নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ১.১৫ কোটি লোক দৰিদ্র

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ  প্রায় ৩.৫ কোটি জনবহুল অসমৰ ১.১৫ কোটি লোকেই দৰিদ্র৷ কেৱল অর্থাভাৱৰ দৰিদ্র নহয় অসম, আমাৰ ৰাজ্যখন বহু দিশৰ পৰাই দৰিদ্র৷ নিটি আয়োগে সদ্যহতে প্রকাশ কৰা ‘নেচনেল মাল্টিডাইমেনচনেল প’ভার্টী ইনডেক্স শীর্ষক এক প্রতিবেদনত অসমৰ এই ছবিখন প্রতিফলিত হৈছে৷

নিটি আয়োগৰ এই প্রতিবেদন অনুসৰি অসমৰ ৩২.৬৭ শতাংশ লোকেই বিভিন্ন দিশত দৰিদ্র৷ দৰিদ্রতাৰ মাপকাঠী হিচাপে অর্থাভাৱৰ পৰা আৰম্ভ কৰি পুষ্টি, মাতৃ স্বাস্থ্য, বিদ্যালয় শিক্ষাৰ হাৰ, ৰন্ধনৰ বাবে ব্যৱহূত ইন্ধন, খোৱাপানী, অনাময়, বাসস্থান, বিদ্যুতৰ ব্যৱহাৰ, বেংক একাউণ্ট, সম্পত্তি আদি বিভিন্ন সূচকক সামৰি লোৱা হৈছে৷ নিটি আয়োগৰ প্রতিবেদনত স্পষ্ট হৈছে যে সমগ্র দেশৰ ভিতৰত দৰিদ্রতম ৰাজ্য হিচাপে অসমৰ স্থান হৈছে পঞ্চম৷

লক্ষণীয়ভাৱে উত্তৰ–পূর্বাঞ্চলৰ ৮খন ৰাজ্যৰ ভিতৰত অসমেই হৈছে দৰিদ্রতম৷ অৱশ্যে অসমৰ সৈতে মেঘালয়েও (৩২.৬৭ শতাংশ) সমগ্র দেশৰ ভিতৰত দৰিদ্রতম ৰাজ্য হিচাপে পঞ্চম স্থান লাভ কৰিছে৷ আনহাতে, দেশৰ দৰিদ্রতম ৰাজ্য হিচাপে শীর্ষস্থান লাভ কৰিছে বিহাৰে (৫১.৯১ শতাংশ)৷ বিহাৰৰ পাছত আছে ঝাৰখণ্ড (৪২.১৬), উত্তৰ প্রদেশ (৩৭.৭৯), মধ্য প্রদেশ (৩৬.৬৫)৷ এই চাৰিখন ৰাজ্যৰ পাছত যৌথভাৱে স্থান লাভ কৰিছে মেঘালয় আৰু অসমে৷

ৰাষ্ট্রীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ শেহতীয়া তথ্যৰ ভিত্তিত নিটি আয়োগে এই প্রতিবেদন প্রকাশ কৰিছে৷ উল্লেখ্য যে নিটি আয়োগে সংখ্যাৰ পৰিৱর্তে জনসংখ্যাৰ হাৰ হিচাপে ৰাজ্যসমূহৰ দৰিদ্রতাৰ সূচক প্রস্তুত কৰিছে৷ সেই হিচাপত অসমৰ জনসংখ্যা এই মুহূর্তত ৩.৫ কোটি হ’লে বিভিন্ন দিশত দৰিদ্র লোকৰ সংখ্যা হ’বগৈ ১.১৫ কোটি৷ নিটি আয়োগৰ ‘মাল্টিডাইমেনচনেল প’ভার্টি ইনডেক্স’ত দেখা গৈছে অসমৰ ভিতৰত আটাইতকৈ দৰিদ্রতম জিলা হিচাপে আত্মপ্রকাশ ঘটিছে হাইলাকান্দিৰ৷ উদ্বেগৰ বিষয়টো হৈছে জিলাখনৰ ৫১.০৭ শতাংশ লোকেই বিভিন্ন দিশত দৰিদ্র৷ ইয়াৰ বিপৰীতে কামৰূপ (মহানগৰ) জিলাই ৰাজ্যৰ ভিতৰত আটাইতকৈ ধনী জিলা হিচাপে পৰিগণিত হৈছে৷ জিলাখনত আছে মাত্র ১১.০৪ শতাংশ দৰিদ্র লোক৷

আনহাতে, দৰিদ্রতাৰ নিৰিখত হাইলাকান্দি আৰু ধুবুৰী জিলাৰ মাজত সিমান পার্থক্য দেখা নাযায়৷ ধুবুৰী জিলাত আছে ৫১.০৬ শতাংশ দৰিদ্র লোক৷ ৰাজ্যখনৰ অন্যান্য জিলাসমূৰ দৰিদ্রতাৰ হাৰ হৈছে ক্রমে কৰিমগঞ্জ (৪৬.০২ শতাংশ), কাছাৰ (৪২.৩৭), গোৱালপাৰা (৪০.১৫), বৰপেটা (৩৯.৪১), দৰং (৩৮.২২), কার্বি আংলং (৩৭.৭৩), মৰিগাঁও (৩৬.৭৫), তিনিচুকীয়া (৩৬.৭০), চিৰাং (৩৬.২), বঙাইগাঁও (৩৩.৮), কোকৰাঝাৰ (৩২.১০), ডিমা হাছাও (৩১.২), নগাঁও (৩০.৫০), ওদালগুৰি (২৯.৪৬), ডিব্রুগড (২৮.৯৭), ধেমাজি (২২.৭১), কামৰূপ (২৬.২২), শিৱসাগৰ (২৫.৬৯), শোণিতপুৰ (২৫.৩২), লখিমপুৰ (২৪.২৩), বাক্সা (২৩.৫৯), গোলাঘাট (২০.৬০), যোৰহাট (২০.২৪), নলবাৰী (১৬.৯৪) আৰু কামৰূপ (মহানগৰ) (১১.০৪)৷

ইপিনে দৰিদ্রতা নিৰূপণৰ মাপকাঠী হিচাপে নিটি আয়োগে গ্রহণ কৰা অপুষ্টিৰ তালিকাত দেখা গৈছে দেশৰ ভিতৰত বঞ্চিত ৰাজ্যৰ তালিকাত অষ্টম স্থান লাভ কৰা অসমৰ ৩৭.২৬ শতাংশ লোকেই পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত৷ অনুৰূপভাৱে দেশৰ ভিতৰত তৃতীয়খন ৰাজ্য হিচাপে উপযুক্ত বাসস্থানৰ পৰা বঞ্চিত অসমৰ ৬৯.৩০ শতাংশ লোক৷ স্কুল শিক্ষাৰ পৰা বঞ্চিত ১৬.১৯ শতাংশ ল’ৰা–ছোৱালী (তালিকাত স্থান ৯)৷ ৰন্ধনৰ বাবে উপযুক্ত ইন্ধনৰ পৰা বঞ্চিত ৬০.৫০ শতাংশ লোক (তালিকাত ৫)৷ ভর্তি হোৱাৰ পাছতো বিদ্যালয়লৈ নাযায় ৰাজ্যৰ ৪.৪০ শতাংশ ছাত্র–ছাত্রীয়ে (তালিকাত ৮)৷ বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত ১৪.৯০ শতাংশ ৰাজ্যবাসী (তালিকাত ১১)৷ অনাময় ব্যৱস্থাৰ পৰা বঞ্চিত ৰাজ্যৰ ৩১.৫০ শতাংশ লোক (তালিকাত ৮)৷ বঞ্চনাৰ তালিকাত তৃতীয়খন ৰাজ্য হিচাপে অসমৰ ৭.৪০ শতাংশ লোকৰ ঘৰতেই নাই বিদ্যুতৰ যোগান৷ ৰাজ্যৰ ৩.৭০ শতাংশ লোকৰ নাই কোনো বেংক একাউণ্ট (তালিকাত ৫)৷ দৰিদ্রতাৰ মাপকাঠীৰ সর্বশেষ সূচক হিচাপে অসমৰ ১৯.৯৫ শতাংশ লোকৰ হাতত সম্পত্তি বুলি ক’লে একো নাই (তালিকাত ৭)৷

লক্ষণীয়ভাৱে বিভিন্ন দিশৰ পৰা দৰিদ্র ৰাজ্য হিচাপে অসম আৰু মেঘালয়তকৈ অপেক্ষাকৃত ভাল স্থানত থকা উত্তৰ–পূর্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহ হৈছে– নাগালেণ্ড (সামগ্রিক দৰিদ্রতাৰ হাৰ ২৫.২৩ শতাংশ), অৰুণাচল প্রদেশ (২৪.২৭), মণিপুৰ (১৭.৮৯), ত্রিপুৰা (১৬.৬৫), মিজোৰাম (৯.৮০)৷ আনহাতে, উত্তৰ–পূর্বাঞ্চলৰ ভিতৰত আটাইতকৈ ধনী ৰাজ্যখন হৈছে ছিকিম৷ কেৱল উত্তৰ–পূর্বাঞ্চল বুলি নহয়, দেশৰ ধনী ৰাজ্যসমূহৰ ভিতৰত ছিকিমৰ স্থান তৃতীয়৷ নিটি আয়োগৰ ‘নেচনেল মাল্টিডাইমেনচনেল প’ভার্টী ইনডেক্স’ত দেখা গৈছে ৰাজ্যখনৰ মাত্র ৩.৮২ শতাংশ লোক দৰিদ্র৷ আনহাতে, দেশৰ ভিতৰত আটাইতকৈ ধনী ৰাজ্য হিচাপে পৰিগণিত হৈছে কেৰালা৷

ৰাজ্যখনৰ মাত্র ০.৭১ শতাংশ লোকক নিটি আয়োগে সামগ্রিকভাৱে দৰিদ্র বুলি চিহ্ণিত কৰিছে৷ কেৰালাৰ পাছত ধনী ৰাজ্যৰ তালিকাত আছে গোৱা (৩.৭৬ শতাংশ দৰিদ্র)৷ দক্ষিণ ভাৰতৰ তামিলনাডু (৪.৮৯ শতাংশ দৰিদ্র) আৰু উত্তৰ ভাৰতৰ পঞ্জাব (৫.৫৯) ক্রমে ধনী ৰাজ্য হিচাপে তালিকাৰ চতুর্থ আৰু পঞ্চম স্থানত আছে৷ আনহাতে, কেন্দ্রীয়শাসিত ৰাজ্যসমূহতো দৰিদ্র লোকৰ সংখ্যা যথেষ্ট কম৷ দাদৰা আৰু নগৰ হাভেলী (২৭.৩৬ শতাংশ দৰিদ্র) আৰু জম্মু–কাশ্মীৰক (১২.৫৮) বাদ দিলে পণ্ডিচেৰী (১.৭২), লাক্ষাদ্বীপ (১.৮২), আন্দামান আৰু নিকবৰ দ্বীপপুঞ্জ (৪.৩০), দিল্লী (৪.৭৯) আৰু চণ্ডীগডত (৫.৯৭) দৰিদ্র লোক নাই বুলি ক’ব পাৰি৷

You might also like