নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰীণা দাস হত্যাকাণ্ডঃ বোৱাৰী ললিতা দলে দাসক গ্ৰেপ্তাৰ, বিস্ফোৰক তথ্য আহিছে পোহৰলৈ

নিয়মীয়া বার্তা, ২৪ নৱেম্বৰঃ বশিষ্ঠৰ পিলিংকাটাত অলপতে সংঘটিত হোৱা চাঞ্চল্যকৰ হত্যাকাণ্ড সন্দর্ভত নিতৌ ন ন তথ্য পোহৰলৈ আহিছে৷ আৰক্ষীৰ তদন্তত নৃশংস হত্যাৰ বলি হোৱা অৱসৰপ্রাপ্ত এন এছ এছ বিষয়া ৰীণা দাসৰ হত্যাকাণ্ড সন্দর্ভত শেহতীয়াকৈ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷

সম্পত্তি আৰু শাহু–বোৱাৰীৰ মাজত চলি থকা কন্দলৰ বাবেই অৱসৰপ্রাপ্ত এন এছ এছ বিষয়াগৰাকী নৃশংস হত্যাৰ বলি হোৱা বুলি আৰক্ষী সূত্রই সদৰী কৰে৷ আৰক্ষীয়ে ঘটনা সন্দর্ভত বিচাৰি পোৱা ক্লু অনুসৰি বিভিন্ন দৃষ্টিকোণৰ পৰা তদন্ত চলাই আজি ৰীণা দাসৰ বোৱাৰী ললিতা দলে দাসক শাহুৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত গ্রেপ্তাৰ কৰে৷

লগতে পঢ়কঃ “অসমৰ প্ৰথম মানুহ, যি মোক দম দিলেও মোৰ ভাল লাগে”- আৱেগিক হৈ এইদৰে ক’লে জুবিনে

আৰক্ষীয়ে অভিযুক্ত বোৱাৰীক আদালতত হাজিৰ কৰোৱাত কামৰূপ মহানগৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতে অভিযুক্ত ললিতাক তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰিছে৷ সম্প্রতি বশিষ্ঠ আৰক্ষীয়ে অভিযুক্ত বোৱাৰী ললিতা দাসক মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ প্রাপ্ত অভিযোগ অনুসৰি ললিতা দাসৰ সৈতে শাহুৰ দীর্ঘদিনীয়া কন্দল চলি আছিল৷

সম্পত্তিৰ সমান্তৰালকৈ বোৱাৰীৰ অবৈধ প্রেমৰ পৰিণতিত শাহু–বোৱাৰীৰ কাজিয়াই ক্রমাৎ হিংসাত্মক ৰূপ লোৱা বুলি জানিব পৰা গৈছে৷ কর্মসূত্রে ৰীণা দাসৰ পুত্র তথা ললিতাৰ স্বামী অভিনন্দন দাস সোণাপুৰত কর্মৰত আছিল৷ স্বামী কর্মসূত্রে সোণাপুৰত বসবাস কৰাৰ বাবে ললিতা আৰু শাহুৰ মাজত সম্পর্ক বেয়াৰ দিশে গতি কৰাৰ সমান্তৰালকৈ শাহু–বোৱাৰীৰ মাজত কাজিয়া হৈছিল বুলি অভিযোগ উঠিছে৷

অৱশ্যে ক’ৰোনা মহামাৰীৰ বাবে শাহু–বোৱাৰীয়ে পৃথকে পৃথকে বাস কৰা বুলি বোৱাৰীয়েক ললিতাই আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছে যদিও এই সন্দর্ভতো সন্দেহৰ অৱকাশ থকা বুলি আৰক্ষী সূত্রত প্রকাশ৷ আৰক্ষীয়ে বিভিন্ন দৃষ্টিকোণৰ পৰা বশিষ্ঠ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত অভিযান চলাই কালি এই হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত বোৱাৰী ললিতাক গ্রেপ্তাৰ কৰিছে যদিও এইক্ষেত্রত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷

You might also like