নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাই আৰম্ভ

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ নির্বাচনী প্রতিশ্রুতি ৰক্ষা কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে আজিৰে পৰা আৰম্ভ কৰিব মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাইৰ আনুষ্ঠানিকতা৷ নিয়মীয়াকৈ কিস্তি পৰিশোধ কৰি অহা ১১ লাখ মহিলাক কাইলৈৰ পৰা ২৫ হাজাৰ টকা পর্যন্ত উদগনি হিচাপে চেক প্রদান কৰিব৷ আজি গুৱাহাটীত আয়োজিত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মাইক্র’ ফাইনেঞ্চৰ ঋণ লোৱা যিসকল মহিলাই নিয়মিত ৰূপত কিস্তিৰ ধন আদায় দি আহিছে, তেওঁলোকক সর্বাধিক ২৫ হাজাৰ টকা পর্যন্ত চৰকাৰে উদগনি হিচাপে আদায় দিব৷ এই পর্যায়ত ১১ লাখ মহিলাক চৰকাৰে সেই ধন আদায় দিব৷ অহা মার্চৰ পূর্বে এই পর্যায়ৰ সামৰণি পৰিব৷ ইয়াৰ বাবে চৰকাৰৰ তিনি হাজাৰ কোটি টকা খৰচ হ’ব৷

নিয়মিত ৰূপত কিস্তি পৰিশোধ কৰা মহিলাসকলৰ ঘৰত গাড়ী থাকিলেও, কাৰোবাৰ চাকৰি থাকিলেও চৰকাৰে তেওঁলোকক সেই ধন আদায় দিব৷ ইয়াৰ পাছতে অহা এপ্রিল মাহৰ পৰা কিস্তিৰ ধন পৰিশোধ নকৰা মহিলাসকলৰ মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাইৰ প্রক্রিয়া আৰম্ভ হ’ব৷ তাৰ বাবে চৰকাৰে প’র্টেল এটা মুকলি কৰি দি আবেদন গ্রহণ কৰিব৷ প’র্টেল মুকলি কৰাৰ পাছতহে কিমান আবেদন আহে আৰু চৰকাৰৰ কিমান ব্যয় হ’ব, সেই বিষয়ে ক’ব পৰা যাব৷ মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাইৰ বাবে চৰকাৰৰ বৃহৎ ব্যয় হ’লেও অনাগত দিনত অর্থনৈতিকভাৱে চৰকাৰ উপকৃত হোৱাৰ বিষয়ে প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চৰকাৰৰ পৰা টকা লোৱাৰ পাছত তেওঁলোকে সেই টকাৰে সা–সামগ্রী ক্রয় কৰিব৷ তাৰ পৰা চৰকাৰৰ কৰ আহিব৷ তেওঁলোকে বেংকৰ পৰা পুনৰ ঋণ ল’ব৷ ইয়াৰ ফলত দুই–তিনি বছৰৰ ভিতৰত অর্থনীতি ভাল হ’ব৷ এই প্রসংগতে তেওঁ কয় যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক চৰকাৰে এহাজাৰ টকাকৈ আগবঢ়াই আহিছে৷ চৰকাৰে প্রদান কৰা সেই ধনেৰে তেওঁলোকে বজাৰৰ পৰা সামগ্রী ক্রয় কৰিব৷ সেই সামগ্রী ক্রয়ৰ পৰা চৰকাৰৰ ঘৰলৈ ২০ শতাংশ কৰ আহিব৷ টকাৰ প্রচলনে অর্থনীতি বিকশিত কৰে৷

You might also like