বিশেষ বাৰ্তা, ১২ এপ্ৰিলঃ অনাস্থা ভোটৰ পাছত এতিয়া প্ৰাক্তন শব্দটো পৰিচয়ৰ সৈতে জড়িত হৈ পৰিল ইমৰান খানৰ। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ ব্যক্তিগত জীৱনকলৈও বৰ আগ্ৰহ তেওঁৰ অনুৰাগীসকলৰ। চৰ্চালৈ আহিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ অতীতৰ একাধিক প্ৰেমৰ সম্পৰ্ক। তেনে এটি সম্পর্ক গঢ়ি উঠিছিল বলীউড অভিনেত্ৰী ৰেখাৰ সৈতেও। পাকিস্তানৰ সদ্যপ্রাক্তন প্রধানমন্ত্রীৰ পৰিচয়ৰ সৈতে জড়িত হৈ আছে ক্রিকেট। জড়িত হৈ আছে তেওঁৰ ক্রিকেট জীৱনৰ ‘প্লেবয়’ ভাবমূর্তিও। বলীউডৰ একাধিক নায়িকাৰ সৈতে ইমৰানৰ প্রেমৰ গুঞ্জন আজিও শুনা যায়। যোৱা কিছুদিন ধৰি ৰেখাৰ সৈতে তেওঁৰ ‘সম্পর্ক’ক লৈ ছ’চিয়েল মিডিয়াত বৰকৈ চৰ্চা হৈছে। ইমৰানৰ ইনছুইং য়র্কাৰ আজিও ক্ৰিকেট বিশ্বত চৰ্চিত।
এসময়ত বলীউড অভিনেত্ৰী মুনমুন সেনৰ সৈতে ইমৰান খানৰ প্রেমৰ সম্পর্ককলৈ কম চৰ্চা হোৱা নাছিল। সেই সময়ত বহুতেই কৈছিল মুনমুনক খুব পছন্দ কৰে ইমৰান খানে। কিন্তু এই বিষয়ত দুয়ো প্রকাশ্যে কেতিয়াও একো নক’লে।
শ্বাবানা আজমীৰ সৈতেও ইমৰানৰ ঘনিষ্ঠতাক লৈ বহু জল্পনা কৰা হৈছিল।কিন্তু সত্য কি সেয়া কোনেও নাজানিলে। জল্পনাক উৰাই দিয়াৰ বাহিৰে কোনো মন্তব্যই নকৰিলে বলীউডৰ এসময়ৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে।
সত্তৰৰ দশকৰ ‘বোল্ড’ অভিনেত্ৰী হিচাপে প্রথমশাৰীত আছিল জিনত আমনৰ নাম। সেই জিনতৰ সৈতেও ইমৰানৰ প্রেমৰ সম্পৰ্ক হৈছিল বুলি আলোচনা হৈছিল। পাকিস্তানৰ অন্যতম সুদর্শন ক্রিকেটাৰজনে জিনতৰ সৈতে ডেটিঙলৈও গৈছিল বুলি বহু সূত্ৰই দাবী কৰে। ১৯৭৯ চনৰ নৱেম্বৰত ভাৰতলৈ আহিছিল পাক ক্রিকেট টীম। ভাৰত-পাকিস্তান টেষ্ট ক্রিকেটৰ মাজে মাজেই জিনত-ইমৰানৰ সম্পর্ক গঢ়ি উঠিছিল। বহুতৰে দাবী সেই বছৰতেই ইমৰানৰ সৈতে ‘প্লেবয়’শব্দটো জড়িত হৈছিল।
মুনমুন বা জিনতৰ সমান্তৰালকৈ ইমৰানৰ সৈতে ৰেখাৰো নাম জড়িত হৈছিল। আজি কিছুদিন ধৰি সেই পুৰণি সম্পর্কক লৈ প্রকাশিত এটি প্রতিবেদনে ছ’চিয়েলমিডিয়াত চৰ্চা লাভ কৰিছে। ষ্টাৰ নামৰ এখন সংবাদ পত্রৰ শিৰোনাম আছিল- ‘ৰেখাৰ সৈতে বিয়া পাতিছে ইমৰানে?’সংবাদপত্রৰ প্রতিবেদনত আৰু দাবী কৰিছিল যে ১৯৮৫ চনৰ এপ্রিল মাহটো মুম্বাইতে কটাইছিল ইমৰানে। সংগী আছিল ৰেখা। বলীউডৰ মোহময়ী ৰেখাৰ সৈতে সমুদ্ৰ তীৰত, ব্যক্তিগত পাৰ্টীত বা নৈশ ক্লাবত ঘূৰা দেখা গৈছিল দুয়োকে। দুয়ো প্ৰেমত হাবুডুবু। ৰেখাৰ সৈতে বিয়াৰ কথাবার্তাও আৰম্ভ হৈছিল ইমৰানৰ। বিয়াৰ কথা বহুখিনিয়ে আগবাঢ়িছিল। সংবাদপত্রৰ দাবী যে ইয়াক লৈ ৰেখাৰ মাক পুষ্পাবলীৰো কোনো আপত্তি নাছিল। অভিনেত্রীগৰাকীৰ সৈতে ঘূৰাফুৰা কৰিলেও তেওঁক বিয়া পতাৰ কথা ভাবিব পৰা নাছিল ইমৰানে। এই বক্তব্যৰ সমর্থনত ইমৰানৰ এটি মন্তব্যও প্রকাশ হৈছিল প্ৰতিবেদনত।