নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানত ক্ষতিগ্ৰস্ত কোনো লোকেই সাহাৰ্যৰ পৰা যাতে বঞ্চিত নহয়ঃ কৃষি মন্ত্ৰী অতুল বৰা

নিয়মীয়া বাৰ্তা, ২৪ জুলাই:  আজি কৃষি আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই বিয়লি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ নগাঁও জিলাৰ বানত ক্ষতিগ্ৰস্ত কোনো হিতাধিকাৰীয়ে যাতে সাহাৰ্য লাভৰ পৰা বঞ্চিত নহয় তাৰ বাবে জিলা প্ৰশাসনক কঠোৰ নিৰ্দেশ দিয়ে।লগতে তেওঁ বানত আৱাস ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল সমুহক শীঘ্ৰেই পুনৰ সংস্থাপনৰ ব্যাৱস্থা কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে।কৃষি সঞ্চালক অনন্তলাৰ চৌধুৰীক লগত লৈ কৃষি মন্ত্ৰী অতুল বৰাই লগতে জিলা প্ৰশাসনৰ বিষয়া সকলৰ পৰা বান ঘৰ ক্ষতি হোৱা পুনৰীক্ষনৰ অগ্ৰগতিৰ বিতং বুজ লয়।তেওঁ প্ৰশাসনৰ বিষয়া সকলক আৱাস ক্ষতিগ্ৰস্থ পৰিয়াল সমূহক সময়মতে যাৱতীয় অনুমোদনৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে।ইয়াৰ পাছতে মন্ত্ৰী গৰাকীয়ে বানত ক্ষতিগ্ৰস্ত হোৱা জিলাখনৰ ৰহাস্থিত মহকুমা কৃষি বিষয়াৰ কাৰ্যালয় আৰু ৰহা উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা (কৃষি) কাৰ্যালয়টোও পৰিদৰ্শন কৰে ।মন্ত্ৰী বৰাই কৃষকসকলক প্ৰয়োজনীয় সকলো সহায়-সহযোগিতা সময়মতে আগবঢ়াই যাবলৈ কৃষি বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে।মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শনৰ কালত নগাঁও জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, চক্ৰ বিষয়া, জিলা কৃষি বিষয়া, জিলা প্ৰশাসনৰ বিষয়া তথা কৃষি বিভাগৰ বিষয়াসকল উপস্থিত আছিল।

You might also like