🔹 নৰেন্দ্র মোদী, প্রধানমন্ত্রী
শ্রী ৰতন টাটাজীৰ মৃত্যুৰ এমাহ পূর্ণ হ’ল৷ যোৱা মাহত যেতিয়া মই তেওঁৰ মৃত্যুৰ খবৰ পাইছিলোঁ, মই সেই সময়ত আছিয়ান সন্মিলনলৈ যোৱাৰ বাবে প্রস্তুতি চলাই আছিলোঁ৷ ৰতন টাটাজী আমাৰ পৰা আঁতৰি যোৱাৰ বেদনাই এতিয়াও মোৰ মনত দুখ দি আছে৷ তেওঁ নথকাৰ এই বিষয়টো পাহৰি যোৱাটো সহজ কথা নহয়৷ ৰতন টাটাজীক হেৰুৱাই ভাৰতে ইয়াৰ এজন মহান পুত্রক হেৰুৱাইছে৷ দেশে এক অমূল্য ৰত্ন হেৰুৱাইছে৷
আজিও চহৰৰ পৰা গাঁৱলৈকে মানুহে তেওঁ নথকাৰ কথা গভীৰভাৱে অনুভৱ কৰিছে৷ আমি সকলোৱে এই দুখৰ সমভাগী৷ উদ্যোগখণ্ডৰ উদীয়মান উদ্যোগীয়েই হওক বা পেছাদাৰীয়েই হওক, সকলোৱে তেওঁৰ মৃত্যুত দুখ প্রকাশ কৰিছে৷ পৰিৱেশ সুৰক্ষাৰ সৈতে জড়িত লোকসকল, সমাজসেৱাৰ সৈতে জড়িত লোকসকলো তেওঁৰ মৃত্যুত সমানে ম্রিয়মাণ৷ কেৱল ভাৰততে নহয়, সমগ্র বিশ্বই ৰতন টাটাৰ মৃত্যুত দুখ অনুভৱ কৰিছে৷
যুৱসকলৰ বাবে শ্রী ৰতন টাটা এক অনুপ্রেৰণা আছিল৷ তেওঁৰ জীৱন, তেওঁৰ ব্যক্তিত্বই আমাক সোঁৱৰাই দিয়ে যে এনে কোনো সপোন নাই, যাক পূৰণ কৰিব নোৱাৰি, এনে কোনো লক্ষ্য নাই, য’ত উপনীত হ’ব নোৱাৰি৷ ৰতন টাটাজীয়ে সকলোকে শিকাই গৈছে যে আনক নম্র প্রকৃতিৰে সহায় কৰিও সফলতা অর্জন কৰিব পাৰি৷
ৰতন টাটাজী ভাৰতৰ উদ্যোগখণ্ডৰ সর্বশ্রেষ্ঠ পৰম্পৰাৰ এক প্রতিভূ আছিল৷ তেওঁ নির্ভৰযোগ্যতা, উৎকৃষ্টতা আৰু উৎকৃষ্ট সেৱাৰ দৰে মূল্যবোধৰ এক অটল প্রতিনিধি আছিল৷ তেওঁৰ নেতৃত্বতে টাটা গোটে সমগ্র বিশ্বতে সন্মান, সততা আৰু বিশ্বাসযোগ্যতাৰ প্রতীক হিচাপে নতুন শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছিল৷ ইমান সফলতাৰ পিছতো তেওঁ সম্পূর্ণ নম্রতা আৰু বিনয়েৰে সকলো কৃতিত্ব গ্রহণ কৰিছিল৷
আনৰ সপোনক নৱৰূপ দান কৰা, আনক তেওঁলোকৰ সপোন পূৰণ কৰাত সহায় কৰা, এয়া আছিল শ্রী ৰতন টাটাৰ আটাইতকৈ উৎকৃষ্ট গুণবোৰৰ ভিতৰৰে এটা৷ শেহতীয়া বছৰবোৰত তেওঁ ভাৰতৰ ষ্টার্টআপৰ ক্ষেত্রখনক পথ প্রদর্শন কৰাৰ লগতে ভৱিষ্যতৰ সম্ভাৱনাৰে পৰিপূর্ণ উদ্যোগত বিনিয়োগ কৰাৰ বাবে আগবাঢ়ি আহিছিল৷ তেওঁ যুৱ উদ্যোগীসকলৰ আশা আৰু আকাংক্ষাৰ লগতে ভাৰতৰ ভৱিষ্যৎ গঢ়ি তোলাৰ সম্ভাৱনাৰ কথাও হূদয়ংগম কৰিব পাৰিছিল৷
ভাৰতৰ যুৱপ্রজন্মৰ প্রচেষ্টাক সমর্থন কৰি তেওঁ নতুন প্রজন্মক নতুন সপোন দেখিবলৈ আৰু সকলো বিপদাশংকা কান্ধ পাতি ল’বলৈ উৎসাহিত কৰিছিল৷ তেওঁৰ পদক্ষেপে ভাৰতত উদ্ভাৱন আৰু উদ্যোগৰ সংস্কৃতি বিকশিত কৰাত সহায় কৰিছে৷ আমি নিশ্চিতভাৱে আগন্তুক দশকবোৰত ভাৰতত ইয়াৰ ইতিবাচক প্রভাৱ দেখিবলৈ পাম৷
ৰতন টাটাজীয়ে সদায় সর্বশ্রেষ্ঠ মানৰ সামগ্রী প্রস্তুত কৰি আহিছিল৷ তেওঁ সদায় সেৱাৰ সর্বশ্রেষ্ঠ মানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু ভাৰতীয় উদ্যোগসমূহক বিশ্বব্যাপী মান নির্ধাৰণ কৰাৰ পথ দেখুৱাইছিল৷ আজি যিটো সময়ত ভাৰতে ২০৪৭ চনৰ ভিতৰত বিকাশৰ লক্ষ্যৰ দিশে আগবাঢ়িছে, আমি কেৱল এক বিশ্বব্যাপী মান নিৰূপণ কৰিহে বিশ্বত আমাৰ বিজয়ৰ ধ্বজা উত্তোলন কৰিব পাৰিম৷ মই আশা কৰোঁ যে তেওঁৰ দৃষ্টিভংগীয়ে আমাৰ দেশৰ ভৱিষ্যৎ প্রজন্মক অনুপ্রাণিত কৰিব আৰু ভাৰতে বিশ্বমানৰ মান নিশ্চিতকৰণেৰে নিজৰ পৰিচয় শক্তিশালী কৰিব৷
ৰতন টাটাৰ মাহাত্ম্য ব’ৰ্ডৰ সদস্য বা সহকর্মীসকলক সহায় কৰাতে সীমাবদ্ধ নাছিল৷ সকলো জীৱৰ প্রতি তেওঁৰ সহানুভূতি আছিল৷ জন্তুৰ প্রতি তেওঁৰ গভীৰ প্রেমৰ কথা সুবিদিত৷ তেওঁ জীৱ–জন্তুৰ কল্যাণৰ বাবেও বিভিন্ন প্রচেষ্টা গ্রহণ কৰিছিল৷ তেওঁ প্রায়ে তেওঁৰ কুকুৰবোৰৰ ফটো শ্বেয়াৰ কৰিছিল, যিবোৰ তেওঁৰ জীৱনৰ এক অবিচ্ছেদ্য অংশ আছিল৷ মোৰ মনত আছে– যেতিয়া মানুহে ৰতন টাটাজীক বিদায় জনাবলৈ ভিৰ কৰিছিল, সেই সময়ত তেওঁৰ মৰমৰ কুকুৰ ‘গোৱা’ও সেমেকা চকুৰে তাত উপস্থিত হৈছিল৷
ৰতন টাটাজীৰ জীৱনৰ এটা পৰম উপলব্ধি এয়াই আছিল যে নেতৃত্ব কেৱল কৃতিত্বৰ দ্বাৰা নহয়, আটাহতকৈ দুর্বল লোকসকলৰ কথা চিন্তা কৰি তেওঁলোকৰ হকে কাম কৰাৰ সামর্থ্যৰ দ্বাৰাও বিচাৰ কৰা হয়৷
ৰতন টাটাজীয়ে সদায় নেচন ফাৰ্ষ্টৰ ভাবনাক সর্বোচ্চ স্থান দিছিল৷ মুম্বাহত তেওঁ প্রতিষ্ঠা কৰা তাজ হোটেলখন ২৬/১১ৰ সন্ত্রাসবাদী আক্রমণৰ পিছত পুনৰ সময়ৰ বিলম্ব নকৰি তৎক্ষণাত মুকলি কৰাটো সংকটৰ সময়ত ৰাষ্ট্র ঐক্যবদ্ধ হোৱাৰ এক প্রতীক হিচাপে পৰিগণিত হৈছিল৷ তেওঁৰ এনে পদক্ষেপে এটা ডাঙৰ বার্তা দিছিল যে ভাৰত ৰুদ্ধ হৈ নপৰে… ভাৰত নির্ভীক আৰু সন্ত্রাসবাদৰ ওচৰত শিৰনত কৰিবলৈ অস্বীকাৰ কৰিছে৷
ব্যক্তিগতভাৱে, মই যোৱা কেহটামান দশকত তেওঁক ঘনিষ্ঠভাৱে জনাৰ সৌভাগ্য লাভ কৰিছোঁ ৷ আমি গুজৰাটত একেলগে কাম কৰিছিলোঁ৷ তেওঁলোকৰ কোম্পানীবোৰৰ দ্বাৰা বৃহৎ বিনিয়োগ কৰা হৈছিল৷ সেইবোৰৰ ভিতৰত এনে বহু প্রকল্প অন্তর্ভুক্ত আছিল, যিবোৰক লৈ তেওঁ অতি আৱেগিক আৰু উৎসাহিত আছিল৷
যেতিয়া মই কেন্দ্রত শাসনভাৰ লোৱা চৰকাৰত যোগদান কৰিছিলোঁ, আমি আমাৰ ঘনিষ্ঠ বার্তালাপ অব্যাহত ৰাখিছিলোঁ আৰু তেওঁ সদায় আমাৰ ৰাষ্ট্র নির্মাণৰ প্রচেষ্টাত এক প্রতিশ্রুতিবদ্ধ অংশীদাৰ হৈ আছিল৷ স্বচ্ছ ভাৰত অভিযানৰ প্রতি শ্রী ৰতন টাটাৰ উৎসাহে মোৰ হূদয় বিশেষভাৱে স্পর্শ কৰিছিল৷ তেওঁ এই গণ আন্দোলনৰ এগৰাকী উল্লেখনীয় তথা সক্রিয় সমর্থক আছিল৷ তেওঁ বুজি পাইছিল যে ভাৰতৰ প্রগতিৰ বাবে পৰিষ্কাৰ–পৰিচ্ছন্ন আৰু স্বাস্থ্যকৰ অভ্যাস কিমান গুৰুত্বপূর্ণ৷ অক্টোবৰৰ আৰম্ভণিতে স্বচ্ছ ভাৰত অভিযানৰ দশম বার্ষিকীত তেওঁ প্রকাশ কৰা ভিডিঅ’ বার্তাটো মোৰ এতিয়াও মনত আছে৷ এই ভিডিঅ’ বার্তাটো তেওঁৰ অন্তিম ৰাজহুৱা উপস্থিতিৰ ভিতৰৰে এটা হিচাপে পৰিগণিত হৈছে৷
কর্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াটো তেওঁৰ আন এক লক্ষ্য আছিল, যিটো আহ্বান তেওঁৰ হূদয়ৰ পৰাই অনুৰণিত হৈছিল৷ মই দুবছৰ পূর্বে অসমত হোৱা অনুষ্ঠানটোৰ কথা মনত পেলাইছোঁ, য’ত আমি যুটীয়াভাৱে ৰাজ্যখনৰ বিভিন্ন কর্কট চিকিৎসালয় উদ্বোধন কৰিছিলোঁ৷ সেই উপলক্ষে দিয়া ভাষণত তেওঁ স্পষ্টকৈ কৈছিল যে তেওঁ জীৱনৰ অন্তিম বছৰবোৰ স্বাস্থ্যখণ্ডলৈ উৎসর্গা কৰিব বিচাৰে৷ স্বাস্থ্যসেৱা আৰু কর্কট ৰোগৰ যত্ন সুলভ তথা সহজ কৰি তোলাৰ বাবে তেওঁ গ্রহণ কৰা প্রচেষ্টাই এই কথা প্রমাণ কৰিছে যে কর্কট ৰোগত আক্রান্ত লোকসকলৰ প্রতি তেওঁ কিমান সহানুভূতিশীল আছিল৷
মই ৰতন টাটাজীক এজন বিদ্বান ব্যক্তি হিচাপেও মনত ৰাখিছোঁ– তেওঁ প্রায়ে মোলৈ বিভিন্ন বিষয়ত লিখি পঠিয়াইছিল, সেয়া শাসনৰ বিষয়েই হওক, কামৰ প্রশংসা কৰাই হওক বা নির্বাচনত জয়ী হোৱাৰ পিছত অভিনন্দন বার্তা প্রেৰণ কৰাই হওক৷
মাত্র কেইসপ্তাহমান আগতে, মই স্পেইনৰ চৰকাৰৰ ৰাষ্ট্রপতি শ্রীযুত পেদ্রো ছানছেজৰ সৈতে বদোদৰাত আছিলোঁ আৰু আমি যুটীয়াভাৱে এটা বিমান নির্মাণ কাৰখানা উদ্বোধন কৰিছিলোঁ৷ ভাৰতত চি–২৯৫ বিমানখন এই কাৰখানাতে নির্মাণ কৰা হ’ব৷ শ্রীযুত ৰতন টাটাই এই কামটো আৰম্ভ কৰিছিল৷ সেই সময়খিনিত মই শ্রীযুত ৰতন টাটাক বহুত মনত পেলাইছিলোঁ৷
আজি যেতিয়া আমি তেওঁক স্মৰণ কৰিছোঁ, এই সময়ত আমি তেওঁ কল্পনা কৰা সমাজখনৰ কথাও মনত ৰাখিব লাগিব৷ য’ত ব্যৱসায়ে ভাল কামৰ বাবে এক শক্তি হিচাপে কাম কৰে, য’ত প্রতিজন ব্যক্তিৰ সম্ভাৱনাক মূল্য দিয়া হয় আৰু য’ত সকলোৰে কল্যাণ তথা সুখৰ ওপৰত আধাৰ কৰি প্রগতিৰ সোপান ৰচনা কৰা হয়৷ ৰতন টাটাজী এতিয়াও তেওঁৰ জীৱন দর্শন আৰু সপোনবোৰৰ মাজতে জীয়াই আছে, যি সপোন তেওঁ পূৰণ কৰিছিল৷ ভাৰতক এক উন্নত, সহানুভূতিশীল আৰু আশাৰ দেশ হিচাপে গঢ়ি তোলাৰ বাবেই অনাগত দিনত সকলো প্রজন্ম ৰতন টাটাজীৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিব৷