আঞ্চলিক ৰাজনৈতিক দলৰ কুচকাৱাজ
অসমত আঞ্চলিকতাবাদৰ বিকল্প নাই, এসময়ত এই কথাষাৰে ৰাজ্যখনৰ লাখ লাখ লোকক আৱেগিক কৰি তুলিছিল৷ কিন্তু সময়ৰ গতিত সেই কথাষাৰৰ আবেদন লাহে লাহে হ্রাস পাবলৈ ধৰিলে৷ ৰাজ্যখনত ২০০১ চনৰ পৰা ধাৰাবাহিকভাৱে ৰাষ্ট্রীয় দলৰ শাসন চলি আছে৷ তাৰে একেৰাহে তিনিটা কার্যকাল কংগ্রেছৰ হাতত আছিল৷ অৱশ্যে ইয়াৰ অর্থ এইটো নহয় যে অসমত আঞ্চলিক ৰাজনীতিৰ বেলি মাৰ গৈছে৷ আঞ্চলিকতাবাদত বিশ্বাসী লোক আজিও ৰাজ্যখনত যথেষ্টসংখ্যক আছে৷ কিন্তু তেওঁলোক এতিয়া ইমানেই শক্তিহীন যে ভোটৰ অংকত সর্বভাৰতীয় দলক প্রত্যাহ্বান জনাবই নোৱাৰে৷ নোৱাৰে বাবেই এসময়ৰ প্রবল প্রতাপী আঞ্চলিক ৰাজনৈতিক দল অগপই এতিয়া বিজেপিৰ পিঠিত ডঠি নিজৰ অস্তিত্ব ৰক্ষা কৰিবলৈ বাধ্য হৈছে৷ আনকি, অসমৰ জনসাধাৰণক দি অহা প্রতিশ্রুতিও পাহৰি বিজেপিৰ শ্রুতলিপি মতে দলটোৰ নেতৃত্ব চলিবলগীয়া হৈছে৷ আচলতে, অসমত আঞ্চলিক ৰাজনীতিৰ দুৰৱস্থাৰ ছবিখন অগপৰ দুৰৱস্থাৰ ছবিখনৰ সৈতে একে৷ অৱশ্যে ইয়াৰ বাবে অসমৰ জনসাধাৰণক দূষিব নোৱাৰি৷ সর্বদোষ অসম গণপৰিষদৰেই৷ দলটোৱে অসমক প্রতাৰণা নকৰাহেঁতেন, অসমবাসীয়ে আঞ্চলিকতাবাদলৈ পিঠি নিদিলেহেঁতেন৷ অসমৰ জনসাধাৰণে ২০০১ চনত সুখত কংগ্রেছক শাসন ক্ষমতালৈ অনা নাছিল৷ সেয়া আছিল অগপৰ চূডান্ত প্রতাৰণা আৰু আঞ্চলিকতাবাদত বিশ্বাসৰ নামত জাতিটোক দিয়া চৰম শাস্তিৰ ক্ষোভৰ প্রকাশ৷ ১৯৯৬–০১লৈ অগপই অসমবাসীক প্রতাৰণাই নহয়, জাতিটোৰ বিৰুদ্ধে চৰম অপৰাধ কৰিছিল৷ সেই অপৰাধৰ বলি হ’বলগীয়া হৈছিল আঞ্চলিকতাবাদী ৰাজনীতি৷ যাৰ বাবে ২০০১ চনৰ পৰা অসমবাসীয়ে একপ্রকাৰ আঞ্চলিকতাবাদী ৰাজনীতিক আপোন কৰি ল’বলৈ এৰিয়েই দিলে৷ পৰৱর্তী সময়ত ব্যক্তিগত প্রভাৱ আৰু আন ৰাজনৈতিক দলৰ অক্সিজেন লৈহে কেইজনমান নেতা বিধায়ক হৈ দিছপুৰলৈ নির্বাচিত হৈ আহিছে৷
অসমত যদি এতিয়া প্রকৃতার্থত আঞ্চলিকতাবাদ কিছু পৰিমাণে প্রভাৱশালী ৰূপত জীয়াই আছে জনজাতীয় অঞ্চলত৷ মূলতঃ বি টি এ ডি অঞ্চলত আঞ্চলিকতাবাদী ৰাজনীতিৰ জয়ধ্বজাখন ডৰি আছে৷ পাহৰীয়া জিলা দুখনতো আঞ্চলিকতাবাদী ৰাজনীতিয়ে ভূমি হেৰুৱাইছে৷ আন আন জনজাতি–জনগোষ্ঠীৰ মাজত আঞ্চলিকতাবাদৰ তাগিদা বাঢ়ি আছে৷ স্বায়ত্তশাসিত পৰিষদকেইখন শক্তিশালী হৈ ডঠিলে, সেই অঞ্চলসমূহত হয়তো আঞ্চলিকতাবাদৰ প্রভাৱ পৰিলক্ষিত হ’ব৷ কিন্তু লক্ষণীয় কথাটো হ’ল, সেই আঞ্চলিকতাবাদৰ সৈতে অসমৰ জাতীয়তাবাদী শিবিৰৰ সম্পর্ক বৰ এটা সুখকৰ নহয়৷ তেওঁলোকে নিজ অঞ্চলৰ বাহিৰত ৰাষ্ট্রীয় দলৰ সৈতেহে সম্পর্ক ৰক্ষা কৰি চলিব বিচাৰে৷ বি টি এ ডি, ৰাভা হাছং, তিৱা পৰিষদ নাইবা পাহাৰীয়া জিলা দুখনৰ ৰাজনৈতিক গতি–বিধিলৈ লক্ষ্য কৰিলে এইটো স্পষ্ট হৈ পৰে৷ এই অৱস্থাত অসমত এটা আঞ্চলিক ৰাজনৈতিক দলে বিজেপি নতুবা কংগ্রেছৰ প্রত্যাহ্বান ওফৰাই দিছপুৰ দখল কৰিব পাৰিব বুলি মনে নকয়৷
এই প্রেক্ষাপটত ৰাজ্যখনত শেহতীয়াকৈ আঞ্চলিকতাবাদী ৰাজনীতিক পুনৰুদ্ধাৰৰ বাবে যি কুচকাৱাজ চলিছে, তাৰ সাফল্যক লৈ সন্দেহৰ ডদ্ভৱ নিশ্চয়কৈ হ’ব৷ অসমত সকলো জনজাতি–জনগোষ্ঠীক এখন মঞ্চলৈ আনি এটা আঞ্চলিক ৰাজনৈতিক দল গঠনৰ দিন আৰু নাই৷ ডপায় এটাই আছে, জনগোষ্ঠী–জনজাতীয় শক্তিসমূহক প্রাপ্য মর্যাদা দি এটা মর্চা গঠন কৰা৷ কিন্তু এতিয়া সেইটো প্রয়াস ক’তোৱেই পৰিলক্ষিত হোৱা নাই৷ জাতীয়তাবাদী শিবিৰৰ সকলো ব্যস্ত নিজৰ নিজৰ ৰাজনৈতিক দল গঠনত৷ সাংসদ অজিত কুমাৰ ভূঞাই নিজাকৈ দল গঠন কৰিছে৷ তেজপুৰত সংযুক্ত আঞ্চলিক দল, অসম গঠন হৈছে৷ ডজনিত বীৰ লাচিত সেনাই নিজাববীয়াকৈ আঞ্চলিক দল গঠনৰ কথা ঘোষণা কৰিছে৷ কৃষক মুক্তি সংগ্রাম সমিতিয়ে অখিল গগৈক মুখ্যমন্ত্রী পদৰ প্রার্থী ৰূপে প্রক্ষেপ কৰি আঞ্চলিক ৰাজনৈতিক দল গঠনৰ ঘোষণা কৰিছে৷ শেহতীয়াকৈ সংগঠনটোৱে আছু আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ প্রস্তাৱিত ৰাজনৈতিক দলটোৰ সৈতে থাকিব বুলি সংবাদ মাধ্যমত বাতৰি প্রকাশ পাইছে৷ এইদৰে যদি পাইকাৰী হাৰত আঞ্চলিক ৰাজনৈতিক দল গঠন কৰি থকা হয়, ইয়াৰ জৰিয়তে ৰাজ্যখনৰ জনসাধাৰণৰ মাজত কি বার্তা যাব পাৰে, তেওঁলোকে যেন কথাবোৰ ভাবিবই খোজা নাই৷ জনসাধাৰণৰ মাজত ইতিমধ্যে বিভ্রান্তিৰ সৃষ্টি হৈছে৷ একে খোৱা–কামোৰাৰ ৰাজনীতিৰে অসমত আঞ্চলিকতাবাদক পুনৰ ডদ্ধাৰ কৰিব নোৱাৰি৷ এনেয়েও অগপই প্রতাৰণাৰে জনসাধাৰণৰ মাজত সহজে নাইকিয়া কৰিব নোৱাৰা অবিশ্বাস–আস্থাহীনতা পৰিৱেশ এটা গঢ়ি থৈছে৷
আজি অসমত যিসকলে আঞ্চলিক ৰাজনৈতিক দলেৰে ৰাজ্যখনৰ সমস্যা সমাধান কৰাটো সম্ভৱ বুলি বিবেচনা কৰি আছে, তেওঁলেকে প্রথমে নির্ণয় কৰক, কি বাটেৰে সেই ক্ষমতা আহিব৷ এটাৰ পাছত এটাকৈ দল গঠন কৰি নে এটা আঞ্চলিক ৰাজনৈতিক দল গঠন কৰি৷ সমস্যা কিন্তু ইমানতে শেষ নহয়৷ অর্থাৎ সিমানখিনি কৰিও কিন্তু দিছপুৰ দখল কৰাটো সহজ নহ’ব৷ সেই শক্তিৰেও ৬৪টা বিধানসভা সমষ্টি দখল কৰিব পৰা নাযাব৷ বর্তমান যিমানকেইটা ৰাজনৈতিক দল গঠন বা গঠনৰ প্রস্তুতি চলি আছে, তাৰে ভিতৰত আছু, যুৱ–ছাত্র পৰিষদ আৰু কৃষক মুক্তি সংগ্রাম সমিতিৰ ডমৈহতীয়া দলটোক প্রধান শক্তি বুলি গণ্য কৰিব পাৰি৷ কেডটা সংগঠনৰ কিছু পৰিমাণে সাংগঠনিক শক্তি আছে৷ লগতে নতুন ভোটাৰৰ মাজতো প্রভাৱ আছে৷ কিন্তু নির্বাচনী ক্ষেত্রখনত সাফল্য লাভৰ জোখেৰে কেডটা সংগঠন ইমানো শক্তিশালী নহয়৷ বৰাক ডপত্যকাত প্রস্তাৱিত দলটোৰ ভৱিষ্যৎ শূন্যপ্রায়৷ বিটিডি অঞ্চলত দলটো বিধানসভা সমষ্টি দখল কৰিব পৰাকৈ শক্তি আহৰণৰ সম্ভাৱনা নাই৷ পাহাৰীয়া জিলা দুখনত নিজা শক্তিৰে আছুৰ নেতৃত্বত গঠন হ’বলগীয়া দলটোৱে বিশেষ প্রভাৱ পেলাব নোৱাৰিব৷ ধর্মীয় আৰু ভাষিক সংখ্যালঘুৰ আধিপত্য সমষ্টিকেইটাও বিয়োগ কৰি ৰাখিব লাগিব৷ তদুপৰি, ৰাজ্যখনত কেইবাটাও বিধানসভা সমষ্টি আছে, য’ত জনজাতীয়–জনগোষ্ঠী ভোটাৰে প্রার্থীৰ ভাগ্য নির্ণয় কৰে৷ তেনে সমষ্টিত একক শক্তিৰে প্রস্তাৱিত দলটোৱে একোৱেই কৰিব নোৱাৰিব৷ ইমানবোৰ সমষ্টি বাদ পৰাৰ পাছত সমষ্টি থাকিল কেইটা সেই সমষ্টিসমূহতো আন দলৰ প্রভাৱ আছে৷ সহযোগী–ভাতৃ সংগঠনৰ সৈতে মিলালে বিজেপিৰ শক্তিৰ সৈতে আন দলৰ তুলনাই নহয়৷ দলটোক ডজনিতো সহজে পৰাভূত কৰিব নাযাব৷ বিগত সময়ছোৱাৰ নির্বাচনী ফলাফললৈ লক্ষ্য কৰিলে দেখা যায়, কংগ্রেছৰ পৰাজয় হ’লেও ভোটৰ পৰিমাণ সাংঘাতিকভাৱে হ্রাস পোৱা নাই৷ দলটোক নির্বাচনী ফলাফল সলনি কৰিবলৈ বহু বেছি পৰিমাণৰ ভোটৰ আৱশ্যক নাই৷ তাতে দলটোৱে ইডডিএফৰ সৈতে মিত্রতা কৰিছে৷ ইডডিএফৰে মিত্রতাই দলটোক উজনিত ক্ষতি কৰিব পাৰে৷ কিন্তু তাৰ সুফল আছু নেতৃত্বাধীন দলটোৰ লগতে বিজেপিয়ে পাব৷ অসম গণ পৰিষদেও কিছু পৰিমাণে ভোট নোপোৱাকৈ নাথাকে৷
এই অৱস্থাত অসমত নতুন আঞ্চলিক দল গঠনৰ প্রতিযোগিতাত নমাতকৈ সকলো জনজাতি–জনগোষ্ঠীক লগত লৈ আঞ্চলিক ৰাজনৈতিক দলৰ মর্চা এটা গঠন কৰাহে সময়ৰ দাবী আছিল৷ তেতিয়া হয়তো কিছু পৰিমাণে নতুন আঞ্চলিক দলে সমাগত বিধানসভা নির্বাচনত প্রভাৱ পেলাব পাৰিলেহেঁতেন৷ কিন্তু এতিয়ালৈ যি দেখা গৈছে, সেয়াই যদি অব্যাহত থাকে, ২০২১ চনৰ বিধানসভা নির্বাচনত নতুন আঞ্চলিক দলে একো বিশেষ প্রভাৱ পেলাবলৈ সক্ষম নহ’ব৷