নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱাত ইৰাণীৰ কন্যাৰ বেআইনী ৰেষ্টুৰেণ্ট! কংগ্রেছৰ এই অভিযোগ খণ্ডন মন্ত্রী স্মৃতি ইৰাণীৰ

নিয়মীয়া বাৰ্তা, ২৪ জুলাই: গোৱাত কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীৰ কন্যাই বেআইনীভাৱে বাৰ–ৰেষ্টুৰেণ্ট চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্রেছে৷ চিলি চাউলছ গোৱা নামৰ বেআইনী ৰেষ্টুৰেণ্টখন স্মৃতি ইৰাণীৰ কন্যাই চলাই থকা বুলি দাবী কৰি কংগ্রেছে প্রধানমন্ত্রী নৰেন্দ্র মোদীক কেন্দ্রীয় মন্ত্রী ইৰাণীক অপসাৰণ কৰিবলৈ দাবী জনাইছে৷

গোৱাৰ কর্তৃপক্ষই স্মৃতি ইৰাণীৰ কন্যাক বাৰখন বেআইনীভাৱে চলাই থকাৰ বাবে কাৰণ দর্শোৱাৰ জাননী জাৰি কৰাৰ তথ্য উল্লেখ কৰি কংগ্রেছে এই অভিযোগ উত্থাপন কৰিছে৷ কংগ্রেছৰ মুখপাত্র পৱন খেৰাই সাংবাদিকৰ আগত প্রকাশ কৰে যে কেন্দ্রীয় মন্ত্রী ইৰাণীৰ পৰিয়াল আৰু তেওঁৰ কন্যাই গোৱাত ভুৱা অনুজ্ঞা–পত্রৰে ৰেষ্টুৰেণ্ট চলাই আছে৷ ২০২১ চনৰ মে’ত মৃত্যু ঘটা এজন ব্যক্তিৰ নামত থকা এই ৰেষ্টুৰেণ্টখন ইৰাণীৰ কন্যাই চলাই আছে৷ ২০২২ চনত এই ৰেষ্টুৰেণ্টখনৰ অনুজ্ঞা–পত্র ইৰাণীৰ কন্যাই লৈ চলাই থকাটো বেআইনী৷ তদুপৰি, গোৱাত এখন ৰেষ্টুৰেণ্টে মাত্র এখন বাৰৰ অনুজ্ঞা–পত্র পায়৷ কিন্তু ইৰাণীৰ কন্যাৰ ৰেষ্টুৰেণ্টত দুখন বাৰৰ অনুজ্ঞা–পত্র আছে৷ কংগ্রেছৰ এই অভিযোগ খণ্ডন কৰি সংবাদ মেলযোগে কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীয়ে তেওঁৰ কন্যাৰ চৰিত্রত দাগ লগাব বিচৰা কংগ্রেছ কর্মীসকলক আদালতত দেখা যাব বুলি সকীয়নি দিয়ে৷

You might also like