বিশেষ লেখাঃ বুৰঞ্জীৰ স্মৃতিশক্তি
বুৰঞ্জীৰ স্মৃতিশক্তি
অতীত হৈছে পাৰ হৈ যোৱা সময়৷ পাৰ হৈ যোৱা সময়খিনিত সোমাই থকা মানুহ, জীৱন, ঘটনা–পৰিঘটনাখিনি লৈয়ে অতীত৷ এই অতীতৰ অধ্যয়ন আৰু গৱেষণা, এই অতীতক ব্যাখ্যা কৰাৰ প্রয়াস আৰু প্রযত্নৰ বর্ণনা বুৰঞ্জী৷ পার্থক্য অতি সূক্ষ্ম, কিন্তু গুৰুত্বপূর্ণ৷ অতীতক সলাব নোৱাৰি, বুৰঞ্জী কিন্তু সলনি হৈ থাকে৷ ঘটনা ঘটি গ’ল, অতীত হৈ গ’ল, সময় আৰু পৰিস্থিতিৰ লগত ব্যাখ্যা কিন্তু সলনি হৈ হৈ গ’ল৷ কাৰণ বুৰঞ্জী নির্ভৰ কৰে কোনে লিখিছে তাৰ ওপৰত৷ দুহেজাৰ বছৰ আগৰ গ্রীক মনীষী হেৰড’টাছৰ পৰা মধ্য যুগৰ ইংৰাজ ইতিহাসবিদ বিড্ আৰু কুৰি শতিকাৰ অধ্যাপক এৰিক হবচ্ব’মলৈকে অনেকে বুৰঞ্জী লিখিলে৷ বহু কথা বহুতে যেনেকৈ বুজাব খুজিলে তেনেকৈয়ে বুজিলে৷ কিন্তু তাৰ পাছত কুৰি শতিকাৰ পৰাতো সকলো দেশ–জাতিয়েই নিজ নিজ বুৰঞ্জী লিখা আৰম্ভ কৰিলে৷ ব্রিটিছে লিখা ভাৰতৰ বুৰঞ্জী বহুদিন চলিল৷ এতিয়া ভাৰতীয়ই ভাৰতৰ বুৰঞ্জী লিখে৷ আন দেশেও একেই কৰিছে৷ লুকুৱাই থোৱা কথা পোহৰলৈ আনিছে, নতুনকৈ ব্যাখ্যা কৰিছে৷ ইংৰাজ লেখকে বেলি মাৰ নোযোৱা সাম্রাজ্যৰ কৰি যোৱা বন্দনা এতিয়া আনকি কৌতুকত পৰিণত হৈছে৷ এটা কার্টুন৷ এটা ক্লাছৰুমৰ ছবি৷ শিক্ষকে সুধিছে, ‘কোৱাচোন পিৰামিড ইজিপ্তত কিয় আছে?’ এজন ছাত্রই থিয় হৈ উত্তৰ দিছে, ‘কাৰণ, পিৰামিড ইমান গধুৰ যে ইংৰাজবোৰে চুৰি কৰিব নোৱাৰিলে৷’ অর্থাৎ দৃষ্টিভংগী সলনি হৈ যায়, বিশ্লেষণ সলনি হৈ যায়, বুৰঞ্জী সলনি হৈ যায়৷ অতীত একেই, বুৰঞ্জী বেলেগ৷ উদ্যোগ বিপ্লৱৰ সময়ত পুৰুষে কাম কৰিছিল আৰু মহিলাসকল ঘৰত আছিল৷ সেই বর্ণনা, ব্যাখ্যা বহুদিন চলিল৷ এতিয়া কিন্তু পোহৰলৈ আহিছে যে তেতিয়াও বহু উদ্যোগত বিশেষকৈ বস্ত্র উদ্যোগত মহিলা নিয়োজিত হৈ আছিল৷ অর্থাৎ উদ্যোগ বিপ্লৱত মহিলাৰ ভূমিকা সঠিককৈ মূল্যায়ন নোহোৱাকৈয়ে থাকি গৈছিল৷ গুৰিকথা হ’ল বুৰঞ্জী কোনে লিখিছে? ৰজাঘৰে, প্রজাঘৰে, বিজয়ীয়ে নে পৰাজিতে? আচলতে সকলোৱে লিখে, লিখি থাকে৷ ক্ষমতাৰ দপ্দপনিত কিছু বুৰঞ্জী কিছুদিন চলি থাকে৷ বেলি মাৰ নোযোৱালৈকে৷ এটা সময়ত বেলি মাৰ যায়, আলেকজেণ্ডাৰো থমকি ৰয়৷
এই সকলো ঠাৱৰ কৰে বুৰঞ্জীৰ মেম’ৰীয়ে৷ বুৰঞ্জীৰ স্মৃতিশক্তিয়ে কিমান প্রখৰ হ’ব পাৰে বুৰঞ্জীৰ স্মৃতিশক্তি সমাজ, জাতি বা কোনো গোটে বুৰঞ্জীক কেনেদৰে মনত ৰাখে, সেয়াই বুৰঞ্জীমূলক স্মৃতি৷ বিভিন্ন স্বার্থই নিজে বিচৰা ধৰণে এই স্মৃতি প্রভাৱিত কৰিবলৈ যত্ন কৰে৷ বিজেতাইহে বুৰঞ্জী লিখে বুলি আমি প্রায় সকলোৱে মানি লওঁ৷ বহুক্ষেত্রত বহুখিনি সঁচাও৷ কিন্তু ইয়াৰো ব্যতিক্রম আছে৷ পৰাজিতৰ বুৰঞ্জীমূলক ব্যাখ্যাৰো আধিপত্য কিন্তু যুগ যুগ ধৰি আছে৷ সেই কাৰণেই বিশ্ববিজয়ী বীৰকো আমি ভিলেইনৰ ৰূপত দেখা পাওঁ৷ আলেকজেণ্ডাৰে যেতিয়া সাম্রাজ্য বিস্তাৰ কৰিছিল বহু নগৰ, ৰাজ্য ধ্বংস কৰিছিল, অসংখ্য পুৰুষ–নাৰী–শিশু হত্যা কৰিছিল, কিন্তু ইতিহাসে তেওঁক মহানায়কৰ মর্যাদা দিছিল৷ জেংগিজ খানেও একেদৰেই সাম্রাজ্য বিস্তাৰ কৰিছিল, তেওঁক কিন্তু ইতিহাসে এক নৃশংস যুদ্ধবাজ হিচাপেহে চিহ্ণিত কৰিলে৷ আলেকজেণ্ডাৰ আৰু জেংগিজ খান দুয়োজনেই বিশ্ব জয় কৰিলে, অথচ বুৰঞ্জীৰ স্মৃতিত এজন হৈ থাকিল মহানায়ক আৰু আনজন খলনায়ক৷ ব্রুটাছ আৰু চিজাৰৰ হত্যাকাৰীখিনিক স্বেচ্ছাচাৰী শাসকৰ কবলৰ পৰা গণৰাজ্য ৰক্ষা কৰা নায়ক হিচাপে অংকিত কৰা হয়৷ চিজাৰৰ হত্যাকাৰীখিনি যদিও চিজাৰৰ সেনাপতি মার্ক এণ্টনী আৰু তোলনীয়া পুত্র অক্টেভিয়ানৰ হাতত পৰাস্ত হয়, বুৰঞ্জীবিদৰ সহমর্মিতা এই পৰাজিতসকলেহে লাভ কৰে৷ চিজাৰৰ মতাদর্শৰ জয় হ’ল, গণৰাজ্য নোহোৱা হৈ গ’ল৷ কিন্তু চিজাৰৰ হত্যাকাৰীখিনি মহিমামণ্ডিত হ’ল৷ ৰোমত সেই সময়ত দুটা সামাজিক শ্রেণী আছিল– অপ্ঢিমেটছ আৰু পপুলার্ছ৷ ৰোমান বুৰঞ্জীবিদ কেচিয়াছ ডিয়’ আৰু প্লুটার্ছ আছিল উচ্চ অপ্ঢিমেটছ শ্রেণীৰ৷ স্বাভাৱিকতেই পপুলার্ছ শ্রেণীৰ চিজাৰৰ প্রতি তেওঁলোকৰ কোনো সহানুভূতি নাছিল৷
বুৰঞ্জী বিজ্ঞান নহয়৷ নতুন তথ্য আৱিষ্কাৰৰ লগে লগে বুৰঞ্জীৰ বিৱর্তন হয়৷ নতুন তথ্যই যে কেৱল বিজেতাই লিখা বুৰঞ্জীহে শুধৰাই তেনে নহয়, নতুন তথ্যই পৰাজিতই লিখা বুৰঞ্জীও শুধৰায়৷ পৰাজিতই লিখা বুৰঞ্জীয়ে মংগোলক নির্মম, নিষ্ঠুৰ, অসভ্য, বর্বৰ বুলি চিত্রায়িত কৰিছিল৷ পাৰস্যৰ বুৰঞ্জীবিদ জুভাইনিয়ে মংগোলে খ’ৱাৰাজমিয়ান সাম্রাজ্য বিজয়ৰ যুদ্ধত উৰজেঞ্চ, মার্ভ আৰু বুখাৰা চহৰত ত্রিশ লাখ লোকক হত্যা কৰা বুলি উল্লেখ কৰিছিল৷ কিন্তু আন আন তথ্য অনুসৰি সেই সময়ত খ’ৱাৰাজমিয়ান সাম্রাজ্যৰ বিশখন নগৰৰ জনসংখ্যা আছিল বিশ লাখ৷ ছোভিয়েট ইউনিয়নতো মংগোলৰ ওপৰত গৱেষণা নিষিদ্ধ আছিল৷ মার্ক’পল’ই যদিও মংগোলৰ সপক্ষে লিখিছিল এই কথাবোৰে প্রাপ্য গুৰুত্ব পোৱা নাছিল৷ সেয়েহে সুৰক্ষিত আৰু নিৰাপদ বাণিজ্য পথ আৰু পৰিৱেশ সৃষ্টি কৰি মধ্য যুগতেই একপ্রকাৰ বিশ্বায়নৰ সূচনা কৰা মংগোলৰ প্রকৃত মূল্যায়ন নব্বৈৰ দশকৰ পৰাহে আৰম্ভ হৈছে৷
ইয়াত যিকেইটা উদাহৰণ আলোচনা কৰিছোঁ কেউটাই ভাৰতৰ বাহিৰৰ৷ ভাৰতত আমি যেনেকৈ বুৰঞ্জী পঢ়ি ভাল পাওঁ, তেনেকৈহে পঢ়ঁো৷ আমি বেয়া পোৱা কথা, পাতিব বা মনত পেলাব নোখোজা কথা যিমানেই সঁচা নহওক, আমি কোনেও আলোচনা দূৰৰে কথা উনুকিওৱাটোও নিবিচাৰোঁ৷ আমি সহ্য নকৰোঁ৷ বর্তমান আৰু ভৱিষ্যতৰ ভেটি যদি অতীত, বুৰঞ্জী নাম দিয়া অতীতৰ ব্যাখ্যাই সেই ভেটি মজবুতো কৰিব পাৰে, থৰক–বৰকো কৰিব পাৰে৷
টেকন’লজীয়ে কিন্তু বুৰঞ্জীৰ ওপৰত থকা একাংশৰ কপিৰাইট থানবান কৰি পেলালে৷ এতিয়া কেৱল ৰজাঘৰেই বুৰঞ্জী নিলিখে৷ এতিয়া আৰু বুৰঞ্জী ৰজাঘৰীয়া ডকুমেণ্ট হৈ থকা নাই৷ এতিয়া কম–বেছি পৰিমাণে সকলোৱেই বর্তমানক লিপিবদ্ধ কৰি আছে৷ আমাৰ বহুতৰে বর্তমানক ইনষ্টা ষ্ট’ৰী, ফেচবুক বা আন কোনো মাধ্যমৰ বাৰ ঘণ্টীয়া বা চৌব্বিশ ঘণ্টীয়া জীৱনকালৰ সৈতে ৰিজোৱাৰ এটা প্রৱণতা আছে৷ এই মাধ্যমবোৰৰ নিয়ন্ত্রক হিচাপে বর্তমানক আমি নিজৰ ইচ্ছামতে আকাৰ–আকৃতি দি সম্পাদনা কৰো বুলি ভাবি আশ্বস্ত হওঁ৷ মানুহৰ বুদ্ধিমত্তাক আমি আচলতে বুজি পোৱা নাই৷ নিজকে বুধিয়ক বুলি ভবাৰ সমান মূর্খ আচলতে নাই৷ মাধ্যমেৰে মানুহক ঠগাৰ দিন গ’ল৷ ডকুমেণ্টেচন আৰু এনালিছিছ এতিয়া সার্বজনীন হৈ গ’ল৷ ৰজাঘৰৰ লগতে আধুনিক যুগত গণতন্ত্রৰ স্তম্ভত ভেজা দি নিজকে ৰজাঘৰীয়া বা মহামন্ত্রী বুলি ভবাসকলৰো পৃষ্ঠপোষকতাৰ প্রয়োজন এতিয়া নাই৷ টেকন’লজীয়ে গণতন্ত্রই কৰিবলৈ চেষ্টা কৰি থকা কাম এটা কৰিলে– মাধ্যমক সার্বজনীন কৰিলে৷ বর্তমানক সকলোৱে লিখি আছে, বিশ্লেষণ সময়ত হ’বই৷ লিখা আৰু বিশ্লেষণৰ মাজত টাইম গেপ্ থাকিব পাৰে, কিন্তু হ’ব যে খাটাং৷ মাধ্যম ব্যৱসায় হ’ব পাৰে, মাধ্যমে খেয়াল–খুচিমতে বর্তমান আৰু ভৱিষ্যতক নিয়ন্ত্রণ কৰিব নোৱাৰে৷ যি হৈ গ’ল, হৈ গ’ল৷ শুধৰণি কৰিব পাৰি, লুকুৱাব আৰু সলাব নোৱাৰি৷ কাৰণ অতীত সলাব নোৱাৰি৷ বুৰঞ্জীক কাল–কুঠৰীত নিক্ষেপৰ চেষ্টা কৰিব পাৰি, সফল হ’ব নোৱাৰি৷