নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিয়াৰ প্ৰাকক্ষণত ৰণবীৰঃ চাওঁ আহক দীঘলীয়া প্ৰেমৰ তালিকাখন

বিশেষ বাৰ্তা, ১৩ এপ্ৰিলঃ ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট্টৰ বিয়াৰ খবৰে এতিয়া বলীউড গৰম কৰি ৰাখিছে। অৱশ্যে এতিয়ালৈ এই বিবাহৰ কোনো খবৰ ৰাজহুৱা কৰা হোৱা নাই। দীৰ্ঘদিনৰ গাৰ্লফ্ৰেইণ্ড আলিয়াৰ সৈতে বিবাহত বহিবলৈ সাজু হ’লেও ইয়াৰ আগতে কেইবাগৰাকী অভিনেত্ৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক হৈছিল ৰণবীৰৰ। ঋষি কাপুৰৰ পুত্ৰ ৰণবীৰৰ ৰঙীন প্ৰেমৰ জীৱনত এভূমুকি মাৰো আহকঃ

ইমটিয়াজ আলিৰ ৰ’কষ্টাৰ ছবিখনৰ শ্বুটিং চলি থকাৰ সময়ত ৰণবীৰ আৰু নাৰ্গিছ ফখৰীৰ মাজতো উমি উমি প্ৰেমৰ জুঁই একুৰা জ্বলা বুলি খবৰ ওলাইছিল। কিন্তু এই কথা কোনেও স্বীকাৰ কৰা নাছিল। এক সাক্ষাতকাৰত নাৰ্গিছে কৈছিল যে শ্বুটিং চলি থকাৰ সময়ত ৰণবীৰ আৰু তেওঁৰ মাজত ভাল বন্ধুত্ব হৈছিল। তেওঁ প্ৰথম মুম্বাইলৈ অহাৰ সময়ত ইমটিয়াজৰ দৰে ৰণবীৰেও যথেষ্ট সহায় কৰিছিল।

পাকিস্তানী অভিনেত্ৰী মাহিৰা খানৰ সৈতেও ৰণবীৰৰ প্ৰেমৰ সম্পৰ্কৰ কথাই এবাৰ চৌদিশ উষ্ম কৰি তুলিছিল। ৰণবীৰ আৰু মাহিৰাৰ এখন ফটো ভাইৰেল হোৱাৰ পাছতে হৈ চৈৰ সৃষ্টি হৈছিল। নিউয়ৰ্কত দুয়োকে একেলগে চিগাৰেট খাই থকাৰ ফটোখন লগতে মাহিৰাক চুটি কাপোৰত দেখা যোৱাত খুবেই সমালোচনাৰ সম্মুখীন হৈছিল দুয়ো। মাহিৰাই শ্বাহৰুখ খানৰ সৈতে ৰাইচ ছবিখনেৰে ২০১৭ চনত বলীউডত প্ৰৱেশ কৰিছিল। সেই বছৰতে গ্ল’বেল টিছাৰ প্ৰাইজৰ অনুষ্ঠানত একেলগে দেকা গৈছিল ৰণবীৰ-মাহিৰাক।

ৰণবীৰ আৰু কেটৰিণাৰ প্ৰেমৰ কথা কোনেনো নাজানে! তেওঁলোকে প্ৰায় ছবছৰলৈ ডেটত গৈছিল। দুয়োকে বিদেশৰ বিভিন্ন ঠাইত একেলগে দেখা গৈছিল। কিন্তু এই দুই তাৰকাৰ ব্ৰেকআপৰ খবৰে অনুৰাগীক অবাক কৰি পেলাইছিল। কেটে পাছত বিকি কৌশলৰ সৈতে বিবাহত বহে।

ৰণবীৰ-দীপিকা পাডুকোনৰ প্ৰেমৰ কথা নতুনকৈ জনাবলগীয়া একো নাই। সকলোৰে জ্ডাত। মনোৰঞ্জনজগতত প্ৰৱেশৰ পাছতে দুয়োৰে মাজত ঘণিষ্ঠতা বাঢ়িছিল। দুয়োৰে বলীউড যাত্ৰাকালো একেটা বছৰৰ পৰাই আৰম্ভ হৈছিল। ব্ৰেকআপৰ পাছত দীপিকাই বহু সাক্ষাতকাৰত নাম নোলোৱাকৈ হ’লেও মুকলিকৈ কৈছিল যে তেওঁৰ বয়ফ্ৰেইণ্ডে তেওঁক ঠগিছে।

অৱন্তিকা মালিকৰ সৈতেও ৰণবীৰৰ নাম উচ্চাৰণ হৈছে। তাৰকাৰ গ্লেমাৰ পোৱাৰ আগতে কলেজীয়া জীৱনতে অৱন্তিকাৰ প্ৰতি আকৰ্ষিত হৈছিল ৰণবীৰ। অৱন্তিকা হ’ল অভিনেতা ইমৰাণ খানৰ প্ৰাক্তন পত্নী। কিন্তু ৰণবীৰৰ দুৰ্বলতাক আওকাণ কৰি ইমৰানৰ সৈতে ডেটত গৈছিল অৱন্তিকাই আৰু দুয়োৰে ২০১১ চনত বিবাহ হৈছিল।

You might also like