বিৰোধীৰ ৰাজনীতি
সন্ত্রাসবাদীৰ বাবে ভূ–স্বর্গত পৰিণত হৈ পৰা জম্মু–কাশ্মীৰত সন্ত্রাসবাদীয়ে খোপনি পুতিবলৈ সুযোগ পাইছিল অথবা পাকিস্তানে সেই সুযোগ লৈছিল ভাৰতৰ আভ্যন্তৰীণ দুৰৱস্থাৰ বাবে৷ আফগানিস্তানত ৰাছিয়া পৰাজিত হোৱাৰ পাছত ১৯৮৯–৯০ চনত কাশ্মীৰত সন্ত্রাসবাদে মূৰ দাঙি উঠে৷ আফগানিস্তানত বেকাৰ হৈ পৰা মুজাহিদীনসকলক পাকিস্তানে কাশ্মীৰলৈ প্রেৰণ কৰিবলৈ ধৰে৷ সেই সময়ছোৱাত ভাৰতবর্ষ ৰাজনৈতিক, অর্থনৈতিক, সামাজিককে ধৰি ক্ষেত্রতে অস্থিৰতাৰ গ্রাসত পৰিছিল৷ মণ্ডল আয়োগৰ প্রতিবেদনক লৈ দেশজুৰি প্রবল আন্দোলন আৰম্ভ হৈছিল৷ ৰাম মন্দিৰ–বাবৰি মছজিদৰ বিষয়টোও ক্রমশঃ গা কৰি ডঠিছিল৷ কেন্দ্রত আছিল মর্চা চৰকাৰ, যিয়ে ইচ্ছা কৰিলেও বহু সিদ্ধান্ত ল’ব নোৱাৰিছিল৷ কাৰণ সহযোগী দলৰ সন্তুষ্টি–সন্তুষ্টিৰ বিষয়টো সন্মুখত আহি থিয় দিছিল৷ সেনাৰ এটা বৃহৎ অংশ অসমকে ধৰি ডত্তৰ–পূব ভাৰত উগ্রপন্থীৰ বিৰুদ্ধে যুঁজত ব্যস্ত হৈ পৰিছিল৷ স্বাধীন ভাৰতত অন্যতম অস্থিৰ সময়ছোৱাতে পাকিস্তানে কাশ্মীৰ উপত্যকালৈ সন্ত্রাসবাদী প্রেৰণ কৰি ভাৰতবর্ষৰ বাবে এটা ডাঙৰ সংকট আৰু সমস্যাৰ সৃষ্টি কৰিছিল৷ সেই সমস্যাৰ সৈতে আজিও দেশখনে বিৰামহীনভাৱে যুঁজি থাকিবলগীয়া হৈছে৷ লেখাটোৰ পাতনিতে বিষয়টো ডত্থাপন কৰাৰ ডদ্দেশ্য হ’ল– এখন দেশ যেতিয়া আভ্যন্তৰীণভাৱে সকলো দিশতে অস্থিৰ হৈ পৰে, তেতিয়া শত্রু ৰাষ্ট্রই সুযোগ লয়৷ আজি নতুন দিল্লীত এখন শক্তিশালী চৰকাৰ থাকিলেও চৰকাৰখনৰ বিৰোধিতাৰ নামত বিৰোধী ৰাজনৈতিক দল বিশেষকৈ কংগ্রেছ আৰু বামপন্থী দলসমূহে এনেধৰণৰ আচৰণ কৰি আহিছে যে শত্রুৰাষ্ট্রৰ দৃষ্টিত এতিয়া ভাৰতক শ’লঠেকত পেলোৱাটো সহজলভ্য হৈ পৰিছে৷ শত্রুৰ বহু কাম ৰাহুল গান্ধীৰ দৰে অদূৰদর্শী আৰু অপৰিপক্ব নেতাই সহজ কৰি দিছে৷ নহ’লে, নেপালৰ দৰে ৰাষ্ট্র এখনে ভাৰতক ৰঙাচকু দেখুৱাবলৈ সাহস গোটাব পাৰেনে? অকল চীনৰ ডচটনিতে নেপালে ইমানখিনি কৰিবলৈ সাহস গোটাব পাৰিবনে? ভাৰতৰ ভূমিৰ পৰা ৰাম, অযোধ্যা, বুদ্ধদেৱ সকলোতে ফেপেৰি পাতিবলৈ এইবাবেই সাহস কৰিছে যে ভাৰতৰ বিৰোধী পক্ষ এতিয়া দিশহাৰা৷ চৰকাৰক সমালোচনা কৰোঁতে কৰোঁতে কেতিয়া ৰাষ্ট্রীয় হিত তথা সুৰক্ষাৰ লক্ষ্মণ ৰেখাডাল অতিক্রমি শত্রুপক্ষৰ সুৰত কথা ক’বলৈ ধৰে, সেইটো যেন নিজেই ধৰিব নোৱাৰা হয়৷
শেহতীয়াকৈ ৰাহুল গান্ধীকে ধৰি কংগ্রেছৰ এচাম নেতাই প্রধানমন্ত্রী নৰেন্দ্র মোদীক সমালোচনা কৰিবলৈ গৈ চীনৰ প্রসংগ এটাক অস্ত্র হিচাপে লৈছে৷ তেওঁলোকৰ মতে, প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে হেনো চীনৰ নাম ল’বলৈ ভয় কৰে৷ সূর্যেৱালা উপাধিৰ নেতাজনে এখোজ আগলৈ গৈ গালোৱান উপত্যকাক সংঘটিত হিংসাত্মক ঘটনাৰ সময়ৰ পৰাই প্রধানমন্ত্রী মোদীয়ে প্রত্যক্ষ বা পৰোক্ষাভাৱে এবাৰো চীনৰ নাম মুখেৰে ডচ্চাৰণ কৰা নাই বুলি অভিযোগ কৰিছে৷ সন্দেহ নাই, ইয়াৰ জৰিয়তে দলটোৱে প্রধানমন্ত্রী নৰেন্দ্র মোদীক দেশবাসীৰ সন্মুখত দুর্বল, ভয়াতুৰ লোকৰূপে প্রতিষ্ঠা কৰি ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ চেষ্টা চলাইছে৷ কাৰণ কংগ্রেছে এটা কথা ভালদৰে জানে যে প্রধানমন্ত্রীৰ ভাবমূর্তি বিনষ্ট কৰিব নোৱাৰিলে, এইখন চৰকাৰক বলে পৰা টান৷ অন্তিমটো লোকসভা নির্বাচনত প্রধানমন্ত্রীৰ দৃঢ়, আপোচহীন ভাবমূর্তিয়ে বিজেপিক যথেষ্ট সহায় কৰিছিল৷ সেয়ে কংগ্রেছ তথা আন বিৰোধী দলে বিজেপিতকৈ নৰেন্দ্র মোদীক ব্যক্তিগতভাৱে আক্রমণত অধিক আগ্রহ দেখুৱায়৷ কিন্তু চীন ভাৰতৰ এখন শত্রুৰাষ্ট্র৷ গতিকে চীনক সামৰি যিকোনো অভিযোগ ডত্থাপন কৰোঁতে সাৱধান–সতর্ক হোৱাটো এটা ৰাজনৈতিক দলৰ নৈতিক দায়িত্ব৷ প্রধানমন্ত্রী পদৰ পৰা এজন ব্যক্তিয়ে কূটনৈতিক কাৰণতে সকলোবোৰ বিষয়ত এখন দেশৰ নাম পোনে পোনে ল’ব নোৱাৰে বা লোৱা অনুচিত৷ প্রধানমন্ত্রী হিচাপে কেৱল মোদীয়েই নহয়, কংগ্রেছৰ যদি কোনো ব্যক্তি এই মুহূর্তত প্রধানমন্ত্রী হৈ থাকিলেহেঁতেন, তেৱোঁ আজিৰ পৰিস্থিতিত চীনৰ নাম উল্লেখ নকৰাকৈ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব বাধ্য হ’লহেঁতেন৷ তৎসত্ত্বেও প্রধানমন্ত্রী মোদীয়ে এতিয়ালৈকে বিষয়টোক যিদৰে চম্ভালি লৈছে বা ভাৰতৰ মান সন্মুখত ৰাখি আগবাঢ়িছে, সিমানখিনি পূর্বৰ কোনো প্রধানমন্ত্রীয়ে কৰাৰ নজিৰ নাই৷ তদুপৰি, লক্ষণীয় কথাটো হ’ল, প্রধানমন্ত্রী মোদীয়ে কোৱা প্রতিটো কথা চীনে বুজি পায়, ভাৰতৰ প্রতিজন নাগৰিকে বুজি পায়৷ মাথোঁ বুজি কংগ্রেছ আৰু বামপন্থীকে ধৰি আন বিৰোধী দলে৷ কথাখিনি ভাঙি–পাতি নক’লেও চলে যে তেওঁলোকে বুজি নোপোৱাৰ ভাও ধৰি আছে৷ কাৰণ দেশৰ স্বার্থ, মান–মর্যাদাতকৈ ৰাজনৈতিক মুনাফাৰ মূল্য তেওঁলোকৰ দৃষ্টিত অধিক৷ এইদৰে দেশৰ শত্রুক আসৈ দি দেশখনত বিৰোধী ৰাজনৈতিক দলৰ দায়িত্ব পালন কৰি আছে কংগ্রেছসহ বিৰোধী ৰাজনৈতিক দলসমূহে৷
লেখাটোৰ আৰম্ভণিতে নেপালৰ প্রসংগ উত্থাপন কৰা হৈছিল৷ ক্ষুদ্র হিমালয়ান ৰাষ্ট্রখনৰ লাহে লাহে শুভবুদ্ধি ডদয় হোৱা যেন লগিছে৷ ১৭ আগষ্টত নেপালস্থিত ভাৰতীয় ৰাষ্ট্রদূত বিজয় মোহন কোৱাড্রা আৰু নেপালৰ বিদেশ সচিব শংকৰ দাস বৈৰাগীৰ মাজত ভিজি’ কনফাৰেন্সৰ জৰিয়তে এখন দ্বি–পাক্ষিক বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত ভাৰতৰ আর্থিক সাহায্যৰে নেপালত ৰূপায়িত বিভিন্ন ডন্নয়নমূলক আঁচনিৰ অগ্রগতিৰ বিষয়ে আলোচনা কৰা হয়৷ বৈঠকতে ভাৰতী পক্ষই নেপালৰ শেহতীয়া ৰাজনৈতিক মানচিত্রখনৰ তীব্র বিৰোধিতা কৰে৷ ইয়াৰ পূর্বে স্বাধীনতা দিৱসত প্রধানমন্ত্রী কে পি শর্মা অলিয়ে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ ফোন কৰি স্বাধীনতা দিৱস আৰু ৰাষ্ট্রসংঘৰ সুৰক্ষা পৰিষদত অস্থায়ী সদস্য পদ লাভৰ শুভেচ্ছা জনোৱাৰ অচিলাৰে ভাৰতৰ সৈতে পুনৰ সম্পর্ক স্থাপনৰ চেষ্টা চলায়৷ নেপালী দৈনিক সংবাদপত্র ‘কাঠমাণ্ডু পোষ্ট’ৰ মতে, দুয়োখন দেশৰ মাজত বিগত কেইমাহমান ধৰি বিৰাজমান ডত্তেজনাময় পৰিস্থিতিৰ মাজতে প্রধানমন্ত্রী অলিৰ ফোন আছিল নেপালৰ ফালৰ পৰা আলোচনাৰ অর্থে প্রথম পদক্ষেপ৷ অর্থাৎ এতিয়া নেপালে ভাৰতৰ সৈতে আলোচনা বিচাৰিছে৷ নেপাল এখন ক্ষুদ্র ৰাষ্ট্র৷ দেশখনে আলোচনালৈ মন মেলাটো ভাৰতৰ বাবে সিমান গুৰুত্ব দিবলগীয়া বিষয়ো নহয়৷ কিন্তু চীনৰ উচটনিত ওভতগোৰে নাচি থকা দেশ এখনে যেতিয়া সেইখন দেশৰ (চীন) বিপৰীত পক্ষৰ দেশৰ সৈতে আলোচনাৰে সমস্যা সমাধান কৰিবলৈ আগ্রহ কৰে, তেতিয়া বুজিব লাগিব, কোনোবা নহয় কোনোবাখিনিত নেপালৰ শুভবুদ্ধি উদয় হৈছে৷
গালোৱান উপত্যকাত ভাৰতে অৱশেষত আত্মসমর্পণ কৰিব বুলি নেপালে মনে মনে এটা ধাৰণা কৰি লৈছিল৷ সেয়ে সীমান্তত চীনৰে মোকাবিলা কৰি থকা ভাৰত দুর্বল স্থিতিত আছে বুলি ধৰি লৈ এটাৰ পাছত এটাকৈ বিষয়ত নেপালে ফেপেৰি পাতিবলৈ লৈছিল৷ ক’ৰোনাসৃষ্ট পৰিৱেশত বন্দী ভাৰতক চাৰিওফালৰ পৰা ঘেৰি ধৰাৰ অপচিন্তাটো অৱশ্যে চীনৰেই আছিল৷ তথাপি অত্যুৎসাহী নেপালে সম্ভৱতঃ চীনে ভবাতকৈও অলপ বেছি কৰিছিল৷ কিন্তু যেতিয়া দেখা গ’ল যে ভাৰতে এইবাৰ চীনৰ বিৰুদ্ধে পূর্বৰ নীতি ত্যাগ কৰি কূটনেতিক ভাষাত ‘এগ্রেছিভ’ নীতি গ্রহণৰ সিদ্ধান্ত গ্রহণ কৰিছে আৰু সময়ৰ গতিত তাৰ যোগাত্মক ফলাফল আহিবলৈ ধৰিলে, কে পি শর্মাৰ দৰে দৰে আনৰ নেগুৰত ধৰি লম্ভ–জম্ফ কৰি থকা নেতাৰ সম্বিৎ ঘূৰি আহিবলৈ কিমান পৰ? নেপাল, চীনৰ শেহতীয়াকৈ আচৰণে এটা কথাকে সূচায় যে দেশৰ আভ্যন্তৰীণ ৰাজনৈতিক পৰিস্থিতি দেশৰ স্বার্থৰ অনুকূল নহ’লে শত্রুৰাষ্ট্রই সুযোগ লয়৷ পাকিস্তানে এসময়ত কাশ্মীৰত কৰাৰ দৰে এইবাৰ চীন–নেপালৰ চক্রান্ত এইবাবেই সফল নহ’ল যে কেন্দ্রত এখন শক্তিশালী (দল যিয়েই নহওক) চৰকাৰ আছে৷ কিন্তু বিৰোধী ৰাজনৈতিক দল দায়িত্বশীল নহ’লে শত্রুৰাষ্ট্রই ভাৰতক সময়ে সময়ে আমনি কৰি থাকিব৷