জীৱন আৰু স্বাস্থ্য সমার্থক নহয়
কিছুমান কথা নিজৰ অভিজ্ঞতাৰ ভিত্তিত ক’ব পাৰিলেহে কথাবোৰ বুজাই ক’বলৈ সহজ হয়৷ উদাহৰণ হিচাপে স্বাস্থ্যৰ কথাই ধৰক৷ এসময়ত মোৰ স্বাস্থ্য খুব বেয়া আছিল৷ হেৰোৱা স্বাস্থ্য উদ্ধাৰ কৰি শৰীৰটো মেৰামতি কৰিবলৈ মই দীর্ঘকাল ধৰি যথেষ্ট কষ্ট কৰিব লগা হ’ল৷ মোৰ নিজৰ অভিজ্ঞতাৰ ভিত্তিত মই স্বাস্থ্যৰ বিষয়ে কেইবাখনো ৰচনা লিখিছোঁ আৰু সেই ৰচনাবোৰ পঢ়ি বহুত মানুহে উপকাৰ পোৱা বুলি মোক কয়৷ কিন্তু মোৰ স্বাস্থ্য সম্পর্কীয় ৰচনাবোৰ পঢ়ি যদি মানুহে ভাবে যে মই সুস্বাস্থ্যৰ এটা জীৱন্ত প্রতিমূর্তি, এদিনৰ কাৰণেও মই বেমাৰত পৰি থাকিব লগা নহয়, তেন্তে তাতকৈ ডাঙৰ ভুল আন একোৱেই নহ’ব৷ স্বাস্থ্যৰ ইমান যত্ন লোৱা সত্ত্বেও নানা শাৰীৰিক সমস্যাই মোক প্রায়ে উত্যক্ত কৰি ৰাখে৷ তাৰ এটা প্রধান কাৰণ হ’ল যে বহুতো শাৰীৰিক সমস্যাৰ বেছিভাগ কাৰণেই মোৰ নিয়ন্ত্রণৰ বাহিৰত৷
মানুহে স্বাস্থ্যৰ যিমানেই যত্ন নলওক কিয়, তেওঁৰ নিয়ন্ত্রণৰ অতীত বহুতো কথাই মাজে মাজে তেওঁক ধৰাশায়ী নকৰিলেও শয্যাশায়ী কৰিবই৷ উদাহৰণস্বৰূপে, আপুনি নিজৰ ঘৰত আহাৰ আৰু পানী যথাসম্ভৱ বীজাণুমুক্ত কৰি ৰাখে৷ কিন্তু মাজে–সময়ে আপুনি হোটেলত বা আনৰ ঘৰত আহাৰ খাবলৈ বাধ্য হয়, আৰু তেতিয়া হয়তো আহাৰৰ লগতে কেতিয়াবা গ্রহণী ৰোগৰ বীজাণুও উদৰস্থ কৰিব লগা হয়৷ হঠাৎ আপোনাৰ চহৰত ভাইৰাছ এপিডেমিক হ’ল৷ আপুনি তাৰ পৰা অকলে মুক্ত হৈ থাকিব কেনেকৈ? আপুনি জানে যে আপুনি যদি দিনে ৬ ঘণ্টাকৈ দিনৰ পিছত দিন তলমুৱা হৈ লিখি থাকিবলৈ বাধ্য হয়, তেন্তে আপোনাৰ স্পণ্ডিলাইটিছ হোৱাৰ পূৰা সম্ভাৱনা আছে৷ কিন্তু সেইবুলি আপুনি নিলিখাকৈ থাকিব পাৰিবনে? এলবার্ট স্বোৱেইৎজাৰে কোৱাৰ দৰে কেৱল স্বাস্থ্য গঢ়াটোৱেই জীৱনৰ একমাত্র লক্ষ্য হ’ব নোৱাৰে কেতিয়াবা জানি–শুনিয়েই স্বাস্থ্যক বিসর্জন দিব লগা হয়৷ অর্থাৎ তেওঁৰ মতে জীৱন আৰু স্বাস্থ্যক সমার্থক বুলি ভবা উচিত নহয়৷ জীৱনৰ প্রয়োজনত কেতিয়াবা স্বাস্থ্যক ধ্বংস কৰিহে আমি পৰিপূর্ণভাৱে জীয়াই থকাৰ অভিজ্ঞতা লাভ কৰোঁ৷ অৱশ্যে সম্পূর্ণ বেলেগ দৃষ্টিকোণৰ পৰা জীৱনটোক চাই মার্চেল প্রুষ্টেও প্রায় একে ধৰণৰ কথাকে কৈছে– ‘স্নায়ৱিক আৰু মানসিক ৰোগ নথকা অৱস্থাক হয়তো স্বাস্থ্য বুলি ক’ব পাৰি কিন্তু তাক নিশ্চয় জীৱন বুলি ক’ব নোৱাৰি৷’
সি যি কি নহওক, মই ক’ব খোজা কথাটো আছিল এয়েই যে মানুহৰ শৰীৰৰ এটা স্থায়ী ৰোগমুক্ত অৱস্থা কল্পনা কৰা সম্ভৱ নহয়৷ ডাঙৰ বেমাৰ হয়তো কাচিৎহে হয় বা কোনো কোনো মানুহৰ জীৱনত এবাৰো নহ’ব পাৰে৷ কিন্তু পানীলগা জ্বৰ, মূৰৰ বিষ, চকুৰ বিষ, চাইনাইচাইটিছ, চায়াটিকা, ডিঙিৰ বিষ, পেটৰ সৰু সুৰা অসুখ, ভাগৰ, অৱসাদ … ইত্যাদি এশ এবুৰি সৰু–সুৰা অসুখে মানুহক প্রায়ে উত্যক্ত কৰি ৰাখে৷ এনে অৱস্থাত প্রকৃত অর্থত স্বাস্থ্যৱান মানুহ তেওঁকেই কয়– যিজনে এই বিৰক্তিকৰ শাৰীৰিক সমস্যাবোৰৰ প্রতি শুদ্ধ মনোভাব গ্রহণ কৰি নিজৰ শৰীৰৰ শক্তি আৰু মনৰ শান্তি অক্ষুণ্ণ ৰাখিব পাৰে৷
সেই শুদ্ধ মনোভাবটোনো কি?
শুদ্ধ মনোভাবৰ প্রথম কথাটো হ’ল এই যে শৰীৰ থকালৈকে শৰীৰৰ নানাবিধ সমস্যা থাকিবই বুলি ধৰি লৈ তাৰ মুখামুখি হ’বলৈ মনটো প্রস্তুত কৰিব লাগিব৷ হেনৰী ডেভিদ থৰোৱে স্পষ্ট ভাষাৰে কৈছে যে ৰোগ মানুহৰ অস্তিত্বৰ এটা অবিচ্ছেদ্য অংগ সকলো প্রাণীয়েই তাৰ লগত সহবাস কৰিব লাগিব৷ এই বিষয়ত আটাইতকৈ বেছি যুক্তিপূর্ণ কথা কৈছে মহাত্মা গান্ধীয়ে৷ এবাৰ তেওঁ ইউৰোপলৈ যাওঁতে ছুইজাৰলেণ্ডৰ এখন ধর্মীয় আলোচনীয়ে তেওঁৰ সাক্ষাৎকাৰ লৈছিল৷ এটা বিশেষ প্রশ্ণৰ উত্তৰত গান্ধীজীয়ে কৈছিল– ‘মানুহে ৰোগৰ কথা বৰ বেছিকৈ চিন্তা কৰে৷ বিপদসংকুল এই জীৱনত ৰোগৰ বিৰুদ্ধে থিয় হ’বলৈ মানুহৰ সাহস থকা উচিত৷ ৰোগ হ’লে যিমান পৰা যায় কম চিকিৎসা কৰা উচিত৷ পৃথিৱীৰ আটাইবোৰ ৰোগীৰ কাৰণে চিকিৎসালয় স্থাপন কৰিবলৈ পৃথিৱীৰ আটাইবোৰ ধনকুবেৰৰ ধনেও নাটিব৷ সেই কাৰণে চিকিৎসালয়ত থাকিবলৈ যিসকল লোকৰ সামর্থ্য আছে তেওঁলোকে মনত পেলোৱা উচিত সেইসকল লোকৰ কথা– যিসকলৰ হাস্পতালত থাকিবলৈ সামর্থ্য নাই৷ তদুপৰি ৰোগটো চিৰকাল থাকিবই, আৰু দেহৰ কিছু কিছু ব্যাধি মানুহে ভালকৈয়ে সহ্য কৰিব পাৰে৷ যিটো সহ্য কৰা উচিত নহয় সেইটো হ’ল মনৰ ব্যাধি৷’
যিসকল লোকে স্বাস্থ্যৰ বিষয়ে জানিবলৈ ইচ্ছা কৰে আৰু মানুহৰ দেহ–মনৰ অন্তহীন ৰহস্যৰ প্রতি কৌতূহল অনুভৱ কৰে তেওঁলোকক মই কেনেথ ৱাকাৰৰ’A Doctor Digresses’ নামৰ কিতাপখন পঢ়ি চাবলৈ অনুৰোধ কৰোঁ– যদিহে তেওঁলোকৰ পক্ষে কিতাপখন যোগাৰ কৰাটো সম্ভৱ হয়৷ সদ্যহতে কিতাপখনৰ এটা মাত্র বাক্যৰ প্রতি মই পাঠকসকলৰ মনোযোগ আকর্ষণ কৰিব খোজোঁ–‘… For one thing I feel certain, that the less one thinks of health, the less anxious one is it about disease, the more likely one is to remain well৷ অর্থাৎ এটা বিষয়ে মই নিশ্চিত যে মানুহে স্বাস্থ্যৰ বিষয়ে যিমানেই কম চিন্তা কৰে, ৰোগৰ বিষয়ে যিমানেই কম উদ্বিগ্ণতা অনুভৱ কৰে, সিমানেই তেওঁ বেছি সুস্থ হৈ থাকে৷’