দুজন মাটি আৰু মানুহৰ কবি
কবি কৈলাশ ভট্টাচার্য
সময়ৰ নদীৰ বালিত সোণ খপি খপি সোণৰ জীৱন্ত বিগ্রহ সাজি থকা মানুহজন কোনো খবৰ নিদিয়াকৈ যেন গুচি গ’ল৷ বাতৰিকাকতত প্রকাশ পোৱা খবৰটো বিশ্বাস কৰিবৰ মন যোৱা নাছিল৷ কাৰণ তেওঁৰ নামটো লোৱাৰ লগে লগে নিষ্কলুষ মুখখন মই যেন দেখি আছেছা আৰু অন্তৰৰ অন্তঃকোণৰ পৰা কোৱা তেওঁৰ শব্দৰ ধ্বনি যেন মই শুনি আছেছা৷ তেওঁ আছিল ডাঃ কৈলাশ ভট্টাচার্য৷ ইমান নির্মল মনৰ সৰল মানুহৰ সংখ্যা বৰ কম৷ ভট্টাচার্য আছিল এগৰাকী পৰিপুষ্টিবিদ আৰু এগৰাকী জৈৱ ৰসায়নবিদ৷ তেওঁৰ বাবে চিকিৎসালয় কেৱল চাকৰিৰ স্থল নাছিল, আছিল মানুহৰ প্রতি অসীম স্নেহ আৰু আগ্রহেৰে নিজৰ সেৱা আগবঢ়োৱাৰ থলী৷
ডিব্রুগডৰ অসম মেডিকেল কলেজত শিক্ষকতা কৰি থকাৰ সময়ত দেখিছিলোঁ তেখেতৰ পৰিচয় নিজৰ কাম আৰু কথাৰ মাজেদিয়েই নীৰৱে প্রতিষ্ঠা কৰিছিল৷ মোৰ লগত পৰিচয় ঘটিছিল এগৰাকী কবি হিচাপে, লোক–জীৱন, লোক–সংস্কৃতি আৰু লোক–সাহিত্যৰ প্রতি এক আন্তৰিক গভীৰ প্রেম থকা মানুহ হিচাপে৷ লোক–সংস্কৃতিৰ বিষয়ে, লোক–জীৱনৰ বিষয়ে, লোক–সাহিত্যৰ বিষয়ে গৱেষণা কৰা আমাৰ অনেক লোক আছে৷ কিন্তু ডাঃ কৈলাশ ভট্টাচার্যৰ লগত পৰিচিত হোৱাৰ দিনৰে পৰা প্রতিমুহূর্ততে লগ পালেই তেওঁক মোৰ এগৰাকী লোক–জীৱনক অন্তৰৰ পৰা ভাল পোৱা বিশাল অন্তৰৰ মানুহ যেন লাগিছিল৷ তেওঁ অসমৰ বর্ণাঢ়্য লোক–জীৱনৰ প্রায় প্রতিটো অংগৰ বিষয়ে ক’তো আঁৰ নলগাকৈ কেৱল জনাই নহয়, সেই বিষয়ৰ বৈশিষ্ট্যসমূহৰ মাজত থকা মানৱীয় চেতনাৰো তেওঁ যেন অংশীদাৰ হৈ পৰিছিল৷ মোৰ ভাবি আচৰিত লাগেতেওঁ আমাৰ বিভিন্ন লোক–কবিতাসমূহৰ লোক–কথাসমূহৰ বিষয়ে কেৱল জনাই নহয়, কেনেকৈ কোনো প্রসংগ ওলালেই সেই প্রসংগৰ উদাহৰণসহ সলসলীয়াকৈ পৰিচয় দাঙি ধৰিছিল৷ কিন্তু তেওঁৰ অধ্যয়নৰ ব্যপ্তি কেৱল অসমীয়া ভাষাৰ বিভিন্ন লোক–ভাষা আৰু লোক–কথাৰ মাজতে যে আছিল, তেনে নহয়৷ আমাৰ বডো, কার্বি, ৰাভা, ডিমাচা, খাচি, জয়ন্তীয়া আদি বিভিন্ন জনগোষ্ঠীয় ভাষাসমূহৰ লোক–সাহিত্য, লোক–সংস্কৃতিৰ বিষয়ে তেওঁ গভীৰভাৱে জানিছিল৷ আনকি এনে জনগোষ্ঠীয় লোক–কবিতাৰ মাজত থকা সৌন্দর্যৰ বিষয়ে আৰু মন স্পর্শ কৰা অর্থৰ বিষয়ে তেওঁ উদাহৰণসহ স্বভাৱসিদ্ধভাৱে কৈ যাব পাৰিছিল৷ তাৰে কিছু অনুবাদো তেওঁ অসমীয়া ভাষালৈ কৰি গ্রন্থাকাৰে প্রকাশ কৰিও গৈছে৷ নিজেও আছিল এগৰাকী বিশিষ্ট কবি৷ তেওঁৰ কবিতাৰ মাজতো ঘাই বিষয় আছিল প্রকৃতি আৰু মানুহ৷
পত্নীসহ এজন পুত্র আৰু এগৰাকী কন্যাৰে তেওঁৰ পাৰিবাৰিক জীৱনো আছিল জঞ্জালহীনভাৱে সুন্দৰ আৰু সুখৰ৷ কিন্তু একমাত্র পুত্র ১৮ বছৰ বয়সতে দুর্ঘটনাগ্রস্ত হৈ মৃত্যুৰ মুখত পৰে৷ ডাঃ ভট্টাচার্যই পুত্রৰ স্মৃতিত প্রতিবছৰে একোখনকৈ কবিতা সংকলন প্রকাশ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ তাৰে এখন কিতাপ ডিব্রুগডতে মই মুকলি কৰিছিলোঁ৷ তেওঁ কবিতা পুথিকেইখনৰ নামেই কয় প্রকৃতি আৰু মানুহৰ লগত তেওঁৰ সম্পর্ক কিমান গভীৰ আছিল, কিমান গভীৰ আছিল লোক–জীৱনৰ লগত৷ ‘কেতেকী ফুলৰ ঘৰ’, ‘চৰাইবোৰৰ ৰাতিৰ ঠিকনা’, ‘আশাৰীকাণ্ডিত গধূলি’, ‘লোককল্পত দোতাৰা আৰু অন্যান্য কবিতা’, ‘মাটিৰ কানাই’, ‘হাডৰ মাজৰ বাঁহী’ ইত্যাদি নামেই কবিতাৰ বিষয়বস্তু আৰু কবিৰ ভাবানুভৱৰ ইংগিত কঢ়িয়াই আনে৷ ভট্টাচার্যই ইংৰাজী ভাষাত প্রকাশিত অন্যান্য দেশৰ কবিৰ কবিতা পুথিও তেওঁ অসমীয়ালৈ অনুবাদ কৰি গৈছে৷ গেব্রিয়ালা মিষ্ট্রালৰ নির্বাচিত কবিতা, এলি আৰু নির্বাচিত কবিতা, লেংষ্টন হিউজৰ নির্বাচিত কবিতা, চালভাটৰ কুৱাচিমডৰ নির্বাচিত কবিতা, তেমচুলা আওৰ কবিতা, মায়াক’ভস্কিৰ নির্বাচিত কবিতা আৰু ‘অ’ মোৰ সোণালী ফিছাৰ মাছ’ আদি কবিতাৰ পুথিয়ে তেওঁৰ কাব্যপ্রীতিৰ বৈশিষ্ট্য দাঙি ধৰে৷ হিউ ৱেন চাঙৰ বিষয়েও তেওঁ এখন পুথি লিখি থৈ গৈছে৷ যিহেতু তেওঁ এগৰাকী পুষ্টিবিদ আছিল, তেওঁ ইংৰাজীত ‘ষ্টাডিজ অন চাম লেছ ফেমিলিয়াৰ প্লেণ্ট ফুড্ছ ফ্রম ডি ষ্টেট অৱ আছাম’কে ধৰি বিজ্ঞান বিষয়ৰো কিতাপ লিখি থৈ গৈছে৷
ডাঃ ভট্টাচার্য ডিব্রুগডৰ পৰা গুৱাহাটী মেডিকেল কলেজলৈ যোৱাৰ পাছতো যেতিয়াই ডিব্রুগডলৈ আহে, তেতিয়া ড০ আনন্দ বৰমুদৈৰ ঘৰলৈ আৰু আমাৰ ঘৰলৈ পাক এটা নমৰাকৈ থকা নাছিল৷ ড০ বৰমুদৈৰ পত্নী পূৰৱী বৰমুদৈৰ প্রতিও তেওঁৰ আছিল গভীৰ শ্রদ্ধা, বৰমুদৈৰ প্রতিতো আছিলেই৷ অবিভক্ত নলবাৰী জিলাৰ নিকাছি গাঁৱত ১৯৬০ খ্রীষ্টাব্দত জন্মগ্রহণ কৰা ভট্টাচার্য প্রকৃতি আৰু গ্রামীণ জীৱনৰ প্রতি আছিল অত্যন্ত সংবেদনশীল৷ বিভিন্ন লোক–কবিতা তেওঁৰ মুখস্থ হৈ পৰিছিল৷ কথা প্রসংগত তেনে অনেক কবিতাৰ উদ্ধৃতি অতি স্বাভাৱিকভাৱে তেওঁ দিছিল৷ কিন্তু ইমানখিনি কাম অন্তৰৰ তাগিদাত কৰা এই মানুহজনৰ অৱদানৰ বিষয়ে আমাৰ কাকত–পত্রতো আলোচনা–সমালোচনা নহ’ল, সন্মান দান কৰা দূৰৰে কথা৷ আত্মপ্রচাৰবিমুখ, কর্মপ্রাণ এই মানুহগৰাকীৰ মাজত থকা সৰলতাই পৰিচয় লাভ কৰা যিকোনো মানুহৰ মনতে সাঁচ বহুৱাইছিল৷ আনকি তেওঁৰ আমেক কিতাপ তেওঁ নিজেই ছপোৱাই উলিয়াইছিল৷ তাৰ বাবে কোনো প্রকাশকৰ নিজে ওচৰ চাপিবলৈ তেওঁ বোধকৰোঁ ভাল পোৱা নাছিল৷ এগৰাকী প্রকৃত কাব্যৰসিক কবি আমাৰ মাজৰ পৰা যেন ‘আনচাং এণ্ড আনৱেপ্ঢ’ হৈ চিৰদিনৰ বাবে গুচি গ’ল৷ আমালৈ এৰি থৈ গ’ল তেওঁৰ ৰচনাসমূহেৰে সৈতে তেওঁৰ সোঁৱৰণি৷
কবি সনন্ত তাঁতি
সনন্ত তাঁতি আছিল যোৱা প্রায় পাঁচোটামান দশকৰ অসমীয়া কবিতাৰ জগতৰ এটি সবল কণ্ঠস্বৰ৷ তেওঁ আছিল দৰাচলতে মানুহৰ কবি৷ যদিও তেওঁৰ প্রতিটো শব্দৰ মাজেদি শ্রমজীৱী দৰিদ্র মানুহ আৰু সমাজৰ প্রতি এটা গভীৰ দায়বদ্ধতা, তথাপি তেওঁৰ কবিতাৰ বৈশিষ্ট্য এয়ে যে এনে গভীৰ দায়বদ্ধতা সত্ত্বেও তেওঁৰ কবিতা শ্লোগানলৈ ৰূপান্তৰিত হোৱা নাছিল৷ মই তেওঁক ১৯৭০ খ্রীষ্টাব্দতে যোৰহাটত লগ পাইছিলোঁ৷ তেওঁ কাছাৰৰ চাহ বাগিচাৰ পৰা ওলাই আহি তাতেই প্রথম স্তৰৰ পঢ়া–শুনা কৰি যোৰহাট পাইছিলহি৷ যোৰহাটত সেই সময়ত আমি দহজনমান কলেজ–স্কুলৰ শিক্ষক আৰু কলেজৰ ছাত্র লগ হৈ ‘সাম্প্রতিক’ নামৰ এটি সৰু কাব্যগোষ্ঠী গঢ়ি তুলিছিলোঁ৷ কবিতাৰ বিষয়ে, সাহিত্যত সামাজিক দায়বদ্ধতা সম্পর্কে আলোচনা–বিলোচনা হৈছিল আৰু তাৰ মাজত সমসাময়িক আমাৰ দেশ আৰু বিদেশৰ বিভিন্ন সমস্যা সম্পর্কেও আলোচনা হৈছিল৷ আমি ঠিক কৰিছিলোঁ যে কেইটামান পৃষ্ঠাৰ ‘সাম্প্রতিক’ নামৰ এখন কবিতাৰ সৰু আলোচনী উলিওৱা হওক৷ সম্পাদকৰ দায়িত্ব মোক দিলে৷ মই সনন্তক প্রথম দিনাৰ পৰাই লক্ষ্য কৰি দেখিছিলোঁ যে তেওঁৰ মাজত এজন যেন নীৰৱ কবি সোমাই আছে৷ তেওঁ তেতিয়া জে বি কলেজৰ ছাত্র৷ তেওঁক মই ক’লোঁ– ‘সনন্ত, প্রথম সংখ্যাৰ বাবে তুমি এটা কবিতা দিব লাগিব৷’ সনন্তই ক’লে– ‘ছাৰ, মই কাছাৰৰ পৰা আহিছেছা৷ মোৰ ভাষা ভাল নহ’ব৷’ মই তেওঁক ক’লোঁ– ‘ভাষাৰ দায়িত্ব মোৰ, কবিতা লিখাৰ দায়িত্ব তোমাৰ৷’ এই কথোপকথনৰ পাছত প্রথম সংখ্যাৰ বাবে সনন্তই এটা কবিতা মোৰ হাতত তুলি দিলে৷ মই যি দুই–এটা ভাষাত হাত দিবলগীয়া আছিল, সেইখিনি ঠিক–ঠাক কৰি ‘সাম্প্রতিক’ৰ প্রথম সংখ্যাত কবিতাটি প্রকাশ কৰিলোঁ৷ তাৰ পাছত অসমীয়া ভাষাত এজন সবল কণ্ঠৰ নতুন কবিৰ প্রৱেশ ঘটিল৷
সনন্তৰ মাজত তেওঁৰ জীৱনে শিকোৱা প্রগতিশীল চিন্তাৰ প্রকাশ স্বাভাৱিক আৰু পঢ়ুৱৈৰ অন্তৰ পৰশাকৈ কবিতাত ঘটিবলৈ ধৰিলে৷ ৰাজনৈতিক আদর্শৰ সূত্রৰ লগত তেওঁৰ পৰিচয় জীৱনে দিয়া শিক্ষাৰ পাছতহে ঘটিছে৷ সেইবাবেই তেওঁৰ কবিতাত জীৱনৰ স্বাভাৱিক গোন্ধ বিয়পি আছে৷ শ্রমজীৱী দৰিদ্র জীৱনৰ স্বাদ তেওঁ লাভ কৰিছে শৈশৱৰে পৰা আৰু শিক্ষাই তেওঁক কৰি তুলিছে পৰিশীলিতভাৱে শক্তিশালী৷ মই অনুভৱ কৰোঁ যে হেমাংগ বিশ্বাস, কেশৱ মহন্ত, হীৰেন ভট্টাচার্য আদি পূর্বসূৰীৰ পাছত অতি স্বাভাৱিকভাৱে সনন্তৰ নাম সকলো সংবেদনশীল পঢ়ুৱৈৰ মনৰ ওচৰ চাপে৷ তদুপৰি তাৰ যোগেদি তেওঁ মানুহৰ ‘অমল’ ভৱিষ্যতৰ ছবি মনৰ চকুৰ আগত দেখে৷ সেইবাবে তেওঁৰ বাগধাৰাত যিদৰে আছে এটা স্বতন্ত্রতা, তেনেদৰে আছে জীৱনৰ গভীৰ স্পর্শৰ প্রভাৱ৷ তেওঁৰ এই বৈশিষ্ট্যই কম দিনৰ ভিতৰতে তেওঁক অসমীয়া কবিতাৰ ইতিহাসত প্রতিষ্ঠা দান কৰিলে৷
তেওঁক যে মই অসমীয়া ভাষাত কবিতা লিখিবলৈ থকা তেওঁৰ সামান্য সংকোচ আঁতৰাই দিছিলোঁ, সেই কথাষাৰ তেওঁ পাহৰি যোৱা নাছিল৷ বৰং তেওঁৰ আন্তৰিক কৃতজ্ঞতাৰ চিনস্বৰূপে তেওঁৰ এখন কাব্যগ্রন্থ মোৰ নামত উছর্গা কৰিলে আৰু মোক বৰং ঋণী কৰি থৈ গ’ল৷ গুৱাহাটীত আয়োজিত এটি কাব্যানুষ্ঠানৰ পুৰস্কাৰ গ্রহণ কৰি ৰাজহুৱাকৈ তেওঁ কৈছিল– ‘নগেন শইকীয়া ছাৰে মোৰ শৰীৰত লাগি থকা আলিবাটৰ ধূলি–মাকতি আঁতৰাই তুলি আনিলে৷’ মই তেওঁৰ এই আন্তৰিক স্পর্শ থকা উক্তি ৰাজহুৱাভাৱে শুনি যিদৰে অভিভূত হৈছিলোঁ, তেনেভাৱে অপ্রস্তুতো হৈছিলোঁ৷ তেতিয়াৰ কটন কলেজৰ ‘ছুডমার্চন হল’ত হোৱা সেই অনুষ্ঠানত তেওঁৰ পত্নী মিনতি শইকীয়াকো লগ পাইছিলোঁ৷ তেওঁ ভৰি এটাত আঘাত পাই সেই সভালৈ তেওঁৰ স্বামীৰ লগত এডাল পেং লৈ অহাৰ কথা মোৰ মনত পৰে৷
হঠাৎ অসুস্থ হৈ পৰা সনন্তৰ কথা বাতৰিকাকতত যেতিয়া পঢ়িবলৈ পালোঁ, মই স্বাভাৱিকভাৱেই উদ্বিগ্ণ হৈছিলোঁ৷ যেতিয়া জানিলোঁ তেওঁ দিল্লীত চিকিৎসাধীন হৈ আছে, কিন্তু চিকিৎসাৰ বাবে ধনৰ অভাৱ ঘটিছে, তেতিয়া মই সেই সময়ৰ অসমৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ এখন চিঠি লিখি চিকিৎসাৰ ক্ষেত্রত সনন্তক চৰকাৰীভাৱে সাহায্য দিবলৈ অনুৰোধ জনাইছিলোঁ৷ মোৰ চিঠি পোৱাৰ পাছত তেওঁৰ সংশ্লিষ্ট এগৰাকী ডাক্টৰক মোৰ লগত যোগাযোগ কৰিবলৈ ক’লে আৰু মই ডাক্টৰগৰাকীক সনন্তৰ দিল্লীৰ ঠিকনা, তেওঁৰ পুত্রৰ নাম আৰু টেলিফোন নম্বৰ আদি দিলোঁ৷ সেইবাৰৰ চিকিৎসাৰ যি ব্যয়, সেই ব্যয় অসম চৰকাৰে বহন কৰা বুলি জানিলোঁ৷ কিন্তু পৰৱর্তী সময়ত তেওঁ আৰু কিবা সাহায্য পালে নে নাপালে নাজানো, অৱশ্যে অনেকে ব্যক্তিগতভাৱে সহায় কৰাৰ কথা জানো৷
এটা কথা মোৰ আজি মুকলিকৈ কৈ দিবৰ মন গৈছে যে উইলিয়ামচন মেগৰ কোম্পানীয়ে ‘অসম উপত্যকা সাহিত্য বঁটা’ নামেৰে প্রতিষ্ঠা কৰা বঁটা সমিতিখনৰ লগত মই এই বঁটা প্রতিষ্ঠাৰ দিনৰে পৰা জডিত হৈ আছিলোঁ৷ মাজত মই দুবছৰমান আঁতৰি আছিলোঁ যদিও পাছত পুনৰ আকৌ জডিত হ’বলগীয়া হ’ল৷ ‘অসম উপত্যকা সাহিত্য বঁটা’ৰ বাবে শেহতীয়াকৈ প্রস্তুত হৈ অহা বিশেষজ্ঞ সমিতিৰ প্রস্তাৱৰ ভিতৰত সনন্তৰ নামো আছিল৷ প্রসিদ্ধ সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰাৰ সভাপতিত্বত বহা বাছনি সমিতিয়ে এই নামৰ তালিকা পাই সনন্ত তাঁতিৰ নাম বঁটাৰ বাবে নির্বাচন কৰি পঠিয়ালে৷ কিন্তু কোম্পানীয়ে সেইবাৰ আন এগৰাকী লেখকক সেই বঁটা দিব লাগে বুলি যেতিয়া অনানুষ্ঠানিকভাৱে জনালে স্বাভাৱিকতে বাছনি সমিতিৰ বাবে ই এক মর্যাদাৰ প্রশ্ণ দাঙি ধৰিলে৷ আমি আটায়ে ভাবিছিলোঁ যে কোম্পানীয়ে বিচৰাগৰাকী স্বাভাৱিকভাৱে এগৰাকী যোগ্য ব্যক্তি হ’লেও বয়স, কৃতি আৰু কৃতিত্বৰ বাবে সনন্ত নিঃসন্দেহে অন্যতম যোগ্য ব্যক্তি আছিল৷ এতেকে আমি বাছনি সমিতিৰ সভাপতি প্রমুখ্যে সদস্যসকলে এখন সভা আয়োজন কৰি কোম্পানীৰ এই কামত অসন্তুষ্টি প্রকাশ কৰি আমাৰ সদস্য পদ ত্যাগ কৰিলোঁ৷ কোম্পানীয়ে এনে হোৱা দেখি সেই বছৰ তালিকাত থকা চাৰিওগৰাকী ব্যক্তিকে সেই বঁটা সমানে প্রদান কৰাৰ ব্যৱস্থা কৰিলে আৰু অসম উপত্যকা সাহিত্য বঁটাৰ আয়ুসো তেওঁবিলাকে সিমানতে কর্তন কৰিলে৷ কোম্পানীৰ স্বার্থ তথা আকাংক্ষাই মর্যাদাৰ শেষ সীমা পাৰ কৰি দিয়াৰ পাছত মোৰ এতিয়া নিজৰেই সেই বঁটাটো এসময়ত ময়ো পাইছেছা বুলি ভাবিবলৈ অস্বস্তি অনুভৱ কৰোঁ৷ কিন্তু তথাপি এটা গুৰুতৰ অৱস্থাত সনন্ত যে তাৰ পৰা বঞ্চিত নহ’ল, সেইটোৱে বহু পৰিমাণে মনত এটা স্বস্তিৰ ভাবো ননাকৈ নাথাকে৷ সেই সনন্ত আজি আৰু নাই৷ তেওঁৰ সোঁৱৰণত মই শোকাশ্রুৰে তর্পণ কৰিলোঁ৷
দুগৰাকী মাটি আৰু মানুহৰ কবি চিৰদিনলৈ গুচি গ’ল৷