মাজুলীৰ হাঁহি মাজুলীৰ চকুলো
মাজুলী: সুখ আৰু দুখ
মাজুলীৰ দৰে বিশ্বৰ বৃহত্তম নদীদ্বীপ, সত্রানুষ্ঠানৰ পীঠস্থান, বিভিন্ন জাতি–জনগোষ্ঠীৰ মিলনভূমি, নানাৰঙী দেশী–বিদেশী পৰিভ্রমী চৰাইৰ কল–কাকলিৰে মুখৰ, সেউজ স্থানত জন্ম হোৱাটো আমাৰ বাবে সুখ৷ সম্রাট ঔৰংগজেৱৰ জীৱনী লেখক মহম্মদ কাজিম, এ জে মিল্ছ চাহাবৰ টোকাত উল্লিখিত নদীদ্বীপটোৰ ঐতিহ্যমণ্ডিত গৌৰৱক লৈ আমি সুখী– য’ত চুতীয়া ৰজা ৰত্নধ্বজ পালৰ ৰাজধানী আছিল, য’ত ধোৱা–চলা গড়, ৰৰণাপুখুৰী আদিয়ে ৰিঙিয়াই আছে সোণালী ইতিহাস৷ দেশী–বিদেশী পর্যটকক আকর্ষণ কৰা মাজুলীৰ মৃৎ শিল্প, পৰম্পৰাগত ভাস্কর্য শিল্প, সাঁচিপাতৰ পুথি, নাও নির্মাণ, বাঁহ–বেতৰ হেঙুল হাইতাল বোলোৱা বিচনী, মুখাশিল্প, গামোচা, মিৰিজিম, মিবুগালুক, ৰিবিগাছেং আদি আন্তঃৰাষ্ট্রীয় পর্যায়ত সন্মান লাভ কৰা সমলসমূহ, সমৃদ্ধ জৈৱ– বৈচিত্র্যক লৈ সুখী৷ অতি শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্রীৰ অতি আন্তৰিক প্রচেষ্টাত সকলো দিশতে মাজুলীয়ে অগ্রগতিৰ দিশত আগুৱাবৰ বাবে সাজু হৈছে– এয়া দেখা পাই আমি সুখী৷ মাজুলীত এতিয়া এখনো কাঠৰ দলং নাই আৰু সৰহসংখ্যক আলিবাট পকী হৈ পৰিল৷ ফলত একাঁঠু বোকাত লুতুৰি–পুতুৰি হৈ আহ–যাহ কৰিবলগীয়া হোৱা দিনবোৰৰ অন্ত পৰিল৷
মাজুলীৰ বাবে অতি আৱশ্যকীয় দিশটো হ’ল চিকিৎসা খণ্ড৷ অত্যাধুনিক নহ’লেও অতি প্রয়োজনীয় চিকিৎসা সেৱা মাজুলীত বর্তমানেও উপলব্ধ হোৱা নাই৷ বিভিন্ন বিভাগৰ দক্ষ চিকিৎসকৰ অভাৱ মাজুলীৰ ৰাইজৰ বাবে এতিয়াও এক বৃহৎ অভাৱ হৈ আছে৷ এতিয়াও প্রসৱ যন্ত্রণাত চিৎকাৰ কৰি কৰি প্রসূতিৰ মৃত্যু হোৱাৰ খবৰ ওলায়৷ আশা কৰোঁ– অনতিবিলম্বে ভিন্ন বিভাগৰ দক্ষ চিকিৎসক তথা চিকিৎসাৰ অত্যাৱশ্যকীয় সুযোগ–সুবিধাসমূহ মাজুলীৰ ৰাইজৰ বাবে উপলব্ধ হ’ব৷
গৰাখহনীয়া মাজুলীৰ অন্য এক বৃহৎ, ভয়াৱহ, মর্মান্তিক দুখ৷ মাজুলীৰ গৰাখহনীয়া সমস্যাক বর্তমানৰ প্রধান সমস্যা বুলিব পাৰি৷ ১৯৫০ চনতে কেন্দ্রীয় চৰকাৰৰ বান আয়োগ গঠন হৈছিল আৰু এই আয়োগৰ অধীনত ব্রহ্মপুত্র বান নিয়ন্ত্রণ বিভাগে অলেখ–জস্র আঁচনি গ্রহণ কৰিলে যদিও মাজুলীৰ এচপৰা মাটিও অদ্যাৱধি ৰক্ষা কৰিব পৰা নাই৷ ১৯৯৭ চনত ভাৰতত কার্যনির্বাহ কৰি থকা ছুইডেনৰ ৰাষ্ট্রদূতগৰাকীয়ে মাজুলীৰ গৰাখহনীয়াৰ কবলত পৰা অঞ্চলসমূহ পৰিদর্শন কৰিছিল৷ ১৯৯৭ চনৰ মে’ মাহৰ ৩০ তাৰিখে ব্রহ্মপুত্রৰ খহনীয়াৰ পৰা বচাবৰ বাবে কেন্দ্রই ব্রহ্মপুত্র বোর্ডক এখন মাষ্টাৰ প্লেন প্রস্তুত কৰিবলৈ নির্দেশ দিয়ে৷ ব্রহ্মপুত্র বোর্ডেও বিভিন্ন আঁচনি লৈ কাম কৰি আহিছে যদিও গৰাখহনীয়া প্রতিৰোধৰ ক্ষেত্রত সফল হ’ব পৰা নাই৷ এইক্ষেত্রত অধিক ফলপ্রসূ কার্যপ্রণালীৰ প্রয়োজন– নহ’লে এই শ্যামলী শোভাৰে শোভিত, সত্র–সংস্কৃতিৰ পীঠস্থান, পৃথিৱীৰ সর্বত্র বিৰল প্রাকৃতিক পৰিৱেশেৰে সমৃদ্ধ নদীদ্বীপটো যে এদিন ব্রহ্মপুত্রৰ বুকুত হেৰাই যাব, সেয়া নিশ্চিত৷
মাজুলীৰ অধিকসংখ্যক জনসংখ্যা খেতিয়ক৷ খেতিয়কসকল ঘাইকৈ এবিধ শস্যৰ উৎপাদনৰ ওপৰত নির্ভৰশীল৷ শস্যৰ ৰোগ, খৰাং আদিৰ পৰা অসুৰক্ষিত৷ সময়মতে বৰষুণ নহ’লে খেতি নহয়৷ উপযুক্ত জলসিঞ্চন, বীজ, সাৰ, কীটনাশক দ্রব্যৰ সমবিতৰণে মাজুলীৰ কৃষকসকলক এতিয়াও চুব পৰা নাই৷ সুষম, পুষ্টিদায়ক, খাদ্যৰ অভাৱৰ বাবে পৌষ্টিক বিসংগতি দুখীয়া কৃষকসকলৰ জীৱন ধাৰণৰ ক্ষেত্রত এক বৃহৎ প্রত্যাহ্বান৷ সন্মিলিত শস্য আৰু পশুধন উৎপাদনৰ জৰিয়তে মাজুলীৰ নিবনুৱা যুৱক–যুৱতীসকলক্ সংস্থাপন দিব পৰা যায়৷ কৃষিক বিশেষ ক্ষেত্র হিচাপে লৈ বহুতৰপীয়া কৃষি পদ্ধতি প্রৱর্তন কৰিলে উৎপাদন বৃদ্ধি হোৱাটো খাটাং৷ মাজুলীৰ পথাৰবোৰৰ সকলোতে একেবিধৰ খেতি নহয়৷ সেয়ে বিশেষজ্ঞৰ দ্বাৰা মাটিৰ গুণাগুণ নির্ণয় কৰোৱাই বিজ্ঞানসন্মতভাৱে আগুৱালে সুফল নিশ্চিত৷ মাজুলী বিশ্ব ঐতিহ্যক্ষেত্র হিচাপে পৰিগণিত নোহোৱাটো মাজুলীৰ দুখ৷ আমাক ঐতিহ্যও লাগিব, সমান্তৰালভাৱে বিজ্ঞান–প্রযুক্তিবিদ্য্ যোগান ধৰা আধুনিক নূ্যনতম সা–সুবিধাখিনিও লাগিব৷ মাজুলীৰ সুৰক্ষাৰ বাবে সকলো একত্রিত হৈ আগুৱাই আহক৷ এয়া আমাৰ আহ্বান৷
মোৰ স্বপ্নৰ মাজুলী
মোৰ স্বপ্ণৰ মাজুলী দুখ আৰু সুখৰ এক কাৰুণিক কথক৷ সময়ৰ সুদীর্ঘ বলয়ত নদীৰ বুকুত সৃষ্ট মাজুলীৰ তুলনা নাই পৃথিৱীৰ কোলাত৷ সেই কথা আজিৰ যান্ত্রিক সময়ে প্রমাণ কৰিছে৷ গিৰি–শৃংগ, নৈ–বিল–খাল, পিটনি পুতি যন্ত্রৱৎ সমাজে গঢ়িব খোজা নগৰকেন্দ্রিক সভ্যতাৰ পৰা নিলগত থকা মাজুলীবাসীৰ দুখ ৰাজনৈতিক নেতাৰ অপগণ্ডামি, চাতুৰালি আৰু মাজুলীবাসীৰ সৰলতাক লৈ খেলা কৰাৰ নিন্দুক মানসিকতা৷ মাজুলীবাসীৰ দুখৰ কাৰণ হ’ল মাজুলীৰ বায়ু–পানী খাই ডাঙৰ–দীঘল হোৱা এচামে উন্নয়নৰ নামত মৰা মুখৰ গাখীৰ খোৱাৰ প্রৱণতা৷ কাৰণ মাজুলীৰে শত্রু মাজুলীৰ একাংশ মাজুলীয়াল৷ উন্নয়নৰ নামত অহা ধন গো–গ্রাসে গিলি বালিৰে বৰনদী ভেটা ঠিকাদাৰক বুকুৰ কুটুম কৰি যুগে যুগে এই চামটোৱে মাজুলীক একপ্রকাৰ ধর্ষণ কৰি আহিছে৷ মাজুলীৰ তাতেই দুখ– স্ব–মহিমাৰে সমুজ্জ্বল দ্বীপটোৰ ঐতিহ্য–বিৰাট–বৈভৱ অসমীয়াই চিনি নাপায়৷ চিনি পোৱাসকলৰ গৰিষ্ঠসংখ্যকে মাজুলীক লৈ বেপাৰ কৰাৰ স্বপ্ণত বিভোৰ হৈ থকাৰ সময়ত মাজুলীবাসীৰ দুখ লাগে যেতিয়া প্রসৱ বেদনাত ছটফটাই থকা বাই–ভনীবোৰক, মাতৃসকলক মাজনিশা নাৱত তুলি ভৰা লুইত পাৰ কৰি যোৰহাটলৈ নিবলগীয়া হয়৷ একেই দুখে দহি দহি মাৰে সর্গভা মাতৃগৰাকীক ভৰ বাৰিষা নাৱত তুলি নিয়াৰ দৰেই যেতিয়া আপোনজনৰ মৃতদেহ একেখন নাৱতে ঘূৰাই আনিব লগা হয়৷ উমা ভাৰতীৰ দ্বাৰাকাৰ স্বপ্ণত মাজুলীৰ মানুহ শুই থকা নাই, জীৱনৰ ঘানি টানি দেই যোৱা কলিজা লৈ মাজুলীৰ মানুহে খাওঁতে, শোওঁতে, উঠোঁতে বহোঁতে মাথোঁ স্বপ্ণ দেখি আছে এখন উন্নতমানৰ চিকিৎসালয়ৰ৷ সপোন দেখিছে সুৰক্ষিত মাজুলীৰ, আশা কৰিছে ঐতিহ্য–সংস্কৃতিৰ বুকুত মাজুলীৰ গাঁওবোৰ গাঁও হৈ থকাৰ৷ ৱাই–ফাই জিলাৰ স্বপ্ণই মাজুলীৰ মানুহক সুখ দিব নোৱাৰে, সুখ পাব তেতিয়াহে যেতিয়া ‘কা’ৰ যোগেদি আলহী–তিথিক মাতিব খোজা চৰকাৰে মাজুলীৰ গৰাখহনীয়াত মাটি–ভেটি হেৰুৱাই মথাউৰিত বসবাস কৰাসকলক সংস্থাপন দিব৷ এখন ঘৰ পাব, বিশুদ্ধ খোৱাপানী পাব, এটি ভেটি পাব, গাঁওবোৰ গাঁও হৈ থাকিব, পথাৰত আঘোণমহীয়া উচুপিব নালাগিব৷ গৰাখহনীয়া, বানপানীৰ সমস্যাই মাজুলীৰ প্রধান সমস্যা৷ যাতায়াত, যোগাযোগে একালত দৈত্য–দানৱৰ ৰূপ ধৰি থকা মাজুলীবাসীৰ প্রকৃত সুখৰ কাৰণ মাজুলীৰ প্রশান্তি৷ সেই প্রশান্তিৰ বুকুতহে জীয়াই থাকিব মাজুলীবাসীৰ সুখ, সমৃদ্ধি আৰু পুৰাতন সংস্কৃতি৷
জী থকা মাজুলী
লিখোঁ বুলি লিখিব নোৱাৰি, সেয়াই মাজুলী৷ কোনোৱে শুনিছে, কোনোৱে দেখিছে আৰু কোনোৱে নিজৰ লগত কঢ়িয়াই লৈ ফুৰিছে মাজুলীক৷ প্রিয় পাঠক, আপুনি জানে বা নাজানে সেই কথা ময়ো নাজানো, সেয়ে কওঁ বৌটিৰ মুখখনৰ দৰে সৰল মাজুলীজনী৷ মানুহবোৰ বৰ সাহিয়াল, পিতাইৰ বুকুখনৰ দৰে৷ কবিয়ে লিখি যোৱা ঘৰে ঘৰে সুখ চেনেহা–চেনেহীকণ মাজুলীত এতিয়াও পায়৷ এই চেনেহেই কেতিয়াবা মাজুলীৰ সুখ আৰু এই চেনেহেই কেতিয়াবা মাজুলীৰ দুখৰো কাৰণ৷ ৰজা দিনৰ পৰা মন্ত্রীৰ দিন হোৱালৈকে, নৈৰ বুকুৰ মহকুমাৰ পৰা জিলা হোৱালৈকে মাজুলীয়ে কিমান কি সামৰিব, কিমান কঢ়িয়াব?
দুদিন আগৰ কথা৷ নাহঁো বুলিও যোৰহাটলৈ আহিবলগীয়া হ’ল৷ মাজুলীত আই ডি বি আই বেংকৰ শাখা নাই, বিত্তীয় লেনদেনৰ বাবে যোৰহাটলৈ আহিব লগা হৈছে মুখ্যমন্ত্রীৰ বিশেষ বৃত্তি লাভ কৰা মাজুলীৰ শ শজন শিক্ষার্থী৷ তাৰেই মাজৰ এগৰাকী মোৰ ভাইটো৷ এইহেন ক’ৰোনা কালত পাৰাপাৰ হৈ বেংকত অসহ্যকৰ গৰমত থিয় হৈ থকাৰ পাছতো যেতিয়া কিবা অকণ খুঁত ওলালেই বিমুখ মনেৰে ঘৰলৈ ফেৰীৰে ঘূৰি যাব লগা হয়, বাৰ বাৰ একেটা কামতে অহা–যোৱা কৰিবলগীয়া হয়, সেয়া সুখ৷ মাজুলীয়াল হোৱাৰ সুখ৷ নামত জিলা হ’ল, কামত আজিলৈকে বহুত কিবা নহ’ল৷
আপুনি মাজুলীত বাৰিষা কটাই পাইছে? বাৰিষা কিনকিনীয়া বৰষুণত তিতি চোতালত পানীত ভৰিৰে চিপচিপাই সাধু শুনা দিনতহে ভাল লাগিছিল, এতিয়া ভয় কৰোঁ বাৰিষালৈ৷ আপোনালোকৰ মনৰ চিনাকি পানীৰে ভৰি থকা গাঁওবোৰ, মেটেকা–পুনি, নাৱেৰে অহা–যোৱা কৰা, বাট–পথ ছিঙা, মাছ–কাছৰে উভৈনদী দিনবোৰ মানে মাজুলীৰ বাৰিষা নহয়৷ লেউ লেউকৈ অহা কেঁচু–জোকবোৰ মানে বাৰিষা নহয়, কেৰেলুৱাৰ লাডু, পৰুৱাৰ লাডুবোৰ মানেই বাৰিষা নহয়৷ ঘৰবোৰৰ মূধচলৈকে পানী উঠাৰ দৰে শৌচালয়–স্নানাগাৰবো ডুবি থাকে, বৰ পানীত বৃদ্ধ ককাজন, আঠ–নমহীয়া গর্ভৱতী মানুহগৰাকীও বাহিৰ ফুৰিবৰ বাবে নাও লৈ ওলাই যাব লগা হয় আৰু নির্জন মুকলি পথাৰ হৈ পৰে শৌচালয়৷ মোদী চৰকাৰৰ অনাময় ব্যৱস্থা বাৰিষা ক’ৰবাতে থাকে৷ পানী বৰকৈ বাঢ়িলেই বিদ্যুৎ সেৱা বন্ধ কৰি দিয়া হয়৷ ঘিটমিট এন্ধাৰৰ নিশা পানীৰ ওপৰত চাং পাতি থকা মানুহে জুখি থাকে চাং ডুবিবলৈ কেইআঙুল আছে৷ বুঢ়া মচোৱা সাপ এডাল পানীৰ পৰা উঠি আহি যেতিয়া গাৰ কাষেদি বগাই ফুৰে, তেতিয়া বুজিব মাজুলীয়াল হোৱাটো কিমানৰ সুখ৷ ককাদেউতাই জীয়াই থাকোঁতে কয়– ‘ৰাতিটো হাতীটো সমান হৈছে৷’
বৈ যোৱা ব্রহ্মপুত্রৰে অসম ৰাজ্যৰ মুখ্যমন্ত্রীৰ সমষ্টি মাজুলী৷ ‘সাংস্কৃতিক নগৰী’, ‘বৃহত্তম নদীদ্বীপ’ অভিধাবোৰ নিলিখিলেও হয়, গায়ক–গায়িকা, অভিনেতা–ভিনেত্রীৰো (শিল্পী বুলিবলৈ কষ্ট পাওঁ) ৰাজনীতিতহে চখ বেছি হৈছেচোন৷ সেয়ে ‘মুখ্যমন্ত্রীৰ সমষ্টি’ পৰিচয়টো চকুত লগা হ’ব পাৰে৷ মুখ্যমন্ত্রীৰ সমষ্টিলৈ যদি এপাক মাৰিব খোজে আহিব, বৰষুণ এজাকৰ পাছত৷ গাঁওবোৰৰ কথা নকওঁৱেই, মূল মূল চাৰিআলিবোৰৰ ৰাজপথত ঘোলা পানীৰ বহুত পুখুৰী আছে, ছেল্ফিয়েই লয় নে কাৱৈ মাছ অহাকৈ বৰশীয়েই টোপায়, যি মন যায় কৰিব পাৰিব৷ মাজুলী কলেজৰ নাম শুনিছে? মাজুলীৰ প্রথমখন কলেজ, ’৬২ৰ মহাপ্রলয়ত প্রতিষ্ঠিত৷ কমলাবাৰী চাৰিআলিৰ পৰা পূবলৈ বনগাঁও ৰোডেৰে অলপ দূৰ গৈয়ে ব্লক তিনিআলি পাব৷ তিনিআলিৰ উত্তৰমুৱা আলিটো বিখ্যাত মাজুলী কলেজ ৰোড৷ এইবাটে বহুত কার্যালয় পায়, কমলাবাৰী হাস্পতাললৈ যায়, কমলাবাৰী শিশু নিকেতন, ত্রিবেণী স্কুললৈ সৰু সৰু মইনাহঁতো যোৱা বাট৷ কেইবছৰমান আগৰ কথা৷ সৰহীয়া বনুৱাৰ দ্বাৰা ঠিকাদাৰে পকী ৰাস্তা বন্ধোৱা দেখিছিলোঁ৷ জোখমতে নিমিলিল হ’বলা, মসৃণ নহ’ল৷ কেতিয়াবা চকা–বেঁকাকৈ ঘূৰিলে কোন গৈ কাষৰ খালত পৰে ঠিক নাই৷ এনেকুৱা অনেক বাট, কিছুমান আমি নেদেখা৷
এইপিনে আহিলেই স্বাস্থ্যমন্ত্রীয়ে হাস্পতাললৈ এপাক মাৰে, পিছদিনা বাতৰিত ফটো দেখোঁ৷ আজিলৈকে চিকিৎসকৰ অভাৱটোহে পূৰণ নহ’ল৷ ৰোগীৰ অৱস্থা জটিল যেন দেখিলেই হাস্পতালে মুখস্থ মতাদি মাতে– যোৰহাটলৈ লৈ যাওক৷ লাগিলে ৰোগীৰ অভিভাৱকৰ খোঁচনিত ধন থাককেই বা নাথাকক, লাগিলে সময় দিনেই হওক বা ৰাতি ১২ বজাই হওক৷ এবাৰ এজন খুৰাই আন এজন খুৰাক কোৱা শুনিছিলোঁ– ‘মানুহজনী গা ভাৰী হোৱাৰ দিন৷ ডাক্টৰে ক’লে ৰিক্স ল’ব নোৱাৰিম, মানুহজনীও মৰিব পাৰে পেটৰটোও মৰিব পাৰে, যোৰহাট নিয়ক৷ মোৰ হাতত পইচা আছিল এহেজাৰ৷ এনেকুৱা লাগিছিল মাল খাই পৰিয়েই থাকোঁ নেকি৷ তাৰ পাছত অমুক ককাইদেৱে টকা দুটামান দিলে৷ ৰাতি ১১ বজাত নাও ধৰি কান্দি কান্দি লৈ গৈছোঁ৷ পিছদিনা এই ডাঙৰ ল’ৰাটো জন্ম হৈছিল৷’ মাজুলীৰ কথাবোৰ তেনেকুৱা, কওঁ বুলিও ক’ব নোৱাৰা, ওলালেই ওলাই থকা৷
দুখকো সুখ বুলিব পৰা মানুহবোৰৰ বাবেই মাজুলী অনন্যা৷ এই যে কোনোবাই কয়– ‘এইবাৰ মাজুলীলৈ যাম, গ’লে তোৰ সৈতে নৈৰ পাৰত বহি জোন চাম৷’ সেইখিনিতেই বৰ চহকী যেন লাগে নিজক, বহুত বেছি চহকী৷ সৰিয়হডৰাৰ মাজেৰে গৈ গৈ বগৰী এজোপাৰ তলতে বহি কেতিয়াবা বেলি ডুব যোৱা চাব খোজে৷ ‘কাংকান ঐ’ বুলি মিচিং গাঁৱৰ পৰা অহা চিঞৰটোত ডুব যাব খোজা ইপাৰ–সিপাৰৰ মানুহৰ মৰমত মাজুলী জী আছে৷ নামনিৰ কোনো ডেকাই ‘ভাওনা দেখা নাই, ভাওনা চাবলৈ লৈ যাবি’ বুলি কোৱা হেঁপাহটোত মাজুলী গৌৰৱী, সৰাফুল বুটলি ভাল পোৱা, সেউজীয়া ভাল পোৱা সিপাৰৰ গাভৰুৱে বিলৰ পাৰত বহি কণামুচৰীয়ে মাছ ধৰা চাম বোলা আশাবোৰত মাজুলী ধুনীয়া৷ ৰজা বছা, ৰজা পতাৰ অংকৰ যোগ–বিয়োগ, পূৰণ–হৰণে মাজুলীক বাৰে বাৰে কন্দুৱালেও অংকৰ শেষত বাকী থকা আশাতেই মাজুলীয়ে হঁাহি থাকে, এই বাটে আহিলেই অশান্ত চহৰৰ অশান্ত মনৰ মানুহক প্রশান্তি দিয়ে৷