নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপিএফ নে ইউপিপিএল

অতিমাৰী ক’ভিড–১৯ৰ বাবে বন্ধ হৈ থকা বিটিচিৰ নির্বাচন চলিত বর্ষতে সমাপন কৰিবলৈ ৰাজ্যিক নির্বাচন আয়োগে পদক্ষেপ গ্রহণ কৰিছে৷ ইয়াৰ লগে লগে সংবিধানৰ সংশোধিত ষষ্ঠ অনুসূচীৰ অধীনস্থ বিটিচিৰ ক্ষমতা হস্তগত কৰাৰ বাবে ৰাজনৈতিক তৎপৰতা আৰম্ভ হৈছে৷ ২০০৩ৰ ১০ ফেব্রুৱাৰীত বিটিচি চুক্তি স্বাক্ষৰৰ পাছত বিগত ১৬ বছৰে বিটিএডিৰ ক্ষমতাত আছে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ৷ একেদৰে সুদীর্ঘ ১৫ বছৰ দিছপুৰৰ ক্ষমতাতো আছে বিপিএফ দল৷ দিল্লী–দিছপুৰত চৰকাৰ সলনি হ’লেও বিগত ১৫ বছৰে ক্ষমতাধিষ্ঠিত ৰাজনৈতিক দলক সংগ দি অহা হাগ্রামা মহিলাৰী নেতৃত্বাধীন দলটো এইবাৰ প্রথমবাৰৰ বাবে ৰাজনৈতিক অগ্ণিপৰীক্ষাৰ সন্মুখীন হৈছে৷ যোৱা ২৭ জানুৱাৰীত এনডিএফবিৰ চাৰিটা গোট, এবছু আৰু ইউনাইটেড বড়ো পিপলছ অর্গেনাইজেচনৰ স’তে বিটিআৰ চুক্তি স্বাক্ষৰৰ পাছতে শাসকীয় বিপিএফৰ প্রতি ভাবুকি নামি আহিছে৷ বিটিআৰ চুক্তিৰ স্বাক্ষৰকাৰী অধিকাংশ নেতাৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা ইউপিপিএলে বিটিএডিত তৎপৰ হৈ উঠা দেখা গৈছে৷ ফলত বিটিএডিৰ চাৰিখন জিলাত ভোটদাতাসকলৰ মাজত বড়ো ৰাজনীতিৰ মেৰু বিভাজন হোৱাৰ আশংকা ঘনীভূত হৈছে৷ বিপিএফ আৰু ইউপিপিএলৰ নেতাসকলে বিটিচিৰ নির্বাচনত বিজেপিৰ সৈতে মিত্রতা কৰিবলৈ আগবাঢ়ি আহিছিল যদিও এইক্ষেত্রত শাসকীয় দলটোৱে কাৰো সৈতে জোঁটবন্ধন কৰা নাই৷ ইয়াৰ বিপৰীতে বিটিচিৰ ৪০খন আসনৰ ভিতৰত ২৩খনতে বিজেপিয়ে নিজাববীয়া প্রার্থী থিয় কৰাইছে৷ সন্মুখত থকা বিধানসভা নির্বাচনৰ ৰণনীতিৰ স্বার্থতে যে বিজেপিয়ে সহযোগী বিপিএফ আৰু ইউপিপিএলৰ সৈতে সমদূৰত্ব বজাই ৰাখিছে সেয়া নিশ্চিত৷ কিন্তু বিজেপিৰ সহায় অবিহনে বিটিচি দখল কৰাটো বিপিএফ অথবা ইউপিপিএলৰ বাবে এইবাৰ সহজ হৈ থকা নাই৷

বিগত তিনিটা কার্যকাল বিটিচিৰ ক্ষমতাত থকা হাগ্রামা মহিলাৰীৰ বাবেই নহয়, তেওঁৰ নেতৃত্বাধীন বিপিএফৰ বাবেও আগন্তুক নির্বাচন হ’ব এক ৰাজনৈতিক অগ্ণিপৰীক্ষা৷ কিয়নো বিটিচি নির্বাচনত সুফল লাভ কৰিবলৈ সক্ষম নহ’লে ২০২১ৰ নির্বাচনত বিজেপিয়ে বিপিএফক এৰি ইউপিপিএলক নতুন ৰাজনৈতিক সংগী কৰি লোৱাৰ সম্ভাৱনা আছে৷ বিটিচি চুক্তিৰ পাছত অভূতপূর্ব সফলতাৰে ক্ষমতাত অধিষ্ঠিত হাগ্রামা মহিলাৰীয়ে তেওঁৰ দ্বিতীয় কার্যকালত বিটিএডিৰ ৪০খন আসনৰ ভিতৰত ৩১খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু দ্বিতীয়টো কার্যকালত অর্থাৎ বিগত ১০ বছৰত বিটিএডিবাসীৰ প্রত্যাশা পূৰণ কৰাৰ ক্ষেত্রত মহিলাৰী যে সফল হোৱা নাই সেয়া ২০১৫ৰ নির্বাচনত স্পষ্ট হৈছিল৷ ২০১৫ৰ বিটিচিৰ নির্বাচনত কাণে কাণ মাৰিহে তৃতীয়বাৰৰ বাবে ক্ষমতা লাভ কৰিবলৈ সক্ষম হৈছিল বিপিএফ৷ হাগ্রামা মহিলাৰীয়ে তেওঁৰ গৃহ জিলা কোকৰাঝাৰত সফলতা প্রদর্শন কৰিবলৈ সক্ষম হোৱা নাছিল যোৱাটো নির্বাচনত৷ ওদালগুৰি অৰু বাগ্সা জিলাত লাভ কৰা সফলতাৰ বাবে কোনোমতে ২০খন আসনত জয়লাভ কৰি তৃতীয়বাৰৰ বাবে বিটিচিৰ ক্ষমতা লাভ কৰিবলৈ সক্ষম হোৱা হাগ্রামা মহিলাৰীৰ ভাগ্যৰ দুৱাৰ এইবাৰো প্রশস্ত হ’ব বুলি আশা কৰিব নোৱাৰি৷ কিয়নো মহিলাৰীৰ সন্মুখত থকা প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলৰ গ্রহণযোগ্যতা বহু পৰিমাণে বৃদ্ধি হৈছে৷ এনে অৱস্থাত বিটিচি নির্বাচনত এইবাৰ বড়ো জনগোষ্ঠীৰ ভোট দুটা ভাগত বিভক্ত হোৱাৰ ইংগিত ইতিমধ্যে দেখা গৈছে৷ বড়ো ৰাজনীতিৰ মেৰু বিভাজন স্পষ্ট হোৱাৰ লগে লগে বিজেপিয়েও দুয়োটা দলৰ সৈতে সমদূৰত্বৰে নিজাববীয়াকৈ নির্বাচনী যুঁজত নামিছে৷ এনে বিভাজনৰ সুযোগ লৈ বিজেপিৰ নেতৃত্বই এইবাৰ যিকোনো প্রকাৰে বিটিচি দখলৰ সপোন দেখিছে৷ ২০২১ৰ বিধানসভা নির্বাচনত বিজেপিৰ সংগী কোন হ’ব, সেয়া বিটিচিৰ নির্বাচনৰ ফলাফলেই নিৰূপণ কৰিব৷

You might also like