নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান ডিপিএছত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ অসমীয়া জাতিৰ কৃষ্টি-সংস্কৃতিৰ গুৰি ধৰোঁতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৩ সংখ্যক তিৰোভাৱ তিথি ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ লগতে দুলীয়াজানৰ এখন আগশাৰী ইংৰাজী মাধ্যমৰ বিদ্যালয়তো গুৰুজনাক স্মৰণ কৰি ভক্তিভাৱত বিলীন হোৱা দেখা যায় । দিল্লী পাব্লিক স্কুলত পালন কৰা গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে আৰম্ভণিতে বিদ্যালয়ৰ অধ্যক্ষ এচ কে. শ্ৰীপ্ৰদাই গুৰুজনাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি ভাষণ প্ৰসংগত অসমীয়া সমাজ জীৱনলৈ আগবঢ়োৱা তেখেতৰ অনবদ্য সৃষ্টিৰাজি আৰু মহৎ জীৱন দৰ্শনৰ সম্পৰ্কত ভাৱগধুৰ বক্তৃতা আগবঢ়াই। ইয়াৰ পাছতে গুৰুজনাৰ প্ৰতি সশ্ৰদ্ধ সেৱা জনাই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে খোলবাদন, দিহানাম, সত্ৰীয়া নৃত্য পৰিৱেশন কৰি এক আধ্যাত্মিক পৰিৱেশেৰে বিদ্যালয়ৰ চৌহদ মুখৰ কৰি তোলে। ছাত্ৰ-ছাত্ৰীসকলক সহযোগ কৰে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলেও।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like