নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সত্রাধিকাৰ লীলাকান্ত মহন্ত পিতৃৰ বর্ণিল সান্নিধ্যৰ সোঁৱৰণ

আমাৰ পিতৃ সত্রাধিকাৰ লীলাকান্ত মহন্তৰ যোৱা ২৬ ফেব্রুৱাৰীত মহাপ্রয়াণ ঘটে৷ এক বর্ণাঢ়্য জীৱনৰ অন্ত পেলাই তেখেত ইহলোকলৈ গতি কৰিলে৷ মৃত্যুৰ পাছত আমাৰ দেতি আৰু অন্যান্যজনৰ বাবে বিভিন্ন সম্বোধনেৰে পৰিচিত মানুহজনৰ প্রতি ৰাইজৰ মৰম–চেনেহ দেখি আমি অভিভূত হৈছোঁ৷ দেতিয়ে মৃত্যুৰ কিছুদিন আগতেই নিজক পৰমব্রহ্মত সমর্পণ কৰি পৰিয়ালৰ সকলোকে আসন্ন মৃত্যুৰ বাবে সাজু কৰিছিল৷ দাহ ক’ত কৰিব, সকামত ভক্তিসহকাৰে এখন ভাওনা কৰা, তেখেতৰ সমস্ত সঞ্চয় নামঘৰ আৰু সমাজৰ হিতৰ বাবে খৰচ কৰা ইত্যাদি৷ কেৱল কৃষ্ণ নাম লৈ জীৱনৰ শেষ মুহূর্তখিনি পাৰ কৰি দেতিয়ে ইহ সংসাৰ ত্যাগ কৰিলে৷
শিৱসাগৰৰ মুছলিম সমাজ, খ্রীষ্টান সমাজৰ লগতে বিভিন্ন ধর্মাৱলম্বী লোকসকলে দেতিৰ স্মৃতিচাৰণত অংশ লৈছেহি৷ ভকত–বৈষ্ণৱ তথা সমাজৰ বিভিন্ন স্তৰৰ লোকক তেখেতে আধ্যাত্মিক আৰু সমাজমুখী ইতিবাচক চিন্তাৰে জীৱনকালত অহৰহ অনুপ্রাণিত কৰিছিল৷ চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছৰ পৰাই দেতিৰ জীৱন কৃষ্ণভক্তি আৰু আধ্যাত্মিক চিন্তাত উৎসর্গিত৷ তেখেত সংসাৰৰ মাজত থাকিও যেন সংসাৰী নাছিল৷ ব্যৱহাৰিক জীৱনৰ প্রতিটো খোজ ঈশ্বৰ ভক্তিৰে আগবঢ়াই নিয়া দেতিৰ প্রতিটো দিন আছিল কেৱল কৃষ্ণনামত সমর্পিত৷ সকলোতে ঈশ্বৰ তত্ত্বৰ সন্ধান পোৱা দেতিয়ে তেখেতৰ সংগলৈ অহা প্রতিজন ব্যক্তিকে ভক্তি চেতনাৰে উদ্বুদ্ধ কৰাৰ প্রচেষ্টা চলাইছিল৷ আমাৰ দেতি আছিল একশৰণ ভাগৱতী ধর্মৰ একান্ত অনুগামী৷ শংকৰ গুৰুজনাৰ আদর্শ সমাজৰ প্রতিটো স্তৰলৈ কঢ়িয়াবলৈ সদা ইচ্ছুুক দেতিয়ে মানুহৰ মাজলৈ ভক্তি চিন্তা কঢ়িয়াই নিয়াত সফল হৈছিল৷ আশী–নব্বৈৰ দশকৰ সমাজ জীৱনৰ অশান্ত সময়বোৰত তেখেতে উজনি অসমৰ বিভিন্ন অঞ্চলত ভক্তি ধর্মৰ প্রচাৰেৰে সামাজিক সন্তুলন বর্তাই ৰখাৰ চেষ্টা কৰিছিল৷ গুৰুজনাৰ আদর্শেৰে একশৰণ ভাগৱতী ধর্ম প্রচাৰৰ বাবে অসমৰ চুকে–কোণে গৈ তেখেতে অহোপুৰুষার্থ কৰিছিল৷
সৰুৰে পৰা আর্থিক অনাটনত ডাঙৰ হোৱা দেতি পঢ়া–শুনাত অত্যন্ত মেধাৱী আছিল৷ টিউচন কৰি পঢ়াৰ খৰচ উলিয়াই শ্বিলঙৰ এন্থনী কলেজত গ্রেজুৱেট হৈছিল৷ চাকৰি জীৱনৰ সময়ছোৱাত ৰুদ্র বৰুৱাৰ দৰে বিভিন্ন বৰেণ্য ব্যক্তিৰ সান্নিধ্যলৈ আহি শ্বিলঙত ভাওনা সংস্কৃতি প্রসাৰৰ ব্যাপক প্রচেষ্টা হাতত লৈছিল তেখেতে৷ আমাৰ পিতৃ অসমৰ ভাওনা সংস্কৃতি প্রসাৰৰ এজন পুৰোধা ব্যক্তি আছিল৷ অংকীয়া ভাওনাৰ দল লৈ তেখেত বৃন্দাবনলৈ গৈছিল৷ মুম্বাই, কোচবিহাৰ ইত্যাদি গুৰু দুজনাৰ সংস্কৃতিৰ মেটমৰা ভঁৰাল সম্পর্কে প্রচাৰ কৰিছিল৷ অসম সত্র মহাসভাৰ দুটাকৈ কার্যকাল সভাপতি হিচাপে থাকোঁতে সেতুবন্ধ অনুষ্ঠানৰ জৰিয়তে বিভিন্ন জাতি–জনগোষ্ঠীৰ দ্বাৰা ভাওনা প্রদর্শন কৰাৰ প্রচেষ্টা বিভিন্ন মহলত সমাদৃত হৈছিল৷
খোল–তাল, গীত–মাত, নাম–প্রসংগ, সত্রীয়া নৃত্য সকলোতে পার্গত দেতিয়ে অংকীয়া ভাওনাশৈলী প্রসাৰত অধিক গুৰুত্ব প্রদান কৰিছিল৷ শিৱসাগৰৰ কোঁৱৰপুৰৰ আমাৰ ঘৰৰ কাষৰ ৰাস মহোৎসৱ জনপ্রিয় কৰাত অন্যতম ভূমিকা লোৱা তেখেতে মহাৰাসত কৃষ্ণৰ ভাও লওঁতে কেতিয়াবা আমাৰ জ্যেষ্ঠ ভাতৃ ভাস্কৰদা আৰু কেতিয়াবা ননীদাই শিশুকৃষ্ণৰ ভাও লৈছিল৷ মই কৃষ্ণৰ ভাও লোৱাৰ সময়লৈ দেতিয়ে ভাও ল’বলৈ এৰিছিল৷ কিন্তু মহাৰাসৰ ভক্তি চিন্তাক জনপ্রিয় কৰাত তেখেতে বৃহৎ ভূমিকা লৈছিল৷ পাছলৈ দেতিয়ে বহুখেইখন গ্রন্থ–নাট ৰচনা কৰে৷ কীর্তন পুথিখন সম্পাদনা কৰাৰ লগতে দেতিয়ে এটা উল্লেখযোগ্য কাম কৰিছিল৷ কোনভাগ কীর্তন কোন সময়ত কৰা উচিত সেই সম্পর্কীয় ধাৰণা দি তেখেতে পুথিখনৰ সঠিক বিশ্লেষণৰ প্রয়াস কৰে আৰু সাধাৰণ মানুহৰ মাজত ইয়াৰ সঠিক প্রয়োগৰ দিশ নির্দেশনা দিয়ে৷ তেখেতৰ পুথি নামঘোষা মাধুর্য অতি জনপ্রিয় হৈছিল৷ আমাৰ মাতৃ নিৰূপমা মহন্তৰ উত্থানত দেতিৰ ভূমিকা আছিল সর্বাধিক৷ মেড্রিকৰ পাছতেই বিয়া হোৱা মাক স্নাতকোত্তৰ ডিগ্রীলৈকে পঢ়ুওৱাত এক গুৰুত্বপুর্ণ ভূমিকা লোৱাৰ উপৰি মাৰ বিভিন্ন সাহিত্য চর্চাৰ নেপথ্যৰ মূল ব্যক্তি আছিল আমাৰ দেতি৷ এক অতি ৰক্ষণশীল পৰিয়ালত জন্ম লৈ ডাঙৰ–দীঘল হোৱা সত্ত্বেও দেতি আছিল অতি উদাৰ আৰু আধুনিক মনৰ৷ অসবর্ণ বিবাহ সেইসময়ৰ সমাজত কঠিন আছিল, কিন্তু ননী দা আৰু মোৰ অসবর্ণ বিবাহৰ পাছতো বোৱাৰীয়েক দুগৰাকীক পুত্রীৰ দৰে মৰম যাচিবলৈ সক্ষম হোৱা দেতি বোৱাৰী, নাতি–নাতিনীৰ অতি প্রিয় ব্যক্তি আছিল৷
পিতৃ হিচাপে আমাৰ দেতিৰ ভূমিকাৰ কথা বিভিন্ন সময়ত সংবাদ মাধ্যমত চর্চালৈ আহিছে৷ আমাৰ পাঁচজন ককাই–ভাই ভাস্কৰজ্যোতি, অমৰজ্যোতি, সৌমাৰজ্যোতি, ননীগোপাল আৰু মোক শৈশৱৰ পৰাই এক যোগাত্মক চিন্তাৰ পৰিৱেশত ডাঙৰ কৰিছিল৷ দেতিয়ে শিকোৱা দুটা কথা মোৰ মনত পৰে– সকলো সুকীর্তি কৃষ্ণকে অর্পিবা আৰু দ্বিতীয় কথাটো সুখ বা দুখ যিকোনো পৰিস্থিতিতে মানুহ অধীৰ হ’ব নালাগে৷ পৰিয়ালটো এক হৈ থকা, বিপদে–আপদে একেলগে সন্মুখীন হোৱাটো, পৰিয়ালৰ সেই সম্প্রীতিৰ আঁৰৰ মূল ব্যক্তি আছিল আমাৰ পিতৃ৷
দেতিৰ শিক্ষাই হয়তো বাস্তৱ জীৱনত আমাক বহু ক্ষেত্রত মানসিকভাৱে শক্তিশালী হোৱাত সহায় কৰিছিল৷ জীৱনৰ আদিপাঠ আমি দেতিৰ পৰাই গ্রহণ কৰা৷ তেখেতে আমাৰ গোটেইকেইজন ককাই–ভাইকে তর্ক প্রতিযোগিতাত অংশ ল’বলৈ শিকাইছিল, তর্ক, আকস্মিক বত্তৃণতা, আবৃত্তি কৰাৰ বাবে সাজু কৰিছিল৷ তেখেতে বিশ্বাস কৰিছিল যে বাক্পটুতা সমাজিক জীৱনৰ বাবে দৰকাৰী৷ তাৰ বাবে তর্ক প্রতিযোগিতাত অংশ লোৱা জৰুৰী৷ আমাৰ অঞ্চলৰ বিখ্যাত পদ্মধৰ চলিহা তর্ক প্রতিযোগিতাত অংশ লৈ ভাস্কৰ, সৌমাৰদা নিয়মিতভাৱে জিকিছিল৷ ননীদা তর্কৰ ক্ষেত্রত অনন্য আছিল৷ ময়ো বহুকেইখন প্রতিযোগিতাত জিকিছিলোঁ৷ ভৱিষ্যৎ জীৱনৰ বাক্পটুতাৰ বাবে প্রস্তুত কৰাৰ লগতে শংকৰী সংস্কৃতি–সত্রীয়া সংস্কৃতিৰ প্রতি আমাক আগ্রহী কৰিবলৈ বিভিন্ন পন্থা লৈছিল৷ আমাৰ ঘৰৰ প্রতিজনেই খোল বজাব জানে৷ দেতিয়ে মোক বিশেষকৈ খোলৰ জ্ঞান দিছিল৷ গীত গাবলৈ, চাহিনী বজাবলৈ, ভাওনাত অভিনয়, নৃত্য এই সকলোৰে তালিম দেতিয়ে আমাক দিছিল৷ আনৰ প্রতি ভাল ভাব ৰখা, সমাজৰ ভাল কৰাৰ মনোভাৱ এজন ব্যক্তিৰ সবাতোকৈ দৰকাৰী সম্পদ৷ পিছপৰা আমাৰ অঞ্চলটো পঢ়া–শুনাৰ পৰিৱেশ সিমান সুচল নাছিল৷ সৰুৰে পৰা মই পঢ়া–শুনাত ভাল আছিলোঁ, কিন্তু খোলে–তালে ভাল সেইটো বেছি গুৰুত্বপুর্ণ কথা আছিল৷ সেই সময়ছোৱাত মোৰ এজন সম্পর্কীয় ককাই কৈছিল, তেখেতৰ ল’ৰাটোৰ নাম শ্যামকানু দিছে, সি যাতে মোৰ দৰে খোল বজাব জানে৷ কিন্তু আমাৰ পিতৃয়ে পঢ়া–শুনাৰ গুৰুত্বপূর্ণ দিশটোৰ কথাটোক আমাক সদাই সচেতন কৰি ৰাখিছিল৷ আর্থিক সমস্যা সত্ত্বেও আমি পাঁচ সন্তানৰ পঢ়া–শুনাৰ ক্ষেত্রত কেতিয়াও আপোচ কৰা নাছিল৷
জ্যেষ্ঠ ভাতৃ ভাস্কৰজ্যোতি আই পি এছ পোৱাৰ পাছত সমগ্র অঞ্চলটোতে পঢ়াৰ প্রতি ধাউতি বাঢ়িছিল, বহুতকে পঢ়াৰ প্রতি অনুপ্রেৰণা জনাইছিল৷ নিষ্ঠাৰে কাম তথা চাকৰি জীৱনত অধ্যৱসায় কৰাৰ অনুপ্রেৰণা পাইছিলোঁ দেতিৰ পৰা৷ কর্মৰ প্রতি ধাউতিৰ ভেটি নির্মাণ কৰিছিল আমাৰ পিতৃ দেৱতাই৷
পৰৱর্তী সময়ত দেতিয়ে সন্তানক সু–শিক্ষাকে ধৰি মানৱ সম্পদ গঢ়াৰ দিশত ৰাইজক বিভিন্ন পৰামর্শ দিবলৈ চেষ্টা কৰিছিল৷ কোনোবাই ভাল ৰিজাল্ট কৰিলে প্রশংসাৰে ওপচাই তুলিছিল৷ মানুহৰ প্রতি এই সদ্ভাৱেই তেখেতৰ জনপ্রিয়তাৰ কাৰণ৷ তেখেতৰ মৃত্যুৰ পাছত সামাজিক মাধ্যমকে ধৰি সমগ্র প্রচাৰ মাধ্যমত তেখেতৰ বিষয়ে ব্যাপক চর্চা হৈছে৷ আমাৰ ঘৰলৈ সহস্র লোকৰ আগমন ঘটিছে৷ সকলোৰে মুখত দেতিৰ মহানুভৱতা, সৎ গুণ, বৈষ্ণৱী চেতনাৰ কথা শুনিছোঁ৷ এই যন্ত্রৱৎ জীৱনত দেতিৰ আধ্যাত্মিক চিন্তাধাৰা আৰু সকলোৰে প্রতি সৎ ভাৱনাৰ চিন্তাই যথেষ্ট গুৰুত্ব পাইছে৷ এই চিন্তাধাৰাৰ প্রাসংগিকতা আৰু বহু বৃদ্ধি পাইছে৷ অসুখৰ সময়ছোৱা কেৱল কৃষ্ণ নাম লৈ, কৃষ্ণ বন্দনাৰ মাজেৰে পাৰ হ’ল৷ কৃষ্ণ নাম লৈয়েই দেতি পৰলোকলৈ গ’ল আৰু পৰমাত্মাৰ লগত বিলীন হ’ল৷ বহু লোকে আমাক কৈছে যে দেতিৰ দৰেই পৰমাত্মাৰ সৈতে বিলীন হোৱাৰ প্রচেষ্টা এক অনুকৰণীয় বিষয় হ’ব৷ বৈষয়িক জীৱন এটাৰ অন্তত কৃষ্ণ ভক্তিয়েই যে সর্বস্ব এই কথাষাৰ দেতিয়ে সকলোৰে মাজত প্রতিষ্ঠা কৰি প্রেমময় পৃথিৱী এখন উপহাৰ দি আমাৰ মাজৰ পৰা বিদায় ল’লে৷ তেখেতৰ মৃত্যুত আমি শোক কৰিব বিচৰা নাই৷ দেতিৰ এই বর্ণিল জীৱনৰ শুভ বোধক আমি উদ্যাপন কৰিব বিচাৰোঁ৷ এই লেখাটোৰ জৰিয়তে দেতিৰ জীৱনৰ ইতিবাচক বার্তাসমূহ মই তেখেতক নজনাসকলৰ মাজলৈ লৈ যাব বিচাৰিছেছা৷ ভাল কাম, ভাল চিন্তাৰ ফল এই জীৱনতে লাভ কৰা যায়, সেয়া আমাৰ পিতৃয়ে দেখুৱাই থৈ গৈছে৷ তেখেতক পিতৃ হিচাপে পাই আমি সকলো গৌৰৱান্বিত৷ আদ্যশ্রাদ্ধত দেতিৰ প্রতি গভীৰ শ্রদ্ধাঞ্জলি আৰু সেৱা জনাইছোঁ৷

You might also like