নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১বাৰ এভাৰেষ্ট বগাই অভিলেখ নেপালৰ পর্বতাৰোহী কামি ৰীতাৰ

৫১ বছৰত নিজেই ভাঙিলে পূর্বৰ অভিলেখ, ‘এভাৰেষ্ট মেন’ক বিশ্বব্যাপী প্রশংসা

৩১বাৰ মাউণ্ট এভাৰেষ্ট বগাই অভিলেখ নেপালৰ পর্বতাৰোহী কামি ৰীতাৰ

বিশেষ প্ৰতিবেদনঃ পৃথিৱীৰ সর্বোচ্চ শৃংগ এভাৰেষ্ট এবাৰ জয় কৰাটোৱেই এক সপোন পূৰণৰ লেখীয়া৷ পৃথিৱীৰ বিভিন্ন দেশৰ পর্বতাৰোহীসকলে এভাৰেষ্ট শৃংগ এবাৰ বগাবলৈ স্বপ্ণ দেশে আৰু বাস্তৱায়িত কৰাৰ বাবে কঠোৰ পৰিশ্রম কৰে৷

এবাৰ নহয়, অভিলেখসংখ্যক ৩১বাৰ মাউণ্ট এভাৰেষ্ট বগাই এক বিৰল অভিলেখ গঢ়িলে নেপাল পর্বতাৰোহী কামি ৰীতাই৷ প্রখ্যাত নেপালী শ্বেৰপা গাইড কামি ৰীতাই নিজেই গঢ়া পূর্বৰ অভিলেখ ভংগ কৰি ৩১বাৰ মাউণ্ট এভাৰেষ্ট বগোৱাৰ ইতিহাস গঢ়ে৷

মাউণ্ট এভাৰেষ্ট সফলতাৰে বগোৱাৰ অভিলেখৰ গৰাকী কামি ৰীতাই আজি পুৱতিনিশা ৪ বজাত এভাৰেষ্ট শৃংগ বগাই ৩১বাৰ সফলতাৰ গৰাকী হয়৷ ছেভেন ছামিট ট্রেকছৰ অধ্যক্ষ মিংমা শ্বেৰপাই প্রকাশ কৰা মতে, ৫৫ বছৰীয়া কামি ৰীতাই এভাৰেষ্ট শৃংগৰ ৮,৮৪৯ মিটাৰ পর্বত বগাই এক অনাকাংক্ষিত অভিলেখ গঢ়ে৷

১৯৯২ চনত পর্বতাৰোহণৰ যাত্রা আৰম্ভ কৰা কামি ৰীতাই পিছলৈ এভাৰেষ্ট শৃংগ বগোৱা অভিযানৰ সহকর্মী হিচাপে যোগদান কৰে৷ তেতিয়াৰ পৰাই কামি ৰীতাই এভাৰেষ্ট শৃংগ বগোৱা অভিযানত নামি পৰে আৰু অভিলেখ গঢ়ে৷ কামি ৰীতাই ১৯৯৪ চনৰ পৰা ২০২৫ চনলৈকে কে–২ আৰু মাউণ্ট উৎছে এবাৰকৈ পর্বত বগোৱাৰ বিপৰীতে মানাছলুই তিনিবাৰ আৰু শ্ব অয়োই ৮বাৰ সফলতাৰে আৰোহণ কৰে৷

মন কৰিবলগীয়া প্রতিবছৰে নেপালৰ দিশৰ পৰা কেইবাশ পর্বতাৰোহীয়ে মাউণ্ট এভাৰেষ্ট বগোৱাৰ প্রয়াস কৰে যদিও মাত্র কেইজনমানেহে সফলতাৰ মুখ দেখে৷ কামি ৰীতাই ৫৫ বছৰীয়া জীৱনত ৩১বাৰ মাউণ্ট এভাৰেষ্ট বগোৱাটো বিৰল অভিলেখ৷ ৰীতাৰ এই সফলতাক বিশ্বজুৰি প্রশংসা চলিছে৷ উল্লেখ্য যে ১৯৫৩ চনত নিউজিলেণ্ডৰ এডমাণ্ড হিলাৰী আৰু নেপালী শ্বেৰপা টেনজিং নৰগেই প্রথমবাৰৰ বাবে এভাৰেষ্ট শৃংগ বগাই ইতিহাস ৰচিছিল৷

You might also like