নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী মহানগৰীৰ বায়ু প্রদূষণত লকডাউনৰ প্রভাৱ

(ক)
ক’ৰোনা মহামাৰী–দ্রুত গতিশীল বিশ্বজীৱনক স্তব্ধ কৰি তোলা এটা নাম৷ চীনৰ য়ুহান প্রদেশৰ পৰা সূত্রপাত ঘটা এই মহামাৰীয়ে এইপর্যন্ত অনেক দেশৰ জন–ধন গাঁথনি বিপর্যস্ত কৰি পেলাইছে৷ অত্যাধুনিক চিকিৎসা–ব্যৱস্থাও অসহায় হৈ পৰিছে এই মহামাৰীৰ সন্মুখত৷ সুলভ সুনির্দিষ্ট প্রতিষেধকে লাখ লাখ জনসাধাৰণক সামৰি ল’বলৈ এতিয়াও বহু বাকী৷ সংক্রমণৰ ভয়ত অনেক দেশেই প্রতিৰোধী ব্যৱস্থা হিচাপে দেশজোৰা লকডাউন ঘোষণা কৰি জনসাধাৰণক ঘৰতে আবদ্ধ ৰাখি বেমাৰবিধৰ পৰা দূৰত ৰাখিবলৈ যত্ন কৰিছে৷ আমাৰ দেশতো মার্চ মাহৰ শেষৰ পৰা লকডাউন ঘোষিত হৈছিল আৰু পর্যায়ক্রমে এতিয়া তাক শিথিল কৰি অনা হৈছে৷ কেইবাটাও কটকটীয়া লকডাউনৰ মাজত সাৱধানতাৰে দিন পাৰ কৰি আহিছোঁ আমি৷ কোনো প্রতিষেধক চূডান্ত ৰূপত আৱিষৃকত নোহোৱাত কেৱল সাৱধানতা হৈছে ইয়াৰ একমাত্র প্রতিৰোধক৷ সেয়ে চৰকাৰৰ বাধা–নিষেধ বুলিয়ে নহয় ব্যক্তিয়ে নিজেও স্বেচ্ছাই গৃহবন্দিত্ব গ্রহণ কৰিছে৷ কথা হ’ল– লকডাউনে ব্যক্তিক স্বাস্থ্যগত দিশত নিৰাপত্তা প্রদান কৰিলে যদিও বিশ্বৰ অর্থনীতিক বিধ্বস্ত কৰি পেলাইছে৷ সহস্র লক্ষাধিক মানুহ গৃহহীন–সংস্থাপনহ্ হোৱাত নতুন সমস্যাৰ উদ্রেক ঘটিছে৷ অন্ন–র্থ–বাসস্থানৰ্ অভাৱে মানুহক চিন্তাক্লিষ্ট কৰি তুলিছে৷ পাৰস্পৰিক মিলা–মিছা ব্যাহত হোৱাত মানুহবোৰ মানসিকভাৱেও অসুখী হৈ পৰিছে৷ সেয়ে মাজে মাজে লকডাউনৰ বিপক্ষেও মত পোষণ কৰা পৰিলক্ষিত হৈছে৷
পিছে প্রশ্ণ হয় লকডাউনৰ সকলোখিনি নেতিবাচক নেকি ? পাৰিপার্শ্বিকতাৰ দৃষ্টিকোণেৰে চালে ইয়াক নেতিবাচক বুলিব পাৰি জানো ? বৰং ইতিবাচক কথা কিছুমানহে চকুত পৰে৷ তেনে দুটামান কথা ফঁহিয়াই চাবলৈ আমি ইয়াত যত্ন কৰিম৷
(খ)
বায়ুৰ গুণগত মান( Air Quality Index ) আৰু প্রদূষক অনুযৌগ( Pollutant Particulate)ঃ
লকডাউন কেনেকৈ ইতিবাচক সেই কথা আলোচনা কৰাৰ আগতে মনত ৰখা ভাল, পৰিৱেশ প্রদূষণ–বর্তমান বিশ্বৰ অন্যতম গুৰুত্বপূর্ণ সমস্যা৷ বায়ু প্রদূষণ তাৰেই ভিতৰুৱা৷ অত্যধিক কল–কাৰখানা আৰু যান–বাহনৰ পৰা নির্গত হোৱা ধোঁৱা আৰু বিষাক্ত গেছে বায়ুমণ্ডল দূষিত হোৱাত অৰিহণা যোগাইছে৷ সেয়ে বিভিন্ন ৰাষ্ট্রৰ লগতে ভাৰতবর্ষতো চৰকাৰে উদ্যোগ আৰু যান–বাহনৰ পৰা উদ্ভৱ হোৱা প্রদূষণ ৰোধৰ বাবে নানা চৰকাৰী নীতি–নিয়ম গ্রহণ কৰিছে৷ পিছে জনসাধাৰণৰ সচেতনতা বৰ আশাপ্রদ নহয়৷ যাহওক, ২৫ মার্চত লকডাউন ঘোষণা হোৱাৰ লগে লগে স্বতস্ফূর্তভাৱে যান–বাহনৰ চলাচল আৰু পর্যায়ক্রমে কল–কাৰখানাৰ কাম–কাজ স্তিমিত হ’ল৷ কোলাহলপূর্ণ পৃথিৱী নীৰৱ হৈ পৰিল৷ ইয়াৰ প্রভাৱ পৰিলক্ষিত হ’ল পৰিৱেশৰ ওপৰতো৷ শব্দ প্রদূষণৰ লগতে বায়ু প্রদূষণো কিছু কমা যেন অনুভৱ হৈছিল৷
যান–বাহনৰ চলাচল বন্ধ হোৱাত আৰু কল–কাৰখানাৰ সীমিত কার্যই আমাৰ চৌপাশৰ বায়ুক কেনেদৰে প্রভাৱিত কৰিছিল তাক চোৱাৰ বাবে এই প্রবন্ধকাৰে বায়ুৰ গুণগত মান আৰু স্বচ্ছতাৰ তুলনা কৰি চাবলৈ যত্ন কৰিছিল৷ বায়ুমণ্ডলত প্রদূষক অনুযৌগ আৰু বিষাক্ত গেছৰ মাত্রাৰ উপস্থিতিৰ কম–বেছিয়ে বায়ুৰ গুণগত মানক প্রভাৱিত কৰে৷ বায়ুমণ্ডলত এনে অনুযৌগ আৰু গেছৰ পৰিমাণ যিমানে বাঢ়ে সিমানে গুণগত মান আৰু বায়ুমণ্ডলৰ স্বচ্ছতা কমে৷ এই প্রবন্ধকাৰে আন্তর্জাতিক প্রেক্ষাপটৰ পৰা গুৱাহাটী মহানগৰীৰ বায়ুমণ্ডলৰ গুণগত মান সম্বন্ধীয় তথ্য লৈ দেখিছিল যে লকডাউনৰ আগত বায়ুৰ গুণগত মান আছিল ২১৮৷ কিন্তু লকডাউন আৰম্ভ হোৱাৰ পাছতে বায়ুমণ্ডলত প্রদূষক অনুযৌগৰ মাত্রা(PM২.৫,PM১০) কমি আহি গুণগত মান উন্নত হৈছিল৷ কিয়নো এপ্রিল মাহত মহানগৰীৰ বায়ুমণ্ডলত থকা প্রদূষক অনুযৌগ লকডাউন আগবঢ়াৰ লগে লগে কমি আহিছিল৷ উদাহৰণস্বৰূপে, মাহটোৰ প্রথম সপ্তাহত প্রতি ঘনমিটাৰ বায়ুতPM২.৫ প্রদূষক অনুযৌগ ১৭৭.৪৩মাইক্র’গ্রাম আছিল আৰু সেই পৰিমাণ মাহটোৰ দ্বিতীয় আৰু তৃতীয় সপ্তাহত ক্রমে ১৪২.৫৭মাইক্র’গ্রাম (২য় সপ্তাহ), ৯৬.৭৫ মাইক্রগ্রাম (৩য় সপ্তাহ) হৈ পৰিছিল৷ স্বাভাৱিকতে অনুযৌগৰ পৰিমাণ কমাত বায়ুৰ গুণগত মান উন্নত হৈছিল৷ লকডাউনৰ আগৰ ২১৮ গুণগত মান এপ্রিল মাহৰ চাৰিটা সপ্তাহত নিম্নমুখী হৈছিল এনেদৰে ১৭৪.৪৩ (১ম সপ্তাহ), ১৫২.৭২ (২য় সপ্তাহ), ৯২.৭১৪(৩য় সপ্তাহ) আৰু ৭২ (৪থ সপ্তাহ)৷ বায়ুৰ গুণগত মান এনেদৰে নিম্নমুখী হোৱাটোৱে বায়ুমণ্ডলত প্রদূষণৰ পৰিমাণ কমাক বুজায়৷
(গ)
নাইড্রজেন–ডাই–অক্সাইডঃ
বিষাক্ত নাইড্রজেন–ডাই–অক্সাইড বায়ু প্রদূষণৰ অন্যতম কাৰক৷ ঘাইকৈ যান–বাহন আৰু কল–কাৰখানাৰ পৰা নির্গত হোৱা এই গেছে আমাৰ চৌপাশৰ বায়ু জীৱজগতৰ অনুপযোগী কৰি তুলিছে৷ বায়ুমণ্ডলত নাইড্রজেন–ডাই–অক্সাইড ঘনত্ব বাঢ়িলে প্রদূষণ বাঢ়ে৷ মার্চ মাহৰ ৩য় সপ্তাহত গুৱাহাটী মহানগৰীৰ বায়ুমণ্ডলৰ প্রতি ঘনমিটাৰত নাইড্রজেন–ডাই–অক্সাইড গেছৰ পৰিমাণ আছিল ১০.৭৫ মাইক্র’গ্রাম৷ মার্চ মাহৰ শেষৰ সপ্তাহত অর্থাৎ লকডাউন ঘোষণা হোৱাৰ সপ্তাহত ই কমি ৮.২৯ মাইক্র’গ্রাম হৈছিল৷ লকডাউনৰ সময়ছোৱাত গাডী–মটৰৰ চলাচল কমাত আৰু বহু উদ্যোগ বন্ধ থকাত ধোঁৱা আৰু গেছ নির্গমনৰ মাত্রা কমিছিল৷ তাৰ পৰিণতিস্বৰূপে আমি এপ্রিল মাহৰ ১ম, ২য়, ৩য় আৰু ৪থ সপ্তাহত নাইড্রজেন–ডাই–অক্সাইড ঘনত্ব ক্রমে ৬.৪৩ মাইক্র’গ্রাম, ৩.৫৭ মাইক্র’গ্রাম, ২.২৪ মাইক্র’গ্রাম আৰু ২.০২ মাইক্র’গ্রাম হোৱা দেখিবলৈ পাওঁ৷
(ঘ)
বায়ুমণ্ডলৰ স্বচ্ছতাঃ
প্রদূষক অনুযৌগ আৰু বিষাক্ত গেছে এখন ঠাইৰ বায়ুমণ্ডলৰ গুণগত মানক প্রভাৱিত কৰে বুলি আমি আৰম্ভণিতে উল্লেখ কৰি আহিছোঁ৷ লগতে এই পদার্থসমূহে বায়ুমণ্ডলৰ স্বচ্ছতাকো প্রভাৱান্বিত কৰে৷ বায়ুমণ্ডলৰ স্বচ্ছতা কথাটো আমি ধোঁৱাৰ মাজেৰে টর্চ এটাৰ পোহৰ নিক্ষেপ কৰা কার্যৰ লগত তুলনা কৰিব পাৰোঁ৷ ধোঁৱাময় ঠাই এডোখৰলৈ টর্চৰ পোহৰ পেলালে পোহৰ সম্পূর্ণৰূপে নপৰে বা টর্চৰ মুখত কাপোৰ এখন বান্ধি টর্চটো জ্বলালেও আমি সম্পূর্ণ পৰিমাণৰ পোহৰ নাপাওঁ৷ একেদৰে বায়ুমণ্ডলত অনুযৌগ আৰু বিষাক্ত গেছ বাঢ়ি গ’লে সেই ঠাইবিশেষৰ বায়ু স্বচ্ছ বুলিব নোৱাৰি৷ তেতিয়া সূর্যৰ পৰা বিকিৰিত হৈ অহা সৌৰ ৰশ্মি বিকিৰণৰ পৰিমাণ অনুযায়ী ভূ–ভাগত নপৰেহি৷ ভূ–ভাগত পৰা সৌৰৰশ্মিৰ পৰিমাণক আমি সৌৰশক্তি জোখা যন্ত্রৰ(Pyranometer) সহায়ত জুখিব পাৰোঁ৷ আমি এপ্রিল মাহৰ লকডাউন চলি থকা সময়ত গুৱাহাটী মহানগৰীৰ জালুকবাৰী অঞ্চলত সৌৰশক্তিৰ পৰিমাণ জুখি উলিয়াবলৈ যত্ন কৰিছিলোঁ Pyranometer (Apogee MP-200)ৰ সহায়ত কৰা জোখ–মাপত স্পষ্ট হৈছিল, এপ্রিল মাহৰ প্রথম সপ্তাহত ভূ–ভাগৰ প্রতি বর্গমিটাৰত পৰা সৌৰৰশ্মিৰ শক্তি ১০১২ ৱাট আছিল আৰু মাহটোৰ শেষলৈ সি বৃদ্ধি পাই চতুর্থ সপ্তাহত প্রতি বর্গমিটাৰত ১১২৪ ৱাট হৈ পৰিছিল৷ ২য় আৰু ৩য় সপ্তাহত এই পৰিমাণ প্রতি বর্গমিটাৰত ক্রমে ১০৪৩ ৱাট আৰু ১১০৭ ৱাট আছিল৷ এই বৃদ্ধিয়ে স্পষ্টতঃ বায়ুমণ্ডলৰ স্বচ্ছতাক প্রতিনিধিত্ব কৰিছে৷ লকডাউনৰ কালছোৱাত যান–বাহন আৰু কল–কাৰখানা বন্ধই ধোঁৱা অৰু গেছ নির্গমনৰ পৰিমাণ কমাই পেলোৱাত বায়ু স্বচ্ছ হৈ পৰা বুলি অনুমান কৰাত অসুবিধা নহয়৷
এইখিনিতে এটা প্রশ্ন হয়– বায়ুমণ্ডলৰ স্বচ্ছতাৰ প্রয়োজন কোনখিনিত? সম্প্রতি সৌৰশক্তি হৈছে বিদ্যুৎ উৎপাদনৰ অন্যতম উৎস৷ জল আৰু বতাহৰ দৰে সৌৰ শক্তিও হৈছে বিদ্যুৎ উৎপাদনৰ অ–পৰম্পৰাগত( Non-Conventional) উৎস৷ সূর্যৰ পৰা বিকিৰিত হোৱা সৌৰৰশ্মিকSolar Panel যোগে সংগৃহীত কৰি সৌৰশক্তি উৎপাদন কৰা হয় আৰু সেই শক্তিক পুনৰাই বিদ্যুৎ শক্তি আৰু তাপ শক্তিলৈ ৰূপান্তৰিত কৰা হয়৷ বর্তমান সময়ত বিভিন্ন ঔদ্যোগিক–ৰাজহুৱা–ব্য্ খণ্ডত সৌৰশক্তিক কামত খটুৱাবলৈ যত্ন কৰা হৈছে আৰু জনসাধাৰণকো সৌৰশক্তি ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে৷ চৰকাৰী–বেচৰকাৰী পৃষ্ঠপোষকতাত নানা আঁচনি হাতত লোৱা হৈছে৷ গতিকে সূর্যৰ পৰা বিকিৰিত হোৱা ৰশ্মি যিমানে বেছি পৰিমাণে আহি ভূ–ভাগত পৰিব সিমানে সৌৰশক্তিৰ মাত্রা বাঢ়িব৷ পিছে ইয়াৰ বাবে বায়ুমণ্ডলৰ স্বচ্ছতাৰ প্রয়োজন৷ ধোঁৱা, প্রদূষক যৌগ বা নানা বিষাক্ত গেছে বায়ুমণ্ডল অস্বচ্ছ কৰি তুলিলে বিকিৰিত হোৱা পৰিমাণ অনুযায়ী সৌৰৰশ্মি আহি ভূ–ভাগত নপৰিবহি৷ কিন্তু লকডাউনৰ সময়ছোৱাত এনে নেতিবাচক নির্গমন নোহোৱা বাবে বায়ুমণ্ডলৰ স্বচ্ছতা বৃদ্ধি পাইছিল আৰু ভূ–ভাগত পৰা সৌৰৰশ্মিৰ মাত্রাও বৃদ্ধি পাইছিল৷
(ঙ)
প্রদূষণ– মানৱসৃষ্ট পৰিঘটনা৷ ইয়াৰ প্রতিৰোধ আমাৰ হাততে৷ আমাৰ কার্যই প্রদূষণৰ মাত্রা বঢ়ায়ো–কমায়ো৷ লকডাউনত এই কথা স্পষ্ট হৈ পৰিছিল৷ পিছে প্রদূষণ সন্দর্ভত জনসচেতনতা কম৷ বহু সময়ত নিৰক্ষৰ–দৰিদ্র জনসাধাৰণতকৈ শিক্ষিত–র্থসম্পন্ন প্রদূষণৰ মাত্রা বৃদ্ধিত বেছি অৰিহণা যোগায়৷ লকডাউনে বহু কথাই আমাক শিকালে৷ আমি ভাবোঁ– পৰিৱেশ সংৰক্ষণ সন্দর্ভতো লকডাউনৰ পৰা আমাৰ বহু শিকিবলগীয়া আছে৷ শুদ্ধ বতাহ কিদৰে পাব পাৰোঁ সেয়া আমি কার্যতঃ দেখিলোঁ৷ বতাহক পন্যত পৰিণত কৰাৰ উদ্যোগ আৰম্ভই হৈছে৷ ই মানৱ জাতিৰ বাবে শুভ লক্ষণ নহয়৷ ভৱিষ্যত প্রজন্মক সুস্থ পৃথিৱী এখন উপহাৰ দি যাবলৈ হ’লে আমাৰ কৰণীয় অৱশ্যই আছে৷ গতিকে যান–বাহন, কল–কাৰখানাৰ পৰা উদ্ভৱ হোৱা প্রদূষক প্রতিৰোধ সন্দর্ভত হাতে–কামে আমিবোৰ সজাগ হোৱা উচিত৷

You might also like