পৃথিৱীৰ অসুখ আৰু পালঘৰৰ ৰাজনীতি
ক’ভিড–১৯ৰ বিৰুদ্ধে দেশজুৰি চৰকাৰ, জনসাধাৰণে চলাই থকা কঠিন সংগ্রামখনৰ মাজতে মহাৰাষ্ট্রৰ পালঘৰ জিলাৰ সৰু গাঁও এখনত সংঘটিত গণনিগ্রহৰ ঘটনা এটাই সংবেদনশীল মানুহৰ অন্তৰ–আত্মাক কঁপাই তুলিছে৷ ঘটনাটো মানৱ সভ্যতাৰ বাবেই চৰম লজ্জাজনক৷ কিন্তু পৰৱর্তী কালত বর্বৰোচিত ঘটনাটোক নিন্দা কৰাৰ নামত, নিহতক ন্যায় দিয়াৰ আবেদনৰ নামত যিবোৰ কাণ্ড–কাৰখানা ঘটিল, সিয়ে সাধুদ্বয়সহ নিহত তিনিওজন আৰু এশবাৰ ৰাং কুকুৰৰ জাকত পেলোৱাৰ দৰে গণনিগ্রহৰ মাজলৈ ঠেলি দিলে৷ মনতে প্রশ্ণ ডদয় হয়– ‘নিজকে জীৱশ্রেষ্ঠৰ আসনত ৰখা আমি মানৱকূলে কিমান দিন এনেধৰণৰ ভণ্ডামি–উপহাসৰ সৈতে বসবাস কৰি থাকিম পৃথিৱীৰ পৰা কেতিয়া এনেধৰণৰ ডন্মাদনা নাইকিয়া হ’ব !
এই মুহূর্তত পৃথিৱীখন ৰোগাক্রান্ত ৷ এবিধ ভাইৰাছে কোটি কোটি লোকক ঘৰতে বন্দী কৰিছে৷ আয়–ডপার্জনৰ সকলো পথ বন্ধ৷ কিদৰে দুবেলা দুমুঠি ভাত হাতত পৰিব, সেই চিন্তাও বাদ দি বিশ্বৰ কোটি কোটি লোকে ক’ভিড–১৯ক পৰাজিত কৰাৰ পণ লৈছে৷ ভাইৰাছবিধৰ প্রকোপ আৰু সতর্কতামূলক ব্যৱস্থাতধনী–দুখীয়্ বুলি কোনো প্রাচীৰৰ অৱকাশ থকা নাই৷ শত্রু–মিত্র বুলিও একো বাকী থকা নাই৷ পেলেষ্টাইনে ইজৰাইলৰ সৈতে কথা পাতিছে, যুগৰ শত্রুতা পাহৰি পাকিস্তানে দৰব বিচাৰি ভাৰতলৈ আবেদন–পত্র পঠিয়াইছে৷ কাশ্মীৰ সমস্যাক একাষৰীয়া কৰি থৈ দুয়োখন দেশে বহুদিনৰ অন্তত কাঠমাণ্ডুত মিলিত হৈছে৷ কাইলৈ যদি ডত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াই ভাইৰাছবিধৰ পৰা পৰিত্রাণ পোৱাৰ ডদ্দেশ্যে মত বিনিময় কৰে, তাতো আচৰিত হ’বলগীয়া নাথাকিব৷ পৃথিৱীৰ চৰম সংকটৰ সময়তহে এইদৰে সকলোৱে সকলো পাহৰি এটা পৰিয়ালৰ দৰে যুঁজত নামে ৷ এই সময়ত সমগ্র বিশ্বতে প্রার্থনাৰ বাবে উঠা হাতকেইখনে মাথোঁ ইয়াকে বিচাৰিছে, শীঘ্রেই সংকটৰ পৰা এইখন ধৰণী মুক্ত হওক৷ সঁচা অর্থতে এয়া ভয়াৱহ সংকটৰ সময়৷ কিন্তু এনে সময়তো যদি ৰাজনৈতিক মুনাফাৰ সন্ধানেই যদি কোনো মানুহৰ একমাত্র লক্ষ্য হয়, সভ্যতাৰ দৃষ্টিত ইয়াতকৈ ডাঙৰ অপৰাধী আৰু কোন হ’ব পাৰে !
১৬ এপ্রিলৰ নিশা পালঘৰৰ গাঁওখনত দুজন সাধু আৰু এজন চালকক ডন্মত্ত লোকৰ ভিৰে আক্রমণ কৰি নির্মমভাৱে হত্যা কৰে৷ নিঃসন্দেহে ঘটনাটো নিন্দনীয়৷ কঠোৰভাৱে নিন্দনীয়৷ দেশখনত অন্ধবিশ্বাসৰ বলি হৈ এইদৰে বহু নিৰীহ লোকে ডন্মত্ত জনতাৰ হাতত প্রাণ দিবলগীয়া হৈছে৷ পালঘৰৰ ঘটনাটোৱে প্রথম বা একমাত্র ঘটনা নহয়৷ কিন্তু পূর্বৰ ঘটনাবোৰে দিয়া শিকনিক কামত লগাব নোৱাৰা বাবে এইখন দেশত বাৰে বাৰে এনে ঘটনা ঘটি আছে৷ নিৰীহ লোকৰ তেজেৰে মাটি ৰঞ্জিত হৈ আছে৷ সবাতকৈ দুখজনক কথাটো হ’ল, আমি এইখন দেশৰ সাধাৰণ লোকক, যিসকলে সোপাধৰা আছে বুলি আজিও বিশ্বাস কৰে, ডাইনী আছে বুলি আজিও বিশ্বাস কৰে, তেওঁলোকক প্রতীয়মান কৰিবলৈ সক্ষম নহ’লোঁ যে এইবোৰ মিছা৷ অন্ধবিশ্বাস অথবা কু–সংস্কাৰ৷ আমাৰ ৰাজনৈতিক নেতাসকলে নির্বাচনৰ সময়ত দিয়া কম্বলখন, সূতাৰ বাণ্ডিলকেইটা সময়মতে প্রায় সকলোৰে ঘৰলৈ যায়৷ পাহাৰলৈও যায়, চৰলৈও যায়৷ নাইবা, দূৰণিত থকা গাঁওখনলৈও যায়৷ কিন্তু অন্ধবিশ্বাস, কু–সংস্কাৰৰ বাবে তেওঁলোকৰ প্রয়াসে ১০ কিলোমিটাৰ বাটো অতিক্রম কৰিব নোৱাৰে৷ সুধী সমাজ বুলি সমাজে শ্রদ্ধা আৰু কিছু কিছু ক্ষেত্রত সমীহ কৰি চলা লোকসকল বেছিভাগৰে তথাকথিত কুচকাৱাজ চহৰৰ আশে–পাশে সীমাবদ্ধ হৈ ৰয়৷ য’ত প্রয়োজন, তালৈকে নাযায় ৷
গণনিগ্রহৰ ঘটনাটোক বন্দী কৰি তোলা এটা ভিডি’ৰ জৰিয়তে পালঘৰ কাণ্ডটো জনসমাজৰ মাজলৈ আহে৷ মূলতঃ ছ’চিয়েল নেটৱর্কিং ছাইটৰ জৰিয়তে ভাইৰেল হৈ পৰাৰ পাছত নিডজ চেনেলত সি স্থান লাভ কৰে৷ তাৰ পাছৰ পৰা ঘটনাটোৰ নিন্দা–গৰিহণাৰ নামত আৰম্ভ হয় ৰাজনৈতিক বোকা ছটিওৱাৰ নির্লজ্জ খেলখন৷ মহাসংকটৰ সময়ত এসাঁজ খাই, এসাঁজ নোখোৱাকৈ বা দিনৰ পাছত দিন ধৰি অনাহাৰে থকা লোকলৈ পিঠি দি আৰম্ভ হয় ঘটনাটোৰ পৰা কিদৰে ৰাজনৈতিক মুনাফা আদায় কৰিব পাৰি অথবা প্রতিপক্ষক শ’লঠেকত পেলাই ভৱিষ্যতৰ ৰাজনীতি সুগম কৰিব পাৰি৷ পালঘৰত ১৬ এপ্রিলৰ নিশা সংঘটিত ঘটনাটো এটা বিচ্ছিন্ন ঘটনা নাছিল৷ তাৰে আগদিনা সন্ধিয়াও ডৰাবাতৰি আৰু অন্ধবিশ্বাসৰ বলি হৈ গাঁওখনত এদল ডন্মত্তই চিকিৎসক–আৰক্ষীৰ দল এটাক আক্রমণ কৰিছিল৷ ক’ভিড–১৯ক লৈ কর্তব্যৰত চিকিৎসকৰ দল এটা আৰক্ষীৰ সুৰক্ষা সহিতে গৈ থাকোঁতে কোনো লোকে ডৰাবাতৰি বিয়পাই দিলে যে গাঁওখনত সোপাধৰাৰ দল প্রৱেশ কৰিছে৷ তেওঁলোকে শিশুক অপহৰণ কৰি লৈ গৈ মানৱ দেহৰ অংগ ব্যৱসায়ীৰ হাতত সেই শিশুক তুলি দিয়ে৷ কথাটো কেৱল ১৫ বা ১৬ এপ্রিলৰে নাছিল৷ কিছুদিন ধৰি আদিবাসী বসতিপূর্ণ অঞ্চলটোত সেইধৰণৰ ডৰাবাতৰি এটাই অঞ্চলবাসীক আতংকৰ মাজত দিন কটাবলৈ বাধ্য কৰাইছিল৷ পৰিস্থিতি ইমানেই স্পর্শকাতৰ হৈ পৰে যে গঞাই নিশাৰ ভাগত পাল পাতি পহৰা দিবলৈ আৰম্ভ কৰে৷ চৰকাৰৰ দায়িত্ব আছিল তেতিয়াই পৰিৱেশটোক অধ্যয়ন কৰি প্রয়োজনীয় কার্যব্যৱস্থা হাতত লোৱা৷ কিন্তু একো কৰা নহ’ল৷ আনকি, ১৫ এপ্রিলৰ সন্ধিয়া যেতিয়া এজন আৰক্ষী পৰিদর্শক, তিনিজন কনিষ্টবল আৰু এজন চিকিৎসকক ডন্মত্ত লোকে আক্রমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল, তাৰ পাছতো চৰকাৰ–প্রশাসন নীৰৱে থাকিল৷ চৰকাৰ বা প্রশাসনে সময়মতে আৱশ্যকীয় ব্যৱস্থা গ্রহণ কৰাহেঁতেন সাধুদ্বয় আৰু চালকজনৰ সেই পৰিণতি নহ’লহেঁতেন৷ ঘটনাৰ পাছত যেতিয়া প্রতিপক্ষৰ ফালৰ পৰা আক্রমণৰ শেল আহিবলৈ ধৰে, মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী ডদ্ধৱ থাকৰেই নীৰৱতা ভংগ কৰি ঘটনাটো ধর্মীয় সাম্প্রদায়িক নহয়, ডৰাবাতৰি–ন্ধবিশ্ব ফচল৷ যদি সেয়াই হয়, ইমান দিনে চৰকাৰখনে কি কৰি আছিল? গাঁওখনত সাধুদ্বয়ৰ নিধন প্রথম আৰু একমাত্র ঘটনা নাছিল৷ আনহে নালাগে, তাৰে আগদিনা সন্ধিয়াও অনুৰূপ ঘটনা এটা ঘটিছিল৷ সৌভাগ্যক্রমে দলটোৱে প্রাণৰক্ষা কৰিবলৈ সক্ষম হৈছিল৷ ঘটনাটো এন চি পিৰ এজন স্থানীয় নেতাৰ ডচটনিত হোৱা বুলি পৰৱর্তী কালত পোহৰলৈ আহে৷ ডন্মত্ত লোকে তিনিওকে মাৰপিট কৰি থকা সময়তে ঘটনাস্থলীত ডপস্থিত হোৱা এন চি পিৰ স্থানীয় নেতাজনক দেখি ডন্মত্ত লোকে দাদা আলাৰে দাদা আলাৰে’ বুলি কিৰীলি পৰা বা হত্যাকাণ্ডটোত অভিযুক্তসকলৰ এটা বামপন্থী সংগঠনৰ সৈতে সম্পর্ক থকালৈ চাই অঞ্চলটোত এটা ভিন্ন প্রেক্ষাপট গঢ় লৈ ডঠা বুলি ক’ব পাৰি৷ কিন্তু ১৬ এপ্রিলৰ নিশা সংঘটিত ঘটনাটো সাম্প্রদায়িক নাছিল, কিয়নো গাঁওখনত কিছুদিন ধৰি সোপাধৰা–মানৱ দেহৰ ব্যৱসায়ীক লৈ বিয়পি থকা ডৰাবাতৰিয়ে মানুহৰ মাজত স্পর্শকাতৰ পৰিৱেশ এটা গঢ় দি থৈছিল৷ গতিকে নিন্দাৰ বাবে ডঠা কণ্ঠস্বৰসমূহৰ যিবোৰে তাত সাম্প্রদায়িক সংঘাতৰ বীজ দেখিছে, যিসকলে ৰাজনীতিৰ চাডল–দাইল সিজাব বিচাৰিছে, তেওঁলোকে তিনিওকে মৃত্যুৰ পাছতো গণনিগ্রহৰ সন্মুখলৈ ঠেলি দি আছে৷ নিজেই হাতত ঘৃণা–পপ্রচাৰৰ লাঠী–দা লৈ তিনিও নিৰীহ ব্যক্তিৰ ওপৰত চলাই গৈছে নির্মম অত্যাচাৰ৷ পৃথিৱীৰ লগতে ভাৰতত মহাসংকটৰ সময়ত এনেধৰণৰ মুনাফা সন্ধানী কার্যই কোটি কোটি লোক ক’ভিড–১৯ বিৰোধী সংগ্রামখনকে অপমান–ডপহাস কৰিছে৷ তেওঁলোকৰ কর্ম–কাণ্ডই সভ্যতাকেই আজি লজ্জিত কৰিছে ৷
ক’ভিড–১৯ত আক্রান্ত পৃথিৱী আৰু মানৱ প্রেমৰ সন্ধান
১৯৪৭ চনত ফৰাচী ভাষাত এলবার্ট কেমুৰ যুগান্তকাৰী ৰচনা ‘দ্য প্লেগ’ প্রকাশিত হয়৷ পৰৱর্তী বছৰটোত গ্রন্থখনৰ ইংৰাজী অনুবাদ প্রকাশিত হয়৷ বিশ্ববিখ্যাত গ্রন্থখনত মহামাৰী প্লেগক বিষয় হিচাপে লৈ বর্ণিত কাহিনীৰ সৈতে অদ্ভুত মিল আছে ক’ভিড–১৯ত অসহায় আজিৰ পৃথিৱীখনৰ দুৰৱস্থা৷ ডপন্যাসখনৰ মূল চৰিত্র ডাঃ বার্নাড ৰিডক্সে কঠিন ৰোগত আক্রান্ত পত্নীক চিকিৎসাৰ অর্থে এবছৰমান আগেয়ে দূৰৈৰ স্বাস্থ্যনিৱাসত ৰাখি নিজে ফ্রান্স–আলজেৰিয়াৰ ওৰান মহানগৰত প্লেগ ৰোগীৰ চিকিৎসাত ব্রতী হয়৷ সমগ্র মহানগৰখনত তেতিয়া শ্মশানসদৃশ পৰিৱেশ৷ চাৰিওফালে সিঁচৰতি হৈ আছে মৃত এন্দুৰ৷ ঠিক যেন ক’ভিড–১৯ত আক্রান্ত আজিৰ পৃথিৱীখন৷ ডাঃ বার্নাডে বাৰে বাৰে নেতাসকলৰ হাতে–ভৰিয়ে ধৰি অনুৰোধ কৰি গৈছে, দ্রুত ব্যৱস্থা গ্রহণ কৰক৷ নহ’লে ধ্বংস অনিবার্য ৷
উপন্যাসখনত মহামাৰীৰ সংহাৰ ৰোধ কৰাৰ ক্ষেত্রত স্বাস্থ্যকর্মী আৰু চিকিৎসকৰ বিৰামহীন পৰিশ্রম আৰু আত্মত্যাগৰ বর্ণনা পাতে পাতে৷ দৰব–প্রতিষেধক আৱিষ্কাৰৰ মৰণপণ চেষ্টা চলিছে৷ শেষত ডাঃ বার্নাডে স্বগতোক্তি কৰি কৈছে– ‘আমাৰ বাবে কিহে অপেক্ষা কৰি আছে, নাজানো৷ মাথোঁ এটা কথাকেই বুজোঁ যে এই মুমূর্ষু লোকসকলৰ কাষত আমি থাকিব লাগিব৷ তেওঁলোকৰ যত্ন কৰাটো অতি প্রয়োজনীয়’ ডপন্যাসখনৰ শেষত মৃত্যুৰ দুৱাৰডলিৰ পৰা উভতি অহা এজন লোকৰ মুখত সংলাপ দি কোৱা হৈছে– ‘পৃথিৱীত সদায়েই এবিধ বস্তু অর্জনৰ বাবে চেষ্টা চলাই থাকিব লাগে আৰু কেতিয়াবা পোৱাও যায়, সেইটো হ’ল– ‘মানৱ প্রেম ৷’