠিছিল৷ সিঙে চমুকৈ তেওঁক ক’লে– ‘অনুগ্রহ কৰি মন্ত্রীসভাৰ পৰা আপুনি পদত্যাগ কৰক৷ প্রধানমন্ত্রীয়ে আপোনাক তেনে কৰাটো বিচাৰিছে৷’ সেই ঘটনাৰ কথা উল্লেখ কৰি গগৈয়ে কৈছিল– ‘মই লগে লগে প্রধানমন্ত্রীলৈ পদত্যাগ–পত্র ফেক্স কৰি পঠিয়াই দিলোঁ৷ মই আনকি দিল্লীত থকা মোৰ পত্নীকো সেই কথা নক’লোঁ৷’ প্রধানমন্ত্রীয়েনো কিয় মন্ত্রীসভাৰ কার্যকাল শেষ হ’বলৈ মাত্র কেইমাহমান থাকোঁতেই তৰুণ গগৈয়ে মন্ত্রী পদ ত্যাগ কৰাটো বিচাৰিলে, সেই কথা গগৈয়ে জানিবলৈ বৰ বেছি ইচ্ছা প্রকাশ নকৰিলে৷ কিন্তু কেইদিনমানৰ পাছতে ৰাওক লগ পাওঁতে তেওঁ এই প্রসংগটো নুলিওৱাকৈ নাথাকিল৷ ‘মই প্রধানমন্ত্রীক জনালোঁ যে মোক এ আই চি চিৰ দায়িত্ব দিয়াৰ কাৰণে মই আনন্দিত, কিন্তু মাতংগ সিঙৰ দৰে কনিষ্ঠ মন্ত্রী এজনৰ জৰিয়তে ৰাৱে মোক তেওঁৰ সিদ্ধান্ত প্রেৰণ কৰিব নালাগিছিল৷ ৰাৱে কোনো উত্তৰ নিদিলে৷’ –তৰুণ গগৈয়ে সেই ঘটনাৰ কথা সুঁৱৰি কৈছিল৷
হিতেশ্বৰ শইকীয়াৰ অধীনত কংগ্রেছৰ পাঁচ বছৰীয়া শাসনৰ সময় প্রায় শেষ হৈ আহিল৷ ১৯৯৬ চনৰ জুন মাহত নির্বাচন অনুষ্ঠিত হোৱাৰ কথা৷ কিন্তু বিদ্রোহী সংগঠন আলফাই আক্রমণৰ লক্ষ্য হিচাপে কংগ্রেছ নেতৃবর্গক বাছি লোৱাৰ ফলত নির্বাচনী অভিযান চলোৱাটো কংগ্রেছৰ কাৰণে সহজ নাছিল৷ ১৯৯৬ চনৰ ২৩ এপ্রিলত মার্ঘেৰিটা বিধানসভা সমষ্টিৰ কংগ্রেছ প্রার্থী বিনু চেতিয়া আৰু আন পাঁচজন লোকক আলফাই গুলীয়াই হত্যা কৰে৷ তাৰ কেইদিনমানৰ পাছতে ৬ মে’ তাৰিখে গ্রামোন্নয়ন বিভাগৰ মন্ত্রী নগেন নেওগক গোলাঘাটৰ পৰা ১৫ কিলোমিটাৰ আঁতৰত অৱস্থিত বৰুৱাগাঁও অঞ্চলত ঘৰলৈ ঘূৰি আহোঁতে বাটতে হত্যা কৰা হয়৷ গোলাঘাট–ফৰকাটিং পথৰ ওপৰত থকা শিঙৰিজান দলঙৰ তলত আগৰে পৰা ৰৈ থকা আলফা সদস্যই নেওগ আৰু তেওঁৰ দেহৰক্ষীৰ গাড়ী দুখনৰ ওপৰত ভয়ংকৰ আক্রমণ চলায়৷ গধূলি ৭ বাজি ৪৫ মিনিটত সংঘটিত এই আক্রমণৰ সময়ত আলফাই মন্ত্রীৰ গাড়ীৰ পৰা বেতাঁৰ সংযোগেৰে প্রেৰণ কৰা তথ্যও গোপনে লাভ কৰিবলৈ সক্ষম হৈছিল৷ এই ভয়াৱহ আক্রমণত নেওগসহ আঠজন দেহৰক্ষী আৰু গাড়ীচালকৰ মৃত্যু হয়৷ দেহৰক্ষীকেইজনৰ লগত থকা অস্ত্র–শস্ত্র লৈহে সন্ত্রাসবাদীহঁতে সেই স্থান ত্যাগ কৰে৷
তৰুণ গগৈৰ কাৰণেও পৰিস্থিতি মুঠেই সুখজনক নাছিল৷ ১৯৯১ চনত যিহেতু তেওঁ কলিয়াবৰৰ পৰা লোকসভালৈ নির্বাচিত হৈছিল, এইবাৰো তেওঁ তাৰ পৰাই প্রতিদ্বন্দ্বিতাত নামিল৷ তেওঁ মুখামুখি হোৱা সমস্যা সন্দর্ভত তৰুণ গগৈয়ে কৈছিল– ‘বিধানসভাৰ কাৰণে মই যিসকল প্রার্থীক বাছনি কৰিছিলোঁ, হিতেশ্বৰ শইকীয়াই তেওঁলোকৰ বহুতৰে নাম নাকচ কৰিলে৷ মোৰ নিজৰ লোকসভা সমষ্টিৰ অন্তর্ভুক্ত বিধানসভা সমষ্টিকেইটাত মোৰ পছন্দৰ কংগ্রেছ প্রার্থী নথকাত মোৰ কাৰণে সমস্যা হৈ পৰিছিল৷ মোৰ প্রার্থীজনক নাকচ কৰি কলিয়াবৰ বিধানসভা সমষ্টিৰ কাৰণে অগপ নেতা প্রফুল্ল মহন্তৰ ভাতৃ দিলীপ মহন্তক প্রার্থিত্ব প্রদান কৰা হ’ল৷’ গগৈৰ অন্যান্য প্রার্থী, যেনে– জীৱ গগৈ আৰু বলৰাম নাগ তথা মুজিবুৰ ৰহমানকো (এওঁ নগাঁৱৰ ধিঙৰ পৰা প্রার্থিত্ব বিচাৰিছিল) হিতেশ্বৰ শইকীয়াই ১৯৯৬ চনৰ নির্বাচনত প্রার্থিত্ব প্রদান নকৰিলে৷ টিকট নাপাই হতাশ হৈ পৰা কংগ্রেছ কর্মীসকলে তেওঁৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰি দিছিল৷
নির্বাচনত কংগ্রেছৰ পৰাজয় অপ্রত্যাশিত নাছিল৷ একেধৰণে লোকসভালৈ নির্বাচিত হ’বলৈ তৰুণ গগৈও সমর্থ হ’ব পৰা নাছিল৷ ১,৬০০টা ভোটৰ ব্যৱধানত তেওঁ অগপ দলৰ যুৱনেতা কেশৱ মহন্তৰ হাতত পৰাজয়বৰণ কৰিবলগীয়া হয়৷ ১৯৭১ চনৰ পৰা নির্বাচনী যুঁজত অৱতীর্ণ হৈ অহা গগৈয়ে খুব কমেইহে নির্বাচনী পৰাজয়ৰ মুখামুখি হ’বলগীয়া হৈছিল৷ অৱশ্যে এইবাৰ পৰিস্থিতিৰ ৰেহ–ৰূপ উপলব্ধি কৰি খুব কমসংখ্যক ভোটৰ ব্যৱধানত কলিয়াবৰত পৰাজিত হ’বলগীয়া কথাটো তেওঁৰ কাৰণে একো আচৰিত হ’বলগীয়া কথা নাছিল৷ কিন্তু তেওঁ এনেয়ে বহি থকা বিধৰ মানুহ নিশ্চয় নাছিল৷ প্রফুল্ল কুমাৰ মহন্ত দ্বিতীয়বাৰৰ কাৰণে ক্ষমতালৈ প্রত্যাৱর্তন কৰাৰ পৰিপ্রেক্ষিতত কংগ্রেছ দলৰ হেৰোৱা শক্তি পুনৰ ঘূৰাই অনাৰ উদ্দেশ্যে দলৰ ঊর্ধ্বতন মহলে যাৰ নাম সঘনে উচ্চাৰণ কৰিছিল, সেইজন হ’ল তৰুণ গগৈ৷ তেওঁৰ ভাষাত– ‘প্রধানমন্ত্রী নৰসিংহ ৰাও আৰু বিজয়কৃষ্ণ সন্দিকৈৰ দৰে অসমৰ জ্যেষ্ঠ কংগ্রেছ নেতাসকলে মোক প্রদেশ কংগ্রেছৰ বাব পুনৰ গ্রহণ কৰিবলৈ অনুৰোধ কৰিলে৷ মই বৰ ইচ্ছুক নাছিলোঁ যদিও কোনেও আগবাঢ়ি নহাত ময়েই সেই দায়িত্ব গ্রহণ কৰিবলৈ আগবাঢ়ি আহিলোঁ৷’
১৯৯৬ চনত কংগ্রেছৰ বিপর্যয়ৰ কাৰণবোৰ ফঁহিয়াই চাই গগৈয়ে দেখা পালে যে একাধিক কাৰণত, যেনে– উন্নয়নমূলক কামৰ অভাৱ, স্থানীয় লোকৰ আৱেগ–নুভূতিক উপেক্ষা, পশ্চিম সীমান্তৰ জিলাসমূহত সংঘটিত হোৱা বড়ো আৰু অভিবাসী মুছলমানৰ সাম্প্রদায়িক সংঘর্ষই মুছলমানসকলৰ মনত কংগ্রেছৰ প্রতি আনি দিয়া অনাস্থা ভাব তথা আলফাৰ ভাবুকি ইত্যাদিৰ ফলত কংগ্রেছ দলে নির্বাচনত শোচনীয়ভাৱে পৰাজয়বৰণ কৰিবলগীয়া হৈছিল৷ গগৈয়ে এইবাৰ নতুনকৈ প্রদেশ কংগ্রেছ কমিটী গঠন কৰি ধীৰে–সুস্থিৰে দলীয় কর্মীসকলক সংগঠিত কৰাৰ কামত মনোনিৱেশ কৰিলে৷ ১৯৯১ চনতো তেওঁ তাকেই কৰিছিল৷ দলৰ ভিতৰত নিজৰ স্থিতি সবল কৰিবলৈ বিধানসভা বা লোকসভাৰ সদস্য হৈ লোৱাটোৱেই আটাইতকৈ উত্তম উপায়৷ ইফালে, মার্ঘেৰিটা সমষ্টিৰ কংগ্রেছ প্রার্থীজনক আলফাই গুলীয়াই হত্যা কৰাৰ ফলত সেই সমষ্টিটোত উপ–নির্বাচন পাতিবলগীয়া হৈছিল৷ কংগ্রেছ দলে মার্ঘেৰিটাত তেওঁক প্রার্থিত্ব দিবলৈ ইচ্ছা কৰাত তেওঁ সেই প্রত্যাহ্বান গ্রহণ কৰিবলৈ দ্বিধাবোধ নকৰিলে৷ তেওঁ কৈছিল– ‘আলফাই মোকো ভাবুকি দিছিল৷ তেওঁলোকে মোক চিঠিও দিছিল৷’ মার্ঘেৰিটা সমষ্টিৰ উপ–নির্বাচনত গগৈয়ে জয়লাভ কৰি প্রথমবাৰৰ কাৰণে অসম বিধানসভাৰ মজিয়ালৈ নির্বাচিত হ’ল৷ তেওঁৰ কাৰণে সেয়ে এয়া আছিল এক ঐতিহাসিক সাফল্য৷
আলফাৰ শক্তি তুংগত থকা এই সময়ছোৱাৰ ভিতৰতে মার্ঘেৰিটাৰ পৰা জয়লাভ কৰি তৰুণ গগৈয়ে প্রকৃততে কংগ্রেছৰ হেৰাই যোৱা মনোবল ঘূৰাই আনিবলৈ কিছু পৰিমাণে হ’লেও সমর্থ হ’ল৷ তেওঁৰ নেতৃত্বৰ প্রতিও মানুহৰ আস্থা দিনকদিনে বাঢ়িবলৈ ধৰিলে, কাৰণ মানুহৰ মনত এনে এটা ভাবে শিপাবলৈ ধৰিলে যে গগৈয়ে যি ঠাইৰ পৰাই নির্বাচনত নানামক কিয়, তেওঁ জয়লাভ কৰিবই৷ মার্ঘেৰিটাৰ উপ–নির্বাচনত লাভ কৰা সাফল্য তেওঁৰ কাৰণে বিশেষভাৱে তাৎপর্যপূর্ণ এই কাৰণেও যে ইয়াৰ পাছৰ পৰাই তেওঁ ৰাজ্যখনৰ ৰাজনীতিত ওতপ্রোতভাৱে সাঙোৰ খাই পৰিল৷ যিসকলে তৰুণ গগৈ ৰাজ্যিক পর্যায়ৰ ৰাজনীতিত অনভিজ্ঞ কেৱল ৰাষ্ট্রীয় পর্যায়ৰ ৰাজনীতিতহে খাপ খাব জানে বুলি সমালোচনা কৰিছিল, সেইসকলেও এতিয়াৰ পৰা তেনে মন্তব্য কৰাৰ থল বিচাৰি নোপোৱা হ’ল৷ ১৯৯৭ চনত প্রদেশ কংগ্রেছৰ সভাপতি পদৰ কাৰণে নির্বাচন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লোৱা হ’ল৷ গগৈয়ে যদি ভাবিছিল যে তেওঁ বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হ’ব, তেন্তে তেওঁ ভুল কৰিছিল৷ কাৰণ জ্যেষ্ঠ কংগ্রেছ নেতা হিৰণ্য বৰায়ো প্রতিদ্বন্দ্বিতাত নামিবলৈ সিদ্ধান্ত গ্রহণ কৰিলে৷ অৱশেষত এই নির্বাচনী যুঁজখনত গগৈয়ে জয়মালা পৰিধান কৰিবলৈ সমর্থ হ’ল৷
দেশত এইবাৰ দ্বাদশ লোকসভাৰ কাৰণে নির্বাচন অনুষ্ঠিত কৰাৰ প্রয়োজনীয়তা আহি পৰিল, কাৰণ একাদশ লোকসভাত এখনৰ পাছত এখনকৈ তিনিখন চৰকাৰ গঠন হ’ল আৰু কর্মদিনৰ ভিতৰতে পতনো হ’ল৷ অটল বিহাৰী বাজপায়ীয়ে কেৱল ১৩ দিনৰ কাৰণে চৰকাৰ চলোৱাৰ পাছত যথাক্রমে এইচ কে দেৱেগৌড়া আৰু ইন্দ্রকুমাৰ গুজৰালে খুব কম দিনৰ বাবেহে চৰকাৰ চলাবলৈ সক্ষম হয়৷ জনাদেশ বিচাৰি দ্বাদশ লোকসভাৰ কাৰণে ১৯৯৮ চনৰ আৰম্ভণিতে সাধাৰণ নির্বাচনৰ সময়সূচী ধার্য কৰা হয়৷ এই নির্বাচন গগৈৰ কাৰণে যেন নেতৃত্বৰ এক পৰীক্ষাহে আছিল৷ গগৈৰ নেতৃত্ব দিব পৰা ক্ষমতা পুনৰ প্রমাণিত হ’ল৷ শাসনাধিষ্ঠিত অসম গণ পৰিষদ দলে লোকসভা নির্বাচনত এখনো আসন লাভ কৰিবলৈ সক্ষম নোহোৱাৰ বিপৰীতে কংগ্রেছে চৈধ্যখন আসনৰ ভিতৰত দহখনেই বিজয় সাব্যস্ত কৰিব পাৰিলে৷ বিধানসভাৰ সদস্য হৈ সন্তুষ্টি লাভ কৰিব নোৱাৰি গগৈয়ে এইবাৰ কলিয়াবৰ সমষ্টিৰ পৰা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিছিল৷ কলিয়াবৰৰ পৰা লোকসভালৈ নির্বাচিত হোৱা গগৈয়ে স্বীকাৰ কৰিছিল যে ১৯৯৮ চনৰ সংসদীয় নির্বাচনত লাভ কৰা সাফল্যই প্রদেশ কংগ্রেছৰ মনোবল দুগুণে বঢ়াই তুলিছিল৷
২৪টা ভিন ভিন দলৰ মাজত সৃষ্টি হোৱা অনৈক্যই অটল বিহাৰী বাজপেয়ীৰ মর্চা চৰকাৰখনক পুনৰ সংখ্যালঘু চৰকাৰত পৰিণত কৰিলে৷ বাজপেয়ীৰ চৰকাৰৰ পতনে দেশখনক আন এটা নির্বাচনৰ মাজলৈ ঠেলি দিলে৷ ১৯৯৯ চনৰ শেষৰ ফালে অনুষ্ঠিত লোকসভা নির্বাচনত বাজপায়ীৰ নেতৃত্বত বিজেপি আৰু ইয়াৰ সহযোগী দলসমূহে পুনৰ ক্ষমতা দখল কৰিলে৷ ১৯৯৯ৰ নির্বাচনত অসমত পুনৰ তৰুণ গগৈৰ নেতৃত্বত কংগ্রেছে চমকপ্রদ সাফল্য লাভ কৰিলে৷ ১৪টা সমষ্টিৰ ভিতৰত পুনৰ দহটা সমষ্টিত জয়লাভ কৰা কংগ্রেছে যেন তৰুণ গগৈৰ সুদক্ষ নেতৃত্বকেই আকৌ এবাৰ প্রমাণ কৰিলে৷ ইফালে, শাসনাধিষ্ঠিত অগপ দলে এখনো আসন দখল কৰিব নোৱাৰিলে৷ কলিয়াবৰৰ পৰা পুনৰ নির্বাচিত হোৱা গগৈয়ে অসমত কংগ্রেছ দলৰ ভাগ্যৰ গতি সম্পূর্ণৰূপে সলনি কৰি পেলালে৷ অৱশ্যে এইক্ষেত্রত অগপ চৰকাৰৰ শাসন বা অপশাসনেও যে গগৈৰ কাৰণে পৰিস্থিতি সহজ কৰি তুলিছিল, তাত সন্দেহ নাই৷
(‘তৰুণ গগৈঃ এজন স্পষ্টবাদী ৰাজনীতিবিদৰ নেপথ্যৰ কাহিনী’ নামৰ গ্রন্থখনত প্রকাশিত)