নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গীনিজ ৱর্ল্ড ৰেকর্ডত লাচিত বৰফুকন: আনুষ্ঠানিকভাৱে গীনিজ ৱর্ল্ড ৰেকর্ডে মুখ্যমন্ত্রীক প্রদান কৰিলে চার্টিফিকেট

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চ: অসমবাসীৰ বাবে সুখবৰ৷ গীনিজ ৱর্ল্ড ৰেকর্ডত স্থান লাভ কৰিলে মহান বীৰ লাচিত বৰফুকনৰ ওপৰত লিখা লেখাই৷ উল্লেখ্য যে মহান বীৰগৰাকীৰ কর্মৰাজি তথা দেশপ্রেম ৰাষ্ট্রীয় পর্যায়ৰ লগতে আন্তঃৰাষ্ট্রীয় পর্যায়তো লৈ যোৱাৰ উদ্দেশ্যে যোৱা বছৰ ৰাজ্য চৰকাৰে ২৩, ২৪ আৰু ২৫ নৱেম্বৰত তিনিদিনীয়া কার্যসূচীৰে দেশৰ ৰাজধানী দিল্লীত লাচিত দিৱস উদ্যাপনৰ ব্যৱস্থা কৰে৷ মহান বীৰগৰাকীৰ ৪০০সংখ্যক জন্মজয়ন্তী উপলক্ষে বছৰজোৰা কার্যসূচীৰে আয়োজিত অনুষ্ঠানৰ সামৰণি মাৰে নতুন দিল্লীত৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহকে ধৰি দেশৰ ভিন্ন প্রান্তৰ নেতা, বুৰঞ্জীবিদ আদিৰ উপস্থিতিত উক্ত অনুষ্ঠান আয়োজন কৰাৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰে মহান বীৰগৰাকীৰ ৪০০সংখ্যক জন্মজয়ন্তী উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণৰ পৰা বীৰগৰাকীৰ ওপৰত লেখা আহ্বান কৰে৷ ইয়াৰ বাবে চৰকাৰে এটা এপো মুকলি কৰি দিয়ে৷ ৰাজ্য চৰকাৰৰ এই আহ্বানৰ প্রতি সঁহাৰি জনাই প্রায় ৪২ লাখ লোকে মহান বীৰগৰাকীৰ ওপৰত লেখা লিখি নির্দিষ্ট এপটোত আপলোড কৰে৷

অসমৰ বাবে সুখবৰ এয়ে যে মহান বীৰ লাচিত বৰফুকনৰ ওপৰত লিখা লেখা গীনিজ ৱর্ল্ড ৰেকর্ডত স্থান লাভ কৰিছে৷ আজি গীনিজ ৱর্ল্ড ৰেকর্ড কর্তৃপক্ষই আনুষ্ঠানিকভাৱে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ হাতত সেই চার্টিফিকেট প্রদান কৰিলে৷ মন কৰিবলগীয়া এয়ে যে অহা ১৪ এপ্রিলত অসমৰ বিহুক গীনিজ ৱর্ল্ড ৰেকর্ডত স্থান লাভৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ১১ হাজাৰৰো অধিক বিহুৱা আৰু বিহুৱতীক লৈ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বিহুৰ আয়োজন কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত হ’বলগীয়া সেই বিহুৱে আন্তঃৰাষ্ট্রীয় পর্যায়ত স্বীকৃতি লাভৰ সম্ভাৱনাও প্রকট হৈ পৰিছে৷

You might also like